Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সংসদৰ বাজেট অধিবেশনৰ পূৰ্বে সংবাদ মাধ্যমৰ সন্মুখত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা বিবৃতিৰ লিখিত ৰূপ


বিগত অধিবেশনত দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ সত্ত্বেও তিনি তালাক বিধেয়ক সংসদত আমি গৃহীত কৰিব নোৱাৰিলো৷ মই আশা ৰাখিছো আৰু দেশৰ সকলো ৰাজনৈতিক দলক বিনম্ৰতাৰে আহ্বান জনাইছো যাতে মহিলাৰ বিশেষকৈ মুছলিম মহিলাৰ অধিকাৰ নিশ্চিত কৰা তিনি তালাক বিধেয়কখন এই অধিৱেশনত আমি গৃহীত কৰিব পাৰো আৰু ২০১৮ৰ নতুন বছৰত আমাৰ মুছলিম মহিলাসকলক আমি এক সুন্দৰ উপহাৰ দিব পাৰো৷

বাজেট অধিৱেশন অত্যন্ত গুৰু্ত্বপূৰ্ণ হ’ব৷ সমগ্ৰ বিশ্ব এতিয়া ভাৰতৰ অৰ্থব্যৱস্থাৰ প্ৰতি গভীৰ আশাবাদী৷ ভাৰতৰ উত্থান আৰু প্ৰগতিক লৈ বিশ্বৰ সকলো ক্ৰেডিট ৰেটিং এজেন্সি, বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে যথেষ্ট ইতিবাচক মন্তব্য আগবঢ়াইছে৷ তীব্ৰ গতিৰে আগুৱাই থকা দেশৰ অৰ্থব্যৱস্থাক এই বাজেটে এক নতুন শক্তি দিব, দেশৰ সৰু-বৰ সকলো নাগৰিকৰ আশা-আকাংক্ষা পূৰণ কৰিব৷ বাজেটৰ পাছত এমাহ ধৰি ভিন্ন ভিন্ন কমিটিৰ মাজত বাজেটক লৈ বিশদ আলোচনা হ’ব৷ মোৰ অনুভৱ এয়া যে সেই কমিটিত দলতকৈ দেশ উৰ্ধত থাকে৷ সকলো দলৰ লোক আনকি শাসনাধিষ্ঠিত দলৰ লোকেও বাজেটৰ দূৰ্বলতাসমূহ উনুকিয়ায় দিয়ে৷ এক প্ৰকাৰে ইয়াত এক সুন্দৰ ইতিবাচক পৰিৱেশ বিৰাজ কৰে৷

কালি যেতিয়া সৰ্বদলীয় বৈঠক হৈছিল, তেতিয়া মই উত্থাপন কৰিছিলো যে দেশৰ সাধাৰণ নাগৰিকে যাতে বাজেটৰ পৰা সৰ্বাধিক উপকৃত হয়, সেয়া আমি নিশ্চিত কৰা উচিত৷ দলিত,পীড়িত, শোষিত, বঞ্চিত—সকলোৱে কেনেকৈ বাজেটৰ পৰা উপকৃত হ’ব? কৃষক, শ্ৰমিক কিদৰে ইয়াৰ পৰা লাভান্বিত হ’ব—ইয়াক লৈ আমি ব্যাপক চিন্তন কৰা উচিত, সকলোৱে ইতিবাচক দিহা-পৰামৰ্শ দিয়ক আৰু এক ৰোডমেপ তৈয়াৰ কৰি আমি আগবাঢ়ো৷

বহুত বহুত ধন্যবাদ৷

*****

AKT/AK/Tara/MS