পি এম ইণ্ডিয়া
শিশুক যৌন নিৰ্যাতনৰ পৰা সুৰক্ষা দিয়াৰ এক ঐতিহাসিক সিদ্ধান্তৰ ফলস্বৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় কেবিনেটে শিশুক যৌন নিৰ্যাতনৰ পৰা সুৰক্ষা আইন (পিঅ’চিএছঅ’) ২০১২ৰ সংশোধনীত অনুমোদন প্ৰদান কৰিছে৷ ইয়াৰ জৰিয়তে শিশুৰ যৌন নিৰ্যাতনকাৰীসকলৰ বাবে মৃত্যুদণ্ডকে ধৰি চৰম শাস্তিৰ ব্যৱস্থা কৰা হৈছে৷ এই সংশোধনীৰ জৰিয়তে শিশুক পৰ্ণ চলচ্চিত্ৰত অভিনয় কৰিবলৈ বাধ্য কৰোৱা সকলকো জৰিমণা তথা কাৰাবাসৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে৷
প্ৰভাৱঃ
• এই সংশোধনীয়ে শিশুৰ যৌন নিৰ্যাতনকাৰীসকলৰ বিৰুদ্ধে শক্তিশালী আইনৰ ৰূপত অৱতীৰ্ণ হ’ব৷
• ইয়াৰ জৰিয়তে অসুৰক্ষিত শিশুসকলৰ প্ৰয়োজনীয় সময়ত সুৰক্ষা আৰু সন্মান নিশ্চিত হ’ব৷
• এই সংশোধনীৰ জৰিয়তে শিশু নিৰ্যাতনকাৰীক শাস্তি প্ৰদানৰ ক্ষেত্ৰত স্পষ্ট বিধান প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷
পৃষ্ঠভূমিঃ
পিঅ’চিএছঅ’ আইন ২০১২ শিশুক যৌন নিৰ্যাতন আৰু পৰ্ণগ্ৰাফিৰ পৰা সুৰক্ষা দিবলৈ প্ৰণয়ন কৰা হৈছিল৷ এই আইনে যিকোনো ওঠৰ বছৰৰ তলৰ ব্যক্তিক শিশু হিচাপে গণ্য কৰি প্ৰতিটো পৰ্যায়তে তেওঁৰ স্বাস্থ্য, আবেগ, বুদ্ধিদীপ্ততা আৰু সামাজিক বিকাশৰ ক্ষেত্ৰত নিশ্চিতি প্ৰদানৰ ব্যৱস্থা কৰিছে৷ এই আইন লিংগ নিৰপেক্ষ৷
******
AKT/PK/SH/MANN