পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি পৰিবহণ আৰু লজিষ্টিক খণ্ডৰ ব্যাপক পৰিসৰৰ ভিতৰত গৱেষণা, পৰিকল্পনা, মূল্যাংকন, নিৰীক্ষণ আৰু প্ৰভাৱৰ সঠিক পৰ্যালোচনা শক্তিশালী কৰিবলৈ ‘সমন্বিত পৰিবহণ আৰু লজিষ্টিক প্ৰাধিকৰণ’ (আইটিএলএ) নামৰ এক ‘এছপিভি’ গঠনত অনুমোদন জনাইছে।
এই অনুমোদনে বহুসংখ্যক পৰিবহণ সম্পৰ্কীয় মন্ত্ৰালয় আৰু সংস্থাসমূহৰ মাজত পৃথকে হৈ থকা পৰিকল্পনা আৰু ৰূপায়ণৰ ফলত দীৰ্ঘদিন ধৰি সৃষ্টি হৈ অহা প্ৰত্যাহ্বানসমূহ সমাধান কৰাৰ লক্ষ্য ৰাখিছে। অধিক সমন্বয় আৰু বহুমুখী সংযোগ গঢ়ি তুলি আইটিএলএই ভাৰতৰ পৰিবহণ আন্তঃগাঁথনিৰ বিকাশক অধিক দক্ষ, বহনক্ষম আৰু ফলপ্ৰসূ কৰি তুলিব বুলি আশা কৰা হৈছে।
আইটিএলএৰ মূল ভূমিকা আৰু দায়িত্বসমূহ নিম্নোলিখিত ধৰণৰ হ’বঃ
আইটিএলএ গঠনৰ ফলত বহুমুখী সংযোগ শক্তিশালী কৰি, আন্তঃগাঁথনিৰ দক্ষতা বৃদ্ধি কৰি, লজিষ্টিক ব্যয় হ্ৰাস কৰি আৰু ভাৰতৰ বিশ্বজনীন লজিষ্টিক প্ৰতিযোগিতা বৃদ্ধি কৰি ‘ভাৰতৰ দৃষ্টিভংগী ২০৪৭’ বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আইটিএলএই আন্তঃৰাষ্ট্ৰীয় উৎকৃষ্ট পদ্ধতিসমূহ গ্ৰহণ কৰাৰ লগতে গৱেষণা, পৰিকল্পনা, বিগ ডাটা সংহতি, প্ৰকল্প নিৰীক্ষণ আৰু মূল্যাংকনৰ বাবে প্ৰতিষ্ঠানিক ক্ষমতা গঢ়ি তুলিব।
****
MJPS/DB