পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ পালামু ভ্ৰমণ কৰে৷
তাত তেওঁ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ২৫,০০০ গৰাকী হিতাধিকাৰীৰ সামূহিক ই–গৃহ প্ৰৱেশৰ সাক্ষী হয়৷
তেওঁ নৰ্থ ক’ৱেল (মণ্ডল বান্ধ)ৰ পুনৰুজ্জীৱিকৰণ প্ৰকল্প, কানহাৰ ছ’ন পাইপলাইন জলসিঞ্চন আঁচনি আৰু বিভিন্ন জলসিঞ্চন আঁচনিৰ আধাৰশিলা স্থাপন কৰে৷ এই প্ৰকল্পসমূহৰ মুঠ ব্যয় ৩৫০০ কোটি টকাতকৈও অধিক বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে৷
উপস্থিত জনতাক সম্বোধি প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পসমূহ কৃষকসকলক উপাৰ্জন বৃদ্ধিৰ বাবে তথা জলসিঞ্চনৰ ব্যয় হ্ৰাস কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ এক অংশ৷
এই নৰ্থ ক’ৱেল (মণ্ডল বান্ধ) প্ৰকল্পটো বিগত ৪৭ বছৰ ধৰি অসম্পূৰ্ণ হৈ আছিল বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে৷ তেওঁ কয় যে এই অঞ্চলটোৰ কৃষকসকলক দোষণীয়ভাৱে উপেক্ষা কৰা হৈছে৷ কৃষকসকলৰ সমস্যা দূৰীকৰণৰ বাবে সৎ প্ৰচেষ্টাৰ আৱশ্যক বুলি তেওঁ মন্তব্য কৰে৷ তেওঁ কয় যে বিগত কেইবাদশকজুৰি অকাৰ্যকৰী হৈ থকা ৯৯টা বৃহৎ জলসিঞ্চন প্ৰকল্প এতিয়া কাৰ্যকৰী কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে যাৰ আনুমানিক ব্যয় প্ৰায় ৯০,০০০ কোটি টকা৷ তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে কৃষকসকলক ‘‘অন্নদাতা’’ৰ হিচাপে অভিহিত কৰি তেওঁলোকৰ কল্যাণৰ দিশত অগ্ৰসৰ হৈছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে কৃষি আৰু কৃষকসকলৰ মৌলিক সমস্যাসমূহ সমাধানৰ জৰিয়তে এক নতুন দৃষ্টিকোণত দৃষ্টি নিৱদ্ধ কৰিছে৷
প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত প্ৰদান কৰা ২৫,০০০ গৃহৰ কৰা উল্লেখ কৰি কয় যে ২০২২ চনত সকলোৰে বাবে গৃহ প্ৰদান কৰাৰ আঁচনি দ্ৰুত গতিত সম্পন্ন কৰা হৈছে৷ তেওঁ এই আঁচনিটো পূৰ্বৰ সদৃশ আঁচনিসমূহতকৈ কেনেদৰে পৃথক সেয়া বিস্তৃতভাৱে পৰ্যালোচনা কৰে৷ তেওঁ কয় যে এতিয়া হিতাধিকাৰীসকলৰ বাচনি স্বচ্ছ প্ৰকাৰেৰে কৰা হৈছে৷ অনলাইন পঞ্জীয়ন আৰু বৈধতাকৰণৰ জৰিয়তে হিতাধিকাৰীয়ে এতিয়া প্ৰত্যক্ষভাৱে লাভ তেওঁলোকৰ একাউণ্টত পাবলৈ সক্ষম হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে৷
প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত প্ৰদান কৰা গৃহসমূহৰ গুণগতমান নিৰীক্ষণ কৰিবলৈ নতুন ব্যৱস্থা প্ৰণয়ন কৰা হৈছে৷ ইয়াত আলোকচিত্ৰ আৰু জিঅ’-টেগিঙো অন্তৰ্ভুক্ত আছে৷ তেওঁ কয় যে এতিয়া প্ৰদান কৰা ঘৰসমূহত বিজুলী, ৰন্ধন গেছ আৰু শৌচাগাৰৰ সুবিধাও প্ৰদান কৰা হৈছে৷ তাৰোপৰি ঘৰসমূহৰ কালিও বৃদ্ধি কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে৷ স্থানীয়ভাৱে উপলব্ধ সামগ্ৰীৰ দ্বাৰা ঘৰ নিৰ্মাণৰ দিশত প্ৰয়াস কৰা হৈছে৷ তেওঁ কয় যে নিৰ্মাণৰ গতি দ্ৰুত হৈছে, যোৱা পাঁচ বছৰত প্ৰায় ১.২৫ কোটি ঘৰ নিৰ্মাণ কৰা হৈছে৷ তেওঁ কয় যে ঘৰ নিৰ্মাণৰ গড় সময় ১৮ মাহৰ পৰা হ্ৰাস হৈ ১২ মাহ হৈছে৷
তেওঁ কয় যে হিতাধিকাৰীসকলৰ একাউণ্টত এতিয়া ১.২৫ লাখ টকা চাৰিটা কিস্তিত সোমাইছে৷ পূৰ্বতে কেৱল ৭০,০০০ টকাহে ব্যয় হৈছিল বুলি তেওঁ কয়৷ দুখীয়াৰ বাবে এই গৃহ সামূহিক সৱলীকৰণত পৰিণত হৈছে বুলি তেওঁ মন্তব্য কৰে৷ তেওঁ কয় যে স্বাধীনতাৰ পিছত প্ৰথমবাৰলৈ চৰকাৰে মধ্যবিত্তসকলৰ বাবে ঘৰৰ প্ৰয়োজনীয়তা অনুভূত কৰি বিত্তীয় সাহায্যৰ হৈতে সুতৰ হাৰো হ্ৰাস কৰাৰ কথা চিন্তা কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে ঝাৰখণ্ডত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা তিনিমাহ পূৰ্বেই আৰম্ভ হৈছিল যাৰ দ্বাৰা লক্ষাধিক দৰিদ্ৰ উপকৃত হৈছে৷ তেওঁ কয় যে ইয়াৰ দ্বাৰা প্ৰথম ১০০ দিনত ছয় লাখ লোক উপকৃত হৈছিল আৰু আজি প্ৰায় ১০,০০০ লোক দৈনিকভিত্তিত ইয়াৰ জৰিয়তে উপকৃত হৈছে৷
*****
AKT/AK/MANN
We have transformed the housing sector. More houses are being built with better facilities, allocated without favouritism and aimed at women empowerment.
— Narendra Modi (@narendramodi) January 5, 2019
Congress built few houses, allowed middlemen to make merry and named schemes after members of one family! pic.twitter.com/bKdYGKrymN
जब सरकार बिना भ्रष्टाचार के साफ नीयत से काम करती है तो परिणाम दिखता है।
— Narendra Modi (@narendramodi) January 5, 2019
एक सिंचाई परियोजना जिसे दशकों पहले पूरा हो जाना चाहिए था, उसे कांग्रेस की सरकारों ने लगातार लटकाए रखा।
हमने किसानों के कल्याण के लिए बड़ी सिंचाई परियोजनाओं को पुनर्जीवित किया है। pic.twitter.com/MW7slZqCXl
हमारे लिए किसान अन्नदाता हैं, उनके लिए वोटबैंक।
— Narendra Modi (@narendramodi) January 5, 2019
जब किसानों को कोई सिर्फ वोटबैंक समझता है तब वो आधी-अधूरी कर्जमाफी से आगे नहीं सोच पाता।
हम यह सुनिश्चित करना चाहते हैं कि किसानों के ऊपर आर्थिक बोझ न रहे। उन्हें सिंचाई और तकनीक की बेहतर सुविधा मिले, जिससे उनकी आय दोगुनी हो। pic.twitter.com/4vG7ikbUqT