পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ লোক কল্যান মাৰ্গত সহজে ব্যৱসায় কৰাৰ প্ৰধান প্ৰত্যাহ্বান শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷
এই কাৰ্যসূচীৰ লক্ষ্য হৈছে কৃত্রিম বুদ্ধিমত্তা, ইণ্টাৰনেট অৱ থিংছ, বিগ ডাটা এনালিটিক্স ব্লকচেইনৰ দৰে অত্যাধুনিক প্ৰযুক্তিভিত্তিক অভিনৱ ধাৰনা আহ্বান কৰা, যাৰ জৰিয়তে চৰকাৰী প্ৰক্রিয়াসমূহৰ সংস্কাৰ কৰিব পৰা যায়। ষ্টার্ট-আপ ইণ্ডিয়া পোর্টেলক এই বৃহৎ প্ৰত্যাহ্বানৰ মঞ্চ হিচাপে ব্যৱহাৰ কৰা হ’ব।
এই উপলক্ষে এক জনসভাত প্ৰধানমন্ত্রীয়ে ‘সহজে ব্যৱসায় কৰা’ৰ ৰেংকিঙত বিশ্বৰ ভিতৰত ভাৰতৰ স্থান উন্নত কৰাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা উদ্যোগপতিসকলক ধন্যবাদ জনায়।
প্ৰধানমন্ত্ৰীয়ে দোঁহাৰে যে যেতিয়া ‘সহজ ব্যৱসায় কৰা’ সম্পৰ্কীয় বিশ্ব সূচকাংকত ভাৰতৰ স্থান শীর্ষ ৫০খন দেশৰ অন্তৰ্গত কৰাৰ কথা তেওঁ প্ৰথম উত্থাপন কৰিছিল, তেতিয়া তেওঁৰ কথাত বহুতে সন্দেহ প্ৰকাশ কৰিছিল। কিন্তু মাত্ৰ চাৰি বছৰতে আমি বহুদূৰ অগ্ৰসৰ হ’ব পাৰিছো বুলি তেওঁ সদৰি কৰে৷ এই সময়ছোৱাৰ ভিতৰত সহজে ব্যৱসায় কৰা সূচকাংকত ভাৰতে ৬৫টা স্থান উন্নীত কৰিবলৈ সক্ষম হৈছে। তেওঁ কয় যে দক্ষিণ এছিয়াৰ ভিতৰত ভাৰতৰ স্থান প্ৰথম আৰু শীর্ষৰ ৫০খন দেশৰ তালিকাত ভাৰতক অন্তৰ্ভূক্ত কৰিবলৈ আৰু মাত্ৰ কেইটামান পৰ্যায়হে বাকী আছে। প্ৰধানমন্ত্রীয়ে কয় যে সহযোগিতা আৰু প্ৰতিযোগিতামূলক যুক্তৰাষ্ট্রীয় ধাৰণাৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে সহজে ব্যৱসায় কৰাৰ দিশত আৰু অধিক উন্নতি কৰিবলৈ একেলগে কাম কৰি আহিছে।
প্ৰধানমন্ত্রীয়ে কয় যে কেন্দ্রীয় চৰকাৰে নির্দিষ্ট নীতিৰ ভিত্তিত প্ৰশাসন পৰিচালনা আৰু স্বচ্ছ নীতিৰ ওপৰত বিশেষ জোৰ দিয়ে। তেওঁ কয় যে কেন্দ্রীয় চৰকাৰে যি সংস্কাৰৰ প্ৰচেষ্টা লৈছে সাধাৰণ লোকৰ জীৱনপ্ৰণালীক আৰু অধিক সহজ কৰি তোলাটোৱেই ইয়াৰ প্ৰধান লক্ষ্য। বর্তমান ক্ষুদ্ৰ ব্যৱসায়ীসকলে অতি সহজেই ব্যৱসায় কৰিব পাৰে। বিদ্যুৎ সংযোগ প্ৰদানৰ কাম সহজতে হৈছে। বিগত চাৰি বছৰত ১৪০০তকৈ অধিক পুৰণি আইন চৰকাৰে বাতিল কৰিছে। ব্যৱসায়িক বিবাদ নিষ্পত্তি আৰু আমদানি কৰা সামগ্ৰীৰ ক্ষেত্ৰত বিভিন্ন সিদ্ধান্ত অতি কম সময়তে ল’ব পৰা হৈছে৷
তেওঁ কয় যে এমএছএমই খণ্ডত মাত্ৰ ৫৯ মিনিটত ১ কোটি টকা পর্যন্ত ঋণ অনুমোদন কৰা হৈছে। প্ৰধানমন্ত্রীয়ে কয় যে আইএমএফ আৰু মুডিজৰ দৰে সংস্থাসমূহেও ভাৰতৰ ভৱিষ্যতক লৈ আশাবাদী। প্ৰধানমন্ত্রীয়ে লগতে কয় যে যিমান পাৰি কম সময়ৰ ভিতৰত ভাৰতক ৫ ত্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অর্থনীতিত পৰিণত কৰাটোৱেই আমাৰ লক্ষ্য। সেয়েহে ইয়াৰ বাবে অর্থনীতিৰ সকলো ক্ষেত্রত আৰু অধিক উন্নতিৰ প্ৰয়োজন। তেওঁ কয় যে কেন্দ্রীয় চৰকাৰে বর্তমান বাস্তৱ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যোগ নীতিৰ লক্ষ্যৰে কাম কৰি আহিছে আৰু এই নীতিয়ে নতুন ভাৰতৰ উদ্যোগপতিসকলৰ নতুন ধ্যান-ধাৰনাৰ সৈতে সামঞ্জস্য থাকিব। প্ৰধানমন্ত্রীয়ে সহজে ব্যৱসায় কৰা ৰেংকিঙত ভাৰতক শীর্ষ ৫০লৈ উন্নীত কৰাৰ লক্ষ্যত উপনীত কৰাৰ বাবে সভাত উপস্থিত সকলোকে আহ্বান জনায়।
প্ৰধানমন্ত্রীয়ে কয় যে আধুনিক আৰু ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ কৰি উদ্যোগ প্ৰতিষ্ঠানসমূহে ইয়াৰ কাম-কাজত মানুহৰ হস্তক্ষেপ পাৰ্যমানে হ্ৰাস কৰা দৰকাৰ। তেওঁ কয় যে এই ধাৰনাভিত্তিক কর্মসংস্কৃতিয়ে নির্দিষ্ট নীতিৰ দ্বাৰা পৰিচালিত প্ৰশাসনিক কাম-কাজক আৰু অধিক আগুৱাই নিব।
***
AKT/VJ/SK/DB
Had a fruitful interaction with industry representatives on a wide range of issues regarding the economy.
— Narendra Modi (@narendramodi) November 19, 2018
We talked at length about India's reform trajectory, strides in 'Ease of Doing Business' and steps taken for MSME sector. https://t.co/73DFKBt1XB
India's strides in 'Ease of Doing Business' have drawn the attention of the world. We are seen as a bright spot globally.
— Narendra Modi (@narendramodi) November 19, 2018
While our rankings have improved significantly, we want to better them even further. For that, we seek your views.
As a part of this effort, launched the 'Ease of Doing Business' Grand Challenge.
— Narendra Modi (@narendramodi) November 19, 2018
The power of your ideas and latest technology will make India an even more attractive place to do business. Here are the details. https://t.co/zKX8cWW5kB