Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সংবিধান সদনৰ চেণ্ট্ৰেল হলত কমনৱেলথৰ ২৮সংখ্যক অধ্যক্ষ আৰু প্ৰিজাইডিং অফিচাৰৰ সন্মিলন (চিএছপিঅ’চি)ত নিজৰ ভাষণৰ আভাস শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে

সংবিধান সদনৰ চেণ্ট্ৰেল হলত কমনৱেলথৰ ২৮সংখ্যক অধ্যক্ষ আৰু প্ৰিজাইডিং অফিচাৰৰ সন্মিলন (চিএছপিঅ’চি)ত নিজৰ ভাষণৰ আভাস শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ সংসদ ভৱন চৌহদৰ সংবিধান সদনৰ চেণ্ট্ৰেল হলত অনুষ্ঠিত কমনৱেলথৰ ২৮সংখ্যক অধ্যক্ষ আৰু প্ৰিজাইডিং অফিচাৰৰ সন্মিলন (চিএছপিঅ’চি)ত নিজৰ ভাষণৰ এক আভাস শ্বেয়াৰ কৰে।

এক্সত এলানি পৃথক পোষ্টত শ্ৰী মোদীয়ে কয়ঃ

নতুন দিল্লীত অনুষ্ঠিত ২৮সংখ্যক কমনৱেলথ অধ্যক্ষ আৰু প্ৰিজাইডিং অফিচাৰৰ সন্মিলনত ভাৰতৰ গণতান্ত্ৰিক পৰম্পৰাক বিশ্ব মঞ্চত শ্বেয়াৰ কৰাটো এক অবিস্মৰণীয় অভিজ্ঞতা আছিল।”

“গণতান্ত্ৰিক মনোভাৱ আমাৰ শিৰাত, আমাৰ হৃদয়ত আৰু আমাৰ মূল্যবোধত আছে আৰু এই মূল্যবোধ আমাৰ গণতন্ত্ৰৰ পৰাই আমালৈ আহিছে।”

“আজি যেতিয়া বিশ্বই অভূতপূৰ্ব পৰিৱৰ্তনৰ সময় পাৰ কৰিছে, তেতিয়া ভাৰতে প্ৰতিটো মঞ্চতে গ্ল’বেল ছাউথৰ স্বাৰ্থক তীব্ৰ পোষকতা কৰিছে।”

***

MJPS/SR/DB