পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দৃঢ় বিশ্বাস, নিৰন্তৰ প্ৰচেষ্টা আৰু ইতিবাচক চিন্তাধাৰাই হৈছে সফলতাৰ প্ৰকৃত চাবিকাঠি। তেওঁ উল্লেখ কৰে যে দেশৰ যুৱক-যুৱতীসকলে এই গুণসমূহৰ দ্বাৰা পৰিচালিত হৈ বিকশিত ভাৰতৰ উপলব্ধিৰ দিশত সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰি আছে।
প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে –
“अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम्।
अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः॥”
এই হিতোপদেশত প্ৰকাশ কৰা হয় যে প্ৰগতি, উৎসাহ, দৃঢ় বিশ্বাস আৰু নিৰন্তৰ প্ৰচেষ্টাৰ ওপৰত আধাৰিত। যিজন ব্যক্তিয়ে নিৰুৎসাহৰ ওচৰত নতিস্বীকাৰ নকৰাকৈ নিজৰ লক্ষ্যত উপনীত হ’বলৈ চেষ্টা অব্যাহত ৰাখে, তেওঁ অৱশেষত সফলতা লাভ কৰে। সেয়েহে, এজন ব্যক্তিয়ে অটল বিশ্বাস আৰু নিষ্ঠাৰে কাম কৰি থাকিব লাগে । এই গুণবোৰে এজন ব্যক্তিক জীৱনত প্ৰগতি, সফলতা আৰু উৎকৃষ্টতাৰ দিশে লৈ যায়।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা এক্স-ত পোষ্ট কৰা হৈছে;
“দৃঢ় বিশ্বাস, ধাৰাবাহিক প্ৰচেষ্টা আৰু ইতিবাচক চিন্তাধাৰাই হৈছে সফলতাৰ প্ৰকৃত চাবিকাঠি। এই গুণসমূহৰ জৰিয়তে আমাৰ যুৱ বন্ধুসকলে সম্পূৰ্ণ নিষ্ঠাৰে এখন উন্নত ভাৰত গঢ়ি তোলাত নিয়োজিত হৈ আছে।
अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम्।
अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः॥”
दृढ़ विश्वास, सतत प्रयास और सकारात्मक सोच सफलता की असली कुंजी है। हमारे युवा साथी इन्हीं गुणों के साथ पूरे समर्पण भाव से विकसित भारत के निर्माण में जुटे हैं।
अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम्।
अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः॥ pic.twitter.com/iXl3bEZOdF
— Narendra Modi (@narendramodi) July 9, 2026
****
MJPS/SS/ST/DD