পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে আয়কৰ বিভাগৰ সংবদ্ধ ই–ফাইলিং আৰু কেন্দ্ৰীকৃত সংসাধন কেন্দ্ৰ ২.০ প্ৰকল্পৰ বাবে ৪,২৪১.৯৭ কোটি টকাৰ ব্যয়ত অনুমোদন প্ৰদান কৰিছে৷
তাৰোপৰি কেন্দ্ৰীয় কেবিনেটে ২০১৮–১৯ বিত্তীয় বৰ্ষৰ বাবে বিদ্যমান চিপিচি–আইটিআৰ ১.০ প্ৰকল্পৰ বাবে ১,৪৮২.৪৪ কোটি টকাৰ সন্মিলিত ব্যয়কো অনুমোদন প্ৰদান কৰিছে৷
এই প্ৰকল্পসমূহৰ অধীনত থকা বিস্তৃত উদ্দেশ্যসমূহ তলত তালিকাভুক্ত কৰা হৈছেঃ
ক) কৰদাতাসকলৰ বাবে দ্ৰুতবেগী আৰু শুদ্ধ ফলাফল
খ) প্ৰথমবাৰলৈ শুদ্ধ দৃষ্টিকোণ
গ) প্ৰতিটো পৰ্যায়ত ব্যৱহাৰকাৰী অভিজ্ঞতা বৃদ্ধি
ঘ) নিৰৱচ্ছিন্ন সংবদ্ধতাৰ দ্বাৰা কৰদাতাসকলৰ সজাগতা বৃদ্ধি তথা শিক্ষা
ঙ) স্বৈচ্ছিক কৰ অনুপালনৰ প্ৰচাৰ
চ) বকেয়া চাহিদাৰ ব্যৱস্থাপনা
বিভিন্ন কাৰ্যকলাপৰ জৰিয়তে বিভাগ আৰু কৰদাতাসকলৰ এই ব্যৱস্থাৰ অনুমোদনৰ দ্বাৰা উপকৃত হোৱাৰ সম্ভাৱনা আছে৷ এই সিদ্ধান্তৰ দ্বাৰা সমগ্ৰ দেশৰ সকলো শ্ৰেণীৰ কৰদাতাসকলৰ দ্বাৰা সুসংগত, সমান, নিয়ম আধাৰিত আৰু গুপ্ত পৰিচয়ৰ দ্বাৰা দাখিল কৰা ৰিটাৰ্ণৰ প্ৰচেছিঙৰ দ্বাৰা সমস্তৰীয় ইকুইটি সুনিশ্চিত হ’ব৷ ইয়াৰ দ্বাৰা সকলো কৰদাতাৰ বাবে কৰ বিবাদসমূহৰ নিৰপেক্ষতা সুনিশ্চিত হ’ব৷
এই সিদ্ধান্তৰ দ্বাৰা আয়কৰ ৰিটাৰ্ণৰ ত্বৰিৎ ব্যৱস্থাপনা তথা বিভাগৰ সহযোগিতা অবিহনে কৰদাতাৰ বেংক একাউণ্টত ৰিফাণ্ডৰ ৰাশি জমা কৰা, আন্তঃৰাষ্ট্ৰীয় সৰ্বোত্তম ব্যৱস্থাপনা তথা মানকসমূহৰ (আইএছঅ’ স্বীকৃতিকৰণ)পালন কৰা, ব্যৱস্থাপনাৰ সৈতে জড়িত শেহতীয়া স্থিতি সম্পৰ্কে অৱগত কৰা আৰু ম’বাইল এপ, ইমেইল, এছএমএছ তথা বিভাগৰ ৱেবছাইটৰ জৰিয়তে ত্বৰিৎ সূচনা প্ৰদান কৰা সম্ভৱ হ’ব৷ তাৰফলত পাৰদৰ্শিতা আৰু জবাবদেহী সুনিশ্চিত হ’ব৷
উপযুক্ত প্ৰস্তাৱৰ অধীনত প্ৰযুক্তিৰ জৰিয়তে ব্যৱসায়ত ব্যাপক পৰিৱৰ্তন অনাৰ বাবে সম্বন্ধীয় বিভাগসমূহৰ লক্ষ্য আগলৈও বাহাল ৰখা হ’ব৷ ই–ফাইলিং আৰু চিপিচি প্ৰকল্পসমূহৰ দ্বাৰা কৰদাতাসকলক সেৱা প্ৰদান কৰা আৰু স্বৈচ্ছিক অনুপালনক উৎসাহিত কৰাৰ বাবে অভিনৱ প্ৰক্ৰিয়াৰ দ্বাৰা বিভাগৰ ভিতৰত সকলো প্ৰক্ৰিয়াৰ পূৰ্ণ ব্যৱস্থাপনা সম্ভৱ হৈছে৷
****
AKT/MANN