পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ লগতে শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৱে ৰে’লৱে, প্ৰতিৰক্ষা, অটোমোটিভ, শক্তি, তথ্য প্ৰযুক্তি, স্বাস্থ্যসেৱাকে ধৰি শ্লোভাকিয়াৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰধান ব্যৱসায়িক আৰু উদ্যোগ জগতৰ নেতৃবৰ্গৰ সৈতে মত বিনিময় কৰে।
প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু শ্লোভাকিয়াৰ মাজত ব্যৱসায়-বাণিজ্য সম্পৰ্ক সম্প্ৰসাৰণৰ প্ৰশংসা কৰে। তেওঁ শেহতীয়া বছৰবোৰত ব্যৱসায়িক সূচলতা বৃদ্ধি কৰাৰ লগতে এক স্বচ্ছ, সুস্থিৰ আৰু বিনিয়োগকাৰী-অনুকূল অৰ্থনৈতিক পৰিবেশ গঢ়ি তুলিবলৈ ভাৰতে আৰম্ভ কৰা গুৰুত্বপূৰ্ণ সংস্কাৰ আৰু নীতিগত পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ শ্লোভাক কোম্পানীসমূহক ভাৰতত বিশেষকৈ আন্তঃগাঁথনি, প্ৰতিৰক্ষা, নৱীকৰণযোগ্য শক্তি, ডিজিটেল উদ্ভাৱন, ছেমিকণ্ডাক্টৰ, কৃত্ৰিম বুদ্ধিমত্তা আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত বৰ্ধিত সুযোগৰ সুবিধা ল’বলৈ আমন্ত্ৰণ জনায়।
উদ্যোগ খণ্ডৰ নেতাসকলে বিকশিত ভাৰতৰ দিশত ভাৰতৰ সংস্কাৰক আদৰণি জনোৱাৰ লগতে ভাৰতৰ অৰ্থনৈতিক গতিপথৰ ওপৰত আস্থা প্ৰকাশ কৰে। তেওঁলোকে বৰ্ধিত বিনিয়োগ, প্ৰযুক্তি অংশীদাৰিত্ব আৰু ভাৰতীয় উদ্যোগসমূহৰ সৈতে যুটীয়া পদক্ষেপৰ জৰিয়তে ভাৰতত নিজৰ অৱস্থিতি শক্তিশালী কৰাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে। তেওঁলোকে ভাৰত-ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তিক আদৰণি জনাই উল্লেখ কৰে যে ইয়াৰ ৰূপায়ণে তেওঁলোকৰ বাবে নতুন ব্যৱসায়িক সুযোগ মুকলি কৰিব। তলত উল্লেখ কৰা মুখ্য কাৰ্যবাহী বিষয়া/উদ্যোগৰ নেতাসকলে অনুষ্ঠানত অংশগ্ৰহণ কৰে।
************
MJPS/SS/ST/DD
PM @narendramodi interacted with leading Slovak business leaders in Bratislava in the presence of PM @RobertFicoSVK.
— PMO India (@PMOIndia) June 15, 2026
The discussions focused on strengthening economic ties, increasing investments and expanding cooperation in technology, manufacturing, innovation and other… pic.twitter.com/3SCLc7nxjH
This afternoon in Bratislava, Prime Minister Robert Fico hosted an interaction with prominent Slovak business leaders.
— Narendra Modi (@narendramodi) June 15, 2026
Had insightful discussions on strengthening economic ties, boosting investment flows and expanding collaboration in innovation, technology, manufacturing and… pic.twitter.com/fzKdCdjFI4