Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শ্ৰী যশপাল ৰাণাৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী যশপাল ৰাণাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁৰ মৃত্যু ভাৰতীয় ক্ৰীড়া জগতৰ বাবে এক গভীৰ ক্ষতি।

শ্ৰী মোদীয়ে কয় যে শ্বুটিঙত অসাধাৰণ সাফল্যৰ জৰিয়তে ৰাষ্ট্ৰলৈ তেওঁ অপৰিসীম গৌৰৱ কঢ়িয়াই আনিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এজন পৰামৰ্শদাতা হিচাপে তেওঁৰ অৱদানৰ  সমান্তৰালকৈ অতি নিষ্ঠাৰে তেওঁ যুৱ খেলুৱৈসকলক গঢ় দিয়াৰ লগতে তেওঁলোকক পথ প্ৰদৰ্শন কৰিছিল । তেওঁ উল্লেখ কৰে যে উৎকৃষ্টতা, অনুশাসন আৰু ক্ৰীড়া জগতৰ প্ৰতি সেৱাৰ প্ৰতি তেওঁৰ অটল দায়বদ্ধতাই তেওঁক অপৰিসীম প্ৰশংসাৰ পাত্ৰ হিচাপে  গঢ়ি তুলিছিল।

প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে এই দুখৰ সময়ত তেওঁৰ পৰিয়াল, বন্ধুবৰ্গ আৰু সমগ্ৰ ক্ৰীড়া সম্প্ৰদায়ৰ প্ৰতি তেওঁৰ সহমৰ্মিতা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ

“শ্ৰী যশপাল ৰাণাৰ মৃত্যুত গভীৰভাৱে শোকাহত। তেওঁৰ মৃত্যু ভাৰতীয় ক্ৰীড়া জগতৰ বাবে এক গভীৰ ক্ষতি। শ্বুটিঙত অসাধাৰণ সাফল্যৰ জৰিয়তে তেওঁ ৰাষ্ট্ৰলৈ অপৰিসীম গৌৰৱ কঢ়িয়াই আনিছে। এজন পৰামৰ্শদাতা হিচাপে তেওঁৰ অৱদানৰ  সমান্তৰালকৈ অতি নিষ্ঠাৰে তেওঁ যুৱ খেলুৱৈসকলক গঢ় দিয়াৰ লগতে তেওঁলোকক পথ প্ৰদৰ্শন কৰিছিল  । উৎকৃষ্টতা, অনুশাসন আৰু ক্ৰীড়া জগতৰ প্ৰতি সেৱাৰ প্ৰতি তেওঁৰ অটল দায়বদ্ধতাই তেওঁক অপৰিসীম প্ৰশংসাৰ পাত্ৰ হিচাপে  গঢ়ি তুলিছিল। দুখৰ এই সময়ত তেওঁৰ পৰিয়াল, বন্ধুবৰ্গ আৰু সমগ্ৰ ক্ৰীড়া সম্প্ৰদায়ৰ প্ৰতি মই সহমৰ্মিতা প্ৰকাশ কৰিছো । ওঁম শান্তি “

***

MJPS/SS/PRK/DD