পি এম ইণ্ডিয়া

পেট্ৰলিয়াম মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰসাদ জী, উৰ্জা মন্ত্ৰী শ্ৰী আৰ কে সিং জী, উৰ্জা সচিৱ শ্ৰী অজয় ভল্লা জী, পেট্ৰলিয়াম সচিৱ শ্ৰী কপিল দেৱ ত্ৰিপাঠী জী, অ’ এন জি চিৰ মূখ্য পৰিচালন সঞ্চালক শ্ৰী ডি কে শ্ৰ’ফ জী আৰু ইয়াত উপস্থিত মাননীয় ব্যক্তিসকল।
আজি তিনিটা পবিত্ৰ দিনৰ ত্ৰিবেণী সংগম হৈছে।আজি নৱৰাত্ৰিৰ পঞ্চম দিন আৰু স্কন্দমাতাৰ পূজাৰ দিন।স্কন্দমাতা সৌৰজগতৰ অধিষ্ঠাত্ৰী দেৱী। স্কন্দমাতাৰ আশীৰ্বাদত আজি দেশৰ মহিলাৰ সুৰক্ষাৰ লগত জড়িত কেইবাটাও মহত্বপূৰ্ণ যোজনাৰ আৰম্ভণি হ’ব।
আজি পণ্ডিত দীনদয়াল উপাধ্যায়ৰো জন্মজয়ন্তী আৰু আজিৰ দিনটোতে দেশে দীনদয়াল উৰ্জা ভৱন লাভ কৰিছে।পৰিৱেশৰ প্ৰতি অনুকূল আৰু কম বিজুলী খৰছ হ’বলগীয়া এই ভৱন উদ্বোধন কৰি মই সুখী হৈছো।মই জানিবলৈ পাইছো যে অ’ এন জি চিৰ হাজাৰ হাজাৰ কৰ্মচাৰীয়ে ভিডিঅ’ লিংক যোগে এই অনুষ্ঠানৰ লগত জড়িত হৈছে। মই আপোনালোক সকলোকে এই ভৱনৰ বাবে অভিনন্দন জ্ঞাপন কৰিছো।
আজি ইয়াত আধ্যাত্মিকতাবাদ, আস্থা আৰু আধুনিক প্ৰযুক্তিৰ পয়োভৰ হৈছে।
ভাতৃ-ভগ্নীসকল, আজিৰ দিনটোতে আমি পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মজয়ন্তী উপলক্ষে দৰিদ্ৰ কল্যাণ বৰ্ষৰ আৰম্ভ কৰিছিলো।চৰকাৰে সিদ্ধান্ত কৰিছিল যে এবছৰলৈকে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মজয়ন্তী উপলক্ষে দৰিদ্ৰ কল্যাণ বৰ্ষৰ ৰূপত পালন কৰিব। আজি সেই বছৰ সম্পূৰ্ণ হ’লেও আমাৰ চৰকাৰ সদায়ে দৰিদ্ৰ কল্যাণৰ লগত জড়িত হৈ থাকিব।
জন-ধন যোজনাৰ পৰা আৰম্ভ কৰি স্বচ্ছ ভাৰত অভিযান, উজ্জ্বলতাৰ পৰা মূদ্ৰা, ষ্টাৰ্ট আপ, ষ্টেণ্ড আপ, উজালা, উড়ান আদি সকলো যোজনাৰ জৰিয়তে আমি দৰিদ্ৰৰ কল্যাণৰ হকে কাম কৰি আহিছো।
কোনে ভাৱিছিল যে কেতিয়াবা এনে এখন চৰকাৰ আহিব যি ৩০ কোটি দৰিদ্ৰৰ কাৰণে বেংকৰ খাটা খোলাব।কোনে ভাৱিছিল যে কেতিয়াবা এনে এখন চৰকাৰ আহিব যি মাহে এটকা আৰু প্ৰতিদিনে ৯০ পইচা প্ৰিমিয়ামত প্ৰায় ১৫ কোটি দৰিদ্ৰক বীমা প্ৰদান কৰিব।কোনে ভাৱিছিল যে কেতিয়াবা এনে এখন চৰকাৰ আহিব যি কোনো গ্যেৰান্টী অবিহনে ৯ কোটি লোকক চাৰে তিনিলাখতকৈও অধিক পৰিমাণত ঋণ প্ৰদান কৰিব।
কোনে ভাৱিছিল যে কেতিয়াবা এনে এখন চৰকাৰ আহিব যি মহিলাসকলে পাকঘৰত ধোঁৱাৰ পৰা অসুবিধা পোৱাৰ কথা ভাৱিব, হাৱাই চেণ্ডেল পিন্ধাজনক উৰাজাহাজত উঠাব।এনে ধৰণৰ যোজনা প্ৰস্তুত কৰিব যি চিকিৎসাৰ খৰচ কমাব।
দৰিদ্ৰৰ সপোনেই মোৰ চৰকাৰৰ সপোন আৰু দৰিদ্ৰৰ জীৱনলৈ প্ৰতিদিনে অহা নানা অসুবিধাৰ নিৰাময় কৰাই মোৰ চৰকাৰৰ প্ৰধান দায়িত্ব। আজি সেয়ে দেশৰ কোটি কোটি দৰিদ্ৰ মহিলাৰ বাবে আৱশ্যকীয় এক যোজনাৰ শুভাৰম্ভ কৰিবলৈ আগবাঢ়িছো।
ভাতৃ-ভগ্নীসকল, এই যোজনাৰ নাম সকলো ঘৰতে প্ৰধানমন্ত্ৰী সহজ বিজুলী যোজনা, অৰ্থাৎ, সৌভাগ্য যোজনা।
বন্ধুসকল, স্বাধীনতাৰ ৭০ বছৰৰ পিছতো আমাৰ দেশত ৪ কোটিতকৈও অধিক ঘৰ এনে আছে, য’ত বিজুলী নাই। ভাৰতৰ মুঠ ২৫ কোটি ঘৰৰ ৪ কোটি অৰ্থাৎ, প্ৰায় ২৫ শতাংশ মানুহৰ ঘৰত বিজুলী সংযোগ নাই। আপুনি সেই ৪ কোটি ঘৰত থকা মানুহখিনিৰ জীৱনশৈলী কেনে হ’ব এবাৰ ভাৱি চাওক।তেওঁলোকে ইতিয়াও ১৮ শতিকাতে আছে।আপুনি কল্পনা কৰক আপোনাৰ জীৱনৰ পৰাও যদি বিজুলী নোহোৱা হৈ যায়, আপোনাৰ জীৱন কেনে হ’ব।বন্ধুসকল, মহান বিজ্ঞানী টমাছ এডিশ্যনে বাল্ব আৱিষ্কাৰ কৰা এশ পঁচিশ বছৰ পাৰ হৈ গ’ল।এডিশ্যনে কৈছিল যে আমি বিজুলীৰ দাম ইমানেই কম কৰিম যে কেৱল ধনীসকলেহে মমবাতি জ্বলাব।
আমাৰ সকলোৰে বাবে দুখৰ কথা যে আজিলৈকে দেশৰ ৪ কোটি ঘৰত বিজুলী সংযোগ নাই। সেই ঘৰবোৰত আজিও সন্ধ্যা লাগিলে ল’ৰা-ছোৱালীৰ পঢ়াত অসুবিধা হয়। ময়ো সৰুকালত লেমৰ পোহৰত পঢ়িছিলো।বয়সস্থসকলে বুজাইছিল যে মাটিচাকিৰ পোহৰত পঢ়িলে চকু বেয়া হয়, উশাহ লওঁতে কষ্ট হ’ব।সেয়ে মোৰ মনলৈ আহি থাকে সেই ৪ কোটি ঘৰৰ মানুহৰ অৱস্থা কেনে হ’ব।সুখ-সুবিধাৰ কথা বাদেই দিয়ক, সেই ঘৰসমূহৰ মহিলাই দিনতে পাকঘৰৰ কাম সামৰিবলগীয়া হয়।
ঘৰসমূহত পোহৰ নাই, বিজুলী সংযোগ নাই আৰু বাট-পথসমূহো আন্ধাৰ। আন্ধাৰত ঘৰৰ পৰা ওলোৱাত অসুবিধা।বিশেষকৈ মহিলাসকলে ঘৰতে আৱদ্ধ হৈ জীৱন কটায়।
আমাৰ যিসকলৰ ঘৰত বিজুলীৰ সুবিধা আছে, সেইসকল লোকে বিনা-বিজুলীৰ জীৱন কেনে হয়, সেয়া বুজি পোৱা দৰকাৰ।বিনা-বিজুলীৰ ঘৰ এখনত বিজুলী সংযোগ দিব পাৰিলে কেৱল ঘৰখনেই নহয়, মানুহৰ ভাগ্যও চমকি উঠে। সৌভাগ্যৰ উদয় হয়।
সকলো ঘৰতে প্ৰধানমন্ত্ৰী সহজ বিজুলী যোজনা, অৰ্থাৎ, সৌভাগ্য যোজনাৰ জৰিয়তে চৰকাৰে দেশৰ সকলো গাওঁ, চহৰ, বস্তি, দুৰ্গম অঞ্চল সকলোতে বিজুলী যোগানৰ সিদ্ধান্তৰে আগবাঢ়িছে।বিজুলীৰ বাবে কোনো দৰিদ্ৰ লোকে কোনোধৰণৰ শুল্ক আদায় দিব নালাগে।চৰকাৰে নিজে আহি দৰিদ্ৰৰ ঘৰত বিজুলী যোগানৰ ব্যৱস্থা কৰিব।
দেশৰ প্ৰতিঘৰতে ঘৰত বিজুলী যোগানৰ ব্যৱস্থা কৰিবৰ বাবে ১৬ হাজাৰ কোটিতকৈও অধিক খৰচ হ’ব। এই ১৬ হাজাৰ কোটি টকাৰ অধিক খৰচে বহুলোকৰ জীৱন পোহৰাই তুলিব।আমি সিদ্ধান্ত কৰিছো যে এই খৰচৰ বোজা কোনো দৰিদ্ৰই বহন কৰিব নালাগে।এই চৰকাৰ দৰিদ্ৰক সৌভাগ্য প্ৰদানৰ বাবে বদ্ধপৰিকৰ।
বন্ধুসকল, পণ্ডিত দীনদয়াল উপাধ্যায় জীয়ে কৈছিল, “আৰ্থিক যোজনা তথা আৰ্থিক প্ৰগতি সদায় সমাজৰ তলৰ স্তৰত থকা লোকসকলৰ পৰা জুখিব পাৰি।” অৰ্থাৎ, চৰকাৰৰ যোজনাসমূহৰ আধাৰ হ’ব লাগিব সমাজৰ দৰিদ্ৰ লোকসকল। আজি মই পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মজয়ন্তীত দেশৰ কোটি কোটি দৰিদ্ৰ লোকৰ সপোন পূৰ কৰিব পৰা ইমান ডাঙৰ যোজনা এটাৰ শুভাৰম্ভ কৰিবলৈ পাই নথৈ সুখী হৈছো।
বিজুলী নোহোৱা ঘৰ এখনৰ মহিলা তথা শিশুসকলৰ হ’বপৰা অসুবিধাসমূহৰ কথা অনুধাৱন কৰিয়েই চৰকাৰে ১৮ হাজাৰ গাৱঁলৈ বিজুলী যোগানৰ সিদ্ধান্ত লৈছে।মই এহেজাৰ দিনৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰিম বুলি লালকিল্লাত প্ৰতিজ্ঞা কৰিছো।
এই ১৮ হাজাৰ গাৱঁৰ ভিতৰত তিনিহাজাৰকৈও কম গাওঁ বাকী আছে য’ত এতিয়ালৈ বিজুলী যোগান সম্ভৱ হোৱা নাই।নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত সেই কাম সম্পূৰ্ণ হ’ব।
ভাতৃ-ভগ্নীসকল, মোৰ মনত আছে, মই প্ৰধানমন্ত্ৰী হোৱাৰ পিছতেই উৰ্জা বিভাগৰ লগত প্ৰথমখন বৈঠকত তেওঁলোকে মোক কৈছিল যে এই কাম কৰোঁতে কেইবাবছৰো লাগিব।কিন্তু মনত ভাৱি ল’লে নোহোৱাৰ কথাই নাই।মই এহেজাৰ দিনৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰিম বুলি লালকিল্লাৰ পৰা ঘোষণা কৰি দিলো। বিষয়াসকলে সাহস পালে আৰু আজি দেখিছো, তেওঁলোকে কাম সুন্দৰকৈ সমাপন কৰিছে।
ভাতৃ-ভগ্নীসকল, নতুন ভাৰতত সকলো ঘৰতে বিজুলী সংযোগ থাকিব।সকলো ঘৰতে প্ৰধানমন্ত্ৰী সহজ বিজুলী যোজনা, অৰ্থাৎ, সৌভাগ্য যোজনা চৰকাৰৰ ইচ্ছাশক্তি আৰু দেশত শক্তিক্ষেত্ৰত অহা বিপ্লৱৰ উদাহৰণ। বিজুলী সংকট দূৰ নকৰাকৈ, ব্যৱস্থাৰ সংস্কাৰ নোহোৱাকৈ, পুৰণি ব্যৱস্থাৰ আধুনিকীকৰণ নোহোৱাকৈ এনে যোজনা আৰম্ভ কৰিব নোৱাৰি। পুৰণি নিয়মত কাম নহয়। নতুন গতি ল’বই লাগিব।
দেশৰ মানুহে টিভিৰ ডাঙৰ ডাঙৰ ব্ৰেকিং নিউজবোৰ পাহৰিব নোৱাৰে। দেশত কেৱল এদিনৰ বাবেহে কয়লা মজুত আছে।বিজুলী সংকটে দেখা দিছিল।এয়া বহু পুৰণি কথা নহয়, কেৱল যোৱা দশকৰ কথা।আমাৰ আগৰ চৰকাৰৰ দিনতে সেইবোৰ হৈছিল।
এতিয়া আপোনালোকে মন কৰক, এনে ব্ৰেকিং নিউজ নেদেখা কিমান দিন হ’ল। বন্ধুসকল, দেশত বিজুলী সংকট নোহোৱা হ’ল, এতিয়া অপৰ্যাপ্ত পৰিমাণত বিজুলী আছে। কয়লা অপৰ্যাপ্ত পৰিমাণত আছে।আৰু এয়া কোনো কূটনীতিৰ ফলত সম্ভৱ হোৱা নাই। সম্ভৱ হৈছে, নতুন চিন্তা আৰু আগ্ৰহৰ ফলত।
দেশৰ বিজুলী ব্যৱস্থাৰ সংস্কাৰৰ বাবে, উৎপাদন, পৰিবহণ, বিতৰণ আৰু সংযোগ- এই চাৰিটা দিশত একেলগে কাম কৰি থকা হৈছে।
সেয়ে আমি চৰকাৰৰ দায়িত্ব লোৱা পিছতেই পোনপ্ৰথমে উৎপাদন বৃদ্ধি কৰিবলৈ দিয়া হ’ল। সৌৰ শক্তি, পানী, কয়লা সকলো দিশতে মনোযোগ দিয়া হ’ল।
১.বন্ধুসকল, ২০১৫ চনত আমি কয়লা খনিসমূহৰ ৰিভাৰ্ছ-নিলামৰ ব্যৱস্থা কৰিছিলো। ২০০৯ চনৰপৰা ২০১৪ লৈকে পাঁচবছৰত কয়লাৰ উৎপাদন কেৱল ৩৪ মিলিয়ন টন বাঢ়িছিল যিটো পিছৰ তিনিবছৰত ৯৩ মিলিয়ন টন বাঢ়ি বছৰি উৎপাদন ৬৫৯ মিলিয়ন টন হ’ল।
২.বন্ধুসকল, যি কয়লা নিলামৰ ক্ষেত্ৰত কোটি কোটি টকাৰ কেলেঙ্কাৰী হৈছিল সেই কয়লা নিলামৰ ক্ষেত্ৰতে এক আধুনিক আৰু পাৰদৰ্শী ব্যৱস্থা আমাৰ চৰকাৰে কৰি দেখুৱালে। এই চৰকাৰে সুলভ বিজুলী উৎপাদনৰ ক্ষেত্ৰতো কাম কৰি আছে।
৩.যোৱা তিনি বছৰত আমাৰ চৰকাৰৰ প্ৰচেষ্টাত প্ৰতিষ্ঠাপিত শক্তিৰ ক্ষমতা ৬০ হাজাৰ মেগাৱাট, অৰ্থাৎ, ৬০ শতাংশ বৃদ্ধি কৰিছে যি লক্ষ্যতকৈ ১২ শতাংশ বেছি।
৪.বন্ধুসকল, ভাৰতৰ শক্তি সুৰক্ষিত কৰাৰ বাবে আমি স্বচ্ছ শক্তিক অগ্ৰাধিকাৰ দিবলৈ চেষ্টা কৰিছো। সেয়ে চৰকাৰে ২০২২ চনৰ ভিতৰত ১৭৫ গিগাৱাট স্বচ্ছ শক্তি উৎপাদনৰ লক্ষ্য স্থিৰ কৰিছে।
৫.সেই লক্ষ্যৰে আগুৱাই গৈ ভাৰতে পুনঃনৱীকৃত শক্তি প্ৰায় দুগুণ কৰিছে যি ২৭ হাজাৰ গিগাৱাটতকৈও অধিক ক্ষমতা প্ৰদান কৰিছে।
৬.পুনঃনৱীকৃত শক্তিৰ ক্ষেত্ৰত প্ৰতিযোগিতাক প্ৰাধান্য দি চৰকাৰে দেশত ইয়াৰ প্ৰয়োগ বৃদ্ধিৰ প্ৰচেষ্টা কৰিছে। সেয়ে ২০১৬-১৭ বৰ্ষৰ বাজেটত সৌৰশক্তিৰ দাম ২ টকা ৪৪ পইচা, বায়ুশক্তিৰ দাম ৩ টকা ৪২ পইচা ধাৰ্য কৰা হৈছে।মোৰ মনত আছে, যেতিয়া মই গুজৰাটত আছিলো, ভাৰত চৰকাৰে তেতিয়া সৌৰশক্তিৰ দাম ১৯ টকা ধাৰ্য কৰিছিলে। তেতিয়া মই তাত ১৩ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিছিলো। ভাৰতত সৌৰশক্তিৰ আঁচনি তৈয়াৰ কৰা গুজৰাট প্ৰথমখন ৰাজ্য।তেতিয়া আমাৰ মানুহে ভয় খাইছিল।
বন্ধুসকল, চৰকাৰে বিজুলীৰ সৰবৰাহৰ ক্ষেত্ৰত বিনিয়োগ যথেষ্ট পৰিমাণে বৃদ্ধি কৰিছে। অতি ক্ষীপ্ৰতাৰে এই ক্ষেত্ৰত উন্নতি হৈছে। যোৱা তিনি বছৰত ডেৰ লাখ কোটি টকাৰ প্ৰকল্পত কাম কৰা হৈছে। এয়া আগৰ চৰকাৰৰ শেষৰ তিনিবছৰৰ তুলনাত ৮৩ শতাংশ বেছি।আমাৰ চৰকাৰৰ উদ্দেশ্য হৈছে ১২ শতাংশতকৈ বেছি ট্ৰান্সমিশ্যন লাইন বহুৱাব।
ইয়াৰ কাৰণে আজি দেশত সুৰক্ষিত আৰু সন্তুলিত গ্ৰীড উপলব্ধ হোৱাই নহয়, আমি এক ৰাষ্ট্ৰ, এক গ্ৰীড, এক দামৰ লক্ষ্যতো উপনীত হৈছো।
বন্ধুসকল, বছৰ বছৰ ধৰি দেশৰ বায়ুশক্তি খণ্ডক উপেক্ষা কৰি অহাৰ বাবে সেইটো খণ্ড অতি দুৰ্বল আছিল। শক্তি বিতৰণ কোম্পানীবোৰেও অতিৰিক্ত ইউনিটত লোকচান ভৰি আছিল।
এই দুৰ্বলতা আঁতৰাবৰ বাবে আৰু শক্তি বিতৰণ খণ্ডক শক্তিশালী কৰিবৰ বাবে ২০১৫ চনত চৰকাৰে উদয় যোজনা আৰম্ভ কৰিলে।ইয়াৰ উদ্দেশ্য আছিল শক্তি বিতৰণৰ লগত জড়িত কোম্পানীবোৰক প্ৰশাসনিক তথা বিত্তীয় পৰিচালনাত সহযোগ আগবঢ়োৱা।
আজি তিনিবছৰৰ নিৰৱচ্ছিন্ন প্ৰয়াসৰ পিছত শক্তি বিতৰণ কোম্পানীবোৰৰ ক্ষেত্ৰত পৰিৱৰ্তন পৰিলক্ষিত হৈছে।ইয়াৰ ফলতে শক্তি বিতৰণ কোম্পানীবোৰে ২০১৭ চনৰ আগষ্টৰ ভিতৰত প্ৰায় ২৩,৫০০০ কোটি টকা ৰাহি কৰিছে।
বন্ধুসকল, এইখন চৰকাৰে গাওঁ আৰু চহৰসমূহত শক্তি বিতৰণ ব্যৱস্থাক শক্তিশালী কৰিবলৈও পদক্ষেপ লৈছে, তাৰবাবে ডাঙৰ ডাঙৰ যোজনা প্ৰস্তুত কৰিছে।
গাওঁসমূহত দীনদয়াল উপাধ্যায় গ্ৰামজ্যোতি যোজনা চলি আছে আৰু চহৰসমূহত সংহত শক্তি উন্নয়ন আঁচনি চলি আছে।দুয়োটা যোজনাৰ বাবে ৬৯ হাজাৰ কোটি টকাৰ অনুমোদন দিয়া হৈছে।অতি ক্ষীপ্ৰতাৰে এই দুয়োটা যোজনাৰ কাম চলি আছে।কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহক শক্তি বিতৰণৰ বাবে ২২ হাজাৰ কোটি টকা উপলব্ধ কৰাইছে।
ভাতৃ-ভগ্নীসকল, সমগ্ৰ দেশতে শক্তি বিতৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে যেনে ধৰণৰ পদক্ষেপ লৈছে তাৰ পোনপটীয়া প্ৰভাৱ ব্যৱসায় সহজ কৰাৰ লক্ষ্যৰ ওপৰত পৰিছে। ২০১৫ চনত ভাৰত এই ক্ষেত্ৰত ৯৯ নং স্থানত আছিল আৰু আজি ২৬ নং স্থানলৈ আগবাঢ়িল।
শক্তি খণ্ডত ভাৰতৰ কামৰ ক্ষেত্ৰত এক আন্তঃৰাষ্ট্ৰীয় সংস্থাই স্থান দিছে।যোৱাবছৰ নাছাই মহাকাশৰ পৰা ভাৰতৰ এখন ফটো লৈছিল, য’ত ভাৰত জিলিকি আছিল। ২০১২ চনত লোৱা তেনে এখন আলোকচিত্ৰতে ভাৰত অন্ধকাৰত নিমজ্জিত হৈ আছিল। এই চৰকাৰে শক্তি খণ্ডক শক্তিশালী কৰাৰ লগতে আধুনিক উপায়েৰে ইয়াক ৰাহি কৰাৰ ক্ষেত্ৰতো মনোযোগ দিছে।
চৰকাৰে এল ই ডি বাল্ব বিতৰণ কৰিছে।২০১৪ চনত এল ই ডি বাল্বৰ দাম ৩১০ টকা হোৱাৰ বিপৰীতে ২০১৭ চনৰ ছেপ্তেম্বৰত ইয়াৰ দাম ৪০ টকালৈ হ্ৰাস হৈছে। উজ্জলা যোজনাৰ অধীনত দেশত ২৬ কোটি এল ই ডি বাল্ব বিতৰণ কৰা হৈছে।ইয়াৰ ফলত বিজুলীৰ বিলত ১৩ হাজাৰ ৭০০ কোটি টকাৰ ৰাহি হৈছে। ইয়াৰ মানে কিমান মেগাৱাট বিজুলীৰ ৰাহি হৈছে সেয়া আপোনালোকে নিজেই অনুমান কৰি চাব পাৰে।
ইয়াৰ উপৰিও চৰকাৰে বিজুলীৰ ৰাহি কৰিব পৰা প্ৰায় ১৩ লাখ পাংখা আৰু ৩৩ লাখতকৈও অধিক টিউৱলাইট বিতৰণ কৰিছে।বিশ্বৰ ভিতৰতে বিশাল এক কাৰ্যক্ৰমৰ অধীনত ৩৩ লাখ ৬০ হাজাৰতকৈও অধিক এল ই ডি ষ্ট্ৰীট লাইট প্ৰতিষ্ঠাপন কৰা হৈছে।
বন্ধুসকল, পাৰদৰ্শিতাৰে কাম কৰা আৰু জনতাৰ আগত জবাবদিহী হৈ থকাটো এইখন চৰকাৰৰ প্ৰধান লক্ষ্য। দেশৰ সাধাৰণ জনতা, দৰিদ্ৰ তথা দেশৰ সকলো উপভোক্তাই সকলো ক্ষেত্ৰতে অগ্ৰাধিকাৰ লাভ কৰিব লাগিব।তেওঁলোকৰ পৰা আমি সকলো স্তৰতে পৰামৰ্শ লওঁ, তেওঁলোকক সকলো কথা জনাওঁ।
বন্ধুসকল, আমাৰ অৰ্থব্যৱস্থাৰ বিস্তাৰলৈ লক্ষ্য কৰিলে দেখিব যে আমাৰ শক্তিৰ চাহিদা অনাগত দিনবোৰত অধিক হ’ব।সেয়ে আমি এক সামঞ্জস্য ৰক্ষা কৰি চলিব লাগিব।
নতুন ভাৰতত আমাক এক শক্তি ফ্ৰে’মৱৰ্ক লাগিব। তাৰ ওপৰতে নিৰ্ভৰ কৰিব ঘৰুৱা যোগান বঢ়াব পৰা যাব।
বন্ধুসকল,যোৱা তিনি বছৰত তেল আৰু গেছ ক্ষেত্ৰখনত সংস্কাৰ সাধন কৰি কেইবাটাও গ্ৰাহক কেন্দ্ৰিক পদক্ষেপ লোৱা হ’ল।প্ৰধানমন্ত্ৰী উজ্বলা যোজনা, এল পি জিৰ ৰাজসাহাৰ্যক পোনপটীয়াকৈ প্ৰদান কৰা ইত্যাদি।ইয়াৰ উপৰিও নীতিগতভাৱেও কেইবাটাও নতুন নীতি প্ৰস্তুত কৰা হ’ল।
ভাতৃ-ভগ্নীসকল, চৰকাৰ পৰিৱেশ সুৰক্ষাৰ দিশত সম্পূৰ্ণৰূপে সংবেদনশীল। সেয়ে পেট্ৰ’লত ইথানল মিলোৱা, জৈৱ ডিজেলৰ লগত জড়িত যোজনা আদি কামত মনোনিৱেশ কৰিছে।
ভৱিষ্যতে দেশত শক্তিৰ প্ৰয়োজনীয়তা সুৰক্ষিত কৰিবৰ বাবে তেল উৎপাদন কৰা ডাঙৰ ডাঙৰ দেশসমূহৰ লগতো সম্পৰ্ক শক্তিশালী কৰিছে।পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ জৰিয়তে এনে কেইবাটাও বৈদেশিক সহযোগিতা গঢ়ি উঠিছে।
চৰকাৰৰ কৰ্মসংস্কৃতিৰ পৰিৱৰ্তনৰ ফলত আজি সম্পূৰ্ণ শক্তি খণ্ডই সলনি হৈছে। দেশৰ দুৰ্গম অঞ্চলত থকা লোকসকলে আজি পোহৰ দেখিবলৈ পাইছে, গেছৰ সংযোগ পাইছে, তেওঁলোকৰ জীৱনশৈলী উন্নত হৈছে। মই আশা কৰিছো যে উজ্বলা যোজনাৰ দৰেই সৌভাগ্য যোজনাইও বিশেষকৈ মহিলাসকলৰ ভাগ্য উদয় কৰিব। ইয়াৰ ফলত আমাৰ সমাজৰ এক ডাঙৰ আন্দোলনৰ অন্ত পৰিব।
দৰিদ্ৰৰ জীৱনলৈ পৰিৱৰ্তন আনিবলৈ, তেওঁলোকৰ জীৱনৰ আন্ধাৰ নোহোৱা কৰিবলৈ লোৱা এই পদক্ষেপৰ বাবে মই দেশক বহুত শুভকামনা যাচিছোঁ।
অলপ আগতে ধৰ্মেন্দ্ৰ জীয়ে নিজৰ ভাষণত কৈছিল যে অ’এন জি চিয়ে ষ্টাৰ্ট আপৰ কাৰণে ১০০ কোটিটকীয়া যোজনা তৈয়াৰ কৰিছে। মই আজি এক প্ৰত্যাহ্বান আপোনালোকৰ আগত ৰাখিব খুজিছো, আৰু মোৰ বিশ্বাস যে আপোনালোকে সেয়া কৰি দেখুৱাব। শক্তি ৰাহিৰ বাবে সমগ্ৰ বিশ্বই এতিয়া ইলেক্ট্ৰিক গাড়ীৰ প্ৰতি মনোযোগ দিছে। মই বিচাৰিছো যে অ’এন জি চিয়ে এই পদক্ষেপ লওক আৰু দেশৰ যুৱশক্তিক আহ্বান জনাওক। আমি এনে সৰল ব্যৱহাৰযোগ্য সামগ্ৰীসমূহ জনপ্ৰিয় কৰি তুলিবলৈ যত্ন কৰিব লাগে।বন্ধুসকল, বহুত বহুত ধন্যবাদ। মোৰ বিশ্বাস যে এই উত্তম ভৱনত উত্তম কাম হ’ব। বহুত বহুত শুভকামনা থাকিল।
***
अतुल तिवारी / हिमांशु सिंह / ममता /PRK
आज एक तरह से देखें तो यहाँ पर अध्यात्म, आस्था और आधुनिक तकनीक, तीनों ही क्षेत्र ऊर्जा से जगमग हैं, रोशन हैं: PM @narendramodi
— PMO India (@PMOIndia) September 25, 2017
A Government dedicated to Garib Kalyan. https://t.co/JzO0WOWtJ8 pic.twitter.com/zbABzEifyY
— PMO India (@PMOIndia) September 25, 2017
In the working of the Government, all you can see is Garib Kalyan. #Saubhagya pic.twitter.com/PMl2Vf7HTM
— PMO India (@PMOIndia) September 25, 2017
The aspirations of the poor determine the working of our Government. #Saubhagya pic.twitter.com/9Mdt5rVe22
— PMO India (@PMOIndia) September 25, 2017
We care about those families who do not have access to electricity. #Saubhagya pic.twitter.com/kKgwBQbucB
— PMO India (@PMOIndia) September 25, 2017
Brightening lives through #Saubhagya Yojana. pic.twitter.com/H73sUEuk0w
— PMO India (@PMOIndia) September 25, 2017
Rs. 16,000 crore will be spent to bring a monumental change in the lives of the poor: PM @narendramodi at the launch of #Saubhagya Yojana
— PMO India (@PMOIndia) September 25, 2017
Electricity connection in every home. #Saubhagya pic.twitter.com/2piFzrfUGo
— PMO India (@PMOIndia) September 25, 2017
#Saubhagya is due to the three years reforms in the power sector: PM @narendramodi https://t.co/JzO0WOWtJ8
— PMO India (@PMOIndia) September 25, 2017
From 'Bijli Sankat' we are moving to 'Bijli Surplus': PM @narendramodi pic.twitter.com/DwBKVk7PNc
— PMO India (@PMOIndia) September 25, 2017
जिस कोयले की नीलामी में करोड़ों का घोटाला हुआ था, उसी कोयले की नीलामी की एक पारदर्शी और आधुनिक व्यवस्था इस सरकार ने देश को दी है: PM
— PMO India (@PMOIndia) September 25, 2017
बिजली के क्षेत्र में सुलभ, सस्ती, स्वच्छ, सुनियोजित, सुनिश्चित एवं सुरक्षित बिजली उपलब्ध कराने के 6 मूलभूत सिद्धांतों पर काम कर रही है: PM
— PMO India (@PMOIndia) September 25, 2017
Rise in installed power capacity. #Saubhagya pic.twitter.com/XIfKyfHMTp
— PMO India (@PMOIndia) September 25, 2017
Harnessing clean energy. #Saubhagya pic.twitter.com/0CZyMzhfZN
— PMO India (@PMOIndia) September 25, 2017
Quick work is happening on Gram Jyoti Yojana and IPDS in rural and urban areas respectively: PM @narendramodi #Saubhagya
— PMO India (@PMOIndia) September 25, 2017
Focus on equity, efficiency and sustainability. #Saubhagya pic.twitter.com/CteAuebZxy
— PMO India (@PMOIndia) September 25, 2017
#Saubhagya Yojana will help Nari Shakti. pic.twitter.com/wDE42OdZPt
— PMO India (@PMOIndia) September 25, 2017