পি এম ইণ্ডিয়া
নমস্কাৰ৷
আপোনালোকে আজি ইমান বৃহৎ সংখ্যাত মোক আশীৰ্বাদ দিবলৈ আহিছে, দূৰ দূৰণিৰ গাঁৱৰ পৰা আজি কোটি কোটি মাতৃ-ভগ্নীসকলে মোক আশীৰ্বাদ দিছে৷ কোন এনেকুৱা আছে যি এটা সৌভাগ্যৰ কাৰণত শক্তি প্ৰাপ্ত কৰা নাই অথবা কাম কৰাৰ সাহস পোৱা নাই৷ এয়া আপোনালোকেই যাৰ আশীৰ্বাদ, যাৰ প্ৰেমে মোক দেশৰ বাবে কিবা এটা কৰিবলৈ সদায়েই শক্তি প্ৰদান কৰে৷ আপোনালোক সকলো মনৰ সংকল্পৰ ধনী৷ উদ্যমশীলতাৰ বাবে সমৰ্পিত৷ আৰু আপোনালোকে দলীয় ৰূপত কিদৰে কাম কৰা যায়, কিদৰে সামূহিক প্ৰয়াস কৰা যায় সেয়া আপোনালোকে জানে৷ মই বুজোঁ যে বিশ্বৰ বৃহৎ বৃহৎ বিশ্ববিদ্যালয়ক মোৰ ভাৰতৰ দুখীয়া মাতৃ-ভগ্নীসকল, যিসকলৰ কম সংখ্যকেহে পঢ়িবলৈ সুযোগ পাইছে, কিন্তু তেওঁলোকে দলীয় সংকল্প বুজি পায়, মিলি জুলি কিদৰে কাম কৰিব পাৰি, কামৰ আৱণ্টন কিদৰে কৰিব পাৰি এই সকলোবোৰ জানে৷
মহিলা সশক্তিকৰণৰ যেতিয়া কথা কোৱা হয় তেতিয়া সকলোতকৈ অধিক মহত্বপূৰ্ণ আৱশ্যকতা হয়, মহিলাসকলে যাতে নিজৰ শক্তি, নিজৰ যোগ্যতা, নিজৰ পাৰদৰ্শিতা চিনাক্ত কৰাৰ অৱকাশ পায়৷ মহিলাসকলক একো শিকোৱাৰ প্ৰয়োজন নাই৷ তেওঁলোকৰ ভিতৰতো বহু কথা থাকে৷ কিন্তু তেওঁলোকে সুবিধা নাপায়৷ যিদিনাই আমাৰ মাতৃ-ভগ্নীসকলে সুবিধা পায় সিদিনাই অসাধাৰণ প্ৰদৰ্শন কৰি দেখুৱায়, সকলো বাধা অতিক্ৰম কৰি দেখুৱায়৷ আৰু মহিলাসকলৰ শক্তি চাওক, ৰাতিপুৱাৰ পৰা ৰাতিলৈ তেওঁলোকে কি কি নকৰে, সময় ব্যৱস্থপনা কিদৰে চম্ভালে, নিজৰ পৰিয়ালৰ গাঁও, সমাজক পৰিৱৰ্তন কৰিবলৈ তেওঁ যি যি পাৰে সকলো কৰে, সদায়েই কৰে৷ আমাৰ দেশ মহিলাসকলৰ মাজত এয়া সামৰ্থ আছে আৰু সাফল্যৰ বাবে তেওঁলোকৰ যিকোনো অতিক্ৰম কৰাৰো শক্তি আছে, সংঘৰ্ষ কৰাৰ শক্তি আছে৷ যেতিয়াই মহিলাৰ আৰ্থিক সামৰ্থৰ নিৰ্ভৰশীলতা বৃদ্ধি হয় তেতিয়াই মহিলাসকলৰ সৱলীকৰণো হয়৷ যিদিনাই মহিলাসকল আৰ্থিক ৰূপত আত্মনিৰ্ভৰশীল হৈ উঠে সিদিনাই তেওঁ শক্তিশালী হৈ উঠে, পৰিয়ালতো শক্তিশালী হৈ উঠে৷ সন্তানকো এয়া ক’ব পাৰে যে এয়া কৰা, সেইটো নকৰিবা, স্বামীকো এয়া ক’ব পাৰে যে এইটো কৰক, সেইটো নকৰিব৷ আৰু সেইবাবে মহিলাসকল আৰ্থিক ৰূপত স্বতন্ত্ৰ হোৱাৰ জৰিয়তে অংশীদাৰীত্ব বৃদ্ধি কৰাৰ এক বৃহৎ কাৰক হিচাপে বিবেচিত হয়৷ আৰু সেইবাবে আমি এয়া প্ৰয়াস কৰিব লাগে৷ মহিলাসকলৰ যেতিয়া আৰ্থিক সামৰ্থ বৃদ্ধি হয়, তেওঁৰ সামাজিক জীৱনত যি কুৰীতিসমূহ আছে, তাতেও প্ৰভাৱ পৰে৷ যেতিয়া মহিলাসকল আৰ্থিকভাৱে শক্তিশালী হয়, কেতিয়াবা সমাজৰ বেয়াসমূহ আৰু কেতিয়াবা তেওঁ সেই সমাজৰ বেয়াসমূহৰ সৈতে মধ্যস্থতা কৰিবলগীয়া হয়, মূৰ তল কৰিবলগীয়া হয়, নিবিচৰা স্বত্বেও সেই বেয়াসমূহ স্বীকাৰ কৰিবলগীয়া হয়, তেতিয়া তেওঁ সেই সমাজৰ কুৰীতিসমূহৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত হয়৷ যিকোনো ক্ষেত্ৰতে আজি আপোনালোকে কাম কৰা মহিলাৰ সংখ্যা কম দেখিবলৈ পাব৷ কোনোবাই কল্পনা কৰিব পাৰে নে যে আমাৰ মাতৃ-ভগ্নীসকলৰ অবিহনে পশুপালনৰ কাম হ’ব পাৰে, কোনোবাই কল্পনা কৰিব পাৰে নে আমাৰ মাতৃ-ভগ্নীসকলৰ অবিহনে কৃষিৰ কাম-কাজ সম্পন্ন হ’ব পাৰে৷ বহু কম মানুহে জানে, গাঁৱলৈ গৈ প্ৰত্যক্ষ কৰিলে গম পাব যে আমাৰ মাতৃ-ভগ্নীসকলে খেতি পথাৰৰ কিমান ডাঙৰ কামবোৰ কৰে৷ পশুপালন আৰু দেশত যি গাখীৰৰ উৎপাদন হয় তাত এশ শতাংশই আমাৰ মাতৃ-ভগ্নীসকলৰ যোগদান আছে৷ পশুপালনত কৰা পৰিশ্ৰমৰ পৰিণামস্বৰূপে আমাৰ মাতৃ-ভগ্নীসকলে বিশেষকৈ গ্ৰামাঞ্চলত যিসকলে বাস কৰে তেওঁলোকৰ উদ্যমৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ গাঁৱে-গাঁৱে সামূহিক উদ্যমৰ ক্লাষ্টাৰ বিকশিত কৰাৰ বাবে অৱকাশ প্ৰাপ্ত হৈছে আৰু এয়া অধিকভাৱে প্ৰাপ্ত হ’বলৈ ধৰিছে৷ এই প্ৰয়াসক গতি প্ৰদান কৰা হওক, ইয়াৰ পৰিসৰ বৃদ্ধি কৰা হওক যাতে অধিকতম লোকে ইয়াৰ লাভ প্ৰাপ্ত কৰিব পাৰে৷
ভাৰত চৰকাৰৰ দীনদয়াল অন্ত্যোদয়া যোজনা,
ৰাষ্ট্ৰীয় গ্ৰামীণ আজীৱিকা অভিযানে ইয়াক সুনিশ্চিত কৰাৰ বাবে যথেষ্ট প্ৰয়াস কৰি আছে৷ আমাৰ দেশৰ গ্ৰামীণ এলেকাসমূহত ক্ষুদ্ৰ উদ্যমীৰ বাবে, শ্ৰমিকৰ বাবে আত্মসহায়ক গোট, স্বসহায়ক গোট আদিত মই দেখিছোঁ যে তাত মুঠেও পঢ়া-শুনা নকৰা মহিলা থাকে কিন্তু তেওঁলোকে আত্মসহায়ক গোটৰ অৰ্থ বুজি পায় আৰু ইংৰাজীতো কথা ক’ব পাৰে৷ এই শব্দ ইমান গভীৰলৈ গুচি গৈছে৷ কেতিয়াবা স্বসহায়ক গোট বুলি ক’লে তেওঁলোকে চিন্তা কৰে যে মই কি কৈ আছোঁ৷ এয়া ইমান জনপ্ৰিয় হৈ গৈছে৷ এয়া আমাৰ আত্মসহায়ক গোট একপ্ৰকাৰৰে দুখীয়া বিশেষকৈ মহিলাসকলৰ আৰ্থিক উন্নতিৰ আধাৰ স্বৰূপ হৈ উঠিছে৷ এই গোটে মহিলাসকলক সজাগ কৰি তুলিছে৷ তেওঁলোকক আৰ্থিক আৰু সামাজিক প্ৰকাৰে শক্তিশালী কৰি তুলিছে৷ দীনদয়াল অন্ত্যোদয়া যোজনা ৰাষ্ট্ৰীয় গ্ৰামীণ আজীৱিকা অভিযানৰ অধীনত দেশৰ আঢ়ৈ লাখ গাঁও পঞ্চায়তৰ কোটি কোটি গ্ৰামীণ দুখীয়া পৰিয়াললৈ প্ৰেৰণ কৰাৰ প্ৰয়াস কৰা হৈছে, সফল প্ৰয়াস কৰা হৈছে৷ তেওঁলোকক স্থায়ী আজীৱিকাৰ অৱকাশ প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ এই যোজনা সকলো ৰাজ্যতে আৰম্ভ কৰা হৈছে৷ আৰু মই সকলো ৰাজ্য তথা ৰাজ্যসমূহৰ বিষয়াবৰ্গক অভিনন্দন জনাব খোজো৷ যিসকলে এই যোজনা লক্ষাধিক মহিলাৰ ওচৰলৈ নি তেওঁলোকৰ জীৱন উন্নত কৰাৰ কাম কৰিছে৷ আৰু মইতো জিলাভিত্তিত কাম কৰা আমাৰ যি বিষয়া আছে তেওঁলোকক আহ্বান কৰিম যে নিজৰ জিলাত যি এনে কাম হৈ আছে, তেওঁলোকৰ যি আৱেগিক কাহিনী আছে, সেইসমূহক লৈ কিতাপ লিখা প্ৰয়োজন৷ সেয়া চৰকাৰী তথ্য হ’ব এনে নহয়, আপুনি দেখিব, সেই বিষয়া তথা তেওঁৰ পৰিয়ালেও আনন্দ পাব যে কি অদ্ভুত কাম হৈ আছে৷ আপুনি জানি আচৰিত হ’ব যে এই পৰ্যন্ত মহিলাসকলৰ প্ৰায় ৪৫ লাখ আত্মসহায়ক গোট নিৰ্মাণ হৈছে য’ত প্ৰায় ৫ কোটি মহিলা সক্ৰিয় ৰূপত কাম কৰি আছে৷ এক প্ৰকাৰে পাঁচ কোটি পৰিয়ালত আৰু এজন উপাৰ্জন কৰা ব্যক্তিৰ উদ্ভৱ হৈছে৷ যাৰ দ্বাৰা উপাৰ্জনৰ এক উৎস সৃষ্টি হৈছে৷ মই আপোনালোকক কিছুমান হিচাপ দিব খোজো৷
২০১১ৰ পৰা ২০১৪ চনলৈ আমাৰ চৰকাৰ গঠন হোৱাৰ পূৰ্বে যদি ২০১১ৰ পৰা ২০১৪লৈ প্ৰগতি হোৱা বুলি ধৰোঁ তেন্তে ৫ লাখ আত্মসহায়ক গোট গঠন হৈছিল৷ আৰু কেৱল ৫০-৫২ লাখ পৰিয়াল এই আত্মসহায়ক গোটৰ সৈতে জড়িত হৈছিল৷ আমাৰ চৰকাৰ গঠন হোৱাৰ পিছত ২০১৪ৰ পৰা ২০১৮ পৰ্যন্ত এই কামক প্ৰাথমিকতা প্ৰদান কৰা হ’ল আৰু বিগত চাৰিটা বৰ্ষত ২০ লাখতকৈও অধিক নতুন আত্মসহায়ক গোট গঠন হ’ল আৰু আঢ়ৈ কোটি পৰিয়াল এই আত্মসহায়ক গোটৰ সৈতে জড়িত হ’ল৷ অৰ্থাৎ পূৰ্বৰ তুলনাত আত্মসহায়ক গোট চাৰিগুণ বৃদ্ধি হ’ল৷ আৰু চাৰিগুণ অধিক পৰিয়াল ইয়াৰ দ্বাৰা লাভান্বিত হ’ল৷ ইয়াৰ দ্বাৰা এয়েই প্ৰদৰ্শিত হৈছে যে এই চৰকাৰৰ কাম কৰাৰ গতি আৰু জনকল্যাণৰ বাবে আমাৰ কিমান প্ৰতিবদ্ধতা আছে, মাতৃসকলৰ সশক্তিকৰণ বাবে আমাৰ কিমান প্ৰাথমিকতা আছে৷ এই যোজনাৰ অধীনত দুখীয়া মহিলাৰ গোটক প্ৰশিক্ষণৰ পৰা বিত্তপোষণ আৰু বিপণনৰ পৰা দক্ষতা প্ৰশিক্ষণ আদি সকলো প্ৰকাৰৰ সুবিধা প্ৰদান কৰা হৈছে৷
কিছু পৰ পূৰ্বে মই কোৱাৰ দৰে দেশৰ বিভিন্ন ক্ষেত্ৰৰ আত্মসহায়ক গোটৰ একোজন সদস্য আজি আমাৰ সৈতে আছে৷ মই পুনৰ বাবে দেশৰ আৰ্থিক বিকাশত সহযোগিতা প্ৰদান কৰা, পৰিয়ালৰ আৰ্থিক জীৱনত অৱদান আগবঢ়োৱা তথা ন ন ধৰণে ন্যূনতম ব্যয়াত কাম কৰা, দল গঠন কৰি কাম কৰা, আনুষ্ঠানিক শিক্ষা থাকক বা নাথাকক, তথাপিও এই ধৰণৰ সফল কাৰ্য কৰা সকলো মাতৃ-ভগ্নীৰ মনৰ কথা শুনিবলৈ ব্যগ্ৰ হৈ পৰিছোঁ৷
চাওক, কিমান পৰিৱৰ্তন আহিছে এওঁলোকৰ জীৱনলৈ৷
আত্মসহায়ক গোটে কিমান গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে৷ ইয়াৰ জীৱন্ত উদাহৰণ আমি দেখিবলৈ পালো৷ আত্মসহায়ক গোটৰ এই নেটৱৰ্ক সমগ্ৰ দেশতে বিয়পি আছে৷ বিভিন্ন ক্ষেত্ৰ আৰু ব্যৱসায়ৰ সৈতে জড়িত আছে৷ চৰকাৰে তেওঁলোকক আগবঢ়াই নিবলৈ প্ৰয়োজনীয় প্ৰশিক্ষণ, আৰ্থিক সহায় আৰু অৱকাশ প্ৰদান কৰিছে৷
আত্মসহায়ক গোটৰ জৰিয়তে মহিলা কৃষক আৰু কৃষিক্ষেত্ৰত ইয়াৰ প্ৰয়োগ কৰা হৈছে৷ ইয়াত মহিলা কৃষক সৱলীকৰণ পৰিযোজনা প্ৰণয়ন কৰা হৈছে যাৰ অধীনত ৩৩ লক্ষাধিক মহিলা কৃষকক প্ৰশিক্ষণ দিয়া হৈছে৷ ইয়াৰ লগতে ২৫ হাজাৰতকৈও অধিক সম্প্ৰদায় আজীৱিকা সম্পদ ব্যক্তি বাচনি কৰা হৈছে যি গাঁও পৰ্যায়ত সকলো সময়তে সমৰ্থন প্ৰদান কৰে৷ আজি যিকোনো ক্ষেত্ৰতেই হওক, বিশেষকৈ কৃষিৰ সৈতে জড়িত ক্ষেত্ৰত মূল্য সংযোজন, মূল্যবৃদ্ধি এয়া অধিক মহত্বপূৰ্ণ হৈ উঠিছে৷ মই সুখী যে আজি দেশৰ কৃষকে মূল্যবৃদ্ধিত মূল্য সংযোজনৰ গুৰুত্ব বুজি পাইছে৷ ইয়াক আঁকোৱালি লৈছে আৰু ইয়াৰ পৰা লাভো প্ৰাপ্ত কৰিছে৷ বহুতো ৰাজ্যত কিছুমান বিশেষ উৎপাদন যেনে মাকৈ, আম, ফুলৰ খেতি, দুগ্ধ আদিৰ বাবে মূল্য শৃংখল আগ্ৰহক আঁকোৱালি লোৱা হৈছে৷ ইয়াৰ বাবে আত্মসহায়ক গোটৰ পৰা দুই লাখ সদস্যৰ সমৰ্থন প্ৰাপ্ত হৈছে৷ অলপতে মই পাটলিপুত্ৰ, বিহাৰৰ অমৃতা দেৱীৰ কথা শুনিলো আৰু জানিলো যে কিদৰে আত্মসহায়ক গোটৰ সৈতে জড়িত হোৱাৰ পিছত দুখীয়া মহিলাৰ জীৱনলৈ, তেওঁলোকৰ পৰিয়াললৈ কিদৰে পৰিৱৰ্তন আহিছে৷ মই বিহাৰৰ কিছু উদাহৰণ আপোনালোকৰ সন্মুখত ব্যক্ত কৰিব খোজো৷ তাত আত্মসহায়ক গোটৰ আঢ়ৈ লাখতকৈও অধিক সদস্যই প্ৰশিক্ষণ প্ৰাপ্ত কৰি উন্নত ধৰণে ধানৰ খেতি কৰি আছে৷ সেইদৰে প্ৰায় দুই লাখ সদস্য নতুন ধৰণে পাচলিৰ খেতি কৰি আছে৷ ইয়াৰোপৰি বিহাৰত লাখৰ সংখ্যাত চুৰী বনোৱাৰ বাবে ক্লাষ্টাৰ স্থাপিত কৰা হৈছে আৰু উৎপাদক গোট প্ৰস্তুত কৰা হৈছে৷ এয়া গৰ্বৰ কথা যে তাত নিৰ্মিত চুৰীৰ ডিজাইন দেশৰ বাহিৰতো প্ৰসিদ্ধ৷ এতিয়া যিদৰে ছট্টিশগড়ৰ মীনা মানঝিয়ে ক’লে যে ইটা নিৰ্মাণৰ দ্বাৰা কিদৰে তেওঁৰ জীৱন বিকশিত হ’ল৷ তাত ইটা বনোৱাৰ বাবে বহুতো ইউনিট স্থাপন কৰা হৈছে৷ প্ৰায় ২০০০টা আত্মসহায়ক গোট ইয়াৰ সৈতে জড়িত হৈ আছে৷ আমি সকলোৱে জানি সুখী হ’ম যে এওঁলোকৰ লাভৰ সংখ্যা কোটিৰ ঘৰ স্পৰ্শ কৰিছে৷ এইদৰে ছট্টিশগড়ৰ ২২খন জিলাত ১২২খন বিহান বাজাৰ আউটলেট নিৰ্মাণ কৰা হৈছে য’ত আত্মসহায়ক গোটৰ ২০০টা ভিন্ন প্ৰকাৰৰ সামগ্ৰী বিক্ৰী কৰা হয়৷
ছট্টিশগড়ৰ সৈতে জড়িত মই মোৰ ব্যক্তিগত অনুভৱ এটা আপোনালোকৰ সৈতে বিনিময় কৰিবলৈ বিচাৰিছোঁ৷ আপোনালোকে বোধহয় টিভিত দেখিছে কিছুদিন পূৰ্বে মই ছট্টিশগড়লৈ গৈছিলো৷ তাত মই ই-ৰিক্সাত ভ্ৰমণ কৰাৰ সুযোগ পালো৷ সেই ই-ৰিক্সা এগৰাকী মহিলাই চলাই আছিল৷ ছট্টিশগড়ৰ সেই এলেকা পূৰ্বতে নক্সালবাদ, মাওবাদ আক্ৰান্ত এলেকা আছিল৷ তালৈ পৰিবহণৰ কোনো সুবিধা নাছিল৷ কিন্তু চৰকাৰে এই সমস্যা দূৰ কৰিবলৈ প্ৰয়াস কৰিলে৷ আৰু এই পৰিণাম স্বৰূপে আজি তাত বহুকেইখন ই-ৰিক্সা চলি আছে৷ দেশত বহু এনে দুৰ্গম এলেকা আছে য’ত পৰিবহণ এতিয়াও এটা সমস্যা হিচাপে বিবেচিত হৈ আছে৷ এই কাৰ্যসূচীত গ্ৰামীণ পৰিয়ালক এই এলেকাসমূহত বাহন ক্ৰয় কৰিবলৈ বিত্ত প্ৰদান কৰা হৈছে৷ ইয়াৰ দ্বাৰা পৰিবহণৰ সুবিধা হোৱাৰ লগতে গ্ৰামীণ পৰিয়ালসকলৰ আয়ৰো এক ভাল উৎস হিচাপে পৰিগণিত হ’ল৷
আমি কিছুদেৰী পূৰ্বে ৰেৱতীৰ কথা শুনিলো আৰু বন্দনাজীৰ কথাও শুনিলো, কিদৰে এই যোজনাৰ অধীনত কৌশল বিকাশ, দক্ষতা প্ৰশিক্ষণৰ দ্বাৰা তেওঁলোকে সুবিধা পালে৷ প্ৰশিক্ষণৰ দ্বাৰা কি পৰিৱৰ্তন আহিল৷ এয়া তাৰেই উদাহৰণ৷ দীনদয়াল অন্ত্যোদয় যোজনাৰ অধীনত গ্ৰামীণ যুৱসম্প্ৰদায়ৰ কৌশল বিকাশত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে৷ যুৱসমাজক নিয়োজন আৰু স্ব-নিয়োজন প্ৰদানৰ বাবে প্ৰশিক্ষণ দিয়া হৈছে যাতে দেশৰ যুৱ সমাজ নিজৰ আশা, আকাংক্ষা অনুসৰি আগবাঢ়িব পাৰে৷ দক্ষতা প্ৰশিক্ষণে জনসাধাৰণৰ নিয়োজনৰ বাবে নতুন অৱকাশৰ সৃষ্টি কৰিছে৷ আৰু জনসাধাৰণৰ জীৱনলৈ ধনাত্মক পৰিৱৰ্তন আহিছে৷ দেশৰ প্ৰত্যেক জিলাত গ্ৰামীণ স্ব-ৰোজগাৰ প্ৰশিক্ষণ সংস্থা স্থাপন কৰা হৈছে যাতে যুৱসমাজে ঘৰৰ কাষতেই প্ৰশিক্ষণৰ সুবিধা প্ৰাপ্ত কৰিব পাৰে৷ ইয়াত গাঁৱৰ যুৱসমাজক আৰ্থিক ক্ৰিয়াকলাপ আৰম্ভ কৰাৰ প্ৰশিক্ষণ দিয়া হয়৷ এই বছৰত মে’ মাহলৈ প্ৰায় ৬০০টা গ্ৰামীণ স্ব-ৰোজগাৰ প্ৰশিক্ষণ সংস্থাই সমগ্ৰ দেশত কাম কৰি আছে৷ ইয়াৰ অধীনত প্ৰায় ২৮ লাখ যুৱক-যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে৷ অলপতে আমি মধ্য প্ৰদেশৰ সুধা বঘেলৰ কথা শুনিলো৷ তেওঁ ছেনিটেৰী নেপকিনৰ পেকেজিঙৰ কাম কৰে৷ মধ্যপ্ৰদেশৰ আৰু এটা উদাহৰণ মই আপোনালোকক কৈছোঁ৷ তাত প্ৰায় ৫০০টা আজীৱিকা নতুন বিপণী মুকলি কৰা হৈছে৷ তাত প্ৰতিবৰ্ষতে এক টনতকৈও অধিক আজীৱিকা মচলা বিক্ৰী হয়৷ এক প্ৰকাৰে তাত আজীৱিকা এটা ব্ৰেণ্ড হিচাপে পৰিগণিত হৈছে৷ অলপতে আমি ৰেখাজীৰ সৈতে কথা পাতি গম পালো যে কিদৰে আত্মসহায়ক গোটৰ এটা প্ৰয়োগ বেংকিং ক্ষেত্ৰত কৰা হৈছে৷ গাঁও অথবা দূৰ দুৰণিৰ ঠাইসমূহলৈ বেংকিং অথবা বিত্তীয় সেৱা প্ৰদান কৰাৰ বাবে আত্মসহায়ক গোটৰ সদস্যক বেংক মিত্ৰ অথবা বেংক সখীৰ হিচাপত নিযুক্ত কৰা হৈছে৷ আজি প্ৰায় ২০০০টা আত্মসহায়ক গোট সমগ্ৰ দেশতে বেংক মিত্ৰ অথবা বেংক সংখী হিচাপে কাম কৰি আছে৷ ইয়াৰ জৰিয়তে চাৰে তিনিশ কোটি টকাৰ লেনদেন হোৱা বুলি মোক জনোৱা হৈছে৷
চাওক, সম্প্ৰদায় সম্পদ ব্যক্তিৰ ৰূপত কিদৰে কাম হয়৷ আপোনালোকে জানে যে বহু মহিলা এনে আছে যি এনে কাৰ্যত বহুত সময় ধৰি জড়িত হৈ আছে৷ তেওঁ এই কাৰ্যসূচী নিজে চলাই আৰু লগতে সম্প্ৰদায় সম্পদ ব্যক্তি হিচাপে নতুন গাঁৱলৈ গৈও তাৰে মহিলাসকলক ইয়াৰ বাবে প্ৰেৰণা দিয়ে৷ এই পৰ্যন্ত ২ লাখ সম্প্ৰদায় সম্পদ ব্যক্তিৰ দ্বাৰা এই কাৰ্যসূচী সমগ্ৰ দেশতে আগবঢ়াই নিয়া হৈছে আৰু ইয়াৰ সংখ্যা প্ৰতিদিনে বাঢ়ি গৈ আছে৷ দীনদয়াল উপাধ্যায় যোজনাৰ অন্তৰ্গত চৰকাৰী অনুদানৰ উপৰিও বেংকৰ দ্বাৰা ঋণ প্ৰদান কৰা ব্যৱস্থা কৰোৱা হৈছে৷ বেংকৰ পৰা প্ৰাপ্ত ঋণৰ জৰিয়তে ব্যৱসায় বৃদ্ধি কৰাত যথেষ্ট সহায়ক হয়৷ লগতে আৰু এটা কথা জানি আপোনালোক সকলোৱে ভাল পাব যে এই ঋণ পৰিশোধো সময় অনুসৰিয়েই কৰা হৈছে৷
আৰু মই দেখিলো যে এই আত্মসহায়ক গোটসমূহক ধন প্ৰদান কৰাত বেংকে কেতিয়াও পলম নকৰে৷ প্ৰায় ৯৯ শতাংশ ধন ঘূৰি আহিছে৷ এয়া আমাৰ দুখীয়া পৰিয়ালৰ সংস্কাৰ৷ এতিয়া আমি লক্ষ্মীজীৰ পৰা শুনিলো যে কিদৰে আৰু তেওঁৰ সৈতে ত্ৰিশগৰাকী অন্য মহিলাই পাপৰ, নিজৰ সামগ্ৰী বিক্ৰী কৰি লাভ অৰ্জন কৰি আছে৷ ইয়াতে মই আপোনালোকক ক’ব বিচাৰিম যে আত্মসহায়ক গোটৰ সামগ্ৰী যাতে উপযুক্ত দামত বিক্ৰী হয় তাৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে৷ তেওঁলোকৰ বাবে বজাৰ উপলব্ধ কৰোৱা হৈছে৷ ইয়াৰ বাবে ভাৰত চৰকাৰে প্ৰতিখন ৰাজ্যত প্ৰতি বৰ্ষত দুখনকৈ সৰস মেলাৰ আয়োজনৰ বাবে অনুদান দিয়ে৷ ইয়াৰ ভাল ফলাফল দেখিবলৈ পোৱা গৈছে৷ প্ৰত্যেক বৰ্ষতে আত্মসহায়ক গোটৰ উৎপাদিত সামগ্ৰীৰ চাহিদা বৃদ্ধি হ’বলৈ ধৰিছে৷ যাৰ দ্বাৰা তেওঁলোকৰ আয় বৃদ্ধি হ’ব ধৰিছে৷ ইয়াৰোপৰি আত্মসহায়ক গোটসমূহে জেম (জিইএম) অৰ্থাৎ চৰকাৰৰ ই-মাৰ্কেটৰ পৰাও সুবিধা পাইছে৷ পাৰদৰ্শী ব্যৱস্থাক আগুৱাই লৈ যাবলৈ তথা তেওঁলোকক উৎসাহিত কৰিবলৈ চৰকাৰে ডিজিটেল পদ্ধতিত সামগ্ৰীসমূহৰ বিক্ৰীক উৎসাহিত কৰিছে৷ চৰকাৰত এতিয়া ইয়াৰ জৰিয়তে টেণ্ডাৰ দিয়া হৈছে আৰু চৰকাৰী সামগ্ৰী ক্ৰয় কৰা হৈছে৷ আৰু ইয়াৰ বাবে সকলো আত্মসহায়ক গোটৰ ভগ্নীসকলে যিবোৰ সামগ্ৰী উৎপাদন কৰে, আপোনালোকে চৰকাৰৰ জিইএম প’ৰ্টেললৈ গৈ পঞ্জীয়ন কৰক আৰু চৰকাৰৰ কোনো সামগ্ৰীৰ প্ৰয়োজন হ’লে আপোনালোকে সেই সামগ্ৰী যোগান ধৰিব পাৰিব৷
আপোনালোকে যদি ভেড়া পালন কৰে তেন্তে মই আপোনালোকক এটা প্ৰস্তাৱ দিব বিচাৰিছোঁ৷ মই যেতিয়া গুজৰাটত আছিলো তেতিয়া মই এটা সৰু প্ৰয়াস কৰিছিলো৷ আপোনালোকে দেখিছে যে আজিকালি ডাঙৰ ডাঙৰ চেলুনত দাড়ি-চুলি কটাৰ বাবে এটা মেচিন থাকে যাক ট্ৰীমাৰ বুলি কোৱা হয়, সেই ট্ৰীমাৰ মই ভেড়াপালকসকলক দিলো আৰু ক’লো যে আপোনালোকে কেচীৰে যিদৰে চুলি কাটে তেনেদৰে ভেড়াৰ ওপৰতো প্ৰয়োগ কৰিলে ঊণ কম হৈ যাব আৰু আপোনালোকৰ উপাৰ্জন হ্ৰাস হ’ব৷ আপোনালোকে এই ট্ৰীমাৰেৰে কাটিলে দীঘল ঊণ পাব৷ আপোনালোকৰ আচৰিত ধৰণে কষ্টও কমি যাব৷ তাৰোপৰি ভেড়াটোৱে যি কষ্ট পাইছিল সেয়াও কম হৈ গ’ল৷ আৰু দীঘল ঊণৰ জৰিয়তে তেওঁলোকে ভাল বজাৰ পাবলৈও সক্ষম হ’ল৷ আপোনালোকৰ ভগ্নীসকলক যদি এই প্ৰশিক্ষণ দিয়া হয়, ইয়াৰ দ্বাৰা দীঘল ঊণো প্ৰাপ্ত হ’ব, ভাল সূতা পোৱা যাব, ভাল উপাৰ্জন হ’ব৷ আপোনালোকে এই দিশত চিন্তা কৰক, কুপৱাড়া এলেকাত এই ক্ষেত্ৰত বহু কাম হৈছিল আৰু দুগ্ধ উৎপাদনতো আপোনালোকেৰ এলেকাত বহু সুবিধা প্ৰাপ্ত হৈছিল৷
আপোনালোকৰ কাহিনী, আপোনালোকৰ অভিজ্ঞতা মই বুজি পাওঁ আৰু যিসকলে এয়া শুনিব আৰু মুক্ত মনেৰে শুনিব, কিবা এটা ভাল কৰাৰ মানসেৰে শুনিব৷মই মানিছোঁ যে আমাৰ দেশৰ মাতৃ-ভগ্নীসকলৰ কিমান শক্তি আছে, তেওঁলোকে সামান্যতমো সুবিধা পালে নিজৰ বিশ্ব জয় কৰিব পাৰিব৷ তেওঁলোকে জানে যে কিদৰে মিলিজুলি কাম কৰিব লাগে, কিদৰে নেতৃত্ব প্ৰদান কৰিব লাগে, নতুন ভাৰতৰ ভেঁটি স্থাপনৰ বাবে কিদৰে পৰিশ্ৰম কৰিব লাগে৷ মই বুজোঁ যে আমি শ্ৰোতাবোৰৰ বাবে তেওঁলোকৰ এই গাঁথা যথেষ্ট প্ৰেৰণাদায়ক৷ ইয়াৰ দ্বাৰা দেশে শক্তি প্ৰাপ্ত কৰিব পাৰে৷ ইয়াৰ দ্বাৰা আমাৰ প্ৰতিগৰাকী মহিলাই কিবা এটা নতুন কৰাৰ পথ বিচাৰি পায়, উৎসাহ পায়৷ আৰু নিৰাশা বিয়পোৱা লোকৰ সংখ্যা কম নহয়৷ বিষবাষ্প বিয়পোৱা লোকৰ সংখ্যা কম নহয়৷ কিন্তু ভাল পথ নেৰিব৷ পৰিশ্ৰম কৰোতাসকলক পূজা কৰিবলৈ নেৰিব৷ নিজৰ বুদ্ধি-শক্তিৰ জৰিয়তে দেশক আগবঢ়াই লৈ যোৱা, নিজক আগবঢ়াই লৈ যোৱা, পৰিয়ালক আগবঢ়াই লৈ যোৱা, নিজৰ সন্তানক পঢ়োৱা, কঠিন জীৱনৰ পৰা বাহিৰলৈ ওলাই নিজৰ মাজতে প্ৰতিজন ব্যক্তিয়ে নিৰাশাৰ সৈতে যুঁজিবলৈ শক্তি পায় আৰু এয়াইতো দেশৰ শক্তি৷ আৰু সেইবাবে মোৰ বহুত ভাল লাগিল, আপোনালোকৰ কথা শুনি যথেষ্ট মনোবল পালো৷ মই প্ৰেৰণা পালো আৰু মোৰ বিশ্বাস যে এই কাৰ্যসূচীত আপোনালোকে যি যি কথা ক’লে, আৰু বহু লোক আছে যাৰ ক’বলগীয়া আছে৷ প্ৰত্যেকৰে নিজৰ কথা আছে, নিজৰ অনুভৱ আছে৷ সকলোৱে বিপদৰ পৰা পথ উদ্ধাৰ কৰিছে আৰু এয়া আপোনালোকৰ কাম, আপোনালোকৰ পৰিশ্ৰম, আপোনালোকৰ সাহস৷ ইয়াৰ বাবে কোনেও শলাগ নাপায়, এই শলাগ কেৱল আপোনালোকৰ বাবে আৰু সেইবাবে আপোনালোকতকৈ অন্য কোনো প্ৰেৰণাদায়ী নাই৷ কিন্তু যিবোৰ কথা ভগ্নীসকলে মোক ক’ব নোৱাৰিলে, মই বিচাৰিম যে আপোনালোকে সেই কথাসমূহ যাতে মোক কয়৷ মই আপোনালোকৰ কথা শুনিম৷ আৰু কেতিয়াবা আজি যি আপোনালোকৰ সৈতে কথা পাতিলো সেয়া মই ‘মন কী বাত’তো শুনাম৷ কাৰণ দেশে ইয়াৰ পৰা প্ৰেৰণা পাব৷ কন্দা সকলে কান্দি থাকিব৷ ভাল কাম কৰোঁতা সকলে প্ৰেৰণা দি থাকিব৷ এতিয়া এইসমূহকে লৈ আগবাঢ়িব লাগে৷ সেয়ে মই আপোনালোকক নিবেদন কৰিছোঁ৷ আপোনালোকৰ ম’বাইল ফোন ব্যৱহাৰ কৰাৰ স্বভাৱত পৰিণত হৈছে বোধহয়৷ যদি হোৱা নাই তেন্তে আপোনালোকৰ তাত সাধাৰণ সেৱা কেন্দ্ৰ আছে৷ আপোনালোকে নৰেন্দ্ৰ মোদী এপো দেখিছে৷ আপোনালোকৈ তালৈ গৈ নিজৰ আলোকচিত্ৰ জমা কৰক৷ আপোনালোকৰ সমূহ ভগ্নীৰ সাক্ষাৎকাৰ তাতে প্ৰেৰণ কৰক৷ কি কাম কৰিলে, কেনেদৰে কৰিলে৷ কিদৰে সংকট পৰিহাৰ কৰি ভাল কাম কৰিলে৷ এই সকলো আপোনালোকে তাত দিয়ক৷ মই সেয়া চাম, পঢ়িম, শুনিম আৰু আপোনালোকৰ কথাবোৰ আন মানুহেও দেখিব৷ তাৰে দুই চাৰিটা কথা মই যেতিয়াই সুবিধা পাওঁ ‘মন কী বাত’ত বিনিময় কৰিম৷ আপোনালোকৰ কথা বিশ্ববাসীক জনাম৷ আপোনালোকে নিজৰ বাবেতো কৰিছেই, কিন্তু আমি এনেকুৱা কোটি কোটি ভগ্নীক এক নতুন সাহস, নতুন উৎসাহ প্ৰদান কৰিছোঁ৷ এতিয়া সাধাৰণ সেৱা কেন্দ্ৰ যথেষ্ট জনপ্ৰিয় হৈ উঠিছে৷ দেশৰ তিনি লাখ গাঁৱত সাধাৰণ সেৱা কেন্দ্ৰ আছে৷ এতিয়া আমাৰ কন্যাবোৰেও সাধাৰণ সেৱা কেন্দ্ৰ পৰিচালিত কৰে৷ তালৈ গৈ আপোনালোকে এই প্ৰযুক্তিৰ ব্যৱহাৰ কৰি আপোনালোকৰ সফলতাৰ গাঁথাসমূহ মোলৈ প্ৰেৰণ কৰক৷ সমগ্ৰ বিশ্বই দেখিব কিদৰে আমাৰ দূৰ-দূৰণিৰ গাঁওসমূহৰ ভগ্নীসকলে কিমান উত্তম কাম কৰি আছে৷ কিদৰে নতুন নতুন পদ্ধতি সন্ধান কৰিছে৷ বহুত ভাল লাগিল, আজি আপোনালোকৰ সৈতে সাক্ষাৎ কৰাৰ সুবিধা পালো৷ আপোনালোকে ইমান বৃহৎ সংখ্যাত আশীৰ্বাদ দিবলৈ আহিছে৷ মোৰ তৰফৰ পৰা আপোনালোকক বহুত বহুত শুভকামনা তথা অভিনন্দন জনাইছোঁ৷
বহুত বহুত ধন্যবাদ!
*******
एकेटी/वीजे/एसए/MANN
मेरा सौभाग्य है कि आज देशभर की 1 करोड़ से ज्यादा महिलाओं से संवाद करने का अवसर मिला है। आप सब अपने आप में संकल्प, उद्यमशीलता और सामूहिक प्रयासों का एक प्रेरणादायी उदाहरण हैं: PM @narendramodi #EmpoweringRuralWomen
— PMO India (@PMOIndia) July 12, 2018
महिला सशक्तिकरण की जब हम बात करते हैं तो सबसे महत्वपूर्ण आवश्यकता होती है, महिलाओं को स्वयं की शक्तियों को, अपनी योग्यता को, अपने हुनर को पहचानने का अवसर उपलब्ध कराना: PM @narendramodi #EmpoweringRuralWomen
— PMO India (@PMOIndia) July 12, 2018
आज आप किसी भी सेक्टर को देखें, तो आपको वहां पर महिलाएं बड़ी संख्या में काम करती हुए दिखेंगी। देश के एग्रीकल्चर सेक्टर, डेयरी सेक्टर की तो महिलाओं के योगदान के बिना कल्पना ही नहीं की जा सकती: PM @narendramodi #EmpoweringRuralWomen
— PMO India (@PMOIndia) July 12, 2018
हमारे देश के ग्रामीण इलाकों में, छोटे उद्यमियों के लिए, श्रमिकों के लिए, सेल्फ हेल्प groups बहुत महत्वपूर्ण भूमिका निभा रहे हैं: PM @narendramodi #EmpoweringRuralWomen
— PMO India (@PMOIndia) July 12, 2018
ये सेल्फ हेल्प groups एक तरह से गरीबों, खासकर महिलाओं की आर्थिक उन्नति का आधार बने हैं। ये ग्रुप महिलाओं को जागरूक कर रहे हैं, उन्हें आर्थिक और सामाजिक तौर पर मजबूत भी बना रहे हैं: PM @narendramodi
— PMO India (@PMOIndia) July 12, 2018
दीनदयाल अंत्योदय योजना - राष्ट्रीय ग्रामीण आजीविका मिशन के तहत देश भर की 2.5 लाख ग्राम पंचायतों में करोड़ों ग्रामीण गरीब परिवारों तक पहुंचने का, उन्हें स्थायी आजीविका के अवसर उपलब्ध कराने का लक्ष्य रखा गया है: PM @narendramodi #EmpoweringRuralWomen
— PMO India (@PMOIndia) July 12, 2018
इस योजना को सभी राज्यों में शुरु किया जा चुका है। मैं सभी राज्यों और वहां के अधिकारियों का भी अभिनन्दन करना चाहूँगा जिन्होंने इस योजना को लाखों-करोड़ों महिलाओं तक पहुँचा कर उनके जीवन में सुधार लाने का काम किया है: PM @narendramodi #EmpoweringRuralWomen
— PMO India (@PMOIndia) July 12, 2018
Meena Manjhi and her team from Chhattisgarh's Rajnandgaon are interacting with PM @narendramodi. They are associated with brick making. Watch. #EmpoweringRuralWomenhttps://t.co/Bu3sSyAxKC
— PMO India (@PMOIndia) July 12, 2018
सेल्फ हेल्प groups का यह नेटवर्क पूरे देश भर में फैला हुआ है, अलग-अलग क्षेत्र और व्यवसायों से जुड़ा हुआ है। सरकार उन्हें आगे बढ़ाने के लिए आवश्यक ट्रेनिंग, आर्थिक मदद और अवसर भी उपलब्ध करवा रही है: PM @narendramodi #EmpoweringRuralWomen
— PMO India (@PMOIndia) July 12, 2018
अभी हमने पाटलिपुत्र, बिहार से अमृता देवी जी को सुना और जाना की कैसे सेल्फ हेल्प ग्रुप से जुड़ने के बाद उनके जीवन में बदलाव आया। मैं बिहार के ही कुछ और उदाहरण आपको बताता हूँ: PM @narendramodi
— PMO India (@PMOIndia) July 12, 2018
वहां सेल्फ हेल्प groups के ढाई लाख से अधिक सदस्य प्रशिक्षण प्राप्त कर धान की बेहतर तरीके से खेती कर रहे हैं। इसी तरह लगभग 2 लाख सदस्य नए तरीक़ों से सब्जी की खेती कर रहे हैं: PM @narendramodi
— PMO India (@PMOIndia) July 12, 2018
छत्तीसगढ़ के 22 जिलों में 122 बिहान बाजार आउटलेट बनाए गए हैं जहाँ सेल्फ हेल्प groups के 200 वैरायटी के produts बेचे जाते हैं: PM @narendramodi #EmpoweringRuralWomen
— PMO India (@PMOIndia) July 12, 2018
Sudha Baghel from Barwani in MP is talking about how a self help group has transformed her life. She is associated with the animal husbandry sector and is making bangles. Due to this, she is able to send her children to study and is also studying herself! #EmpoweringRuralWomen
— PMO India (@PMOIndia) July 12, 2018
दीनदयाल अंत्योदय योजना के तहत ग्रामीण युवाओं के कौशल विकास पर विशेष ध्यान दिया जा रहा है। युवाओं को रोजगार और स्व-रोजगार, दोनों के लिए ट्रेनिंग दी जा रही है ताकि देश के युवा अपनी आशा-आकांक्षा के अनुरूप आगे बढ़ सकें: PM @narendramodi #EmpoweringRuralWomen
— PMO India (@PMOIndia) July 12, 2018