পি এম ইণ্ডিয়া

মই ক’ম-ছাৰ চটুৰাম
আপোনালোকে দু’বাৰকৈ ক’ব-অমৰ হওঁক, অমৰ হওঁক।
ছাৰ চটুৰাম – অমৰ হওঁক, অমৰ হওঁক।
ছাৰ চটুৰাম – অমৰ হওঁক, অমৰ হওঁক।
ছাৰ চটুৰাম – অমৰ হওঁক, অমৰ হওঁক।
ছাৰ চটুৰাম – অমৰ হওঁক, অমৰ হওঁক।
সীমান্তত প্রহৰা দি থকা দেশৰ বীৰ সেনানী, দেশৰ কোটি কোটি জনতাৰ বাবে পৰিশ্রম কৰি শস্য উৎপাদনকাৰী কৃষক আৰু আন্তঃৰাষ্ট্ৰীয় ক্রীড়া ক্ষেত্রত দেশলৈ সর্বাধিক পদক আনিবলৈ সক্ষম হোৱা খেলুৱৈৰ জন্মস্থান হাৰিয়ানাৰ এই ভূমিক মই প্রণিপাত জনাইছো। দেশৰ নাম আৰু সন্মান বৃদ্ধিৰ ক্ষেত্ৰত অগ্ৰণী হাৰিয়ানাবাসীৰ তুলনা কোনো নাই।
মঞ্চত উপৱিষ্ট হাৰিয়ানাৰ ৰাজ্যপাল সত্যদেৱ নাৰায়ণ আর্য ডাঙৰীয়া, মোৰ কেন্দ্রীয় মন্ত্রী পৰিষদৰ সদস্য চৌধৰী বীৰেন্দ্র সিং ডাঙৰীয়া, কৃষ্ণপাল গুর্জৰ ডাঙৰী, হাৰিয়ানাৰ জনপ্রিয় মুখ্যমন্ত্রী মনোহৰ লাল ডাঙৰীয়া, জম্মু আৰু কাশ্মীৰৰ ৰাজ্যপাল সৎপাল মালিক ডাঙৰীয়া, হিমাচল প্রদেশৰ ৰাজ্যপাল তথা এই ধৰিত্ৰীৰ সন্তান আচার্য দেবব্রত ডাঙৰীয়া, হাৰিয়ানাৰ মন্ত্রী মোৰ পুৰণি বন্ধু তথা ভাই অ’. পি. ধনকড় ডাঙৰীয়া, বিধায়ক সুভাষ বৰালা ডাঙৰীয়া আৰু হাৰিয়ানাৰ লগতে পঞ্জাৱ আৰু ৰাজস্থানৰ পৰা অহা মোৰ মৰমৰ ভাই-ভনীসকল।
মই আপোনালোকৰ দীনবন্ধু চটুৰামৰ মমৰ মূর্তি উচৰ্গা কৰিবলৈ পাই অতিশয় আনন্দিত হৈছো। ইয়াতকৈ আনন্দৰ দিন মোৰ বাবে আৰু কি হ’ব পাৰে!
বন্ধুসকল, মোৰে সৌভাগ্য যে আজি সেই চাম্পলাৰ ভূমিত থিয় হৈ কৃষকসকলৰ সংবেদনশীল নেতা, কৃষকসকলৰ দেৱদূত, ৰহবৰে আজম দীনবন্ধু চৌধাৰী চটুৰাম ডাঙৰীয়াৰ ইমান বিশাল আৰু শিল্পখোদিত মমৰ মূর্তি উন্মোচন কৰিবলৈ পাইছো। এই সভালৈ অহাৰ পূৰ্বে মই চৌধাৰী চটুৰাম ডাঙৰীয়াৰ স্মৃতিত নির্মিত সংগ্রহালয়টিও চাই আহিলো। এতিয়া সংগ্রহালয়ৰ লগতে এই চাম্পলাৰ ভূমিত হাৰিয়ানাৰ সর্ববৃহৎ তথা সৰ্ব্বোচ্চ মূর্তি স্থাপনৰ ফলত ৰোহটকৰ আন এক পৰিচয় লাভ কৰিব। মোৰ সৌভাগ্য যে চলিত অক্টোবৰ মাহত কৃষকসকলৰ দেৱদূত ছাৰ চটুৰামৰ মূর্তি, হাৰিয়ানাৰ বৃহত্তম মূর্তি উন্মোচন কৰাৰ সৌভাগ্য হৈছে। ইফালে, অহা ৩১ অক্টোবৰত চর্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিনত বিশ্বৰ সর্বোচ্চ মূর্তি উদ্বোধনৰ সৌভাগ্য হ’ব। এই দুই মহাপুৰুষ কৃষক আছিল। তেওঁলোকে দেশৰ কৃষকসকলক ঐক্যবদ্ধ কৰাৰ বাবে চেষ্টা কৰি গৈছে। উল্লেখযোগ্য যে এই বিশাল মূর্তিৰ নির্মাতা শিল্পী শ্রদ্ধাৰ সুতাৰ মহোদয়। বৰ্তমান তেওঁৰ বয়স ৯০ বছৰতকৈ অধিক। এই বয়সতো সদায় তৎপৰ এই মহান শিল্পীগৰাকীয়ে গুজৰাটত চর্দাৰ বল্লভ ভাই পেটেলৰ মূর্তি নিৰ্মাণ কৰিছে, যিটো বিশ্বৰ সর্বোচ্চ মূর্তি। মই হাৰিয়ানা, ৰাজস্থান আৰু পঞ্জাৱৰ লগতে সমগ্ৰ দেশৰ সচেতন লোকসকলক ইয়াৰ বাবে কৃতজ্ঞতা জনাইছো।
ভাই-ভনীসকল,
আমাৰ দেশত বিভিন্ন যুগত, বিভিন্ন সময়ত এনে একাংশ মহাপুৰুষে জন্মগ্রহণ কৰিছে, যিসকলে নিজৰ সমগ্র জীৱন কেৱল সমাজৰ সেৱাত উচৰ্গা কৰি দেশক পথ দেখুওৱাৰ কাম কৰি গৈছে। কোনো ধৰণৰ দাৰিদ্র্য, অভাৱ, সমস্যা অথবা প্রতিকূল অৱস্থাই তেওঁৱোকৰ গতি ৰোধ কৰিব পৰা নাই। তেওঁলোকে সকলো প্রতিবন্ধকতাক নেওচি সমাজক শক্তিশালী কৰাৰ বাবে নিজকে সমর্পণ কৰিছে। আমাৰ প্রত্যেকৰ বাবে গৌৰৱৰ বিষয় যে হাৰিয়ানাৰ ভূমিতো এনে এগৰাকী মহাপুৰুষ চৌধাৰী চটুৰামে জন্ম গ্রহণ কৰিছিল।
চৌধাৰী চটুৰাম ডাঙৰীয়া দেশৰ সেই সমাজ সংস্কাৰকসকলৰ অন্যতম, যিসকলে ভাৰত নির্মাণত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। তেওঁ কৃষক, শ্ৰমিক, বঞ্চিত আৰু শোষিতসকলৰ হৈ প্রতিবাদ মুখৰ হৈছিল। তেওঁ সমাজত বিভেদ সৃষ্টিকাৰী প্রত্যেক অপশক্তিৰ বিৰুদ্ধে বুক ফুলাই থিয় হৈছিল। কৃষি সম্পৰ্কীয় নানা সমস্যা, কৃষক আৰু ক্ষুদ্র ব্যবসায়ীসকলৰ জীৱনৰ বিভিন্ন বিপত্তিক তেওঁ অতি নিবিড়ভাৱে প্ৰত্যক্ষ কৰিছিল, হৃদয়ংগম কৰিছিল আৰু সেই সমস্যাসমূহৰ সমাধানৰ চেষ্টাও কৰিছিল।
বন্ধুসকল, ছাৰ চটুৰামজিৰ আত্মা য’তেই নাথাকক লাগিলে, আজি সোনেপটত এক আধুনিক প্রযুক্তিসমৃদ্ধ ৰে’লৰ ডবা নিৰ্মাণ কাৰখানাৰ আধাৰশিলা স্থাপন হোৱা দেখি নিশ্চয় আনন্দিত হ’ব।
এই কাৰখানাৰ বাবে প্রায় ৫০০ কোটি টকা বিনিয়োগ কৰা হ’ব। এই ৰে’লৰ ডবা নিৰ্মাণ কাৰখানাত প্রতি বছৰে ২৫০খন যাত্ৰী ৰে’লৰ ডবা মেৰামতি আৰু আধুনিকীকৰণ কৰা হ’ব। ফলত এই ক্ষেত্রত সেৱা প্ৰদান কৰি থকা ৰে’লৰ ডবাসমূহৰ মেৰামতি আৰু আধুনিকীকৰণৰ বাবে আৰু দূৰৱর্তী কোনো কাৰখানালৈ পঠিয়াব লগা নহয়।
ভাই-ভনীসকল, এই কাৰখানা কেৱল সোনেপটতে নহয়, হাৰিয়ানাৰ ঔদ্যোগীকৰণতো সহায় কৰিব। ডবা মেৰামতিৰ বাবে যিবোৰ সা-সৰঞ্জামৰ প্রয়োজন, সেইবোৰ উৎপাদন আৰু যোগানৰ বাবে বহু সৰু সৰু কাৰখানা আৰু ব্যৱসায়িক প্রতিষ্ঠান গঢ়ি উঠিব, বহুত নতুন নতুন কামৰ সুযোগ সৃষ্টি হ’ব, স্থানীয় যুৱক-যুবতীসকলৰ কর্মসংস্থান হ’ব। হাৰিয়ানাৰ ক্ষদ্ৰ উদ্যোগপতিসকলে ছিট কভাৰ, পাংখা, বিভিন্ন বৈদ্যুতিক সৰঞ্জাম, ডবাৰ আধুনিকীকৰণৰ বাবে প্রয়োজনীয় সৰঞ্জাম যোগানৰ সুযোগ লাভ কৰিব।
আপোনালোকে ভাৱকছোন, এই ডবা নিৰ্মাণ কাৰখানাক কেন্দ্র কৰি কিমান লোকে কর্মসংস্থাপন লাভ কৰিব। এই কাৰখানাত ইঞ্জিনিয়াৰ আৰু প্রযুক্তিবিদসকলৰ পৰা কাম শিকি স্থানীয় যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশ হ’ব। অনাগত দিনত এই দক্ষতাৰ পৰা তেওঁলোক বিশেষজ্ঞ হিচাপে উন্নীত হ’লে, দেশেৰ অন্যান্য অঞ্চলত গৈ সেৱা আগবঢ়াব পাৰিব, ফলত দেশ লাভৱান হ’ব।
বন্ধুসকল, বহু বছৰ ধৰি হাৰিয়ানাত মোৰ কাম কৰাৰ সৌভাগ্য হৈছে। ইয়াত দলৰ কাম কৰাৰ সময়ত প্রায়েই কাৰোবাৰ মুখত ছাৰ চটুৰাম ডাঙৰীয়া আৰু তেওঁৰ মহানতাৰ কথা শুনিছিলো। এই ৰোহটকৰ চৌধাৰী চটুৰামে কৈছিল যে ‘কৃষকসকলে যেনেকৈ দৰিদ্ৰতাৰ প্রতীক, সিমানেই ইংৰাজ সেনাৰ অত্যাচাৰৰ বিৰুদ্ধে পতাকা উত্তোলনকাৰী সৈনিকো আছিল’। চটুৰাম ডাঙৰীয়াই এনেকৈয়ে উদ্দীপ্ত বক্তব্য আগবঢ়াইছিল।
বন্ধুসকল, আজি হাৰিয়ানাত এনে কোনো গাওঁ নাই, যি গাঁৱৰ কোনোবা নহয় কোনো সদস্য সেনাবাহিনীত কাম কৰা নাই। দেশৰ সেনাবাহিনীত যোগদানৰ জৰিয়তে দেশ সেৱাৰ প্রতি জনমানসত সজাগতা বৃদ্ধিৰ কৃতিত্ব দীনবন্ধু চটুৰাম ডাঙৰীয়াৰে। তেওঁ এই ৰাজ্যৰ কৃষকসকলক সেনাবাহিনীত যোগদানৰ প্রেৰণা যোগাইছিল। প্রথম বিশ্ব যুদ্ধৰ সময়ত ইয়াৰ বহু সৈনিকে বিশ্ব শান্তি স্থাপনৰ স্বাৰ্থত যুঁজ দিছিল।
বন্ধুসকল, জীয়াই থকা অৱস্থাত তেওঁলোকে স্বাধীন ভাৰত দেখিবলৈ নাপালে, কিন্তু ভাৰতৰ সমস্যা সমাধানত তেওঁলোকে জনগণৰ আশা-আকাংক্ষা আৰু স্বাধীনতাৰ প্রয়োজনীয়তা থুব ভালদৰেই বুজি পাইছিল। তেওঁ সদায় ইংৰাজৰ ‘বিকেন্দ্ৰীকৰণেৰে শাসন কৰা’ নীতিৰ বিৰুদ্ধে মাত মাতিছিল। তেওঁৰ ব্যক্তিত্ব কিমান প্রখৰ আছিল, সেয়া চর্দাৰ বল্লভ ভাই পেটেলৰ এটি মন্তব্যৰ পৰাই বুজি পোৱা যায়। তেওঁ কৈছিল, ‘আজি চৌধাৰী চটুৰাম ডাঙৰীয়া জীয়াই থকা হ’লে বিভাজনৰ সময় আৰু তাৰ পাছত বিভাজিত পাঞ্জাৱলৈ আমি ভাবিবলগীয়া নহ’লহেতেন, চটুৰামজিয়ে একত্ৰীকৰণ কৰিলেহেতেন’! ছাৰ চটুৰামৰ সামর্থ্য আৰু শক্তিক লৈ চর্দাৰ পেটেলৰ এই আস্থাৰ বাবে প্রত্যেক হাৰিয়ানাবাসীৰ মনত তেওঁৰ সম্পর্কে গর্ব হোৱা উচিৎ।
পশ্চিম আৰু উত্তৰ ভাৰতৰ এটা বৃহৎ অংশত তেওঁৰ প্রভাৱ ইমান ব্যাপক আছিল যে ইংৰাজ প্রশাসকসকলে তেওঁৰ কোনো কথা মানিবলৈ অস্বীকাৰ কৰাৰ আগতে এশবাৰ ভাবিবলৈ বাধ্য হৈছিল। চৌধাৰী চটুৰামজি আৰু সেই সুদখোৰ ব্যৱসায়ীৰ গল্পটো মই অতি কমেও ১০০বাৰ কৈছো। আপোনালোক সকলোৱেই হয়তো শুনিছে। সেই ব্যৱসায়ীয়ে তেওঁক ধাৰ নিদি পাটোৱাকী হোৱাৰ পৰামর্শ দিছিল। কিন্তু সেই ব্যৱসায়ীয়ে জনা নাছিল যে যাক তেওঁ পাটোৱাৰী হোৱাৰ পৰামর্শ দিছিল, তেওঁ এদিন অবিভক্ত পাঞ্জাৱৰ হাজাৰ হাজাৰ পাটোৱাৰীৰ ভাগ্য নির্ণয় কৰিব। কেৱল সামর্থ্যৰ জোৰত সংগ্রাম কৰি চৌধাৰী চাহাব এদিন পাঞ্জাৱৰ বিত্তমন্ত্রী হৈছিল।
ভাই-ভনীসকল, বিত্তমন্ত্রী হিচাপে তেওঁ পাঞ্জাৱ তথা দেশৰ কৃষক আৰু কৃষিজীৱি শ্ৰমিকৰ স্বার্থ ৰক্ষাৰ বাবে যি ৰাজহ ব্যৱস্থা আৰু শস্য বিপণনৰ বাবে এনে আইন প্রণয়ন কৰিছিল যে সেয়া আজিলৈকেন্ত আমাৰ ব্যৱস্থাৰ অংগ হৈ আছে। চৌধাৰী চাহাবেই কৃষকসকলৰ ঋণ সম্পৰ্কীয় আইন, সমৰ্থন মূল্য সম্পৰ্কীয় আইন অথবা কৃষিভিত্তিক বজাৰ সম্পৰ্কীয় আইনৰ ভেঁটি স্থাপন কৰিছিল।
আমি এই কথা পাহৰিলে নহ’ব যে এইবোৰ কাম তেওঁ ভাৰতৰ পৰাধীন অৱস্থাতে কৰিব পাৰিছিল। তেওঁৰ সন্মুখত বিভিন্ন প্রতিবন্ধকতা আছিল, কিন্তু তেওঁ কেৱল কৃষকসকলৰ স্বার্থ ভাবি মনে মনে থকা নাছিল, কাৰ্যকৰীও কৰিছিল! তেওঁ কৃষিভিত্তিক উদ্যোগ সম্প্রসাৰণৰ সপক্ষে কাম কৰিছিল। সেই সময়ত তেওঁ কুটিৰ শিল্প, ক্ষুদ্র উদ্যোগক শক্তিশালী কৰাৰ দিশত জোৰ দিছিল। তেওঁ দেশৰ উদ্যোগপতিসলৰ প্রত্যেককে নিয়মিত কৃষিৰ লগত জড়িত উদ্যোগ স্থাপন কৰিবলৈ উৎসাহ যোগাইছিল।
বন্ধুসকল, চটুৰামৰ এই দূৰদৃষ্টি দেখি চক্রৱর্তী ৰাজা গোপালাচার্য ডাঙৰীয়াই কৈছিল যে চৌধাৰী চটুৰামজি কেৱল উচ্চ লক্ষ্য স্থিৰ কৰাটোৱেই নহয়, সেই লক্ষ্যসমূহ কিদৰে বাস্তবায়িত কৰিব পাৰি, তাৰ পথো তেওঁ ভালদৰে জানিছিল।
ভাই-ভনীসকল, দেশত বহুতেই হয়তো নাজানে যে এই ভাক্ৰা বান্ধৰ পৰিকল্পনাৰ প্রাথমিক চিন্তা-ভাবনা আছিল চৌধাৰীজিৰ মস্তিষ্কপ্রসূত। তেঁৱেই বিলাসপুৰৰ ৰজাৰ সৈতে ভাক্ৰা বান্ধৰ বাবে চুক্তিত হস্তাক্ষৰ কৰিছিল। আমি দেখিছো যে এই দূৰদর্শিতাৰ সুফল আজিও পাঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থানৰ লোকসকলৰ লগতে তিনিওখন ৰাজ্যৰ কৃষকসকলে উপভোগ কৰিছে। ভাৱকছোন, কিমান দূৰদৃষ্টিসম্পন্ন আছিল তেওঁ।
বন্ধুসকল, যিসকলে দেশৰ বাবে ইমানবোৰ কাম কৰিছিল, ইমান ব্যাপক সংস্কাৰ কৰিছিল, এনেধৰণৰ দূৰদৃষ্টিৰ পোহৰেৰে সকলোকে পথ দেখুৱাইছিল, তেওঁৰ সম্পর্কে বিস্তাৰিতভাৱে জানি-বুজি লোৱাৰ অধিকাৰ প্রত্যেক দেশবাসীৰ আছে। কেতিয়াবা মই এই কথা ভাবি আচৰিত হওঁ যে ইমান মহান ব্যক্তিত্বক এক ক্ষেত্রৰ পৰিধিত কিয় সীমিত ৰখা হৈছে? মোৰ মতে ইয়া চৌধাৰী চাহাবৰ ব্যক্তিত্বত কোনো প্রভাৱ পৰা নাই, আৰু বহু প্রজন্ম তেওঁৰ জীৱনৰ পৰা শিক্ষা লোৱাৰ ক্ষেত্ৰত বঞ্চিত হৈ থাকিল।
ভাই-ভনীসকল, আমাৰ চৰকাৰে দেশৰ বাবে নিজৰ জীৱন উৎসর্গা কৰা প্রত্যেক ব্যক্তিৰ সন্মান বৃদ্ধিৰ কাম কৰি আহিছে। বিগত চাৰি বছৰত মহান ব্যক্তিত্বসম্পন্ন মহাপুৰুষসকলৰ সন্মান প্রদর্শনৰ সমান্তৰালভাৱে তেওঁলোকৰ প্রদর্শিত পথক বিস্তাৰ কৰাৰ চেষ্টা কৰিছে। কৃষক আৰু ক্ষুদ্র ব্যৱসায়ীসকলক সুদখোৰ মহাজনসকলৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ তেওঁলোকৰ বাবে বেংকৰ জৰিয়তে ঋণৰ ব্যৱস্থা কৰা হৈছে। জন ধন যোজনাৰ জৰিয়তে হাৰিয়ানা প্রায় ৬.৫ লাখ ভাই-ভনীক বেংকৰ একাউণ্ট খোলাৰ ব্যৱস্থা কৰা হৈছে। চৰকাৰে সমবায় বেংকসমূহৰ ঋণ প্রদানৰ প্রক্রিয়াকে আৰু অধিক সহজ কৰি তুলিছে। বৰ্তমান ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংকো আৰম্ভ কৰা হৈছে। ফলত এতিয়া আপোনাৰ গাঁৱত বহিয়েই পিয়নৰ জৰিয়তে বেংকিং সেৱা সুনিশ্চিত হৈছে।
বন্ধুসকল, চৌধাৰী চাহাবে যিদৰে কৃষক আৰু কৃষি শ্ৰমিকসকলৰ উন্নয়নৰ সম্পূর্ণতাক লৈ ভাবিছিল, সিমানেই আমাৰ চৰকাৰেও বীজ যোগানৰ পৰা শস্যৰ বিপণন পর্যন্ত একটি শক্তিশালী ব্যৱস্থা গঢ়ি তোলাৰ চেষ্টা কৰিছে। কৃষকসকলে যাতে তেওঁলোকৰ উৎপাদিত শস্যৰ সঠিক মূল্য লাভ কৰে, প্রাকৃতিক দুৰ্যোগৰ ফলত যাতে তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত হয়, যথা সময়ত আধুনিক বীজ পর্যাপ্ত পৰিমাণৰ ইউৰিয়া আৰু জলসিঞ্চনৰ উপযুক্ত সুবিধা লাভ কৰে আৰু ভূমিৰ স্বাস্থ্য সম্পর্কে জানে সেই অনুসৰি অনুকূল শস্যৰ বাবে খোজ দিব পাৰে সেই দিশৰ পৰা লক্ষ্য ৰাখি ইতিমধ্যে দেশৰ প্রায় ৫০ লাখ কৃষক পৰিয়ালক ‘ভূমি স্বাস্থ্য কার্ড’ প্রদান কৰা হৈছে। প্রায় ৬.৫ লাখ কৃষকে ইতিমধ্যে ‘কিষাণ বীমা’ প্রকল্পৰ সৈতে যুক্ত হৈছে। যিবোৰ স্থানত বিগত ৩০-৪০ বছৰ ধৰি পানী লাভ কৰা নাছিল, আজি সেইবোৰ অঞ্চলৰ শস্য পথাৰত পানী প্ৰদানৰ চেষ্টা কৰা হৈছে, বহু ক্ষেত্রত আমি সফলতা লাভ কৰিছো। সম্প্রতি লখবাৰ বান্ধ নির্মাণৰ বাবে ৬খন ৰাজ্যৰ মাজত ঐতিহাসিক চুক্তি সম্পাদিত হৈছে। ইয়াৰ ফলত হাৰিয়ানাও যথেষ্ট লাভান্বিত হ’ব।
বন্ধুসকল, আঠ-ন দশকৰ পূৰ্বে চৌধাৰী চাহাবে কৃষকসকলৰ শস্যৰ ন্যায্য মূল্য সুনিশ্চিত কৰিবলৈ ‘কৃষি উৎপাদন মাণ্ডি অধিনিয়ম’ প্রণয়ন কৰিছিল। আমাৰ চৰকাৰেও ‘পি এম আশা’ অর্থাৎ ‘প্রধানমন্ত্রী অন্নদাতা আয় সংৰক্ষণ অভিযান’ আৰম্ভ কৰিছে। ইয়াৰ জৰিয়তে এনে ব্যৱস্থা কৰা হৈছে, যাতে কৃষকসকলে বজাৰত শস্যৰ দামৰ ক্ষেত্রে সমৰ্থন মূল্যতকৈ কম পালে ৰাজ্য চৰকাৰৰ পৰা তাৰ ক্ষতি পূৰণ লাভ কৰিব। কেৱল ইমানেই নহয়, আমি প্রতিশ্রুতি দিছিলো যে কৃষকসকলৰ বিনিয়োগৰ ওপৰত ন্যূনতম ৫০ শতাংশ লাভ সুনিশ্চিত কৰা হ’ব। বৰ্তমান সেই প্রতিশ্রুতি পূৰণ কৰা হৈছে।
বন্ধুসকল, চৰকাৰে ধান, গম, কুঁহিয়াৰকৈ ধৰি ২১বিধ গুৰুত্বপূর্ণ শস্যৰ সমৰ্থন মূল্য বৃদ্ধি কৰিছে। ধানৰ সমৰ্থন মূল্য প্রতি কুইণ্টলত ২০০ টকা বৃদ্ধি কৰা হৈছে। বৰ্তমান ইয়াৰ দাম ১,৫৫০ টকাৰ পৰা বৃদ্ধি কৰি ১,৭৫০ টকা কৰা হৈছে। একেদৰে ভুট্টাৰ ক্ষেত্রত ২৭৫ টকা, সূর্যমুখীৰ ১,৩০০ টকা আৰ বাজৰাৰ সমৰ্থন মূল্য প্রতি কুইণ্টলে ৫২৫ টকা বৃদ্ধি কৰা হৈছে।
ভাই-ভনীসকল, ভাৱকছোন-কিমান বছৰ ধৰি আমাৰ কৃষকসকে এই দাবী কৰী আহিছিল। আমি চৰকাৰৰ দায়িত্ব লাভ কৰিয়েই তেওঁলোকৰ এই দীর্ঘদিনীয়া দাবী পূৰণ কৰিলো।
বন্ধুসকল, হাৰিয়ানাৰ কৃষকসকলৰ আয় বৃদ্ধি সুনিশ্চিত কৰাৰ লগতে তেওঁলোকৰ এই বৰ্ধিত আয় যাতে ৰোগীৰ চিকিৎসায় খৰচ নহয়, সেই দিশতো লক্ষ্য ৰখা হৈছে।
মই হাৰিয়ানাবাসীক অভিনন্দন জনাইছো। আপোনালোকৰ ৰাজ্যৰে এগৰাকী কন্যা ‘আয়ুষ্মান ভাৰত’ আঁচনিৰ জৰিয়তে প্রথমে উপকৃত হৈছে। মই অতিশয় আনন্দিত যে বিগত দুসপ্তাহৰ ভিতৰত দেশত ৫০হাজাৰতকৈও অধিক লোকে ‘আয়ুষ্মান ভাৰত’ আঁচনিৰ জৰিয়তে চিকিৎসা লাভ কৰিছে।
মই অতিকে আনন্দিত যে হাৰিয়ানাই ইতিমধ্যে নিজকে মুকলি স্থানত মলত্যাগ মুক্ত ৰাজ্য হিচাপে ঘোষণা কৰিছে। মই ৰোহটকক বিশেষভাৱে অভিনন্দন জনাইছো। কাৰণ, ইয়াৰে মহর্ষি দয়ানন্দ বিশ্ববিদ্যালয়ে দেশত পৰিচ্ছন্নতাৰ বেংকিঙত শীৰ্ষস্থান দখল কৰিছে।
বন্ধুসকল, আজি চৌধাৰী চাহাবৰ আত্মা য’তেই নাথাকক লাগিলে, তেওঁ হাৰিয়ানাত ‘বেটি বচাওঁ, বেটি পঢ়াওঁ’ অভিযানৰ সফলতা দেখি আনন্দিত হ’ব। তেওঁ কেৱল পৰিৱর্তনৰ বাবে মাত মতা নাছিল, সমাজৰ মানসিকতা পৰিৱর্তনৰ বাবে নিজৰ ঘৰৰ পৰাই সূত্রপাত কৰিছিল। কন্যাসকলৰ ক্ষেত্ৰত সমাজত চলিত বিভিন্ন কুসংস্কাৰৰ বিৰুদ্ধে দৃষ্টান্ত প্ৰতিষ্ঠা কৰিবলৈ তেওঁ নানা সামাজিক চাপৰ বিৰুদ্ধে নিজৰ দুই কন্যাৰ কাষত শক্তিশালী ৰূপত থিয় দিছিল।
ভাই-ভনীসকল, আজি যেতিয়া হাৰিয়ানাৰ সৰু সৰু গাঁৱত জন্মগ্ৰহণ কৰা কন্যাই বিভিন্ন আন্তঃৰাষ্ট্ৰীয় ক্রীড়া মঞ্চত দেশৰ গৌৰৱ বৃদ্ধি কৰিছে, হাৰিয়ানাৰ ল’ৰা-ছোৱালীয়ে ক্রীড়া ক্ষেত্রত ভাৰতক বিশ্ব শক্তি কৰি তোলাৰ বাবে আপ্রাণ চেষ্টা কৰিছে, ইয়াৰ অৰ্থ এই যে আমি চৌধাৰী চাহাবৰ সপোন বাস্তৱ কৰাৰ লক্ষ্যত দ্রুতগতিতে আগুৱাই গৈছো।
বন্ধুসকল, আজি হাৰিয়ানা দেশৰ উন্নয়নত গতি প্রদান কৰিছে। এই গতি নিৰন্তৰ ত্বৰান্বিত কৰাৰ প্রক্রিয়া অব্যাহত ৰাখিবলৈ আমি সকলোৱে কাম কৰিব লাগিব। এয়াই আমাৰ বাবে চৌধাৰী চটুৰামৰ বার্তা। সামাজিক সমতা আৰু জাতীয় সংহতিৰ বাবে সমর্পিত ৰাষ্ট্রপুৰুষক আমি তেতিয়াহে প্ৰকৃতাৰ্থত শ্রদ্ধাঞ্জলি দিব পাৰিম, যেতিয়া আমি সকলোৱে মিলি তেওঁৰ সপোনৰ ভাৰত গঢ়ি তুলিম, নতুন ভাৰত গঢ়িম।
কেইদিনমানৰ পাছতে আপোনালোকে হাৰিয়ানা দিৱস পালন কৰিব। সেইবাবে মই হাৰিয়ানাবাসীক আগতীয়াকৈ শুভেচ্ছা জনাইছো। আৰু আপোনালোকে বিপুল হাৰত ইয়াত ছাৰ চটুৰাম ডাঙৰীয়াক শ্রদ্ধাঞ্জলি অর্পণ কৰিবলৈ অহাৰ বাবে আপোনালোক সকলোকে আন্তৰিক ধন্যবাদ জনাইছো।
বহুত বহুত ধন্যবাদ।
*****
অতুল তিৱাৰী/ছাহনৱাজ হছিবি/বাল্মিকী মাহাতো/নিৰ্মল শৰ্মা/দিগন্ত বৈৰাগী
चौधरी छोटूराम जी देश के उन समाज सुधारकों में थे, जिन्होंने भारत के निर्माण में महत्वपूर्ण भूमिका निभाई।
— PMO India (@PMOIndia) October 9, 2018
वो किसानों, मज़दूरों, वंचितों, शोषितों की बुलंद और मुखर आवाज़ थे।
वो समाज में भेद पैदा करने वाली हर शक्ति के सामने डटकर खड़े हुए: PM
ये रेल कोच फैक्ट्री सिर्फ सोनीपत ही नहीं, बल्कि हरियाणा के विकास को बढ़ाने में मदद करेगा।
— PMO India (@PMOIndia) October 9, 2018
कोच की मरम्मत के लिए जो भी सामान की आवश्यकता होगी, उसकी पूर्ति से यहां के छोटे उद्यमियों को बड़ा लाभ होगा।
इस कारखाने से यहां के युवाओं को रोजगार के नए अवसर उपलब्ध होने जा रहे हैं: PM
उन्होंने पंजाब ही नहीं बल्कि देश के किसानों के लिए,
— PMO India (@PMOIndia) October 9, 2018
खेत में काम करने वाले मज़दूर के लिए,
भारत के रेवेन्यू सिस्टम के लिए,
फसलों की मार्केटिंग के लिए,
ऐसे कानून बनाए जो आज तक हमारी व्यवस्था का हिस्सा हैं: PM
भाखड़ा बांध की असली सोच चौधरी साहब की ही थी।
— PMO India (@PMOIndia) October 9, 2018
इस बाँध का पंजाब-हरियाणा-राजस्थान के लोगों को, किसानों को, जो लाभ आज भी मिल रहा है, वो हम सभी देख रहे हैं।
सोचिए, कितना बड़ा विजन था उनका, कितनी दूरदृष्टि थी उनकी: PM
जिस व्यक्ति ने देश के लिए इतना कुछ किया, उसके बारे में जानना हर व्यक्ति का अधिकार है।
— PMO India (@PMOIndia) October 9, 2018
इतने महान व्यक्तित्व को एक क्षेत्र के दायरों में ही सीमित क्यों किया गया?
इससे चौधरी साहब के कद पर तो कोई असर नहीं पड़ा, लेकिन अनेक पीढ़ियां उनके जीवन से सीख लेने से वंचित रह गईं: PM
चौधरी साहब ने किसानों को फसल का उचित मूल्य दिलाने के लिए कृषि उत्पाद मंडी अधिनियम बनाया था।
— PMO India (@PMOIndia) October 9, 2018
हमारी सरकार ने भी PM-AASHA शुरु किया है।
इसके तहत सरकार ने ये प्रबंध किया है कि अगर किसान को समर्थन मूल्य से कम कीमत बाज़ार में मिल रही है तो राज्य सरकार भरपाई कर सकें: PM
मैं हरियाणा वासियों को बधाई देता हूं कि आयुष्मान भारत की पहली लाभार्थी आपके राज्य की ही एक बेटी है।
— PMO India (@PMOIndia) October 9, 2018
ये भी संतोष की बात है कि इस योजना के माध्यम से दो हफ्ते में ही 50 हज़ार से अधिक गरीब भाई-बहनों को या तो इलाज मिल चुका है या फिर उनका इलाज हो रहा है: PM
आज चौधरी साहब जहां भी होंगे, उन्हें हरियाणा में बेटी बचाओ-बेटी पढ़ाओ की सफलता देख कर भी प्रसन्नता हो रही होगी।
— PMO India (@PMOIndia) October 9, 2018
बेटियों को लेकर जो सोच हमारे समाज में रही है, उसका उन्होंने हमेशा विरोध किया। यही कारण है कि समाज के हर दबाव के बावजूद वो अपनी बेटियों के साथ मजबूती से खड़े रहे: PM
आज जब हरियाणा के गांवों में पैदा हुई बेटियां विश्व मंचों पर देश का गौरव बढ़ा रही हैं,
— PMO India (@PMOIndia) October 9, 2018
हरियाणा के युवा भारत को खेलों में विश्व शक्ति बनाने के लिए जुटे हैं,
तब लगता है कि हम चौधरी साहब के सपनों को साकार करने की तरफ तेज़ी से आगे बढ़ रहे हैं: PM
आज रोहतक के सांपला में मुझे दीनबंधु छोटूराम जी की प्रतिमा का अनावरण करने का सौभाग्य मिला।
— Narendra Modi (@narendramodi) October 9, 2018
यह हरियाणा की सबसे बड़ी प्रतिमाओं में से एक है, जो देश भर के लोगों खासकर किसानों का ध्यान आकर्षित करेगी।
किसानों के उत्थान के लिए छोटूराम जी ने व्यापक रूप से कार्य किया था। pic.twitter.com/WY4SQaqUnm
मुझे दीनबंधु छोटूराम जी के जीवन को समर्पित म्यूजियम को देखने का भी अवसर मिला। वे जीवन भर शिक्षा, कृषि, सिंचाई, महिला सशक्तिकरण जैसे अनेक क्षेत्रों में अपना योगदान देते रहे। pic.twitter.com/PgbEvtouEA
— Narendra Modi (@narendramodi) October 9, 2018
रोहतक के सांपला में हुई जनसभा की कुछ झलकियां।
— Narendra Modi (@narendramodi) October 9, 2018
यहां मैंने देश के परिश्रमी किसानों की समृद्धि के लिए केंद्र सरकार के प्रयासों की विस्तार से चर्चा की।
मुझे ख़ुशी है कि सरकार की योजनाएं हरियाणा के लोगों के जीवन में सकारात्मक परिवर्तन ला रही हैं। pic.twitter.com/8dYi8OCHnM
चौधरी छोटूराम जी की प्रतिमा का अनावरण करने के बाद रोहतक में एक विशाल जनसभा को संबोधित कर रहा हूं। https://t.co/7ofPZxqvpV
— Narendra Modi (@narendramodi) October 9, 2018