Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শ্ৰী ৰবি নাইকৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোৱা চৰকাৰৰ মন্ত্ৰী শ্ৰী ৰবি নাইকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

শ্ৰী মোদীয়ে কয় যে গোৱাৰ উন্নয়ন যাত্ৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা এগৰাকী অভিজ্ঞ প্ৰশাসক আৰু সমৰ্পিত ৰাইজৰ সেৱক হিচাপে শ্ৰী নাইকক স্মৰণ কৰা হ’ব। তেওঁ লগতে কয় যে শ্ৰী নাইক নিপীড়িত আৰু প্রান্তীয় লোকসকলৰ সবলীকৰণৰ প্ৰতি বিশেষভাৱে আগ্ৰহী আছিল।

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়;

 ‘গোৱা চৰকাৰৰ মন্ত্ৰী শ্ৰী ৰবি নাইক জীৰ মৃত্যুত মই দুখিত। গোৱাৰ উন্নয়নৰ গতিপথ সমৃদ্ধ কৰা এগৰাকী অভিজ্ঞ প্ৰশাসক আৰু সমৰ্পিত ৰাইজৰ সেৱক হিচাপে তেওঁক স্মৰণ কৰা হ’ব। তেওঁ নিপীড়িত আৰু প্রান্তীয় লোকসকলৰ সবলীকৰণৰ প্ৰতি বিশেষভাৱে আগ্ৰহী আছিল। দুখৰ এই সময়ত মোৰ সমবেদনা তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকলৰ সৈতে আছে। ওঁম শান্তি’

***

MJPS/VJ/MK