Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শ্ৰী লঙ্কাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্ৰী তিলক মাৰাপনাৰ লগত প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দেৰ মোদীয়ে শ্ৰী লঙ্কাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্ৰী তিলক মাৰাপনাক আজি সন্ধ্যা আনুষ্ঠানিকভাৱে সাক্ষাৎ কৰে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্ৰী তিলক মাৰাপনা তিনিদিনীয়া ভ্ৰমণ সূচীৰে ভাৰতলৈ আহিছে।

প্ৰধানমন্ত্ৰীয়ে শ্ৰী তিলক মাৰাপনাক শ্ৰী লঙ্কাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।এইবছৰৰ মে’ মাহত আন্তঃৰাষ্ট্ৰীয় বাসক দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কৰা শ্ৰী লঙ্কা ভ্ৰমণৰ ফলপ্ৰসূতাৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ লগত শ্ৰী লঙ্কাৰ সম্পৰ্কৰ গুৰুত্বৰ কথা উল্লেখ কৰি কয় যে দুয়োখন দেশেই এক গভীৰ আৰু সুস্থ সম্পৰ্ক ৰাখি চলিছে। প্ৰধানমন্ত্ৰীয়ে ভৱিষ্যতে অধিক শক্তিশালী সম্পৰ্কৰ বাবে শ্ৰী লঙ্কাৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ আগ্ৰহ ব্যক্ত কৰে।

*****

AKT/NT/PRK