পি এম ইণ্ডিয়া

সকলোলৈকে অভিনন্দন!
২০২০ চনৰ এয়া হৈছে প্ৰথমখন অধিৱেশন। আনকি এই অধিৱেশন এই দশকটোৰো প্ৰথমখন অধিৱেশন। আমি এই অধিৱেশনখনক এই দশকটোৰ এক উজ্জ্বল ভৱিষ্যতৰ বাবে এক শক্তিশালী ভেটিত পৰিণত কৰাৰ বাবে চেষ্টা কৰা উচিত। আজি সন্মানীয় ৰাষ্ট্ৰপতি মহোদয়ে সংসদত ভাষণ প্ৰদান কৰিব আৰু তাৰ পৰৱৰ্তী দিনাই, অৰ্থাৎ কালি সংসদত দাখিল কৰা হ’ব বছৰটোৰ বাজেট। আহক, এই অধিৱেশনত আমি যথাসম্ভৱ সৰ্বাধিক পৰিমাণে অৰ্থনৈতিক সমস্যাসমূহৰ বিষয়ে আলোচনা কৰো আহক আৰু বিশ্বৰ অৰ্থনৈতিক প্ৰেক্ষাপটৰ পৰা ভাৰতে কেনেদৰে লাভ আহৰণ কৰিব পাৰে সেই পথসমূহৰ বিষয়েও আলোচনা কৰো আহক। দেশৰ অৰ্থনৈতিক পৰিক্ৰমাৰ কাৰ্যাৱলী শক্তিশালী কৰাৰ যোগেদি ভাৰতে বৈশ্বিক পৰিস্থিতিৰ সৰ্বোচ্চ লাভালাভ আহৰণ কৰিব লাগে। আমাৰ চৰকাৰখন সমাজৰ নিষ্পেষিত, অনহেলিত শ্ৰেণীৰ লগতে মহিলাসকলৰ সবলীকৰণৰ বাবে জনাজাত। আমি এইটো দশকতো সেইসমূহৰ বিষয়ৰ ওফৰত গুৰুত্ব অব্যাহত ৰাখিম। মই দুয়োটা সদনতেই দেশৰ অৰ্থনৈতিক সমস্যা তথা ৰাইজৰ সবলীকৰণৰ দিশবোৰ আলোচনা কৰিবলৈ ভাল পাম। আৰু আমাৰ আলোচনাৰ মানদণ্ডই অনাগত দিনবোৰত শীৰ্ষ পৰ্যায় পোৱাটো বিচাৰো মই। এই বিশ্বাসেৰেই সকলোকে ধন্যবাদ জনাইছো। নমস্কাৰ!
***
VRRK/KP/IG/MG/AK/RD
Speaking at the start of the Budget Session of Parliament. https://t.co/CIMbUsXOVV
— Narendra Modi (@narendramodi) January 31, 2020