পি এম ইণ্ডিয়া
আজি, যুগাব্দ ৫১২৭
বিক্ৰম সংবৎ ২০৮২
শক সংবৎ ১৯৪৭
ফাগুন মাহৰ শুক্ল পক্ষ,
অষ্টমীৰ দিনা,
২৪ ফেব্ৰুৱাৰী, ২০২৬-ত,
মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয় ‘সেৱা তীৰ্থ’ত কেন্দ্ৰীয় কেবিনেটৰ ঐতিহাসিক প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছে।
এই বৈঠক আৰু এই ভৱন হৈছে নব্য ভাৰতৰ পুনৰ্গঠনৰ প্ৰত্যক্ষ প্ৰকাশ। এই শুভ আৰম্ভণিৰে আমি সেই ভৱিষ্যতক আদৰণি জনাইছো যাৰ ভেটি যুগ-যুগ ধৰি গ্ৰহণ কৰা প্ৰচেষ্টাৰ ভিত্তিত গঢ় লৈ উঠিছে। স্বাধীনতাৰ পিছত ইমান দশক ধৰি ছাউথ ব্লকৰ প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ৰ পৰাই চৰকাৰে কাম কৰি আহিছে, উত্তৰাধিকাৰক সংৰক্ষণ কৰি ভৱিষ্যতৰ পৰিকল্পনা কৰি আহিছে। আমি এনে এখনি ভাৰতৰ কল্পনা কৰিছো যাৰ চিন্তা স্থানীয়, যাৰ ৰূপ আধুনিক আৰু যাৰ সামৰ্থ্য অসীম। আজি সেৱা তীৰ্থ সেই দৃষ্টিভংগীৰে মূৰ্ত প্ৰকাশ, যিয়ে ভাৰতৰ গণতন্ত্ৰৰ মাতৃ হিচাপে গৌৰৱৰ বৰ্ধন ঘটাব।
এই উপলক্ষে আমি উক্ত স্থানৰ ইতিহাসকো স্মৰণ কৰিছো। ব্ৰিটিছ যুগৰেপৰা চলি অহা অস্থায়ী বেৰেকৰ স্থানত ‘সেৱা তীৰ্থ’ নিৰ্মাণ কৰা হৈছে। এই স্থানতে ৰাষ্ট্ৰীয় শাসন কাৰ্য্যৰ এক সক্ৰিয় প্ৰতিষ্ঠান স্থাপন কৰা কাৰ্য্য নব্য ভাৰতৰ ৰূপান্তৰৰ প্ৰতীকো।
ঔপনিৱেশিক শাসন যুগৰ পূৰ্বে ভাৰত বস্তুগত বৈভৱ আৰু মানৱীয় প্ৰমূল্যবোধ উভয়ৰে বাবে স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰ হিচাপে পৰিচিত আছিল। এই উভয় আদৰ্শৰ সংহতিৰ পৰাই সেৱা তীৰ্থৰ ধাৰণাটো গঢ় লৈ উঠিছিল। কৰ্তব্য, সেৱা আৰু নিষ্ঠাৰ পবিত্ৰ সংহতিৰে এই কৰ্মক্ষেত্ৰক তীৰ্থস্থানৰ দৰেই পবিত্ৰ বুলি ভবা হৈছে, এয়াই হৈছে ইয়াৰ মৌলিক আত্মা।
‘সেৱা তীৰ্থ’ত অনুষ্ঠিত এই প্ৰথমখন বৈঠকত কেন্দ্ৰীয় কেবিনেটে নিজৰ সংকল্পৰ কথা দোহাৰিছে। এই সংকল্প হৈছে ইয়াত গ্ৰহণ কৰা প্ৰতিটো সিদ্ধান্ত ১.৪ বিলিয়ন নাগৰিকৰ প্ৰতি সেৱাৰ মনোভাৱৰ দ্বাৰা অনুপ্ৰাণিত হ’ব আৰু ৰাষ্ট্ৰ-নিৰ্মাণৰ বিস্তৃত লক্ষ্যৰ সৈতে সংযুক্ত হ’ব।
আমাৰ বাবে সাংবিধানিক প্ৰমূল্যবোধ হৈছে সেই নৈতিক অংগীকাৰৰ প্ৰকাশ যি অংগীকাৰে শাসন ব্যৱস্থাক প্ৰতিজন নাগৰিকৰ মৰ্য্যাদা, সমতা আৰু ন্যায়ৰ সৈতে সংযুক্ত কৰিছে। ‘সেৱা তীৰ্থ’ৰ কৰ্ম সংস্কৃতিক এই মনোভাৱে পৰিচালিত কৰিব। ইয়াত সংবিধানৰ মৌলিক নীতি-নিয়ম অনুসৰি প্ৰতিটো নীতি গ্ৰহণ কৰা হ’ব আৰু প্ৰতিটো সিদ্ধান্তই জনসাধাৰণৰ আকাংক্ষাকে প্ৰতিফলিত কৰিব।
কেন্দ্ৰীয় কেবিনেটে ইয়াত গ্ৰহণ কৰা প্ৰতিটো সিদ্ধান্তক ‘নাগৰিক দেৱ ভৱ’ মনোভাৱে অনুপ্ৰাণিত কৰিব বুলি নিজৰ সংকল্পৰ কথা দোহাৰিছে। এই স্থান ক্ষমতা প্ৰদৰ্শনৰ কেন্দ্ৰ নহয়, বৰঞ্চ প্ৰতিজন ভাৰতীয়ৰ সবলীকৰণৰ কেন্দ্ৰ হৈ উঠিব। সেৱা তীৰ্থৰ পৰা পৰিচালিত শাসন ব্যৱস্থাৰ প্ৰতিটো প্ৰচেষ্টা দেশৰ অন্তিমজন ব্যক্তিৰ জীৱন যাত্ৰাক সহজ কৰি তোলাৰ মনোভাৱৰ সৈতে সংযুক্ত হৈ থাকিব। আমি পুনৰ দৃঢ়তাৰে কওঁ যে আমাৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি আমি নাগৰিকৰ আৱেগৰ প্ৰতি স্বচ্ছ, সচেতন আৰু সংবেদনশীল শাসন আৰ্হিক অধিক সুদৃঢ় কৰি তুলিম।
‘সেৱা তীৰ্থ’ হৈছে স্থবিৰতাৰ পৰিৱৰ্তে গতিশীলতা, উদাসীনতাৰ পৰিৱৰ্তে নিষ্ঠা আৰু সন্দেহৰ পৰিৱৰ্তে সমাধানৰ প্ৰসাৰ ঘটোৱা শাসন আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তালৈ সঁহাৰি।
ঠিক এই ভাৱনাৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা কেইটামান বছৰত গ্ৰহণ কৰা সিদ্ধান্তৰাজিয়ে শাসন ব্যৱস্থাৰ উদ্দেশ্যসমূহক সুস্পষ্ট কৰি তুলিছে। কোটি-কোটি নাগৰিকৰ জীৱন যাত্ৰাত দেখা পোৱা পৰিৱৰ্তনে শাসন ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ আস্থাক অধিক দৃঢ় কৰি তুলিছে।
বিগত দশকটোত ২৫ কোটিৰো অধিক নাগৰিকক দৰিদ্ৰতাৰ গ্ৰাসৰপৰা মুক্ত কৰি দেশখনে যি অগ্ৰগতি লাভ কৰিছে, ইয়াক এসময়ত অসম্ভৱ বুলি গণ্য কৰা হৈছিল। এনে একাধিক মাইলৰ খুঁটি হৈছে চৰকাৰৰ দীৰ্ঘ-ম্যাদী দৃষ্টিভংগী, ব্যাপক দৃষ্টিভংগী আৰু অক্লান্ত প্ৰচেষ্টাৰ ফলশ্ৰুতি। আয়ুষ্মান ভাৰতৰ জৰিয়তে ৰাষ্ট্ৰই কোটি-কোটি লোকক স্বাস্থ্য সুৰক্ষাৰ সৈতে সংযোগ কৰাৰ গৌৰৱ অৰ্জন কৰিছে। প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত প্ৰায় ৮০ কোটি নাগৰিকৰ খাদ্য সুৰক্ষা সুনিশ্চিত কৰি অনাহাৰৰ মহামাৰীৰ অৱসান ঘটোৱা হৈছে। স্বচ্ছ ভাৰত অভিযানৰ অধীনত ১২ কোটিৰো অধিক শৌচাগাৰ নির্মাণৰ ফলশ্ৰুতিত কোটি-কোটি পৰিয়াল আৰু মহিলাই এটি মৰ্য্যাদা-সম্পন্ন জীৱন লাভ কৰিছে। এই সকলোবোৰ পৰিসংখ্যাই শাসন কাৰ্য্যৰ এনে এক দিশৰ ইংগিত প্ৰদান কৰে য’ত নীতিৰ চূড়ান্ত উদ্দেশ্য হৈছে নাগৰিকৰ জীৱন-যাত্ৰাক সহজ কৰি তোলা।
একেদৰে ৪০ নিযুতৰো অধিক গৃহ নিৰ্মাণৰ জৰিয়তে কোটি-কোটি গৃহস্থীয়ে আশ্ৰয় আৰু নিৰাপত্তা লাভ কৰিছে। গ্ৰামাঞ্চল সমূহত জল জীৱন অভিযানৰ জৰিয়তে প্ৰায় ১৬ কোটি নাগৰিকলৈ খোৱাপানীৰ সুবিধা আগবঢ়োৱা হৈছে।
কেন্দ্ৰীয় কেবিনেটে ভাৰতৰ অৰ্থনীতিৰ ব্যাপক ৰূপান্তৰক সংস্কাৰৰ এক নিৰন্তৰ প্ৰক্ৰিয়া হিচাপে গণ্য কৰিছে। “ন্যূনতম চৰকাৰ, সৰ্বাধিক শাসন”-ৰ মন্ত্ৰেৰে জিএছটি, ডিবিটি, ডিজিটেল ইণ্ডিয়াৰ দৰে সংস্কাৰে শাসন ব্যৱস্থাক অধিক স্বচ্ছ, অধিক কাৰ্য্যক্ষম আৰু অধিক নাগৰিক-কেন্দ্ৰিক কৰি তুলিছে। ফেচ-লেছ কৰ মূল্যায়নৰ প্ৰক্ৰিয়াই সততাক প্ৰসাৰিত কৰাৰ লগতে সাধাৰণ নাগৰিকৰ আস্থাক অধিক গভীৰ কৰি তুলিছে। এই প্ৰচেষ্টাসমূহৰ ফলস্বৰূপে ভাৰতে আজি বিশ্বৰ আগশাৰীৰ অৰ্থনীতিসমূহৰ মাজত এখনি শক্তিশালী দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে।
কেবিনেটে ‘সেৱা তীৰ্থ’ৰ নতুন শক্তি আৰু ‘ৰিফৰ্ম এক্সপ্ৰেছ’ৰ দ্ৰুত গতিৰে অদূৰ ভৱিষ্যতে বিশ্বৰ শীৰ্ষ তিনি অৰ্থনীতিৰ ভিতৰত ভাৰতৰ স্থান নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি পূৰণৰ দৃঢ় সংকল্প গ্ৰহণ কৰিছে।
আজি কেন্দ্ৰীয় কেবিনেটে পুনৰ ‘বিকশিত ভাৰত ২০৪৭’-ৰ ৰাষ্ট্ৰীয় সংকল্পৰ প্ৰতি নিজকে সমৰ্পিত কৰিছে। এয়া এক দীৰ্ঘম্যাদী ৰাষ্ট্ৰীয় যাত্ৰা। ইয়াত আজি গ্ৰহণ কৰা সিদ্ধান্তই আগন্তুক প্ৰজন্মৰ ভৱিষ্যতৰ ৰূপ নিৰ্ধাৰণ কৰিব। ‘সেৱা তীৰ্থ’ত অনুষ্ঠিত প্ৰথমখন বৈঠকে আমাক সোঁৱৰাই দিয়ে যে উন্নয়নৰ লক্ষ্য যিমানেই ডাঙৰ হ’ব সিমানেই ইয়াৰ প্ৰতি আমাৰ দায়িত্ববোধ গভীৰ হ’ব লাগিব।
এই স্থান কেৱল এখনি আধুনিক কৰ্মক্ষেত্ৰই নহয়। বৰঞ্চ এয়া শাসন ব্যৱস্থাৰ এক নতুন কৰ্ম সংস্কৃতিৰ প্ৰতীক। ইয়াত আধুনিক প্ৰযুক্তি আৰু দক্ষ কৰ্ম ব্যৱস্থাৰ জৰিয়তে চৰকাৰৰ ফলপ্ৰসূতাই নতুন শিখৰত আৰোহণ কৰিব। ইয়াৰ পৰা যোৱা প্ৰতিটো ফাইল আৰু ইয়াত কাম কৰা প্ৰতিজন কৰ্মযোগী এই আৱেগেৰে অনুপ্ৰাণিত হ’ব যে তেওঁলোকৰ কাম দেশৰ অন্তিম ব্যক্তিজনৰো জীৱন-যাত্ৰাক সহজ কৰাৰ সৈতে জড়িত। কেন্দ্ৰীয় কেবিনেটে সম্পদৰ বিচক্ষণ ব্যৱহাৰক প্ৰসাৰিত কৰাৰ লগতে দেশখনে শেহতীয়া বছৰ কেইটাত প্ৰত্যক্ষ কৰা সংস্কাৰৰ নিৰন্তৰ যাত্ৰাক ত্বৰান্বিত কৰাৰ সংকল্প গ্ৰহণ কৰে।
প্ৰথম বৈঠকখনে এই বিশ্বাসক অধিক গভীৰ কৰি তুলিছে যে সঠিক নীতি, সৎ উদ্দেশ্য আৰু শুদ্ধ নেতৃত্বৰ দ্বাৰা এখনি উন্নত ভাৰত গঢ়াৰ পথ আলোকিত হৈ থাকিব। ‘সেৱা তীৰ্থ’ৰ দ্বাৰা পৰিচালিত কৰ্ম সংস্কৃতিয়ে ভাৰতৰ এখনি সক্ষম, শক্তিশালী আৰু আত্ম-নিৰ্ভৰ ৰাষ্ট্ৰ হিচাপে আগুৱাই যোৱাৰ ভেটি নিৰ্মাণ কৰিব।
মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত কেন্দ্ৰীয় কেবিনেটে ‘সেৱা তীৰ্থ’ক সংবেদনশীল, দায়বদ্ধ আৰু নাগৰিক-কেন্দ্ৰিক শাসন ব্যৱস্থাৰ বিশ্বব্যাপী উদাহৰণ কৰি তোলাৰ অংগীকাৰৰ কথা দোহাৰিছে। কেবিনেটে ২০৪৭-ৰ ভিতৰত ভাৰতক এখনি সমৃদ্ধিশালী, সক্ষম আৰু আত্ম-নিৰ্ভৰ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ যাত্ৰাত এই স্থানে ৰাষ্ট্ৰীয় আকাংক্ষাৰ এক শক্তিশালী কেন্দ্ৰ হিচাপে কাম কৰিব বুলি সংকল্প গ্ৰহণ কৰে।
***
MJPS/VJ/PKK/SB
आज युगाब्द 5127, विक्रम संवत 2082, फाल्गुन शुक्ल अष्टमी के दिन नवनिर्मित सेवा तीर्थ में केंद्रीय कैबिनेट की प्रथम बैठक हुई। इसमें देश के लिए कई अभूतपूर्व निर्णय लिए गए।
— Narendra Modi (@narendramodi) February 24, 2026
इस दौरान, कैबिनेट ने ये संकल्प भी लिया कि स्वदेशी सोच, आधुनिक स्वरूप और 140 करोड़ देशवासियों के अनंत सामर्थ्य…