Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শ্ৰী ৰাম জেঠমালানীৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক


জ্যেষ্ঠ আইনজ্ঞ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাম জেঠমালানীৰ বিয়োগত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে৷

এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, শ্ৰী ৰাম জেঠমালানী জীৰ বিয়োগত ভাৰতে এগৰাকী ব্যতিক্ৰমী আইনজ্ঞ তথা কিংবদন্তী সামাজিক ব্যক্তিক হেৰুৱালে, যিগৰাকীয়ে আদালত আৰু সংসদ উভয়তে প্ৰচুৰ বৰঙণি আগবঢ়াই গৈছে৷ তেওঁ এগৰাকী বুদ্ধিমান, সাহসী ব্যক্তি আছিল আৰু কোনো দ্বিধাবোধ নথকাকৈ সকলো বিষয় বলিষ্ঠভাৱে প্ৰকাশ কৰিছিল৷

শ্ৰী ৰাম জেঠমালানী জীৰ আটাইতকৈ ভাল গুণটো আছিল তেওঁ মনৰ কথা পাৰিছিল আৰু কোনো শংকা নকৰাকৈ কৰিব পাৰে৷ জৰুৰীকালীন সময়ৰ লা দিনবোৰত তেওঁ ধৈৰ্য আৰু ৰাইজৰ স্বাধীনতাৰ বাবে কৰা যুঁজৰ বাবে সকলোৱে তেওঁক সদায় স্মৰণ কৰিব৷ অভাৱগ্ৰস্ত লোকসকলক সহায় কৰাটো তেওঁ ব্যক্তিত্বৰ অবিচ্ছেদ্য অংগ আছিল৷

শ্ৰী ৰাম জেঠমালানী জীৰ সৈতে একাধিকবাৰ বাৰ্তালাপ কৰিবলৈ পোৱাটো মই মোৰ সৌভাগ্য বুলি বিবেচিত কৰিছো৷ এই দুখৰ ক্ষণত মই তেওঁৰ পৰিয়াল, বন্ধুবৰ্গ আৰু অসংখ্য অনুৰাগীৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ তেওঁ সোঁশৰীৰে নাথাকিলেও তেওঁৰ উল্লেখযোগ্য কামসমূহে সদায় তেওঁক জীয়াই ৰাখিব! ওম শান্তি৷

***

VRRK/ VJ/DB