পি এম ইণ্ডিয়া
স্বাধীনতা দিৱস উপলক্ষ্যে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীলৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ উল্লেখ কৰে যে এই জাতীয় উৎসৱে আমাৰ সাহসী স্বাধীনতা সংগ্ৰামীসকলৰ অবিশ্বাস্য সাহস, অক্লান্ত সংগ্ৰাম আৰু মাতৃভূমিৰ প্ৰতি থকা অতুলনীয় সমৰ্পণৰ এক মৰ্মস্পৰ্শী সোঁৱৰণী হিচাপে কাম কৰে, যিয়ে ঔপনিৱেশিক শাসনৰ অন্ত নিশ্চিত কৰিছিল।
প্ৰধানমন্ত্ৰীয়ে পৰ্যবেক্ষণ কৰে যে তেওঁলোকৰ সপোনবোৰে আমাক অনুপ্ৰাণিত কৰি আহিছে। এখন বিকশিত ভাৰতৰ সংকল্প বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত নাগৰিকসকলক তেওঁলোকৰ আদৰ্শ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
শ্ৰী মোদীয়ে আলোকপাত কৰে যে ১৪০ কোটি ভাৰতীয়ৰ দ্বাৰা পৰিচালিত আমাৰ দেশখনে বিভিন্ন খণ্ডত অগ্ৰগতিৰ নতুন উচ্চতাত উপনীত হৈছে। আগন্তুক সময়ত এই উন্নয়নমূলক যাত্ৰা আৰু অধিক গতিৰে আগবাঢ়ি যাব বুলি তেওঁ আশা প্ৰকাশ কৰে।
এক্সত দিয়া এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছে-
“স্বাধীনতা দিৱস উপলক্ষে উষ্ম শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”
আমি কৃতজ্ঞতাৰে মনত পেলাইছো সেই অগণন স্বাধীনতা সংগ্ৰামীসকলক, যাৰ সাহস, ত্যাগ আৰু অটল দায়বদ্ধতাই ঔপনিৱেশিক শাসনৰ অন্ত নিশ্চিত কৰিছিল। তেওঁলোকৰ সপোনবোৰে আমাক এখন বিকশিত ভাৰত নিৰ্মাণৰ দিশত অনুপ্ৰাণিত কৰি আহিছে।
১৪০ কোটি ভাৰতীয়ৰ দ্বাৰা চালিত আমাৰ দেশে বিভিন্ন খণ্ডত অগ্ৰগতিৰ নতুন উচ্চতা লাভ কৰিছে। আগন্তুক সময়ত এই যাত্ৰা আৰু অধিক গতিৰে আগবাঢ়ি যাওক।
দেশবাসীলৈ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
এই জাতীয় উৎসৱে আমাক দেশৰ বীৰসকলে দেখুওৱা অসাধাৰণ সাহস, অক্লান্ত সংগ্ৰাম, মাতৃভূমিৰ প্ৰতি অতুলনীয় সমৰ্পণৰ কথা মনত পেলাই দিয়ে।
আহক আমি তেওঁলোকৰ আদৰ্শক আঁকোৱালি লওঁ আৰু এখন বিকশিত ভাৰতৰ সংকল্প গ্ৰহণ কৰোঁ।
Warm greetings on the occasion of Independence Day.
We remember with gratitude the countless freedom fighters whose courage, sacrifice and unwavering commitment ensured the end of colonial rule. Their dreams continue to inspire us as we work together to build a Viksit Bharat.…
— Narendra Modi (@narendramodi) August 15, 2026
***
MJPS/SS/PRK/DM