Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শ্ৰীলংকাত জৰুৰীকালীন এম্বুলেন্স সেৱা মুকলি অনুষ্ঠানত ভিডিঅ’ লিংকৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মূল পাঠ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীলংকাত জৰুৰীকালীন এম্বুলেন্স সেৱা মুকলি অনুষ্ঠানত ভিডিঅ’ লিংকৰ জৰিয়তে ভাষণ আগবঢ়ায়৷ উল্লেখ্য যে ভাৰত চৰকাৰৰ সহযোগত দ্বীপ ৰাষ্ট্ৰখনত এই এম্বুলেন্স সেৱা আৰম্ভ হৈছে৷

শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীমান ৰানিল উইকৰেমিসিংহে জাফনাত আয়োজিত এই অনুষ্ঠানত ভাগ লয়৷
প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ তলত উল্লেখ কৰা ধাৰণৰঃ

মোৰ বন্ধু আৰু শ্ৰীলংকাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীমান ৰানিল উইকৰেমিসিংহে৷

অধ্যাপক মইট্ৰী উইকৰেমিসিংহে

শ্ৰীলংকাৰ সন্মানীয় মন্ত্ৰীগণ,

শ্ৰীলংকাস্থিত ভাৰতৰ উচ্চায়ুক্ত

নৰ্থাৰ্ণ প্ৰদেশৰ মাননীয় মুখ্যমন্ত্ৰী

শ্ৰীলংকাৰ সন্মানীয় সাংসদসকল,

শ্ৰদ্ধাৰ ধৰ্মগুৰুসকল,

বিশিষ্ট অতিথিবৰ্গ,

আৰু মোৰ মৰমৰ বন্ধু-বান্ধৱীসকল,

নমস্কাৰ

জাফনাত উপস্থিত থকা আপোনালোকৰ সৈতে লাইভ ভিডিঅ’ লিংকৰ সহায়ত কথা পাতিবলৈ পাই মই অত্যন্ত সুখী৷
আজি মই ইয়াতকৈও অধিক সুখী এইকাৰণেই যে এই অনুষ্ঠানতে ৰাষ্ট্ৰীয় জৰুৰীকালীন এম্বুলেন্স সেৱা সমগ্ৰ শ্ৰীলংকাবাসীলৈ মুকলি হ’ব৷

ভাৰত আৰু শ্ৰীলংকাৰ বন্ধুত্ব সম্প্ৰসাৰণৰ আন এক গুৰুত্বপূৰ্ণ সাফল্য হিচাপে এই অনুষ্ঠানটো গণ্য কৰা হ’ব৷
২০১৫ত মই শ্ৰীলংকা ভ্ৰমণ কৰাৰ সময়ত দেশখনৰ প্ৰধানমন্ত্ৰীয়ে মোক কৈছিল এইধৰণৰ এক ব্যৱস্থা শ্ৰীলংকাত গঢ়ি তোলাৰ কথা৷

মই অত্যন্ত সুখী যে ২০১৬ৰ জুলাইত এই সেৱাৰ প্ৰথমটো পৰ্যায় ৱেষ্টাৰ্ণ আৰু ছাউথাৰ্ণ প্ৰদেশত আৰম্ভ হৈছিল৷

বিগত বৰ্ষৰ শ্ৰীলংকা ভ্ৰমণৰ সময়ছোৱাত মই দেশখনৰ জনসাধাৰণক প্ৰতিশ্ৰুতি দিছিলো যে ভাৰতে সমগ্ৰ শ্ৰীলংকাতে প্ৰি-হস্পিটাল জৰুৰীকালীন অম্বুলেন্স সেৱা আগবঢ়াব৷

মই সুখী যে ভাৰতে সময়মতে এই প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ সক্ষম হ’ল আৰু আজিৰ এই অনুষ্ঠানৰ পৰাই এম্বুলেন্স সেৱাৰ দ্বিতীয় পৰ্যায়ৰ আৰম্ভণি ঘটিল৷

মই এই কথা জানিও সন্তুষ্ট যে এম্বুলেন্স সেৱাৰ সম্প্ৰসাৰণ প্ৰক্ৰিয়া নৰ্থাৰ্ণ প্ৰদেশৰ পৰা আৰম্ভ হৈছে৷ ভাৰতবৰ্ষই আপোনালোকৰ সৈতে এইদৰে ভৱিষ্যতেও উন্নয়নৰ হকে কাম কৰি যাবলৈ আগ্ৰহী৷

মই জানিব পাৰিছো যে এই সেৱাৰ সৈতে জড়িত লোকসকলক ভাৰতত প্ৰশিক্ষণ দিয়া হৈছে৷ ইয়াৰ ফলত স্থানীয় সংস্থাপন ব্যৱস্থাইও উগদণি লাভ কৰিছে৷

বন্ধুসকল,

এয়া প্ৰথমটো পৰিঘটনা নহয় যে ভাৰতে শ্ৰীলংকাৰ সৈতে অংশীদাৰিত্বৰে এক সেৱা মুকলি কৰিছে৷

সুদিন অথবা দুৰ্দিন—সকলো সময়তে ভাৰত সদায় শ্ৰীলংকাৰ সৈতে আছে৷

বৈচিত্ৰতাৰে ভৰপূৰ দুখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ মূৰব্বী হিচাপে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী আৰু মই বিশ্বাস কৰো যে সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ কল্যাণৰ বাবে উন্নয়নমূলক কাম-কাজক আগুৱাই নিয়া উচিত৷

দেশৰ সকলো নাগৰিকৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈ প্ৰচেষ্টা চলাই থকাৰ বাবে মই শ্ৰীলংকাৰ মাননীয় ৰাষ্ট্ৰপতি ছিৰিসেনা আৰু প্ৰধানমন্ত্ৰী উইকাৰেমিসিংহেক ধন্যবাদ জ্ঞাপন কৰিছো৷

বন্ধুসকল,

প্ৰধানমন্ত্ৰী হিচাপে দুবাৰ শ্ৰীলংকা ভ্ৰমণ কৰি মই বহুতো মধুৰ অভিজ্ঞতা অৰ্জন কৰিছো৷ দেশখনত লাভ কৰা মৰম-চেনেহ আৰু আগ্ৰহে মোক অভিভূত কৰিছিল৷

জাফনা ভ্ৰমণ কৰা ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হোৱাৰো মই সৌভাগ্য লাভ কৰিছিলো৷ যোৱা বছৰ মই ৰাষ্ট্ৰসংঘৰ ভেছাক দিৱস উদযাপনতো অংশ লৈছিলো৷ এই সকলোবোৰ মোৰ বাবে স্মৰণীয় অভিজ্ঞতা হৈ ৰ’ব৷

বন্ধুসকল,

চুবুৰীয়াৰ সৈতে সকলো ৰাষ্ট্ৰ ঘনিষ্ঠভাৱে জড়িত হৈ থাকে৷

যেতিয়া আমি শ্ৰীলংকালৈ মন কৰো, তেতিয়া দেখো যে শ্ৰীলংকা আমাৰ বাবে কেৱল চুবুৰীয়া নহয়৷ তেওঁলোক হ’ল আমাৰ দক্ষিণ এছিয়া আৰু ভাৰত মহাসাগৰ পৰিয়ালৰ এক বিশেষ আৰু বিশ্বাসযোগ্য সংগী৷

তিনি বছৰ পূৰ্বে যেতিয়া মই শ্ৰীলংকাৰ সংসদক সম্বোধন কৰিছিলো, তেতিয়া কৈছিলো যে নিকট আত্মীয়ক ঘনিষ্ঠ বন্ধুলৈ পৰিণত কৰাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ লোৱা উচিত৷

১৯২৭ত জাফনাৰ ছাত্ৰ কংগ্ৰেছৰ আমন্ত্ৰণত মহাত্মা গান্ধীয়ে শ্ৰীলংকা ভ্ৰমণ কৰাৰ সময়ত কোৱা কথাৰে ময়ো আজি ক’ব বিচাৰো যে আমাৰ জনসাধাৰণে পৰস্পৰৰ সৈতে দৃঢ় সম্পৰ্ক বজাই ৰখা উচিত৷ যাতে আমি পৰস্পৰক অধিক ভালকৈ জানিব পাৰো, বুজিব পাৰো আৰু ঘনিষ্ঠতা গঢ়িব পৰাো৷

মই আপোনালোকক ভাৰত আহিবলৈ আমন্ত্ৰণ জনাইছো৷ ইয়ালৈ আহি আপোনালোকে নিউ ইণ্ডিয়াৰ ৰূপৰেখা প্ৰত্যক্ষ কৰিব পাৰিব৷

মই জানিব পাই সুখী হৈছো যে শ্ৰীলংকাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীমান ইউকাৰেমিসিংহেই আগষ্টত ভাৰত ভ্ৰমণলৈ আহিব৷ আপোনাৰ ভ্ৰমণৰ বাবে আগতীয়াকৈ শুভেচ্ছা জনালো আৰু ভাৰতলৈ আহি আনন্দিত হ’ব বুলি আশা কৰিছো৷

ধন্যবাদ৷ বহুত বহুত ধন্যবাদ৷

****

AKT/HS/MS