Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

সমগ্ৰ ভাৰততে উষ্ণতা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত নাগৰিকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পোৱা উষ্ণতাৰ পৰিপ্ৰেক্ষিতত সম্ভাব্য সকলো সাৱধানতা অৱলম্বন কৰিবলৈ নাগৰিকসকলক আহ্বান জনাইছে।

শ্ৰী মোদীয়ে জনসাধাৰণক হাইড্ৰেটেড হৈ থাকিবলৈ, বাহিৰলৈ ওলাই যোৱাৰ সময়ত পানী লৈ যাবলৈ আৰু এনে প্ৰতিকূল বতৰৰ সময়ত ক্ষতিগ্ৰস্ত লোকসকলক পানী যোগান ধৰি সহায় আগবঢ়াবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে লগতে গৰমৰ ক্লান্তিৰ লক্ষণ যেনে মূৰ ঘূৰণি, বমি বমি ভাব আৰু অত্যাধিক ভাগৰ লগাৰ প্ৰতি সতৰ্ক হৈ থাকিবলৈ নাগৰিকসকলক পৰামৰ্শ দিয়ে। তেওঁ নাগৰিকসকলক অসুস্থ, দুৰ্বল বা মূৰৰ বিষত ভুগি থকা যিকোনো লোকক শীতল আৰু ছাঁ পৰা ঠাইলৈ স্থানান্তৰ কৰাৰ লগতে পানী আৰু অ’ আৰ এছৰ উপলব্ধতা নিশ্চিত কৰি তাৎক্ষণিক সহায় প্ৰদান কৰিবলৈ আহ্বান জনায়।

শ্ৰী মোদীয়ে উল্লেখ কৰে যে শিশু, বৃদ্ধ আৰু বাহিৰত কাম কৰা লোকসকল অত্যাধিক গৰমৰ সময়ত বিশেষভাৱে দুৰ্বল হয় আৰু সেয়েহে তেওঁ সতৰ্ক কৰি দিয়ে যে সতৰ্কতামূলক লক্ষণবোৰ আওকাণ কৰিলে তেওঁলোক হিট ষ্ট্ৰোকত আক্ৰান্ত হ’ব পাৰে।

শ্ৰী মোদীয়ে লগতে জনসাধাৰণক গ্ৰীষ্মপ্ৰবাহৰ সময়ত বৃদ্ধ পিতৃ-মাতৃ, ককা-আইতা আৰু প্ৰিয়জনক নিয়মীয়াভাৱে যতন ল’বলৈ আহ্বান জনায় আৰু তেওঁলোকক হাইড্ৰেটেড হৈ থাকিবলৈ, দুপৰীয়াৰ সময়ত ঘৰৰ বাহিৰলৈ ওলাই যোৱাৰ পৰা বিৰত থাকিবলৈ আৰু পৰ্যাপ্ত বিশ্ৰাম কৰিবলৈ সোঁৱৰাই দিবলৈ আহ্বান জনায়।

গ্ৰীষ্ম প্ৰবাহৰ সময়ত সহানুভূতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক ঘৰ, বেলকনি, ছাদ, দোকানৰ বাহিৰত চৰাই তথা জীৱ-জন্তুৰ বাবে পানী মজুত ৰাখিবলৈ আহ্বান জনায়।

এক্সৰ এলানি পোষ্টত শ্ৰী মোদীয়ে কয়;

‘ভাৰতৰ বিভিন্ন প্ৰান্তত উষ্ণতা বৃদ্ধিৰ লগতে ইয়াৰ সৈতে জড়িত প্ৰত্যাহ্বান দেখিবলৈ পোৱা গৈছে। এই গৰমৰ বতৰ আমাৰ সকলোৰে বাবে অত্যন্ত কঠিন সময় আৰু মই আপোনালোক সকলোকে যিমান পাৰি সিমান সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছো। অনুগ্ৰহ কৰি হাইড্ৰেটেড হৈ থাকক, বাহিৰলৈ ওলাই যোৱাৰ সময়ত পানী লগত ৰাখক। আনক এক গিলাচ পানী দিয়ক। এনে বতৰত পৰোপকাৰ মহৎ গুণ।’

‘মূৰ ঘূৰোৱা, বমি বমি ভাব বা অত্যাধিক ভাগৰ লগাৰ দৰে গৰমৰ ক্লান্তিৰ লক্ষণসমূহৰ প্ৰতি সজাগ থাকক। যদি আপোনাৰ চাৰিওফালে থকা কোনোবাই অস্বাভাৱিকভাৱে অসুস্থ, দুৰ্বল অনুভৱ কৰে বা মূৰৰ বিষ হয়, তেন্তে তেওঁলোকক তৎক্ষণাত শীতল আৰু ছাঁ পৰা ঠাইলৈ স্থানান্তৰ কৰাত সহায় কৰক। নিশ্চিত কৰক যাতে তেওঁলোকে পৰ্যাপ্ত পানী, অ’ আৰ এছ ইত্যাদি পাইছে, যিয়ে তেওঁলোকক সহায় কৰিব। শিশু, বৃদ্ধ আৰু বাহিৰত কাম কৰা লোকসকলে অত্যাধিক গৰমৰ সময়ত বিশেষভাৱে দুৰ্বল অনুভৱ কৰে। এই লক্ষণবোৰ আওকাণ কৰিলে অধিক বিপজ্জনক হৈ পৰিব পাৰে আৰু আনকি হিট ষ্ট্ৰোকো হ’ব পাৰে। এনে বতৰত সময়োপযোগী যতন আৰু সাৱধানতা যথেষ্ট সহায়ক হয়।’

‘যেতিয়াই সম্ভৱ এই গৰমৰ সময়ত বৃদ্ধ পিতৃ-মাতৃ, ককা-আইতা আৰু প্ৰিয়জনৰ খবৰ লওঁক আৰু তেওঁলোকৰ যতন লওঁক। তেওঁলোকক হাইড্ৰেটেড হৈ থাকিবলৈ সোঁৱৰাই দিয়ক, দুপৰীয়াৰ ব্যস্ত সময়ত বাহিৰলৈ ওলাই যোৱাৰ পৰা বিৰত থাকক আৰু যেতিয়াই সম্ভৱ বিশ্ৰাম কৰক।’

‘এই অত্যাধিক গৰমত আমি আমাৰ চাৰিওফালে থকা চৰাই-চিৰিকটি আৰু জীৱ-জন্তুবোৰৰ কথাও ভবা উচিত। আপোনাৰ ঘৰ, বেলকনি, ছাদ, দোকান বা কাৰ্যালয়ৰ বাহিৰত ৰখা এটা সৰু পানীৰ পাত্ৰত সেইসমূহৰ বাবে জীৱনৰেখা স্বৰূপ হৈ পৰিব পাৰে।’

‘দেশৰ ভিন্ন প্ৰান্তত তাপমাত্ৰা ক্ৰমান্বয়ে বৃদ্ধি পাইছে আৰু দৈনন্দিন জীৱনত অত্যধিক গৰমৰ ফলত বহুতো অসুবিধাও সৃষ্টি হৈছে। এনে সময়ত প্ৰয়োজনীয় সকলো সাৱধানতা অৱলম্বন কৰিবলৈ মই দেশবাসীক আহ্বান জনাইছো। অনুগ্ৰহ কৰি নিজকে হাইড্ৰেটেড কৰি ৰাখক, ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ সময়ত পানী লগত লৈ যাওক। এনে বতৰত আপোনাৰ সংবেদনশীলতাও আনৰ বাবে সহায়ক হৈ পৰে। যদি সম্ভৱ হয়, তৃষ্ণাতুৰ ব্যক্তিক এগিলাচ পানী দিয়াটো নিশ্চিত কৰক। মই সেই লোকসকলকো প্ৰশংসা কৰিম, যিসকলে নিজৰ ঘৰ আৰু দোকানৰ বাহিৰত এটি পাত্ৰত পানী ৰাখে, যাতে যিকোনোৱে ইয়াৰ সুবিধা ল’ব পাৰে।’

‘অত্যাধিক গৰমৰ ফলত হোৱা অস্বস্তি, যেনে- মূৰ ঘূৰণি, বমি বমি ভাব বা অত্যধিক ভাগৰক আওকাণ নকৰিব। যদি আপোনাৰ চাৰিওফালে থকা কোনোবাই হঠাতে মূৰ ঘূৰোৱা, দুৰ্বল বা অন্যভাৱে অসুস্থ অনুভৱ কৰে, তেন্তে তেওঁলোকক লগে লগে শীতল, ছাঁ পৰা ঠাইলৈ স্থানান্তৰ কৰক। শৰীৰক শিথিল কৰাত সহায় কৰিবলৈ তেওঁক পানী, অ’ আৰ এছ বা অন্যান্য তৰল পদাৰ্থ দিয়ক। শিশু, বৃদ্ধ আৰু ৰ’দত কাম কৰা লোকসকল এই তীব্ৰ গৰমত আটাইতকৈ বেছি প্ৰভাৱিত হয়। সময়মতে যতন নল’লে হিট ষ্ট্ৰোকৰ দৰে গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। এনে সময়ত আপোনাৰ সতৰ্কতা আৰু যত্নই কাৰোবাৰ জীৱন ৰক্ষা কৰিব পাৰে।’

‘যেতিয়াই সম্ভৱ হয়, আপোনাৰ পিতৃ-মাতৃ, ককা-আইতা আৰু অন্যান্য প্ৰিয়জনক ফোন কৰি তেওঁলোকৰ সুস্থতাৰ বিষয়ে খবৰ লওঁক। তেওঁলোকক প্ৰচুৰ পৰিমাণে পানী খাবলৈ, দুপৰীয়াৰ গৰম ৰ’দত বাহিৰলৈ নাযাবলৈ আৰু যিমান পাৰি বিশ্ৰাম কৰিবলৈ পৰামৰ্শ দিয়ক।’

‘এই তীব্ৰ গৰমত আমি আমাৰ চাৰিওফালে থকা জীৱ-জন্তু আৰু চৰাই-চিৰিকটিবোৰৰ কথাও ভাবিব লাগে। আপোনাৰ ঘৰ, বেলকনি, ছাদ, দোকান বা কাৰ্যালয়ৰ বাহিৰত পানীৰে ভৰা এটা সৰু পাত্ৰ থকাটোও তৃষ্ণাতুৰ চৰাই-চিৰিকটিবোৰৰ বাবে জীৱনৰেখা হ’ব পাৰে। এই কঠিন দিনবোৰত আমি সম্পূৰ্ণ সংবেদনশীলতা আৰু সহানুভূতিৰে পৰস্পৰৰ যতন লওঁ আহক।’

****

MJPS/SS/ST/NB