Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সংসদ ভৱন চৌহদত ডাইনেমিক আলোকসজ্জাৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে


ভাৰতে স্বাধীনতা দিৱসৰ বাবে চলোৱা প্ৰস্তুতিৰ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ৰ ১৩ আগষ্ট, মঙলবাৰে সন্ধিয়া সংসদ ভৱন চৌহদত ডাইনেমিক আলোকসজ্জা উদ্বোধন কৰে৷ প্ৰধানমন্ত্ৰীয়ে লগতে কিছু সময় সেই আলোকসজ্জা প্ৰত্যক্ষ কৰে৷ চৰকাৰৰ গুৰুত্বপূৰ্ণ ভৱন যেনে-নৰ্থ ব্লক, ছাউথ ব্লক আৰু ৰাষ্ট্ৰপতি ভৱনত এই আলোকসজ্জাৰ ব্যৱস্থা কৰা হৈছে৷ এই আলোকসজ্জা নাগৰিকসকলৰ মাজত জনপ্ৰিয় হোৱাৰ লগতে ই দিল্লীৰ হাৰ্টসদৃশ অঞ্চলসমূহ পৰিদৰ্শনৰ বাবে জনসাধাৰণক উৎসাহিত কৰিছে৷

*******

VRRK/VJ/SBP/DB