Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সংসদৰ শীতকালীন অধিবেশৰ আৰম্ভ হোৱাৰ প্ৰাকমুহূৰ্তত সংসদ ভৱনৰ বাহিৰত সংবাদ মাধ্যমক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে দিয়া বিবৃতিৰ লিখিত ৰূপ

সংসদৰ শীতকালীন অধিবেশৰ আৰম্ভ হোৱাৰ প্ৰাকমুহূৰ্তত সংসদ ভৱনৰ বাহিৰত সংবাদ মাধ্যমক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে দিয়া বিবৃতিৰ লিখিত ৰূপ


সুপ্ৰভাত বন্ধুসকল,

সাধাৰণতে দীপাৱলীৰ সমান্তৰালভাৱে শীতকাল আৰম্ভ হৈ যায়। কিন্তু গোলকীয় উষ্ণতা, জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ এনে হৈছে যে এতিয়াও ইমান ঠাণ্ডা অনুভৱেই হোৱা নাই। আমাৰ শীতকালীন অধিৱেশন আজিৰে পৰা আৰম্ভ হ’ব আৰু মোৰ বিশ্বাস যে ২০১৭ত আৰম্ভ হোৱা এই শীতকালীন অধিৱেশন, যিখন ২০১৮লৈকে চলি থাকিব আৰু ভৱিষ্যতে ফল দিবলগীয়া কেতবোৰ গুৰুত্বপূৰ্ণ কাম-কাজ চৰকাৰে সদনত উত্থাপন কৰিব।

সুস্থ বিতৰ্ক হওঁক, ইতিবাচক বিতৰ্ক হওঁক, অভিনৱ পৰামৰ্শৰ বিতৰ্ক হওঁক, যাতে সংসদৰ সময়বোৰ দেশৰ বাবে অধিক ফলপ্ৰসূ হয়। কালিৰ আমাৰ সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈছিল, তাতো এয়াই আহ্বান আছিল যে দেশখনক আগুৱাই নিয়াৰ বাবে এই সদনৰ অধিৱেশনক ইতিবাচক দিশত ব্যৱহাৰ কৰিব বুলি মোৰ বিশ্বাস।

মই আশা কৰোঁ যে ইতিবাচকভাৱে সদনৰ অধিৱেশন চলিব, দেশ লাভান্বিত হ’ব, গণতন্ত্ৰ শক্তিশালী হ’ব, সমাজৰ সাধাৰণ শ্ৰেণীৰ লোকসকলৰ আশা, আকাংক্ষাক পুৰ্ণ কৰিব পৰা এক নতুন বিশ্বাস জন্মিব।

বহুত বহুত ধন্যবাদ।

***

অতুল তিৱাৰী/হিমাংশু সিং/দিগন্ত বৈৰাগী