পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি “সবকা সাথ, সবকা বিকাশ-জনসাধাৰণৰ আকাংক্ষা পূৰণ” শীৰ্ষক বিষয়ত গুৰুত্ব আৰোপ কৰি বাজেট-পৰৱৰ্তী ৱেবিনাৰৰ এক শৃংখলাৰ চতুৰ্থটো ভাষণ দিয়ে। এই লক্ষ্যসমূহত উপনীত হোৱাৰ বাবে শিক্ষা, দক্ষতা, স্বাস্থ্য, পৰ্যটন, ক্ৰীড়া আৰু সংস্কৃতি খণ্ডসমূহ প্ৰাথমিক বাহন বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে বিশেষজ্ঞ আৰু নীতি নিৰ্ধাৰকসকলক বাজেট ঘোষণাৰ ফলপ্ৰসূ ৰূপায়ণৰ সম্পৰ্কত আলোচনা কৰিবলৈ আদৰণি জনায়। “জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰাটো কেৱল এটা বিষয় নহয়; ই হৈছে এই বাজেটৰ মূল উদ্দেশ্য আৰু এই চৰকাৰৰ সংকল্প”, শ্ৰী মোদীয়ে কয়।
প্ৰতিৰোধমূলক আৰু সামগ্ৰিক স্বাস্থ্যৰ দৃষ্টিভংগীত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে স্বাস্থ্য আন্তঃগাঁথনিৰ দ্ৰুত সৃষ্টি তথা যোগ আৰু আয়ুৰ্বেদৰ বিশ্বজুৰি জনপ্ৰিয়তাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কেইবাশ জিলাত চিকিৎসা মহাবিদ্যালয় খোলা হৈছে; আয়ুষ্মান ভাৰত আঁচনি আৰু আৰোগ্য মন্দিৰৰ জৰিয়তে স্বাস্থ্যসেৱাৰ সুবিধা সম্প্ৰসাৰণ কৰা হৈছে। শ্ৰী মোদীয়ে বিশেষকৈ উদীয়মান ‘যত্ন অৰ্থনীতি’ আৰু বিশ্বজুৰি যত্ন লোৱাসকলৰ বৰ্ধিত চাহিদাৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰি বিশেষজ্ঞসকলক যুৱক-যুৱতীসকলক সবলীকৰণৰ বাবে প্ৰশিক্ষণৰ নতুন আৰ্হি বিকাশ ঘটাবলৈ আহ্বান জনায়। “মই এই ৱেবিনাৰত উপস্থিত স্বাস্থ্য খণ্ডৰ বিশেষজ্ঞসকলক প্ৰশিক্ষণৰ নতুন আৰ্হি আৰু অংশীদাৰিত্ব বিকশিত কৰাৰ বাবে পৰামৰ্শ দিবলৈ অনুৰোধ কৰিম যাতে দেশত প্ৰশিক্ষণ পৰিৱেশতন্ত্ৰ আৰু অধিক শক্তিশালী হ’ব পাৰে”, শ্ৰী মোদীয়ে কয়।
স্বাস্থসেৱাৰ ক্ষেত্ৰত ডিজিটেল পৰিৱৰ্তনৰ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে দুৰ্গম অঞ্চল ঢুকি পোৱাত টেলি-মেডিচিনৰ সাফল্যৰ বিষয়ে কয়। ইয়াৰ বিকাশৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ব্যৱহাৰকাৰীৰ অভিজ্ঞতা অধিক সৰল কৰা আৰু অধিক জনসচেতনতা গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। “মই বিশ্বাস কৰোঁ যে এতিয়াও টেলি-মেডিচিনত সজাগতা আৰু ব্যৱহাৰৰ সহজতা বৃদ্ধি কৰাৰ প্ৰয়োজন আছে”, শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।
প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ যুৱক-যুৱতীসকলৰ পৰিৱৰ্তিত মানসিকতাক দেশৰ সৰ্বশ্ৰেষ্ঠ শক্তি হিচাপে প্ৰশংসা কৰে আৰু এই দৃষ্টিভংগীৰ সৈতে খাপ খোৱা শিক্ষা ব্যৱস্থাৰ বাবে আহ্বান জনায়। শ্ৰী মোদীয়ে উল্লেখ কৰে যে দেশত শিক্ষা ব্যৱস্থাক নিযুক্তি আৰু উদ্যোগৰ সৈতে সংযোগ কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই থকা হৈছে। প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে নতুন শিক্ষা নীতিয়ে এনে এক পাঠ্যক্ৰমৰ ভেটি প্ৰদান কৰে যি বজাৰৰ চাহিদা আৰু বাস্তৱ-বিশ্বৰ অৰ্থনীতিৰ সৈতে সংগতি ৰাখিব লাগিব, বিশেষকৈ এআই, স্বয়ংক্ৰীয়কৰণ আৰু ডিজিটেল অৰ্থনীতিৰ দৰে ক্ষেত্ৰত। “আমি আমাৰ শিক্ষা ব্যৱস্থাটোক বাস্তৱ-বিশ্বৰ অৰ্থনীতিৰ সৈতে সংযোগ কৰাৰ প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিব লাগিব”, শ্ৰী মোদীয়ে উল্লেখ কৰে।
শিক্ষা, নিযুক্তি আৰু উদ্যোগৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰি প্ৰধানমন্ত্ৰীয়ে এ ভি জি চি (এনিমেচন, ভিজুৱেল এফেক্টছ, গেমিং, আৰু কমিক্স) খণ্ড প্ৰচাৰৰ বিষয়ে উল্লেখ কৰে। ভাৰত এক উদ্ভাৱন-চালিত অৰ্থনীতিৰ দিশে আগবাঢ়িছে বুলি দৃঢ়তাৰে মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে শিক্ষা প্ৰতিষ্ঠানসমূহক তেওঁলোকৰ চৌহদক উদ্যোগৰ সহযোগিতা আৰু গৱেষণা-চালিত শিক্ষাৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনায় যাতে শিক্ষাৰ্থীসকলক প্ৰয়োজনীয় বাস্তৱ-জগতৰ অভিজ্ঞতা প্ৰদান কৰিব পাৰি। “মই এই ৱেবিনাৰত আপোনালোকক অনুৰোধ কৰিম-আপোনালোকৰ চৌহদক উদ্যোগৰ সহযোগিতা আৰু গৱেষণা-চালিত শিক্ষাৰ কেন্দ্ৰ হিচাপে বিকশিত কৰাৰ বাবে এক চিন্তা-চৰ্চা হ’ব লাগিব”, শ্ৰী মোদীয়ে মন্তব্য কৰে।
প্ৰধানমন্ত্ৰীয়ে এছ টি ই এম ক্ষেত্ৰত মহিলাৰ বৰ্ধিত সংখ্যাত গৌৰৱ প্ৰকাশ কৰে আৰু ভৱিষ্যতৰ প্ৰযুক্তিত কন্যাৰ বাবে সমান সুযোগ নিশ্চিত কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে। যুৱ গৱেষকসকলক বাধা নোহোৱাকৈ উদ্ভাৱন আৰু পৰীক্ষা-নিৰীক্ষা কৰিবলৈ উৎসাহিত কৰা এক শক্তিশালী গৱেষণা পৰিৱেশ তন্ত্ৰৰ বাবে আহ্বান জনাই শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয়, “আমি এনে এক গৱেষণা পৰিৱেশতন্ত্ৰ সৃষ্টি কৰিব লাগিব য’ত যুৱ গৱেষকসকলে নতুন ধাৰণাৰ ওপৰত পৰীক্ষা-নিৰীক্ষা আৰু কাম কৰাৰ সম্পূৰ্ণ সুযোগ পাব।”
ক্ৰীড়াৰ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এক সুস্থ আৰু শৃঙ্খলাবদ্ধ যুৱ জনসংখ্যা হৈছে ৰাষ্ট্ৰীয় শক্তিৰ মেৰুদণ্ড। তেওঁ ‘খেলো ইণ্ডিয়া’ৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰে আৰু আনকি সৰু চহৰ আৰু অঞ্চলৰ পৰাও প্ৰতিভা চিনাক্ত কৰা, ক্ৰীড়া সংস্থাসমূহক পেছাদাৰী কৰা আৰু কমনৱেলথ গেমছ আৰু অলিম্পিকৰ দৰে আগন্তুক প্ৰতিযোগিতাৰ বাবে প্ৰস্তুত হ’বলৈ খেলুৱৈসকলৰ বাবে বিত্তীয় সহায়তাৰ গাঁথনি উন্নত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। “এনে পৰিস্থিতিত আমি আজি যুৱ খেলুৱৈসকলক চিনাক্ত আৰু প্ৰস্তুত কৰিব লাগিব, তেতিয়াহে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতৰ পতাকা ওপৰলৈ উৰিব”, শ্ৰী মোদীয়ে মন্তব্য কৰে।
কৰ্মসংস্থাপন বৃদ্ধিৰ বাবে পৰ্যটন আৰু সংস্কৃতিৰ সম্ভাৱনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে পৰম্পৰাগত স্থানসমূহৰ বাহিৰেও নতুন গন্তব্যস্থানৰ বিকাশে চহৰ এখনৰ ব্ৰেণ্ডিং আৰু সামগ্ৰিক উন্নয়ন বৃদ্ধি কৰে। শ্ৰী মোদীয়ে অংশীদাৰসকলক দক্ষতা, সংযোগ আৰু সামূহিক অংশগ্ৰহণৰ সৈতে জড়িত এক সামগ্ৰিক দৃষ্টিভংগীত গুৰুত্ব দিবলৈ আহ্বান জনায়। “এতিয়া আমি দেশত পৰ্যটনস্থলীসমূহৰ নতুনকৈ বিকাশ ঘটোৱাত গুৰুত্ব দিছো”, প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।
প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয়, “প্ৰশিক্ষিত গাইড, আতিথ্য দক্ষতা, ডিজিটেল সংযোগ, আৰু সামূহিক অংশগ্ৰহণ আমাৰ পৰ্যটন খণ্ডৰ স্তম্ভ হৈ পৰিছে। ইয়াৰ লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু বহনক্ষম অনুশীলনবোৰ অত্যাৱশ্যকীয়। আমি গোলকীয় গন্তব্যস্থান হিচাপে ভাৰতৰ অৱস্থান শক্তিশালী কৰিবলৈ একেলগে কাম কৰাৰ বাবে পৰ্যটন আৰু আনুষংগিক ক্ষেত্ৰসমূহৰ ওপৰত আপোনালোকৰ পৰামৰ্শসমূহ অতি গুৰুত্বপূৰ্ণ হ’ব।”
সামৰণিত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় প্ৰগতি ত্বৰান্বিত কৰিবলৈ প্ৰতিষ্ঠান, উদ্যোগ আৰু শিক্ষাৰ মাজত সমন্বয়ত গুৰুত্ব আৰোপ কৰি এই আলোচনাসমূহে ভৱিষ্যতৰ বাবে এক দৃঢ় ৰূপৰেখা প্ৰদান কৰিব আৰু উন্নত ভাৰতৰ ভেটি সুদৃঢ় কৰিব বুলি আস্থা প্ৰকাশ কৰে। “এনে প্ৰচেষ্টাৰ জৰিয়তে উন্নত ভাৰতৰ ভেটি অধিক শক্তিশালী হ’ব”, প্ৰধানমন্ত্ৰীয়ে সামৰণি মাৰি কয়।
Addressing a post-budget webinar on “Sabka Saath Sabka Vikas-Fulfilling Aspirations of People.”
https://t.co/w1WpTLZ3gZ— Narendra Modi (@narendramodi) March 9, 2026
****
MJPS/PRK/HS
Addressing a post-budget webinar on “Sabka Saath Sabka Vikas-Fulfilling Aspirations of People.”
— Narendra Modi (@narendramodi) March 9, 2026
https://t.co/w1WpTLZ3gZ
भारत आज preventive और holistic health के विज़न पर काम कर रहा है।
— PMO India (@PMOIndia) March 9, 2026
पिछले कुछ वर्षों में देश का health infrastructure मजबूत हुआ है... सैकड़ों जिलों में medical college खुल गए हैं... आयुष्मान भारत योजना, आरोग्य मंदिरों के माध्यम से स्वास्थ्य सेवाओं की पहुंच गांवगांव तक बढ़ाई गई है।…
हमें हमारे education system को real world economy से जोड़ने की प्रक्रिया और तेज करनी होगी... AI और automation, Digital economy और design driven manufacturing… ऐसे विषयों पर हमें फोकस और बढ़ाना होगा: PM @narendramodi
— PMO India (@PMOIndia) March 9, 2026
भारत innovation driven economy की ओर बढ़ रहा है: PM @narendramodi
— PMO India (@PMOIndia) March 9, 2026
आज जब हम futuristic technologies के लिए तैयार हो रहे हैं... तो बहुत जरूरी है कि कोई भी बेटी, अवसरों के अभाव में रुक न जाए: PM @narendramodi
— PMO India (@PMOIndia) March 9, 2026
पिछले कुछ वर्षों में खेलों को राष्ट्रीय विकास की एक महत्वपूर्ण धारा के रूप में देखा गया है।
— PMO India (@PMOIndia) March 9, 2026
खेलो इंडिया जैसी पहलों ने देश में sports ecosystem को नई ऊर्जा दी है।
देशभर में sports infrastructure को मजबूत किया जा रहा है: PM @narendramodi