পি এম ইণ্ডিয়া
সংসদৰ বৰ্ষাকালীন অধিবেশনত দেশে সন্মুখীন হোৱা বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত বিস্তৃতভাবে আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে। বিষয়বস্তুৰ গভীৰলৈ গৈ সদনৰ জ্যেষ্ঠ তথা অভিজ্ঞ সাংসদসকলে আগবঢ়োৱা এই আলোচনাই সামগ্ৰিকভাৱে সমগ্ৰ দেশকে উপকৃত কৰিব। সাংসদসকলৰ মানসম্পন্ন পৰামৰ্শসমূহে নীতি যুগুতোৱা কিম্বা সিদ্ধান্ত গ্ৰহণৰ বেলিকা চৰকাৰকো নিশ্চয়কৈ সহায় কৰিব। সকলো দলৰ প্ৰতিনিধিসকলে সদনৰ সময়ৰ সদব্যৱহাৰ কৰাত মনোনিবেশ কৰিব বুলি মই আশাবাদী। সকলোৰে সহযোগিতাৰে সদনৰ কাম-কাজ আগবাঢ়িলে সকলো উদ্বুদ্ধ হব আৰু এয়া ৰাজ্যসমূহৰ বিধানসভাসমূহৰ বাবেও প্ৰেৰণাদায়ক হৈ উঠিব। সকলো ৰাজনৈতিক দলে এয়া সম্ভৱ কৰিবলৈ বদ্ধপৰিকৰ হব বুলি মই এই মুহূৰ্তত আশা কৰিছো। প্ৰতিবাৰেই কৰি অহাৰ দৰে এইবাৰো মই এই আশাকে পুনৰবাৰ প্ৰকট কৰিছো। সদনৰ কাৰ্যক্ৰমণিকা সুচাৰু ৰূপে সম্পন্ন কৰাৰ বাবে আমি সচেষ্ট হোৱাৰ লগতে আমাৰ প্ৰয়াস অব্যাহত ৰাখিবই লাগিব। সদনৰ মজিয়াত যিকোনো দল কিম্বা প্ৰতিনিধিয়ে উত্থাপন কৰা যিকোনো প্ৰসঙ্গত আলোচনা কিম্বা বিতৰ্কত ভাগ লবলৈ চৰকাৰ সদায়ে প্ৰস্তুত। বাৰিষাৰ এই মুহূৰ্তত দেশৰ বহু প্ৰান্তত মুষলধাৰ বৰষুণে বৃহত্ প্ৰত্যাহ্বানৰ সৃষ্টি কৰাৰ বিপৰীতে আন বহু প্ৰান্তক আকৌ বৃষ্টিহীনতাত নিমজ্জিত কৰিছে। মই ভাবো সদনত এনেবোৰ বিষয়ত আলোচনা অনুষ্ঠিত হোৱা উচিত। বহুত বহুত ধন্যবাদ।
*****
I hope the Monsoon Session is a productive one and the time is properly utilised to discuss important matters: PM @narendramodi at the start of the Monsoon Session of the Parliament
— PMO India (@PMOIndia) July 18, 2018
May the productivity of the forthcoming session and the rich levels of debate also become a source of inspiration for the various state assemblies: PM @narendramodi at the start of the Parliament session
— PMO India (@PMOIndia) July 18, 2018
Any member, any party can raise any issue, we are all ready for proper discussions: PM @narendramodi at the start of the Parliament session
— PMO India (@PMOIndia) July 18, 2018