Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শিক্ষাৰ্থীসকলৰ অসীম সম্ভাৱনা আৰু ‘পৰীক্ষা পে চৰ্চা’ক লৈ উৎসাহত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আমাৰ শিক্ষাৰ্থীসকল অসাধাৰণ প্ৰতিভাৰে সমৃদ্ধ আৰু তেওঁলোকৰ সপোন বাস্তৱত পৰিণত কৰাৰ সম্পূৰ্ণ সামৰ্থ্য আছে। তেওঁ উল্লেখ কৰে যে পৰীক্ষা পে চৰ্চাৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলৰ ব্যক্তিগত বিকাশ আৰু সফলতাৰ বাবে তেওঁলোকৰ সামৰ্থ্য আৰু দক্ষতা কেনেদৰে অৰ্থপূৰ্ণভাৱে ব্যৱহাৰ কৰিব লাগে, তাৰ পথ প্ৰদৰ্শন কৰা।

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে-

‘विद्या वितर्को विज्ञानं स्मृतिस्तत्परता क्रिया। यस्यैते षड्गुणास्तस्य नासाध्यमतिवर्तते॥’

এই হিতোপদেশে বুজাইছে যে যিজন ব্যক্তিৰ জ্ঞান, যুক্তি, বিজ্ঞান, স্মৃতিশক্তি, দ্ৰুততা আৰু সক্ৰিয়তা আছে, তেওঁ যিকোনো প্ৰত্যাহ্বান অতিক্ৰম কৰিব পাৰে আৰু এনে ব্যক্তিৰ বাবে একোৱেই অসম্ভৱ নহয়।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

‘বিস্ময়কৰ প্ৰতিভা থকা আমাৰ শিক্ষাৰ্থীসকলৰ সপোন বাস্তৱায়িত কৰাৰ সকলো সম্ভাৱনা আছে। পৰীক্ষা পে চৰ্চাৰ লক্ষ্য হৈছে তেওঁলোকে নিজৰ প্ৰতিভা আৰু দক্ষতা কেনেদৰে অৰ্থপূৰ্ণভাৱে ব্যৱহাৰ কৰিব পাৰে।

विद्या वितर्को विज्ञानं स्मृतिस्तत्परता क्रिया।
यस्यैते षड्गुणास्तस्य नासाध्यमतिवर्तते॥

****

MJPS/ST/HS