পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বহীদ দিৱস উপলক্ষে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ভিক্টোৰিয়া মেম’ৰিয়েল হলত বিপ্লবী ভাৰত গেলেৰী উদ্বোধন কৰে। এই অনুষ্ঠানত পশ্চিম বংগৰ ৰাজ্যপাল শ্ৰী জগদীপ ধনখৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডী উপস্থিত আছিল।
প্ৰধানমন্ত্ৰীয়ে তেখেতৰ ভাষণৰ আৰম্ভণিতে বীৰভূমত সংঘটিত হিংসাত্মক ঘটনাত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰে আৰু এনে জঘন্য অপৰাধৰ অপৰাধীসকলৰ বাবে ৰাজ্য চৰকাৰে শাস্তি নিশ্চিত কৰিব বুলি আশা ব্যক্ত কৰে। তেওঁ কেন্দ্ৰৰ পৰা সকলো সহযোগিতাৰ আশ্বাস প্ৰদান কৰে। তেওঁ লগতে কয়, “এনে ঘটনাত জড়িত অপৰাধীসকলক আৰু এনে অপৰাধীসকলক উৎসাহিত কৰা লোকসকলক কেতিয়াও ক্ষমা নকৰিবলৈ মই বংগৰ জনসাধাৰণক অনুৰোধ কৰিম”।
শ্বহীদ দিৱসত শ্বহীদসকলক স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভগত সিং, ৰাজগুৰু আৰু সুখদেৱৰ আত্মবলিদানৰ কাহিনীয়ে আমাক সকলোকে দেশৰ বাবে নিস্বাৰ্থভাৱে কাম কৰিবলৈ অনুপ্ৰাণিত কৰে। “আমাৰ অতীতৰ ঐতিহ্যই আমাক বৰ্তমানক পথ প্ৰদৰ্শন কৰে, আমাক এক উন্নত ভৱিষ্যত গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰে। আৰু সেয়েহে আজি দেশে ইয়াৰ ইতিহাস, ইয়াৰ অতীতক শক্তিৰ এক জীৱন্ত উৎস হিচাপে বিবেচনা কৰে”, তেওঁ কয়।
প্ৰধানমন্ত্ৰীয়ে কয়, আজি নতুন ভাৰতে বিদেশৰ পৰা ইয়াৰ ঐতিহ্য ঘূৰাই আনিছে, আগতে প্ৰাচীন কীৰ্তিচিহ্নবোৰ এনেদৰে বিদেশলৈ চোৰাংকৈ চালান কৰা হৈছিল যে সেইসমূহৰ যেন কোনো মূল্যই নাছিল। ২০১৪ চনৰ আগৰ দশকবোৰত ভাৰতলৈ কেৱল মাত্ৰ এক ডজন ঐতিহাসিক কীৰ্তিচিহ্নহে ঘূৰাই অনা হৈছে। কিন্তু যোৱা ৭ বছৰত এই সংখ্যা ২২৫ তকৈও অধিক হৈছে বুলি তেওঁ কয়।
প্ৰধানমন্ত্ৰীয়ে কয়, ‘নিৰ্ভীক সুভাষ’ৰ পিছত বিপ্লবী ভাৰত গেলেৰীৰ ৰূপত কলকাতাৰ সমৃদ্ধিশালী ঐতিহ্যত আন এক নতুন মুকুতা যোগ হৈছে। তেওঁ কয় যে বিপ্লবী ভাৰত গেলেৰীৰ জৰিয়তে পশ্চিম বংগৰ ঐতিহ্য সংৰক্ষণ আৰু উন্নত কৰাৰ বাবে চৰকাৰৰ অংগীকাৰ প্ৰমাণিত হৈছে। তেওঁ আৰু কয় যে ভিক্টোৰিয়া মেম’ৰিয়েল, ঐতিহ্যপূৰ্ণ গেলেৰী, মেটকাফ হাউচ আদিৰ দৰে ৰাজ্যখনৰ ঐতিহ্যপূৰ্ণ স্থলসমূহৰ পুনৰ নিৰ্মাণৰ কাম প্ৰায় শেষ হৈছে। তেওঁ কয়, “আমাৰ সংস্কৃতি, সভ্যতাৰ এই প্ৰতীকসমূহে ভাৰতৰ বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰি যাওঁক, এই দিশত এয়া এক মহান প্ৰচেষ্টা”।
শ্ৰী মোদীয়ে কয় যে ঐতিহ্যময় পৰ্যটনৰ প্ৰসাৰৰ বাবে দেশজুৰি অভিযান চলি আছে। স্বদেশ দৰ্শনৰ দৰে কেইবাটাও আঁচনিৰ জৰিয়তে ঐতিহ্যময় পৰ্যটনক গতি প্ৰদান কৰা হৈছে, তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে দাণ্ডী যাত্ৰাৰ স্মাৰক, জালিয়ানৱালাবাগ স্মাৰক, ষ্টেচু অৱ ইউনিটি, দীনদয়াল স্মাৰক, বাবাচাহেব স্মাৰক, ভগৱান বীৰচা মুণ্ডা স্মাৰক, অযোধ্যা আৰু কাশীৰ ঘাটৰ সৌন্দৰ্যবৰ্ধন বা সমগ্ৰ ভাৰতত মন্দিৰৰ নৱীকৰণৰ দৰে পদক্ষেপে ঐতিহ্যময় পৰ্যটনৰ বাবে নতুন সম্ভাৱনা মুকলি কৰি দিছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে শতিকাজুৰি পৰাধীন অৱস্থাত থকাৰ সময়ছোৱাত তিনিটা ধাৰাৰ জৰিয়তে দেশে স্বাধীনতা লাভ কৰে। এই ধাৰাসমূহ হৈছে বিপ্লৱ, সত্যাগ্ৰহ আৰু জনসচেতনতা। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকাৰ তিনিটা ৰঙৰ তাৎপৰ্য বাখ্যা কৰে। তেওঁ কয় যে ৰাষ্ট্ৰীয় পতাকাৰ তিনিটা ৰঙে তিনিটা ধাৰাক প্ৰতিনিধিত্ব কৰে। গেৰুৱা ৰং বিপ্লৱৰ, বগা ৰং সত্যাগ্ৰহ আৰু সেউজীয়া ৰঙ দেশৰ মানুহৰ সৃষ্টিশীল ভাৱনাৰ প্ৰতীক। তেওঁ কয় যে তেওঁৰ বাবে ৰাষ্ট্ৰীয় পতাকাত থকা নীলা ৰঙে দেশৰ সাংস্কৃতিক চেতনাক প্ৰতিনিধিত্ব কৰে। তেওঁ কয় যে আজি তেওঁ ৰাষ্ট্ৰীয় পতাকাৰ তিনিটা ৰঙত নতুন ভাৰতৰ ভৱিষ্যত দেখিছে। নতুন ভাৰতৰ বাবে গেৰুৱা ৰঙে কৰ্তব্য আৰু ৰাষ্ট্ৰীয় সুৰক্ষা, বগা ৰঙে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াসক প্ৰতিনিধিত্ব কৰে; সেউজীয়া ৰঙে পৰিৱেশ সংৰক্ষণ আৰু নীলা ৰঙৰ চক্ৰই দেশৰ মহাসাগৰীয় অৰ্থনীতিক প্ৰতিনিধিত্ব কৰে।
ভগত সিং, সুখদেৱ, ৰাজগুৰু, আজাদ আৰু খুদিৰাম বসুৰ দৰে বিপ্লৱীসকলৰ যুৱ কালৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ যুৱপ্ৰজন্মই কেতিয়াও নিজকে কম বুলি বিবেচনা কৰা উচিত নহয়। তেওঁ কয়, “ভাৰতৰ যুৱপ্ৰজন্মই কৰিব নোৱাৰা একো নাই। এনে কোনো লক্ষ্য নাই যিটো ভাৰতৰ যুৱপ্ৰজন্মই লাভ কৰিব নোৱাৰে”।
প্ৰধানমন্ত্ৰীয়ে ঐক্যৰ বান্ধোনৰ কথা উল্লেখ কৰে। দেশৰ স্বাধীনতা আন্দোলনে বিভিন্ন অঞ্চল, ভাষা আৰু সম্পদক ঐক্যবদ্ধ কৰি দেশাত্মবোধ জাগ্ৰত কৰিছিল।প্ৰধানমন্ত্ৰীয়ে কয়, “ভাৰত ভক্তিৰ এই চিৰন্তন অনুভূতি, ভাৰতৰ একতা, অখণ্ডতা আজিও আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হ’ব লাগে। আপোনাৰ ৰাজনৈতিক চিন্তাধাৰা যিয়েই নহওঁক, আপুনি যিকোনো ৰাজনৈতিক দলৰ সদস্য হ’ব পাৰে, কিন্তু ভাৰতৰ ঐক্য আৰু অখণ্ডতাৰ সৈতে যিকোনো ধৰণৰ আপোচ ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতি আটাইতকৈ ডাঙৰ বিশ্বাসঘাতকতা হ’ব”। প্ৰধানমন্ত্ৰীয়ে আৰু কয়, “আমি নতুন ভাৰতত এক নতুন দৃষ্টিভংগীৰে আগবাঢ়িব লাগিব। এই নতুন দৃষ্টিভংগী হৈছে ভাৰতৰ আত্মবিশ্বাস, আত্মনিৰ্ভৰশীলতা, প্ৰাচীন পৰিচয় আৰু ভৱিষ্যতৰ উন্নতিৰ। ইয়াত সৰ্বাধিক গুৰুত্বপূৰ্ণ হৈছে কৰ্তব্যবোধ।”
আজি অৰ্জন কৰা ৪০০ বিলিয়ন ডলাৰ বা ৩০ লাখ কোটি টকাৰ পণ্য সামগ্ৰী ৰপ্তানিৰ ফলত দেশে যি মাইলৰ খুঁটি অতিক্ৰম কৰিছে সেই কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “ভাৰতৰ ক্ৰমবৰ্দ্ধমান ৰপ্তানি হৈছে আমাৰ উদ্যোগ, আমাৰ অতিক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগ, আমাৰ উৎপাদন ক্ষমতা আৰু আমাৰ কৃষি খণ্ডৰ শক্তিৰ প্ৰতীক।”
এই গেলেৰীটোত স্বাধীনতা সংগ্ৰামত বিপ্লৱীসকলৰ অৱদান আৰু ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে তেওঁলোকৰ সশস্ত্ৰ প্ৰতিৰোধৰ বিভিন্ন ঘটনাৰ ছবিসমূহে স্থান লাভ কৰিছে। স্বাধীনতা আন্দোলনৰ মূলসুঁতিৰ সৈতে জড়িত ঘটনাসমূহ তুলি ধৰাৰ এইধৰণৰ প্ৰয়াস আগতে কাহানিও দেখা পোৱা নাই। এই নতুন গেলেৰীৰ উদ্দেশ্য হৈছে ১৯৪৭ চন পৰ্যন্ত স্বাধীনতা আন্দোলনৰ সামগ্ৰিক চিত্ৰ আৰু বিপ্লৱীসকলে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা দৰ্শকক অৱগত কৰা।
ইয়াৰোপৰি এই গেলেৰীত ৰাজনৈতিক আৰু বৌদ্ধিক পটভূমি দেখুওৱা হৈছে যিয়ে স্বাধীনতা আন্দোলনক প্ৰভাৱিত কৰিছিল। এই গেলেৰীত বিপ্লৱী আন্দোলনৰ আৰম্ভ, বিপ্লৱী নেতাসকলৰ দ্বাৰা গঠিত গুৰুত্বপূৰ্ণ সংগঠন, আন্দোলনৰ প্ৰসাৰ, আজাদ হিন্দ ফৌজ গঠন, নৌ বিদ্ৰোহৰ প্ৰভাৱ আদি বিভিন্ন ঘটনাৱলী দাঙি ধৰা হৈছে।
***
DS/KG
Inaugurating Biplobi Bharat Gallery as a fitting tribute to the greats of the Indian freedom movement. https://t.co/Z8GU9bO9cK
— Narendra Modi (@narendramodi) March 23, 2022
मैं पश्चिम बंगाल के बीरभूम में हुई हिंसक वारदात पर दुख व्यक्त करता हूं, अपनी संवेदना व्यक्त करता हूं।
— PMO India (@PMOIndia) March 23, 2022
मैं आशा करता हूं कि राज्य सरकार, बंगाल की महान धरती पर ऐसा जघन्य पाप करने वालों को जरूर सजा दिलवाएगी: PM @narendramodi
अमर शहीद भगत सिंह, राजगुरु और सुखदेव के बलिदान की गाथा देश के बच्चे-बच्चे की जुबान पर है।
— PMO India (@PMOIndia) March 23, 2022
हम सबको इन वीरों की गाथाएं, देश के लिए दिन रात मेहनत करने के लिए प्रेरित करती हैं: PM @narendramodi
हमारे अतीत की विरासतें हमारे वर्तमान को दिशा देती हैं, हमें बेहतर भविष्य गढ़ने के लिए प्रेरित करती हैं।
— PMO India (@PMOIndia) March 23, 2022
इसलिए, आज देश अपने इतिहास को, अपने अतीत को, ऊर्जा के जाग्रत स्रोत के रूप में देखता है: PM @narendramodi
आपको वो समय भी याद होगा जब हमारे यहाँ आए दिन प्राचीन मंदिरों की मूर्तियाँ चोरी होने की खबरें आती थीं।
— PMO India (@PMOIndia) March 23, 2022
हमारी कलाकृतियाँ बेधड़क विदेशों में smuggle होती थीं, जैसे उनकी कोई अहमियत ही नहीं थी।
लेकिन अब भारत की उन धरोहरों को वापस लाया जा रहा है: PM @narendramodi
2014 से पहले के कई दशकों में सिर्फ दर्जनभर प्रतिमाओं को ही भारत लाया जा सका था।
— PMO India (@PMOIndia) March 23, 2022
लेकिन बीते 7 सालों में ये संख्या सवा 2 सौ से अधिक हो चुकी है।
अपनी संस्कृति, सभ्यता की ये निशानियां, भारत की वर्तमान और भावी पीढ़ी को निरंतर प्रेरित करें, इस दिशा में ये एक बहुत बड़ा प्रयास है: PM
Heritage tourism बढ़ाने के लिए भारत में एक राष्ट्रव्यापी अभियान चल रहा है।
— PMO India (@PMOIndia) March 23, 2022
स्वदेश दर्शन जैसी कई योजनाओं के जरिए heritage tourism को गति दी जा रही है: PM @narendramodi
भारत को गुलामी के सैकड़ों वर्षों के कालखंड से आजादी, तीन धाराओं के संयुक्त प्रयासों से मिली थी।
— PMO India (@PMOIndia) March 23, 2022
एक धारा थी क्रांति की, दूसरी धारा सत्याग्रह की और तीसरी धारा थी जन-जागृति अभियानों की: PM @narendramodi
मैं देश के युवाओं से कहना चाहता हूं- कभी अपनी शक्तियों को, अपने सपनों को कम नहीं आंकिएगा।
— PMO India (@PMOIndia) March 23, 2022
ऐसा कोई काम नहीं जो भारत का युवा कर ना सके।
ऐसा कोई लक्ष्य नहीं जो भारत का युवा प्राप्त ना कर सके: PM @narendramodi
आजादी के मतवालों की क्षेत्रीयता अलग-अलग थी, भाषाएं-बोलियां भिन्न-भिन्न थी।
— PMO India (@PMOIndia) March 23, 2022
यहां तक कि साधन-संसाधनों में भी विविधता थी।
लेकिन राष्ट्रसेवा की भावना और राष्ट्रभक्ति एकनिष्ठ थी।
वो ‘भारत भक्ति’ के सूत्र से जुड़े थे, एक संकल्प के लिए खड़े थे: PM @narendramodi
आजादी के मतवालों की क्षेत्रीयता अलग-अलग थी, भाषाएं-बोलियां भिन्न-भिन्न थी।
— PMO India (@PMOIndia) March 23, 2022
यहां तक कि साधन-संसाधनों में भी विविधता थी।
लेकिन राष्ट्रसेवा की भावना और राष्ट्रभक्ति एकनिष्ठ थी।
वो ‘भारत भक्ति’ के सूत्र से जुड़े थे, एक संकल्प के लिए खड़े थे: PM @narendramodi
हमें नए भारत में नई दृष्टि के साथ ही आगे बढ़ना है।
— PMO India (@PMOIndia) March 23, 2022
ये नई दृष्टि भारत के आत्मविश्वास की है, आत्मनिर्भरता की है, पुरातन पहचान की है, भविष्य के उत्थान की है।
और इसमें कर्तव्य की भावना का ही सबसे ज्यादा महत्व है: PM @narendramodi
आज ही भारत ने 400 बिलियन डॉलर यानि 30 लाख करोड़ रुपए के प्रॉडक्ट्स के एक्सपोर्ट का नया रिकॉर्ड बनाया है।
— PMO India (@PMOIndia) March 23, 2022
भारत का बढ़ता हुआ एक्सपोर्ट, हमारी इंडस्ट्री की शक्ति, हमारे MSMEs, हमारी मैन्यूफैक्चरिंग क्षमता, हमारे एग्रीकल्चर सेक्टर के सामर्थ्य का प्रतीक है: PM @narendramodi
शहीद दिवस पर देश आजादी के लिए योगदान देने वाले नायक-नायिकाओं को नमन कर रहा है।
— Narendra Modi (@narendramodi) March 23, 2022
इस अवसर पर अमृत महोत्सव के इसी ऐतिहासिक कालखंड में आज बिप्लॉबी भारत गैलरी के रूप में पश्चिम बंगाल के हैरिटेज में एक खूबसूरत मोती और जुड़ा है। pic.twitter.com/zGdQ3vxkS4
अतीत की विरासतें हमारे वर्तमान को दिशा देती हैं, हमें बेहतर भविष्य गढ़ने के लिए प्रेरित करती हैं।
— Narendra Modi (@narendramodi) March 23, 2022
आपको वो समय भी याद होगा, जब हमारे यहां आए दिन प्राचीन मंदिरों की मूर्तियां चोरी होने की खबरें आती थीं। लेकिन उन धरोहरों को अब वापस लाया जा रहा है। pic.twitter.com/2TDCCFkhzQ
बिप्लॉबी भारत गैलरी का उद्घाटन करते हुए मुझे तिरंगे के तीन रंगों में नए भारत का भविष्य भी देखने को मिला… pic.twitter.com/FBBhNuTHqv
— Narendra Modi (@narendramodi) March 23, 2022
Moving towards a developed and prosperous India. pic.twitter.com/oNAEbHLlcz
— Narendra Modi (@narendramodi) March 23, 2022
India’s freedom struggle is an excellent manifestation of ‘Ek Bharat Shreshtha Bharat.’ pic.twitter.com/ABobUQAqI5
— Narendra Modi (@narendramodi) March 23, 2022
The Biplobi Bharat Gallery is a fitting tribute to our freedom fighters. Do visit this gallery if possible! pic.twitter.com/izzyXTBZLO
— Narendra Modi (@narendramodi) March 23, 2022