পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰখ্যাত বাংলা লেখক শৰতচন্দ্ৰ চট্টোপাধ্যায়ৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। বিশিষ্ট লেখকগৰাকীক স্মৰণ কৰি শ্ৰী মোদীয়ে তেওঁৰ সাহিত্য ৰচনাসমূহৰ স্থায়ী গুৰুত্বৰ ওপৰত আলোকপাত কৰে। উল্লেখযোগ্য যে তেওঁৰ অধিকাংশ ৰচনা ভাৰতীয় ভাষা আৰু কেইবাটাও বিদেশী ভাষালৈ অনুবাদ কৰা হৈছে। শৰতচন্দ্ৰ চট্টোপাধ্যায়ৰ লেখাবোৰে ১৯ শতিকাৰ ভাৰত, বিশেষকৈ গ্ৰাম্য অঞ্চলৰ বাংলা সমাজৰ এক সঠিক আৰু সংবেদনশীল চিত্ৰণ প্ৰদান কৰে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ
বিশিষ্ট বাংলা লেখক, বহুমুখী প্ৰতিভাধৰ শৰতচন্দ্ৰ চট্টোপাধ্যায়ৰ ১৫০সংখ্যক জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।
প্ৰতিটো ভাৰতীয় ভাষা আৰু কেইবাখনো বিদেশী ভাষালৈ অনুবাদ কৰা তেওঁৰ ৰচনাসমূহ ১৯ শতিকাৰ ভাৰত, বিশেষকৈ গ্ৰাম্য অঞ্চলৰ বাংলা সমাজৰ সঠিক চিত্ৰায়ণৰ বাবে স্মৰণীয় হৈ আছে। সামাজিক সংস্কাৰ, মহিলাৰ অধিকাৰ আৰু জাতীয়তাবাদৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতিও সমানেই উল্লেখযোগ্য আছিল।
মই আগন্তুক সময়ত অধিক সংখ্যক যুৱক-যুৱতীক তেওঁৰ লিখনি পঢ়িবলৈ আহ্বান জনাইছো।
Homage to noted Bengali writer, the versatile Saratchandra Chattopadhyay on his 150th birth anniversary.
His works, translated into every Indian language and several foreign languages, are remembered for their accurate depiction of 19th century India, especially Bengali society…
— Narendra Modi (@narendramodi) September 15, 2026
****
MJPS/SS/VJ/DD