পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত সকলো ধৰণৰ সন্ত্ৰাসবাদ আৰু সংগঠিত অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ লক্ষ্যৰে ভাৰত আৰু ৰাছিয়াৰ মাজত প্ৰস্তাৱিত চুক্তি স্বাক্ষৰত অনুমোদন জনোৱা হয়।
অহা ২৭-২৯ নৱেম্বৰ, ২০১৭ত গৃহমন্ত্ৰীৰ নেতৃত্বত ভাৰতীয় প্ৰতিনিধি দলৰ ৰাছিয়া ভ্ৰমণৰ সময়ত এই চুক্তি স্বাক্ষৰ কৰা হ’ব।
পটভূমিঃ
ভাৰত আৰু ৰাছিয়াৰ মাজত পাৰস্পৰিক স্বাৰ্থজড়িত আন্তঃৰাষ্টীয় দিশত এক দীৰ্ঘদিনীয়া ঐতিহাসিক সহযোগিতা আছে। সমগ্ৰ বিশ্বজুৰি গা-কৰি উঠা সন্ত্ৰাসবাদ আৰু সংগঠিত অপৰাধৰ পৰিপেক্ষিতত দেশসমূহে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিবলৈ সহযোগিতাৰে কাম কৰাটো অতি জৰুৰী হৈ পৰিছে। এই প্ৰস্তাৱিত চুক্তিখন নিৰাপত্তা তথা অন্যান্য ভাবুকি সৃষ্টিকাৰী দিশত সহযোগিতাৰে যুঁজ দিয়াৰ বাবে ১৯৯৩ চনৰ অক্টোবৰত স্বাক্ষৰিত চুক্তিৰ বিকল্প হিচাপে গ্ৰাহ্য হ’ব। ইয়াৰ দ্বাৰা দুয়োখন দেশে সন্ত্ৰাসবাদ ৰোধৰ সৈতে জড়িত বিভিন্ন তথ্য বিনিময়, উন্নত অনুশীলনৰ ব্যৱ্স্থা কৰিব পাৰিব।
*****
AKT/VBA/SH/DB