Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শ্ৰীগুৰু নানক দেৱজীৰ পৰকাশ পূৰব উপলক্ষ্যে সকলোকে শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গুৰু নানক দেৱজীৰ পৰকাশ পূৰব উপলক্ষে আজি সকলোকে শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে উল্লেখ কৰে যে শ্ৰী গুৰু নানক দেৱজীৰ জীৱন আৰু বাৰ্তাই কালজয়ী প্ৰজ্ঞাৰে মানৱতাক পথ প্ৰদৰ্শন কৰি আহিছে। “তেওঁৰ মমতা, সমতা, নম্ৰতা আৰু সেৱাৰ শিক্ষা অতি প্ৰেৰণাদায়ক”, শ্ৰী মোদীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে  পোষ্ট কৰিছে:

“শ্ৰীগুৰু নানক দেৱজীৰ জীৱন আৰু বাৰ্তাই মানৱতাক কালজয়ী প্ৰজ্ঞাৰে পথ প্ৰদৰ্শন কৰি আহিছে। তেওঁৰ মমতা, সমতা, নম্ৰতা আৰু সেৱাৰ শিক্ষা অতি প্ৰেৰণাদায়ক। তেওঁৰ পৰকাশ পূৰব উপলক্ষ্যে শুভেচ্ছা। তেওঁৰ ঐশ্বৰিক জ্যোতিয়ে আমাৰ গ্ৰহটোক চিৰদিনৰ বাবে আলোকিত কৰি ৰাখক।”

“ਸ੍ਰੀ ਗੁਰੂ ਨਾਨਕ ਦੇਵ ਜੀ ਦਾ ਜੀਵਨ ਅਤੇ ਸੰਦੇਸ਼ ਮਨੁੱਖਤਾ ਨੂੰ ਸਦੀਵੀ ਗਿਆਨ ਨਾਲ ਮਾਰਗਦਰਸ਼ਨ ਕਰਦਾ ਰਹਿੰਦਾ ਹੈ। ਦਇਆ, ਸਮਾਨਤਾ, ਨਿਮਰਤਾ ਅਤੇ ਸੇਵਾ ਦੀਆਂ ਉਨ੍ਹਾਂ ਦੀਆਂ ਸਿੱਖਿਆਵਾਂ ਬਹੁਤ ਪ੍ਰੇਰਨਾਦਾਇਕ ਹਨ। ਉਨ੍ਹਾਂ ਦੇ ਪ੍ਰਕਾਸ਼ ਪੁਰਬ ਦੀਆਂ ਸ਼ੁਭਕਾਮਨਾਵਾਂ। ਉਨ੍ਹਾਂ ਦਾ ਬ੍ਰਹਮ ਪ੍ਰਕਾਸ਼ ਸਾਡੇ ਗ੍ਰਹਿ ਨੂੰ ਹਮੇਸ਼ਾ ਲਈ ਰੌਸ਼ਨ ਕਰਦਾ ਰਹੇ।”

 

***

MJPS/VJ/DM