Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

স্বৰ্গীয় শ্ৰীমতী সুষমা স্বৰাজৰ সোঁৱৰণী প্ৰাৰ্থনা সভাত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী তথা দেশৰ সবাতোকৈ সন্মানীয় নেত্ৰী শ্ৰীমতী সুষমা স্বৰাজৰ সোঁৱৰণত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি সভাত অংশগ্ৰহণ কৰে৷ তেওঁ শ্ৰীমতী সুষমা স্বৰাজে ভাৰতৰ বাবে কায়মনোবাক্যে সেৱা প্ৰদান কৰা বুলি মন্তব্য কৰি তেওঁৰ ৰাজহুৱা জীৱনৰ বিভিন্ন কথা উল্লেখ কৰে৷

তেওঁৰ সৈতে কাম কৰা ব্যক্তিসকল আশীৰ্বাদপুষ্ট হৈছিল

সুষমাজীৰ অৱদানসমূহ সোঁৱৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আমি তেওঁৰ সান্নিধ্যলৈ আহি আশীৰ্বাদপুষ্ট হৈছিলো৷ তেওঁ কয়, ‘‘সুষমাজী আছিল বহুমুখ্য ব্যক্তিত্বৰ লোক আৰু যিয়েই তেওঁৰ সৈতে কাম কৰিছিল, তেওঁ সুষমাজীৰ মহান ব্যক্তিত্ব অনুধাৱন কৰিবলৈ সমৰ্থ হৈছিল৷’’

শ্ৰীমতী সুষমা স্বৰাজজীয়ে প্ৰত্যাহ্বানৰ মুখামুখি হবলৈ কেতিয়াও পিছ হোঁহকা নাছিল

প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰীমতী সুষমা স্বৰাজজীয়ে প্ৰত্যাহ্বানৰ মুখামুখি হবলৈ কেতিয়াও পিছ হোঁহকা নাছিল৷ ১৯৯৯ চনত বেলাৰী লোকসভা সমষ্টিত প্ৰতিদ্বন্ধীতা কৰাৰ তেওঁৰ সিদ্ধান্তৰ বিষয়ে সোঁৱৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘মোৰ মনত আছে, ভেংকয়া নাইডুজী আৰু মই সুষমাজীৰ কাষলৈ গৈ তেওঁক কৰ্ণাটকৰ পৰা নিৰ্বাচন খেলাৰ বাবে অনুৰোধ কৰিছিলো৷ ফলাফল আছিল প্ৰত্যাশিত কিন্ত তেওঁ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ কেতিয়াও পিছ হোঁহকা নাছিল৷’’

প্ৰধানমন্ত্ৰীয়ে শ্ৰীমতী সুষমা স্বৰাজজীক বাগ্মী বুলি অভিহিত কৰি তেওঁৰ ভাষণসমূহ প্ৰভাৱশালী হোৱাৰ লগতে প্ৰেৰণাদায়ক আছিল বুলিও মন্তব্য কৰে৷

শ্ৰীমতী সুষমা স্বৰাজজীয়ে এম ই এক প্ৰটলতকৈ জন অনুকূল কৰি তুলিছিল

ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে কয় যে যিকোনো মন্ত্ৰালয় সম্পৰ্কীয় কামত শ্ৰীমতী সুষমা স্বৰাজজীয়ে কৰ্ম সংস্কৃতিৰ নমুনা দাঙি ধৰিবলৈ সক্ষম হৈছিল৷ ‘‘পৰম্পৰাগতভাৱে এম ই এ প্ৰটলৰ সৈতে জড়িত হলেও সুষমাজীয়ে ইয়াক জন অনুকূল কৰি তুলিবলৈ সক্ষম হৈছিল,’’ প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

শ্ৰীমতী সুষমা স্বৰাজজীৰ সময়ত পাছপোৰ্ট কাৰ্যালয়ৰ সংখ্যা উল্লেখযোগ্য ধৰণে বৃদ্ধি হৈছিল

শ্ৰীমতী সুষমা স্বৰাজজী যোৱা পাঁচ বছৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হৈ থকাৰ সময়ত পাছপোৰ্ট কাৰ্যালয়ৰ সংখ্যা উল্লেখযোগ্য ধৰণে বৃদ্ধি হৈছিল বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে৷

হাৰিয়ানী উচ্চাৰণ

প্ৰধানমন্ত্ৰীয়ে কয় যে, শ্ৰীমতী সুষমা স্বৰাজজীৰ বিষয়ে বহু কম মানুহে জানে যে তেওঁৰ উচ্চাৰণসমূহত হাৰিয়ানাৰ ঘ্ৰাণ আছিল৷ তেওঁ কয়, ‘‘আমি ৰাজনৈতিকভাৱে উপযুক্ত শব্দ উচ্চাৰণ কৰোঁ কিন্তু সুষমাজী আছিল পৃথক৷ তেওঁ নিজৰ মনৰ কথা কবলৈ সংকোচবোধ কৰা নাছিল আৰু উদ্দাত্ত কণ্ঠেৰে নিজৰ বক্তব্য প্ৰদান কৰিছিল৷ এয়াই আছিল তেওঁৰ বিশেষত্ব৷’’

শ্ৰীমতী সুষমা স্বৰাজজীয়ে আনকি প্ৰধানমন্ত্ৰীয়ে কি কৰিব লাগে তাকো কৈছিল

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত প্ৰধানমন্ত্ৰীৰ প্ৰথম বক্তৃতা প্ৰদানৰ ঘটনা সোঁৱৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সেই সময়ত শ্ৰীমতী সুষমা স্বৰাজজীয়ে তেওঁ কি কৰিব লাগে সেই বিষয়ে নিৰ্দেশনা প্ৰদান কৰিছিল৷ ৰাষ্ট্ৰসংঘত ভাষণ প্ৰদানৰ প্ৰস্তুতিৰ বাবে নিশাটোৰ ভিতৰতে শ্ৰীমতী সুষমা স্বৰাজজীয়ে তেওঁক সহায় কৰিছিল৷

বাঁসুৰীত শ্ৰীমতী সুষমা স্বৰাজজীৰ প্ৰতিচ্ছবি প্ৰতিফলিত হয়ঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে বাঁসুৰীত শ্ৰীমতী সুষমা স্বৰাজজীৰ প্ৰতিচ্ছবি প্ৰতিফলিত হোৱা বুলি অভিহিত কৰি তেওঁৰ প্ৰয়াসসমূহক প্ৰশংসা কৰে৷

প্ৰধানমন্ত্ৰীয়ে স্বৰ্গীয় শ্ৰীমতী সুষমা স্বৰাজজীৰ স্বামী স্বৰাজ কৌশলজী আৰু জীয়েক বাঁসুৰীৰ সন্মুখত নিজৰ শোক প্ৰকাশ কৰে৷

উল্লেখ্য, শ্ৰদ্ধাঞ্জলি সভাত উপস্থিত আছিল অৱধেষানন্দ গিৰি মহাৰাজ, প্ৰাক্তন মন্ত্ৰী দীনেশ ত্ৰিৱেদী, সাংসদ পিনাকী মিশ্ৰ, মন্ত্ৰী শ্ৰী ৰামবিলাস পাছোৱান, সাংসদ সতীশ চন্দ্ৰ মিশ্ৰ, সাংসদ ৰাজীৱ ৰঞ্জন, সাংসদ তিৰুচি শিৱা, সাংসদ এ. নৱনীতকৃষ্ণণ, সাংসদ নাম্মা নাগেশ্বৰা ৰাও, প্ৰাক্তন সাংসদ শৰদ যাদৱ, মন্ত্ৰী অৰৱিন্দ সাৱন্ত, সাংসদ প্ৰেমচন্দ গুপ্তা, সাংসদ সুখবীৰ সিং বাদল, সাংসদ অনুপ্ৰিয়া পেটেল, সাংসদ আনন্দ শৰ্মা, গৃহ মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ডঃ কৃষ্ণ গোপাল আৰু শ্ৰী জে পি নাড্ডা প্ৰমুখ্যে ব্যক্তিসকল৷ 

*****

 

VRRK/VJ/SBP/MANN