পি এম ইণ্ডিয়া
দেশৰ বিভিন্ন প্ৰান্তৰৰ পৰা ৰাতি আঠ, চাৰে আঠ বজাতো দেশৰ উন্নতিৰ বাবে মোৰ দেশৰ যুৱপ্ৰজন্ম ইমান ডাঙৰ যজ্ঞত সন্মিলিত হৈছে, মোৰ দেশ পৰিৱৰ্তন হৈছে, আগবাঢ়িছে৷ দেশৰ বিভিন্ন কেন্দ্ৰত উপস্থিত মোৰ যুৱপ্ৰজন্মৰ বন্ধুসকলক শুভকামনা জনাইছোঁ৷ স্মাৰ্ট ইণ্ডিয়া হেকাথন, ইয়াৰ আয়োজনৰ বাবে মানৱ সংসাধন বিকাশ মন্ত্ৰী শ্ৰী প্ৰকাশ জাৱেদকাৰ আৰু তেওঁৰ দলক মই বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ৷
স্মাৰ্ট ইণ্ডিয়াৰ স্মাৰ্ট উদ্ভাৱকসকলৰ মাজলৈ অহাটো মোৰ বাবে সদায়েই সুখপ্ৰদ অভিজ্ঞতা৷ বিভিন্ন সমস্যাক প্ৰযুক্তিৰ জৰিয়তে সমাধান সন্ধান কৰাৰ যি প্ৰয়াস আপোনালোকে কৰি আছে, সেয়া অৱশ্যেই প্ৰশংসনীয়৷
বিগত কেইটামান ঘণ্টাজুৰি আপোনালোকে যি অভিযানত সংবদ্ধ হৈ আছে, কিন্তু মই মোৰ সন্মুখৰ স্ক্ৰীণত দেখা পাইছোঁ, আপোনালোকৰ উৎসাহ, উদ্দীপনা, এনেকুৱা লাগিছে যেন আপোনালোকৰ ভাগৰ লগা নাই৷ এনেকুৱা লাগিছে আপোনালোকক দেখি মোৰো ভাগৰ নাইকীয়া হৈ গৈছে৷ আজিৰ প্ৰজন্ম যেতিয়া ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে এইদৰে প্ৰয়াসত সংবদ্ধ হয়, তেতিয়া নিউ ইণ্ডিয়াৰ উদ্দেশ্য আৰু অধিক দৃঢ় হৈ পৰে৷
বন্ধুসকল, মই যোৱাবাৰৰো স্মাৰ্ট ইণ্ডিয়া হেকাথনত উপস্থিত আছিলোঁ৷ যেতিয়া মোক সোধা হ’ল যে আপুনি পুনৰ কেতিয়াকৈ আহিব, তেতিয়া মই ক’লো, যে কি নহয়, মই নিশ্চয় এই যুৱপ্ৰজন্মৰ সৈতে লগ হ’বলৈ বিচাৰিম, আপোলালোকৰ সৈতে লগ হ’ম, আপোনালোকৰ কথা শুনিম, আপোনালোকৰ পৰা কিব শিকিবলৈ প্ৰসায় কৰিম৷
যদি কোনোবাই ভাবি লয় যে তেওঁ সৰ্বজ্ঞানী, তেওঁ সকলো জানে, তেতিয়া মই ভাবোঁ যে ইয়াতকৈ ডাঙৰ ক্ৰুটি একো হ’ব নোৱাৰে৷ যদি কোনো চৰকাৰেও এয়া ভাবি লয় যে মনত বায়ু পূৰ্ণ কৰি মই বহি যাম, যি কৰিবলগীয়া আছে, চৰকাৰেহে কৰিব, চৰকাৰে অকনে নিজৰ দমত কৰিব, যদি চৰকাৰেও এয়া ভাবি লয় যে তেনেহ’লে মই ভাবোঁ যে এয়া চৰকাৰৰ আটাইতকৈ ডাঙৰ ভুল৷ আৰু সেইবাবে মই গুৰুত্ব প্ৰদান কৰোঁ অংশগ্ৰহণৰ ওপৰত, অংশগ্ৰহণ শাসনৰ ওপৰত৷
পৃথিৱীৰ যিকোনো প্ৰত্যাহ্বান এই দেশৰ ডেৰশ কোটি জনসাধাৰণৰ ইচ্ছাশক্তি আৰু শ্ৰমশক্তিতকৈ কেতিয়াও ডাঙৰ নহয়৷ য’ত ৬৫ শতাংশ জনসংখ্যাৰ বয়স ৩৫ বৰ্ষতকৈ কম হয়, য’ত ভৌগোলিক ভিন্নতা ব্যাপকতা ইমান বিশাল, সেই দেশৰ লোকে মনত বল বান্ধিলে কোনো লক্ষ্যই অসম্ভৱ নহয়৷
মই বিশেষকৈ যুৱপ্ৰজন্মৰ কথা ক’লে আপোনালোক সকলোৰে মাজত যি উৎসাহ, যি উদ্দীপনা মই নিউ ইণ্ডিয়াৰ বাবে দেখোঁ, সেয়াই মোৰ নিজৰ বিশ্বাস কেইবাগুণো বৃদ্ধি কৰে৷ হয়, আমি ২১ শতিকাত ভাৰতক সেই স্থানত উপনীত কৰিব পাৰিম, যাৰ বাবে হিন্দুস্তান অধিকাৰী হয়৷
এয়াই এক ডাঙৰ কাৰণ যাৰ বাবে মই যুৱ পেছাদাৰী, যুৱ চিইঅ’, যুৱ বিজ্ঞানী, যুৱ বুদ্ধিজীৱিসকলৰ সৈতে সাক্ষাৎ কৰাৰ কোনো অৱকাশেই পৰিত্যাগ নকৰোঁ৷ আপোনাৰ এই উৎসাহ, এই শক্তিয়েই নিউ ইণ্ডিয়াক বাস্তৱায়িত কৰাৰ সকলোতকৈ ডাঙৰ চালন শক্তি হয়৷
কিন্তু এয়াও এক প্ৰশ্ন যে নিউ ইণ্ডিয়াৰ এই পৰিৱৰ্তন কেৱল কিছু সীমিত প্ৰয়াসৰ দ্বাৰাহে সম্ভৱ নেকি? উত্তৰ হ’ব-নহয়৷ ইয়াৰ বাবে আৱশ্যক সমস্যাসমূহৰ গুৰিলৈ গৈ সমাধানৰ বাবে আউট-অব-বক্স নতুন নতুন প্ৰয়াস, নতুন নতুন পথ সন্ধান কৰাটো৷
আমাৰ চৰকাৰৰ এই প্ৰয়াসেই আমাক স্মাৰ্ট ইণ্ডিয়া হেকাথন পদক্ষেপলৈ লৈ আনিছে৷
মোক কোৱা হৈছে যে বিগত হেকাথনত যি প্ৰায় ৬০টা প্ৰকল্প চুড়ান্ত হৈছিল, তাৰে আধা সম্পূৰ্ণ হ’ব আৰু বাকীসমূহ অনাগত দুই-তিনিটা মাহত সম্পূৰ্ণ হৈ যাব৷
মই সুখী যে বিগত বৰ্ষত য’ত ৪০ হাজাৰতকৈ অধিক যুৱপ্ৰজন্মই ইয়াত অংশগ্ৰহণ কৰিছিল, এই বৰ্ষত এই সংখ্য বাঢ়ি গৈ ১ লাখতকৈ অধিক হৈ পৰিছে৷ এইটো বৰ্ষত কেন্দ্ৰ চৰকাৰে ২৭টা মন্ত্ৰালয়ৰ সৈতে ৰাজ্য চৰকাৰো এই হেকাথনৰ অংশ হৈছে৷ মোক কোৱা হৈছে যে হেকাথনত ছফটৱেৰ সংস্কৰণ সৈতে অনাগত কেইটামান মাহত হাৰ্ডৱেৰ সংস্কৰণো সংযোজিত কৰা হ’ব৷
এই প্ৰয়াসৰ বাবে আপোনালোক সকলো যুৱপ্ৰজন্ম আৰু বিভিন্ন মন্ত্ৰালয় তথা ৰাজ্যসমূহৰ চৰকাৰক অলেখ অভিনন্দন জ্ঞাপন কৰিছোঁ৷
মোক কোৱা হৈছে যে এইবাৰ বান ব্যৱস্থাপনা আৰু বনজুই সম্পৰ্কীয় বহুতো প্ৰত্যাহ্বানৰ সমাধান সন্ধান কৰা হ’ব৷ মোৰ বিশ্বাস যে প্ৰযুক্তিৰ দ্বাৰা পৰিৱৰ্তনৰ যি পথত আমি খোজ দিছোঁ সি আমাক নিশ্চয় লক্ষ্যত উপনীত কৰাব৷
বন্ধুসকল, In the era where knowledge is power, innovation is the driver of অৰ্থাৎ জ্ঞান আমাৰ বাবে শক্তিৰ দৰে কাম কৰে, কিন্তু সেই জ্ঞানক বিস্তাৰ কৰিবলৈ আমি যিমানেই উদ্ভাৱনমূলক হ’ম, সিমানেই দেশৰ বিকাশ অধিক হ’ব৷
যেতিয়া আমি উদ্ভাৱনৰ কথা কওঁ, এয়া কেৱল এক শব্দ নহয়৷ উদ্ভাৱন এক অনুষ্ঠান নহয় যে কিবা প্ৰতিযোগিতা হ’ল, বিচাৰক আহিল, পুৰস্কাৰ বিতৰণ হ’ল আৰু পিছত উদযাপন কৰাৰ পিছত নিজৰ নিজৰ ঘৰলৈ গুচি যোৱা হ’ল৷ উদ্ভাৱন এনে এক প্ৰক্ৰিয়া যি নিৰৱচ্ছিন্নভাৱে প্ৰবাহিত হয়৷ আপোনালোকে তেতিয়াহে উদ্ভাৱন কৰিব পাৰিব যেতিয়া আপোনালোকে সমস্যাসমূহ বুজি পাব, প্ৰশ্ন কৰিব, নতুন ধাৰণা সন্মুখত ৰাখিব আৰু পিছত সেই ধাৰণাসমূহ বাস্তৱায়িত কৰাৰ বাবে যথেষ্ট প্ৰয়াস কৰিব৷
সেইবাবে মই কওঁ- আই ত্ৰিপল পি (IPPP) ইয়াত আপোনালোক যিমানেই সংবদ্ধ হ’ব, আই ত্ৰিপল পি অৰ্থাৎ Innovate, Patent, Produce and Prosper৷ এয়া চাৰিটা জখলা য’ত বগাই আমাৰ দেশৰ বিকাশ অধিক ক্ষীপ্ৰতাৰে হ’ব পাৰে৷ যিমানেই আমি উদ্ভাৱন কৰিম, যিমান সোনকালে আমি সেই উদ্ভাৱনৰ পেটেণ্ট কৰিম, সেই উৎপাদনৰ পথ সহজ কৰিম, যিমান সোনকালে সেয়া আমি জনসাধাৰণৰ কাষলৈ লৈ যাম, সিমানেই উন্নতিও হ’ব৷
সেইবাবে আমাৰ চৰকাৰে নিৰন্তৰ উদ্ভাৱনসমূহক উৎসাহ প্ৰদান কৰে৷ অটল উদ্ভাৱন মিছন, এ আই এম- AIM ৰ জৰিয়তে দেশত উদ্ভাৱন তথা উদ্যমিতাৰ সংস্কৃতি সৃষ্টি কৰা হৈছে৷ আমাৰ লক্ষ্য এনেকুৱা এটা পৰিৱেশ তন্ত্ৰ নিৰ্মাণ কৰা য’ত শিক্ষাৰ্থীসকলক কম বয়সতেই প্ৰযুক্তিৰ সৈতে পৰিচিত কৰোৱা হ’ব৷ আমাৰ প্ৰয়াস যে Internet of Things, Artificial Intelligence, Block chain Technology, 3D আৰু Roboticsৰ অভিজ্ঞতা শিক্ষাৰ্থীসকলে প্ৰাপ্ত কৰাৰ বাবে অভিযান্ত্ৰিক মহাবিদ্যালয় পোৱাৰ বাবে যাতে অপেক্ষা কৰিব নালাগে৷
কম বয়সতেই উদ্ভাৱনৰ মনন শক্তি প্ৰস্তুতিৰ দিশত আমি সমগ্ৰ দেশত প্ৰায় ২৪০০ বিদ্যালয় চিনাক্ত কৰিছোঁ৷ ভৱিষ্যতে এই বিদ্যালয়ৰ সংখ্যা বৃদ্ধি কৰি আমাৰ চৰকাৰে ৩০ হাজাৰলৈ নিব বিচাৰিছে৷ অটল টিংকাৰিং লেবত ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক লক্ষ্য কৰি লোৱা হৈছে৷ এই লেবসমূহত শৈক্ষিক আৰু শিক্ষণৰ ধাৰণা বাস্তৱায়িত কৰি শিক্ষাৰ্থীসকলক আধুনিক প্ৰযুক্তিৰ সৈতে পৰিচিত কৰোৱা হ’ব৷
কিশোৰ বয়সত এবাৰ উদ্ভাৱনী মন প্ৰস্তুত হোৱাৰ পিছত, জানি লওক আপোনালোকৰ আধা কাম হৈ গ’ল৷ ইয়াৰ পিছত আহে গৱেষণাৰ পথ মজবুত কৰাৰ৷ আৰু সেইবাবে উচ্চ প্ৰযুক্তিগত শিক্ষাৰ অন্তৰ্গত গৱেষণাক উৎসাহিত কৰাৰ বাবে এক গুৰুকত্বপূৰ্ণ সিদ্ধান্ত এই বাজেটত গ্ৰহণ কৰা হৈছে৷
চৰকাৰে পিএমআৰএফ অৰ্থাৎ Prime Minister Research Fellowshipৰ ঘোষণা কৰিছে আৰু মই বিচাৰিম আপোনালোক সকলোৱে ইয়াৰ সুবিধা গ্ৰহণ কৰক৷ ইয়াৰ অন্তৰ্গত আইআইটি, আইআইএছচি, এনআইটিৰ দৰে সংস্থাসমূহত বি.টেক, এম.টেকৰ শ্ৰেষ্ঠ শিক্ষাৰ্থীক Prime Minister Fellowship প্ৰদান কৰা হ’ব৷ প্ৰত্যেক বৰ্ষত এহেজাৰ শিক্ষাৰ্থী ইয়াৰ বাবে বাচনি কৰা হ’ব৷ এই শিক্ষাৰ্থীসকলক পাঁচ বছৰলৈ প্ৰতি মাহে ৭০ৰ পৰা ৮০ হাজাৰ টকা পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব৷ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত তেওঁ নিজৰ পেপাৰ প্ৰদান কৰাৰ বাবে ২ লাখৰ গৱেষণা অনুদানো চৰকাৰৰ দ্বাৰা প্ৰদান কৰা হ’ব৷
বন্ধুসকল, দ্বিতীয় বিশ্বযুদ্ধৰ পিছত যিবোৰ দেশে ক্ষীপ্ৰতাৰে প্ৰগতি লাভ কৰিছে, সেইসমূহৰ ভিতৰত এটা সাদৃশ্যমূলক পৰিঘটনা আছিল৷ সেই দেশসমূহত উচ্চ শৈক্ষিক প্ৰতিষ্ঠানৰ বিকাশত অধিক গুৰুত্ব দিয়া হৈছিল, সেইসমূহক অগ্ৰাধিকাৰ দিয়া হৈছিল৷ বৃহৎ সংস্থাসমূহত হোৱা উদ্ভাৱন, অৰ্থনৈতিক উত্তৰণৰো ভেঁটি স্বৰূপ হয়৷
এই কাৰণেই চৰকাৰে দেশত উচ্চ শৈক্ষিক প্ৰতিষ্ঠানক অধিকতম ৰূপত স্বায়ত্ব প্ৰদানত গুৰুত্ব প্ৰদান কৰিছে৷ চৰকাৰে দেশত world class 20 Institutions Of Eminence নিৰ্মাণ কৰাৰ বাবেও কাম কৰি আছে৷ ইয়াৰ পৰা বাচনি কৰা ৰাজহুৱা ক্ষেত্ৰৰ ১০খন প্ৰতিষ্ঠানক ১০ হাজাৰ কোটি টকাৰ আৰ্থিক সাহায্য চৰকাৰৰ দ্বাৰা প্ৰদান কৰা হ’ব৷
এফালে আমি ভৱিষ্যতৰ বাবে পৰিৱেশ তন্ত্ৰৰ প্ৰস্তুতি কৰি আছোঁ, সেয়াই ষ্টাৰ্ট-আপ-ইণ্ডিয়াৰ দৰে আঁচনিৰ অন্তৰ্গত ষ্টাৰ্ট-আপ আৰু উদ্যমী প্ৰস্তুতিৰ কাম কৰি গৈ আছে৷ আপোনালোকক কওঁ যে যেতিয়াৰ পৰা এই আঁচনিত প্ৰৱৰ্তিত হৈছে তেতিয়াৰ পৰা ৬ হাজাৰ ষ্টাৰ্ট-আপক মঞ্জুৰী প্ৰদান কৰা হৈছে৷ এই ষ্টাৰ্ট-আপসমূহ চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰি আছে৷
বন্ধুসকল, উদ্ভাৱনৰ সংস্কৃতিৰ সৈতে বিশ্ব প্ৰত্যাহ্বানসমূহ পৰিলক্ষিত কৰি নিজকে নিৰ্মাণ কৰাও বহু আৱশ্যক৷ মোৰ মনত আছে যেতিয়া হালধী, নীম, বাচমতিৰ দৰে পেটেণ্টো অন্য দেশে কৰিছিল, তেতিয়া কিমান কষ্টকৰ সময় আছিল৷ সেইবাবে আমাৰ চৰকাৰে পেটেণ্টিং আৰু কপিৰাইটৰ ব্যৱস্থাৰ শুধৰণি কৰিবলৈ কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিলে৷
ইয়াৰ পৰিণাম এয়া হ’ল যে য’ত ২০১৩-১৪ বৰ্ষত প্ৰায় ৪ হাজাৰ পেটেণ্ট পঞ্জীকৃত হৈছিল, এই বৰ্ষত ফেব্ৰুৱাৰী পৰ্যন্ত ১১,৩০০ত কৈ অধিক পেটেণ্ট পঞ্জীকৃত হ’ল৷ আৰু মোৰ বিশ্বাস যে এয়া শুনি আপোনালোকৰ গৰ্ব হ’ব, আপোনালোক সুখী হ’ব৷ অৰ্থাৎ পূৰ্বৰ চৰকাৰৰ তুলনাত আমি তিনি গুণ অধিক পেটেণ্ট পঞ্জীয়ন এই চৰকাৰৰ সময়ত হৈছে৷ ট্ৰেড মাৰ্কৰ পঞ্জীয়নো তিনি বছৰত তিনি গুণ বৃদ্ধি হৈছে৷ ২০১৩-১৪ত প্ৰায় ৬৮,০০০ ট্ৰেড মাৰ্ক পঞ্জীকৃত হৈছিল আৰু এতিয়া এই সংখ্যা বৃদ্ধি হৈ আঢ়ৈ লাখৰ ওপৰলৈ গৈছে৷
উদ্ভাৱন আৰু পেটেণ্টিঙৰ সৈতে উৎপাদনৰ ক্ষেত্ৰতো আমাৰ চৰকাৰে সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰিছে৷ মেক ইন ইণ্ডিয়া এনেকুৱা এটা ব্ৰেণ্ডলৈ পৰিৱৰ্তিত হৈছে, যাৰ চৰ্চা সমগ্ৰ দেশতে কৰা হৈছে৷ আপোনাক কেৱল এটা ক্ষেত্ৰৰ উদাহৰণ দিওঁ, তেতিয়া আপোনালোকে সম্পূৰ্ণকৈ বুজি পাব৷ বন্ধুসকল, ৪ বছৰ পূৰ্বে আমাৰ দেশত ম’বাইল ফোন প্ৰস্তুত কৰা কেৱল মাত্ৰ দুটা কাৰখানা আছিল৷ আৰু আপোনালোক যুৱপ্ৰজন্ম এনেকুৱা ক্ষেত্ৰত আছে, আপোনালোকে সুখী অনুভৱ কৰিব লাগে যে চাৰি বছৰ পূৰ্বে আমাৰ দেশত ম’বাইল প্ৰস্তুত কৰা কেৱল দুটা কাৰখানা আছিল, সেয়া আজি চাৰি বছৰৰ ভিতৰত দেশ যি গতি লৈছে, মেক ইন ইণ্ডিয়াই যি গতি লৈছে, দুটা কাৰখানাৰ পৰা গৈ ম’বাইল ফোন প্ৰস্তুত কৰা কাৰখানাৰ সংখ্যা দেশত ১২০টা হৈছেগৈ৷
যেতিয়া উদ্ভাৱন, পেটেণ্ট আৰু উৎপাদনত গতি প্ৰাপ্ত হ’য় তেতিয়া Prosperity- সমৃদ্ধিৰো গতি বৃদ্ধি হয়৷ কিন্তু বন্ধুসকল, ইয়াত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন জড়িত হৈ আছে৷ আচলতে, উদ্ভাৱন কাৰ বাবে? এয়া স্বয়ং আমাৰ বাবেনে, আমাৰ দেশৰ বাবেনে অথবা আমাৰ দেশৰ দাৰিদ্ৰ বন্ধুসকলৰ বাবে৷ নিজৰ আৱশ্যকতা পূৰণ কৰাৰ বাবে অথবা দেশৰ আৱশ্যকতা পূৰণ কৰাৰ বাবে?
মই মোৰ যুৱপ্ৰজন্মৰ বন্ধুসকলৰ সন্মুখত এই প্ৰশ্ন স্বজ্ঞানে কৰিছোঁ৷ আন্তঃৰাষ্ট্ৰীয় গেজেটৰ ভিতৰত, আলোচনীৰ ভিতৰত, বৈজ্ঞানিক প্ৰযুক্তিৰ পৃথিৱীত আমাৰ পেপাৰ প্ৰকাশিত হ’ব কিন্তু সন্তোষ তেতিয়াহে পাম যেতিয়া মোৰ কোনো উদ্ভাৱন দেশৰ সহায়ক হয়, আৰু সেইবাবে এই বিষয়ে আমি চিন্তা কৰিব লাগে যে এনেকুৱা কি উদ্ভাৱন হ’ব যি দেশৰ কামত আহে৷ এই দেশৰ সমস্যা সমাধান কৰে৷
এই দেশত মাল্টিপল হেকাথনো এটা পদক্ষেপ হ’ব পাৰে৷ যেনে স্বাস্থ্য-হেকাথন, আইন-হেকাথন, স্থাপত্য-হেকাথন, কৃষি-হেকাথন আৰু গ্ৰামীণ-হেকাথন আদি এনেকুৱা আমি প্ৰস্তুত কৰিব পাৰোঁ৷ আমাৰ দেশত ভিন্নভাৱে চিন্তা কৰা, উদ্ভাৱনৰ কথা চিন্তা কৰা, কৃষি, স্থাপত্য হওক, চিকিৎসক হওক, আইনজ্ঞ হওক, ইয়াৰ আৱশ্যকতা আছে৷
মোৰ বিশ্বাস যে এই হেকাথনে নতুন প্ৰতিভাকো প্লেটফৰ্ম প্ৰদান কৰাৰ এক মাধ্যম হ’ব পাৰে৷ ইয়াৰ জৰিয়তে ৰাজহুৱা পৰিবহণৰ সৈতে সংবদ্ধ, অনাময় আৰু জল ব্যৱস্থাপনাৰ সৈতে সংবদ্ধ, স্বচ্ছতাৰ সৈতে সংবদ্ধ, নতুন উদ্ভাৱনকো আমি সন্মুখলৈ লৈ আনিব পাৰিম৷
ইয়াৰ দ্বাৰা দেশৰ জনসাধাৰণৰ ৰোজগাৰীৰ প্ৰত্যাহ্বান কম হ’ব, তেওঁলোকৰ জীৱন সহজ হ’ব৷ ইয়াৰ উপৰিও আপোনাৰ উদ্ভাৱনে দেশক সেৱা প্ৰদান কৰিব৷
যিদৰে মোক কোৱা হৈছে যে আপোনালোক সকলোৱে এই হেকাথনত উচ্চ ৰিজ’লিউচনৰ বাবে ড্ৰোণৰ ব্যৱহাৰ কৰিছে; ইয়াৰ ওপৰতো কাম কৰি আছে৷ এতিয়া ইয়াৰ সৈতে জড়িত যিকোনো উদ্ভাৱন দেশৰ বাবে বহুত ডাঙৰ সেৱা হ’ব৷
আপোনালোকে জানি আচৰিত হ’ব ড্ৰোণৰ দ্বাৰা লোৱা আলোকচিত্ৰৰ জৰিয়তে কিদৰে আমাৰ চৰকাৰে যোজনাসমূহৰ নিৰীক্ষণৰ দ্বাৰা গুৰুত্ব প্ৰদান কৰি আছে৷ আজি প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অন্তৰ্গত যি বাসগৃহ নিৰ্মাণ কৰা হৈছে, প্ৰধানমন্ত্ৰী জলসিঞ্চন যোজনাৰ অন্তৰ্গত যি আধৰুৱা যোজনা সম্পূৰ্ণ কৰা হৈছে, মনৰেগাৰ অন্তৰ্গত যি কাৰ্য কৰা হৈছে, সেইসমূহৰ জিঅ’-টেগিং আৰু মেপিঙতো ইয়াৰ ডাঙৰ ভূমিকা আছে৷
যোৱা মাহৰ কথা, যেতিয়া প্ৰগতিৰ বৈঠক আমি ড্ৰোণৰ মাধ্যমত লাইভ সমীক্ষা কৰিছিলোঁ যে কেদাৰ ঘাটিত নিৰ্মাণৰ কাম কিমান সম্পূৰ্ণ হৈছে৷ অৱশ্যে তাত বৰফ পৰি আছিল, প্ৰযুক্তিগত সংযোগত কিছু কষ্ট হৈছিল কিন্তু এখন চিত্ৰ আমাৰ সন্মুখত প্ৰস্তুত হ’ল৷ মই দিল্লীত বহি তাৰ সম্পূণ নিৰীক্ষণ কৰিলো৷ এতিয়া আপোনালোকে কিবা উদ্ভাৱন কৰিলে এনেকুৱা সামগ্ৰীৰ ব্যৱহাৰ অতি সামান্য কথা হৈ পৰিব৷
মই যিসকল যুৱপ্ৰজন্মৰ বন্ধুক প্ৰগতিৰ বৈঠকৰ বিষয়ে ক’ব পৰা নাছিলো, তেওঁলোকক মই ক’ব বিচাৰিছোঁ যে আমাৰ চৰকাৰে নিৰীক্ষণৰ এই আধুনিক ব্যৱস্থা উন্নীত কৰিছে৷ ইয়াত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত আমি বহোঁ, ৰাজ্যৰ সম্বন্ধীয় বিষয়াসকল আমাৰ সৈতে সংবদ্ধ হয় আৰু যোজনাসমূহৰ বাস্তৱিক সময়ৰ নিৰীক্ষণ কৰা হয়৷ যোজনা সম্পূৰ্ণ হোৱাত কিয় পলম হৈছে, কি সমস্যা হৈছে, কিমান কাম হৈছে, কিমান আধৰুৱা হৈছে, এই সকলোবোৰ আমাৰ সন্মুখত হয়৷
বন্ধুসকল, পৰিৱৰ্তিত সময়ত এতিয়া যিকোনো দেশৰ আৰ্থিক প্ৰগতি তেওঁলোকৰ উদ্ভাৱনৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে৷ আমাৰ দেশত সামগ্ৰীৰ অভাৱ নাই, সংসাধনৰ অভাৱ নাই, সামৰ্থ আৰু যুৱপ্ৰজন্মও অধিক৷ মোৰ এটা আগ্ৰহ নিশ্চয় আছে৷ যিমান সপোন আপোনালোকে দেখিব বিচাৰে সেয়া চাওক, কিন্তু সেয়া বাস্তৱায়িত কৰাৰ পদক্ষেপ নিশ্চয় গ্ৰহণ কৰক৷ কোনো সপোনকে মৰহিবলৈ নিদিব৷ যেতিয়া সপোন পূৰণ কৰাৰ উৎসাহ প্ৰবল হ’ব তেতিয়া লক্ষ্য প্ৰাপ্তিও হ’ব৷
মনত ৰাখক, মই যি প্ৰজন্মৰ হয়, আপোনালোক যি প্ৰজন্মৰ হয়, আমি সেইসকল যিয়ে স্বতন্ত্ৰতাৰ আন্দোলন কৰাৰ অৱকাশ নাপালো, জে’লত জীৱন অতিবাহিত কৰাৰ সুযোগ নাপালো, নিজৰ যৌৱন দেশৰ বাবে দিবলৈ সুযোগ নাপালো, দেশৰ বাবে মৰিবলৈ সুযোগ নাপালো, কিন্তু আমি সকলোৱে এই দেশত জীৱন-যাপন কৰিবলৈ সৌভাগ্য প্ৰাপ্ত কৰিছোঁ৷ মৰিবলৈ সুযোগ যদি পোৱা নাই, জীয়াবলৈ সুযোগ পাইছোঁ৷ দাৰিদ্ৰ, সাধাৰণ ব্যক্তিৰ জীৱনৰ বাবে জীয়াবলৈ সুযোগ পাইছোঁ৷ আৰু সেইবাবে নিজৰ প্ৰতিভা, নিজৰ সামৰ্থ দেশক প্ৰদান কৰক৷ দেশৰ বাবে প্ৰযুক্তিৰ উন্নত ব্যৱহাৰ কিদৰে হ’ব পাৰে, ইয়াৰ বাবে অহৰহ চিন্তা কৰক, প্ৰয়াস কৰি থাকক৷
বন্ধুসকল, মই দেখিছোঁ যে যেতিয়া আপোনালোক পুৱাৰে পৰা বহি আছে আৰু কাইলৈ ৰাতিলৈ বহিব, ৩৬ ঘণ্টা বহু অধিক৷ মই আজি আপোনালোকৰ অভিজ্ঞতা শুনিবলৈ বিচাৰিম৷ আপোনালোকে এই অৱসাদৰ পৰা মুক্তি পাবলৈ কিছু প্ৰাণায়াম কৰিব য’ত গভীৰ উশাহো লওক অথবা হাত-ভৰি ওপৰলৈ উঠাই যোগৰ স্বাদ লওক৷ যাতে মানসিক প্ৰশান্তিৰ জৰিয়তে ক্ষীপ্ৰ গতিত নতুন নতুন চিন্তা কৰিব পাৰে আৰু আপোনালোকে যিটো কাম কৰি আছে সেই কামৰ ছীডিঙো মই আপোনালোকৰ মাজত কৰি আছোঁ৷
সকলোতকৈ পূৰ্বত মই যি আপোনালোকৰ মাজলৈ আহিছোঁ, মই বিচাৰিম যে আপোনালোকৰ তৰফৰ পৰা অভিজ্ঞতাসমূহ শুনো৷ মোক কোৱা হৈছিল যে বোধহয় প্ৰথমে পানীপথৰ যুৱসমাজৰ সৈতে মই কথা পাতিবলৈ সুযোগ পাম-
*****
अतुल तिवारी/ कंचन पतियाल/ निर्मल शर्मा /MANN
I am happy to see young minds thinking about ways to take our nation forward. It is a delight to be among smart innovators of smart India: PM @narendramodi
— PMO India (@PMOIndia) March 30, 2018
Glad to see today's younger generation immerse themselves in nation building. Such efforts give strength to the efforts to build a New India: PM @narendramodi https://t.co/khZNRVGKaI
— PMO India (@PMOIndia) March 30, 2018
There is so much to learn from the youth of India: PM @narendramodi https://t.co/khZNRVGKaI
— PMO India (@PMOIndia) 30 March 2018
Nobody is blessed with all the knowledge in the world. This applies to Governments too...the biggest mistake governments make is to think they alone can bring about change.
— PMO India (@PMOIndia) 30 March 2018
What brings about change is participative governance: PM @narendramodi https://t.co/khZNRVGKaI
The biggest assets of any nation are Shram Shakti and Iccha Shakti. Once the people decide to bring about change, everything is possible: PM @narendramodi
— PMO India (@PMOIndia) 30 March 2018
I am happy that over half the projects selected during last year's Hackathon have been completed and more are nearing completion in the near future: PM @narendramodi
— PMO India (@PMOIndia) 30 March 2018
Essential to know the root of every problem and think about 'out of the box' ways to solve them: PM @narendramodi https://t.co/khZNRVGKaI
— PMO India (@PMOIndia) March 30, 2018
Am told youngsters are working on how we can strengthen our efforts for flood relief and relief in the wake of forest fires: PM @narendramodi https://t.co/khZNRVGKaI
— PMO India (@PMOIndia) March 30, 2018
Innovation is not merely a word. Nor is it restricted to events or occasions. Innovation is a continuous process. Questioning is an important aspect of innovation. Never shy away from questioning: PM @narendramodi https://t.co/khZNRVGKaI
— PMO India (@PMOIndia) 30 March 2018
What will drive innovation is IPPP- Innovate, Patent, Produce, and Prosper.
— PMO India (@PMOIndia) 30 March 2018
We should innovate more, patent them, make their production easier and take it to the people. This is what brings prosperity: PM @narendramodi https://t.co/khZNRVGKaI
An innovative mindset augurs well for students.
— PMO India (@PMOIndia) March 30, 2018
After an innovative mindset comes the desire for research: PM @narendramodi
After the Second World War, the nations that emphasised on higher education witnessed greater prosperity.
— PMO India (@PMOIndia) March 30, 2018
We want to give more autonomy to our higher education sector. Work is being done to create institutions of eminence: PM @narendramodi
Innovation has the power to overcome the challenges our world faces: PM @narendramodi
— PMO India (@PMOIndia) March 30, 2018
The world is talking about @makeinindia! Today, the number of factories where mobile phones are made has significantly shot up: PM @narendramodi
— PMO India (@PMOIndia) March 30, 2018
One feels happy when one's work is published but at the same time, we should think about how our innovation transforms the lives of our fellow citizens: PM @narendramodi
— PMO India (@PMOIndia) 30 March 2018
Schools give character certificates to students when they pass out. However, have you noticed, that even those in jail have a 'character certificate.'
— PMO India (@PMOIndia) March 30, 2018
Why not think about an aptitude certificate instead: PM @narendramodi
What our young minds are doing today will benefit the nation in the coming years: PM @narendramodi
— PMO India (@PMOIndia) March 30, 2018