পি এম ইণ্ডিয়া
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত কেন্দ্রীয় কেবিনেটৰ বৈঠকত বুধবাৰে শিক্ষক শিক্ষণৰ ৰাষ্ট্ৰীয় পৰিষদ আইন, ১৯৯৩ৰ সংশোধন কৰাৰ বাবে ‘ শিক্ষক শিক্ষণৰ ৰাষ্ট্ৰীয় পৰিষদ (সংশোধিত) আইন, ২০১৭’ নামেৰে এখনি বিধেয়ক সংসদত উত্থাপনৰ প্ৰস্তাৱত অনুমোদন জনায়।
কেন্দ্র, ৰাজ্য বা কেন্দ্রীয় শাসিত অঞ্চলৰ দ্বাৰা পৰিচালিত যিবোৰ বিশ্ববিদ্যালয় বা প্রতিষ্ঠান এন চি টি ইৰ অনুমতি অবিহনে ২০১৭-২০১৮ শিক্ষাবর্ষলৈকে শিক্ষক শিক্ষণৰ পাঠ্যক্ৰম চলাই আছে, তেওঁলোকৰ প্রয়োজনীয় স্বীকৃতি দিয়াৰ বাবে এই সংশোধনৰ ব্যৱস্থা কৰা হৈছে। এইবোৰ প্রতিষ্ঠান বা বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ ছাত্র-ছাত্রী বা যিসকলে এতিয়াও পঢ়ি আছে, তেওঁলোকৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এই স্বীকৃতি এবাৰলৈ দিয়া হ’ব।
এইবোৰ প্রতিষ্ঠান বা বিশ্ববিদ্যালয়ত অধ্যয়ণৰত অথবা যিসকলে উত্তীৰ্ণ হৈছে, সেইসকল ছাত্র-ছাত্রীয়ে এই সংশোধনীৰ জৰিয়তে শিক্ষক হিচাপে চাকৰি কৰাৰ জন্য যোগ্য বুলি বিবেচিত হ’ব। এই লক্ষ্যৰে মানৱ সম্পদ উন্নয়ন মন্ত্রালয়ৰ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে এই সংশোধনীৰ প্রস্তাৱ উত্থাপন কৰিছে।
নিয়ম মতে যিবোৰ প্রতিষ্ঠানে বিএড অথবা ডিএলএডৰ দৰে শিক্ষক শিক্ষণৰ পাঠ্যক্ৰম কৰি আছে, তেওঁলোকে শিক্ষক শিক্ষণৰ ৰাষ্ট্ৰীয় পৰিষদৰ ওচৰৰ পৰা এন চি টি ই আইনৰ ১৪ নং অনুচ্ছেদ অনুযায়ী স্বীকৃতি ল’ব লাগিব। তদুপৰি, সেইবোৰ প্রতিষ্ঠান আৰু বিশ্ববিদ্যালয়ৰ পাঠ্যক্রম এন চি টি ই আইনৰ ১৫ নং অনুচ্ছেদৰ অধীনস্থ হ’ব লাগিব।
এন চি টি ইৰ ফালৰ পৰা সকলো কেন্দ্রীয় বিশ্ববিদ্যালয়, ৰাজ্যিক বিশ্ববিদ্যালয় তথা শিক্ষা আৰু প্রশিক্ষণৰ জিলা প্রতিষ্ঠানসমূহ(ডায়েট)ত এই পাঠ্যক্ৰমৰ বাবে প্রয়োজনীয় অনুমোদন ল’বলৈ জনোৱা হৈছে। ইয়াৰ সমান্তৰালভাৱে যিবোৰে ইতিমধ্যেই কোনো অনুমতি নোলোৱাকৈ পাঠ্যক্ৰম আৰম্ভ কৰিছে, সেইবোৰে ৩১ মার্চ, ২০১৭ তাৰিখৰ ভিতৰত অনুমতি বিচৰাৰ বাবে কোৱা হৈছে, যাতে তেওঁলোকে চলাই থকা বা পূৰ্বৰ পাঠ্যক্ৰমৰ ক্ষেত্রত এবাৰৰ বাবে এই অনুমতি প্ৰদান কৰা হৈছে।
পটভূমিঃ
উল্লেখ্য যে এন চি টি ই আইন, ১৯৯৩ খন ১৯৯৫ চনৰ ১ জুলাইৰ পৰা কার্যকৰী হৈছিল। এই আইন জম্মু-কাশ্মীৰৰ বাদে গোটেই দেশৰ ক্ষেত্ৰত প্রযোজ্য। শিক্ষক শিক্ষণ পদ্ধতিত এটা পৰিকল্পিত আৰু সমন্বিত অগ্রগতি অনাৰ বাবেই এই আইন কাৰ্যকৰী কৰাৰ কথা চিন্তা কৰা হৈছে।
******
AKT/VBA/SH/DB