Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শপত গ্ৰহণ কৰা যোগী আদিত্যনাথ আৰু তেওঁৰ মন্ত্ৰীমণ্ডললৈ প্ৰধানমন্ত্ৰীৰ অভিনন্দ


উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা যোগী আদিত্যনাথ আৰু তেওঁৰ সতীৰ্থসকললৈ অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

বিগত পাঁচটা বৰ্ষত অৰ্জন কৰা বহুবোৰ সাফল্যৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত ৰাজ্যখনে উন্নয়ণৰ অন্য এক অধ্যায় লিপিবদ্ধ কৰিব বুলি আশা প্ৰকাশ কৰে।

এই সন্দৰ্ভত প্ৰকাশ কৰা এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;

“উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে @myogiadityanath জী আৰু তেওঁৰ মন্ত্ৰীমণ্ডললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। বিগত ৫টা বছৰত ৰাজ্যখনৰ বিকাশ-যাত্ৰাই বহুবোৰ গুৰুত্বপূৰ্ণ পৰ্যায় অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। মোৰ বিশ্বাস, আপোনাৰ নেতৃত্বত প্ৰদেশখনে জন-আকাংক্ষাসমূহক পূৰ্ণতা প্ৰদান কৰি প্ৰগতিৰ আৰু এটা নতুন অধ্যায় লিপিবদ্ধ কৰিব”।

 

***

DS/AK/KB