Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সংসদৰ চেণ্ট্ৰেল হলত অনুষ্ঠিত ৰাষ্ট্ৰীয় বিধায়িনী সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণ

সংসদৰ চেণ্ট্ৰেল হলত অনুষ্ঠিত ৰাষ্ট্ৰীয় বিধায়িনী সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণ

সংসদৰ চেণ্ট্ৰেল হলত অনুষ্ঠিত ৰাষ্ট্ৰীয় বিধায়িনী সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণ

সংসদৰ চেণ্ট্ৰেল হলত অনুষ্ঠিত ৰাষ্ট্ৰীয় বিধায়িনী সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদৰ চেণ্ট্ৰেল হলত অনুষ্ঠিত ৰাষ্ট্ৰীয় বিধায়িনী সন্মিলনত ভাষণ আগবঢ়ায়। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয়, “প্ৰতি ৰাজ্যৰে কেইখনমানহে এনে জিলা আছে, য’ত উন্নয়নৰ মাপকাঠি অতি শক্তিশালী। আমি সেইবোৰৰ শিকিব পাৰো আৰু তুলনামুলকভাৱে পিছপৰা জিলাসমূহত সেই অনুসৰি কাম কৰিব পাৰো।”

এখন দেশৰ বাবে প্ৰতিযোগিতা আৰু সহযোগিতামুলক যুক্তৰাষ্ট্ৰৰ মনোভাৱ থকাটো অতি উত্তম দিশ।

জনতাৰ অংশগ্ৰহণে সদায়েই সহায় কৰে। যদিহে জনতাৰ সৈতে চৰকাৰী কাম-কাজ কৰিব পাৰে তথা তেওঁলোকক উন্নয়নমুলক ব্যৱস্থাৰ সৈতে জড়িত কৰিব পাৰে, তেনেহ’লে ইয়াৰ ফলাফল স্বাভাৱিকতে পৰিৱৰ্তনশীল হ’ব।

পিছপৰা জিলাসমূহৰ উন্নয়নৰ প্ৰয়োজনীয় ক্ষেত্ৰসমূহ চিনাক্ত কৰি সেই অনুসৰি ইয়াৰ ভুল-ত্ৰুটিসমূহ মোকাবিলা কৰিব লাগিব।

এবাৰ আমি জিলাসমূহৰ এটি দিশ পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত ল’লে, আমি অন্যান্য ত্ৰুটিসমূহৰ বিপৰীতে কাম কৰাৰ বাবে গতি পাম।

আমাৰ মানৱ সম্পদ, দক্ষতা আৰু সম্পদ সকলো আছে। আমি সকলোৱে এক অভিযান হিচাপে লৈ কাম কৰাৰ লগতে ইতিবাচক পৰিৱৰ্তন আনিব লাগিব। আমাৰ লক্ষ্য হৈছে সমাজত ন্যায় প্ৰতিষ্ঠা কৰা।

আমি পৰিৱৰ্তনকামী জিলাসমূহত কাম কৰি ভাৰতৰ মানৱ উন্নয়ন সূচকাংক উন্নত কৰিব পাৰিম।

এই বিধায়িনী সন্মিলন হৈছে অধ্যক্ষা সুমিত্ৰা মহাজন ডাঙৰীয়ানিয়ে লোৱা এক প্ৰশংসনীয় পদক্ষেপ। বিভিন্ন ৰাজ্যৰ সাংসদসকলৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়ৰ সন্দৰ্ভত একেলগে আলোচনা কৰাৰ এয়া অতি সুন্দৰ প্ৰচেষ্টা।”

***

AKT/AP/DB