Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সংসদত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীজীৰ প’ট্ৰেইট মুকলি কৰি প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন অটলজী আছিল জনতাৰ ধ্বনি, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়


 

আজি সংসদৰ চেণ্ট্ৰেল হলত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰাম নাথ কোৱিন্দে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ এখন পৰ্ট্ৰেইট মুকলি কৰে৷

এই অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকয়া নাইডু, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ শ্ৰীমতী সুমিত্ৰা মহাজন আৰু বিভিন্ন প্ৰতিনিধিও উপস্থিত আছিল৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অটল বিহাৰী বাজপেয়ীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে অটলজীয়ে সদায়েই সংসদৰ চেণ্ট্ৰেল হলত থাকি আমাক উৎসাহিত তথা আশীৰ্বাদ প্ৰদান কৰিব৷ অটলজীৰ ব্যক্তিত্ব আৰু মানৱীয় দিশক স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অটলজীৰ গুণসমূহৰ কথা কবলৈ গলে ঘণ্টাৰ পিছত ঘণ্টা সময়ৰ প্ৰয়োজন হব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে অটল বিহাৰী বাজপেয়ীজীয়ে তেওঁৰ ৰাজনৈতিক কেৰিয়াৰৰ অধিকাংশ সময়েই বিৰোধীৰ ভূমিকাত নিৰ্বাহ কৰিছিল যদিও ৰাজহুৱা স্বাৰ্থজড়িত বিষয়সমূহত সদায়েই মাত মাতিছিল আৰু কেতিয়াও আদৰ্শৰ পৰা বিচ্যুত হোৱা নাছিল৷

অটলজীৰ যোগাযোগ দক্ষতাক অসমান্তৰাল বুলি আখ্যা দি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ উচ্চ ৰসিকতাবোধকো প্ৰশংসা কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বাজপেয়ীজীৰ নীৰৱতা তেওঁৰ ভাষণৰ সমানেই শক্তিশালী আছিল৷ ‘‘কেতিয়া কথা কব লাগে আৰু কেতিয়া নীৰৱ হব লাগে সেয়াই আছিল তেওঁৰ এক আকৰ্ষণীয় গুণ’’, তেওঁ এইদৰে কয়৷

অটল বিহাৰী বাজপেয়ীজীৰ আখ্যানৰ বিষয়ে মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আমি তেওঁৰ পৰা এক গুৰুত্বপূৰ্ণ বাৰ্তা পাব পাৰো যে গণতন্ত্ৰত ৰাজনৈতিক প্ৰতিদ্বন্ধীৰ বাহিৰে অন্য কোনো শত্ৰু নাই৷

*****

AKT/AK/KP/MANN