পি এম ইণ্ডিয়া
মঞ্চত উপস্থিত থকা হাৰিয়ানাৰ ৰাজ্যপাল সত্যদেৱ নাৰায়ণ আর্য ডাঙৰীয়া, হাৰিয়ানাৰ জনপ্রিয় মুখ্যমন্ত্রী মনোহৰ লাল ডাঙৰীয়া, মোৰ কেন্দ্রীয় মন্ত্রীসভাৰ সহযোগী ঊমা ভাৰতী মহোদয়া, হাৰিয়ানা ৰাজ্য চৰকাৰৰ মন্ত্রী ভগ্নী কবিতা জৈন, বিধায়ক বৰালা মহোদয়, ৰাষ্ট্রীয় মহিলা আয়োগৰ অধ্যক্ষা ৰেখা শর্মা মহোদয়া, মঞ্চত উপস্থিত অন্যান্য মাননীয় ব্যক্তিসকলৰ লগতে বিভিন্ন দেশৰ বিভিন্ন প্রান্ত আৰু বিদেশৰ পৰা অহা অসংখ্য স্বচ্ছাগ্ৰহী বাই-ভনীসকল, জ্ঞান, ধর্ম আৰু কর্মৰ ভূমি; যি ভূমিক সভ্যতাৰ ধাত্রীভূমিও কোৱা হয়, য’ৰ পৰা ভগৱান কৃষ্ণই মানৱতাক জীৱনৰ পথ দেখুৱাইছিল, সত্য আৰু ন্যায়ৰ পথক যি ভূখণ্ড প্ৰশস্তই কৰিছে, এনে পবিত্ৰ ভূমিত দেশৰ বিভিন্ন প্রান্তৰ পৰা অহা সকলোকে মই আন্তৰিক অভিনন্দন জনাইছো৷
এই কুৰুক্ষেত্রৰ ভূমিত হাজাৰ হাজাৰ বছৰৰ আগতে ভগৱান শ্রীকৃষ্ণৰ নেতৃত্বত স্বচ্ছতা অভিযান চলিছিল৷ এই ভূমিৰ পৰাই তেওঁ অনৈতিকতাক দূৰ কৰাৰ কাম আৰম্ভ কৰিছিল৷ আজি যুগৰ পৰিৱর্তন হৈছে৷ আমি দৈনন্দিন জীৱনত স্বচ্ছতাৰ বিৰুদ্ধে যুঁজ দিছো৷ সমগ্ৰ বিশ্বত গীতাৰ দর্শন এক অতুলনীয় বার্তা। অনৈতিকতাৰ বিৰুদ্ধে নৈতিকতাৰ যুঁজত যি ভীষণ সংগ্রামৰ আয়োজন হৈছিল, সেই যুদ্ধভূমিতে জীৱন-মৃত্যুৰ সূক্ষ্ম সীমাৰেখাত থিয় হৈ হাজাৰ হাজাৰ বছৰ ধৰি মানৱ সভ্যতাক শিক্ষা প্ৰদানকাৰী এক দর্শনৰ বাবে হৈছিল। শ্ৰীকৃষ্ণৰ মুখেৰে নিসৃত সেই দর্শনক আজি আমি শ্রীমদ্ভাগৱত গীতা ৰূপে জানো। হাজাৰ হাজাৰ স্বচ্ছাগ্ৰহীৰ স্বচ্ছ শক্তিৰ এই বিস্তাৰ পৰিচ্ছন্নতাৰ প্ৰতি দেশৰ নতুন সংস্কাৰৰ এক জলন্ত প্ৰমাণ৷
কুৰুক্ষেত্রৰ এই প্রেৰণাস্থলত স্বচ্ছ ভাৰতৰ সংকল্প লৈ দেশৰ বিভিন্ন প্রান্তৰ লগতে বিদেশৰ পৰা অহা অসংখ্য স্বচ্ছাগ্ৰহী ভাই-ভনীসকলে নতুন ভাৰতৰ সংকল্পক আৰু অধিক সুদৃঢ় কৰি তুলিছে৷ মোক জনোৱা হৈছে যে দেশৰ বিভিন্ন কেন্দ্ৰৰ পৰাও আধুনিক প্ৰযুক্তিৰ মাধ্যমেৰে বহুতে এই অনুষ্ঠানেৰ সৈতে জড়িত হৈছে৷ একেসময়তে হাৰিয়ানাতো পাঁচটা স্থানত সমান্তৰাল কাৰ্যসূচী চলি আছে আৰু সেইবোৰ স্থাননতো এনেদৰেই জনসমাগম হৈছে। ফৰিদাবাদ, পানিপথ, কৰণাল আৰু পঞ্চকুলাৰ দৰে চহৰসমূহৰ অনুষ্ঠানত উপস্থিত বন্ধুসকলৰ লগতে মোৰ সন্মুখত বহি থকা নাইজেৰিয়াৰ প্ৰতিনিধিদলকো মই স্বাগতম জনাইছো৷ মোক জনোৱা হৈছে যে নাইজেৰিয়াৰ বন্ধুসকলে এক শিক্ষামূলক ভ্ৰমণলৈ আহিছে, এয়া চোৱাৰ বাবে যে ভাৰতত স্বচ্ছ ভাৰত অভিযানে ইমান অভূতপূৰ্ব সাফল্য কিদৰে পাইছে আৰু এই সাফল্যক আপোনালোকে কিদৰে নাইজেৰিয়াত প্ৰয়োগ কৰিব পাৰিব! মই অন্তঃকৰণেৰে আপোনালোকৰ সফলতা কামনা কৰিছো৷
কিছুসময়ৰ পূৰ্বে আপোনালোকৰ জনপ্রিয় মুখ্যমন্ত্রী মনোহৰ লাল ডাঙৰীয়াৰ বক্তব্যত যিবোৰ পৰিসংখ্যা তথা তথ্য জানিব পাৰিলো, সেইবোৰে মোক অভিভূত কৰিছে। আগতে বহু চৰকাৰ আহিছে, কিন্তু নাৰী শক্তিৰ সঠিক বিকাশ আৰু মর্যাদা প্ৰদানত কোনো চৰকাৰেই ইমান সাফল্য অৰ্জন কৰা নাছিল৷ মই মুখ্যমন্ত্রী আৰু তেওঁৰ গোটেই টিমক ইয়াৰ বাবে অভিনন্দন জনাইছো৷ আপোনালোকেও হাততালি দি হাৰিয়ানা ৰাজ্য চৰকাৰক অভিবাদন জনাওক৷
বন্ধুসকল, আজি বিশ্বৰ বহু দেশে স্বচ্ছ ভাৰত অভিযানৰ অনুকৰণ কৰিছে। এয়া আপোনালোকৰ সংকল্প আৰু সমর্পণৰ সুফল। আপোনালোকৰ মাজৰে যিসকলে ভগ্নীয়ে আজি ‘স্বচ্ছ শক্তি’ পুৰস্কাৰ পাইছে, তেওঁলোকক বহুত শুভেচ্ছা আৰু আপোনালোকৰ নেতৃত্বত বিশ্বাস ৰাখিছো যিসকল গাঁওবাসীয়ে কান্ধত কান্ধ মিলাই নিজৰ গাঁওখনক পৰিচ্ছন্ন কৰি তুলিছে, তেওঁলোককো মই প্ৰণাম জনাইছো৷ অলপ সময়ৰ পূৰ্বে মই ইয়াৰ প্ৰদর্শনী প্ৰত্যক্ষ কৰিলো৷ এমাহৰ ভিতৰত ১ কোটি ২৫ লাখৰো অধিক শৌচাগাৰক বিভিন্ন ৰঙেৰে ৰঙীন কৰি তোলা, এক ডাঙৰ সাফল্য। আজি কালি কোনো জিলাত সৌন্দর্য প্ৰতিযোগিতা হ’লে কেইবা মাহ ধৰি খবৰৰ কাগজত প্ৰকাশিত হয়, ছবি ছপা কৰে৷
প্ৰথমবাৰলৈ আমি এনে এক প্ৰতিযোগিতা গঢ় দিবলৈ সক্ষম হৈছো, য’ত শৌচালয়ৰ নাম ৰখা হৈছে ‘ইজ্জত ঘৰ’৷ আৰু সেইবোৰৰ সৌন্দর্যশালী কৰাৰ প্ৰতিযোগিতা হৈছে৷ যেতিয়ালৈকে আমি শৌচাগাৰৰ এই মর্যাদাক স্বীকাৰ কৰিব নোৱাৰো, তেতিয়ালৈকে স্বচ্ছতা মানুহৰ স্বভাৱত পৰিণত নহ’ব৷ এই স্বচ্ছতা প্ৰতিযোগিতাৰ আঁৰৰ মূল উদ্দেশ্য আছিল যে কোনো গাঁৱত সোমাই প্ৰত্যেক ঘৰৰ একোণত সৰু সৰু বিভিন্ন ৰঙেৰে ৰঙীন স্থান দেখিলে যি কোনো পর্যটক আকর্ষিত হ’ব৷ তেওঁলোকে যেতিয়া জানিব পাৰিব যে এইবোৰ গাঁৱৰ লোকসকলৰ ইজ্জত ঘৰ, তেতিয়া তেওঁলোকৰ মনত সেই গাঁৱৰ স্বচ্ছতা সম্পর্কে এক সুন্দৰ ধাৰণা জন্মিব৷ আমি এই পৰিৱর্তন আনিব পাৰিছো৷
ইউৰোপত এনে এখন ঠাই আছে, য’ৰ মানুহে ঘৰৰ দৰ্জাৰ বাহিৰৰ অংশটো বিভিন্ন ৰঙেৰে ৰঙীন কৰি ৰাখে বুলি সেই চহৰ চাবলৈ সমগ্ৰ পৃথিৱীৰ পৰা বহুত পর্যটক যায়৷ সেই চহৰৰ মানুহে কিন্তু পর্যটকৰ কথা ভাবি তেওঁলোকৰ ঘৰৰ দৰ্জা ৰঙীন কৰা নাই। মই ভাৱো অদূৰ ভৱিষ্যতে ভাৰততো এনে কিছু গাঁৱৰ কথা আমি শুনিবলৈ পাম, যাৰ ৰঙীন শৌচাগাৰসমূহ এনেকৈয়ে সুদৃশ্য হ’ব যিটো পর্যটকে চাবলৈ সেইবোৰ গাঁৱলৈ যাব৷
বন্ধুসকল, এই ৰাজ্যৰ ভূমিত থিয় মই ‘এক পদ, এক পেন্সন’ আৰম্ভ কৰাৰ প্ৰতিশ্রুতি দিছিলো, যিটো বহু দিন পূৰ্বেই বাস্তবায়িত হৈছে৷ এই ৰাজ্যৰ ভূমিত থিয়া হৈ আমি ‘বেটি বঁচাও, বেটি পঢ়াও’ আঁচনি উদ্বোধনৰ সৌভাগ্য হৈছে, যিটো চাওতে চাওতে সমগ্ৰ দেশত জনআন্দোলনত পৰিণত হৈছে৷ বিশ্বৰ সর্ববৃহৎ স্বাস্থ্য যোজনা আয়ুষ্মান ভাৰতৰ প্ৰথম হিতাধিকাৰী হাৰিয়ানাৰে এগৰাকী কন্যা৷ আজি স্বচ্ছ ভাৰত অভিযানৰ তৃতীয় সংস্কৰণো হাৰিয়ানাৰ ভূমিৰ পৰা আৰম্ভ কৰা হৈছে৷
বন্ধুসকল, হাৰিয়ানাই মোক যি ভালপোৱা দিছে, মই সেয়া সুদসহ ঘুৰাই দিয়াৰ চেষ্টা কৰিছো৷ বিগত চাৰে চাৰি বছৰত মনোহৰ লাল ডাঙৰীয়াৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ সৈতে কান্ধত কান্ধ মিলাই হাৰিয়ানাৰ জনগণৰ জীৱনযাত্রাৰ মান উন্নত কৰাৰ চেষ্টা কৰি আহিছো৷ অলপ আগতে স্বাস্থ্য আৰু সংস্কৃতি সম্পৰ্কত হাজাৰ হাজাৰ কোটি টকা বিনিয়োগেৰে নির্মিত তথা নির্মীয়মান একাধিক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হৈছে৷ ঝজ্জৰত নেচনেল কেন্সাৰ ইনষ্টিটিউট, কুৰুক্ষেত্রত আয়ুষ বিশ্ববিদ্যালয়, কর্ণালত স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়, পঞ্চকুলাত নেচনেল ইনষ্টিটিউট অফ আয়ুর্বেদ আৰু ফৰিদাবাদত ইএছআইচি মেডিকেল কলেজ আৰু হাস্পতালে হাৰিয়ানাবাসীৰ জীৱনক সুগম কৰি তুলিব৷ তদুপৰি, স্থানীয় নৱ প্ৰজন্মৰ বহুতে কর্মসংস্থাপন লাভ কৰিব৷ ইফালে, পানীপথত যুদ্ধ বিষয়ক সংগ্ৰহালয়ৰো আধাৰশিলা স্থাপন কৰা হৈছে৷ তাত আমি পৰৱর্তী প্ৰজন্মৰ বাবে দেশৰ নিৰাপত্তা বিষয়ক গুৰুত্বপূর্ণ শিক্ষণীয় প্ৰদর্শনী আৰম্ভ কৰিব৷
মই মনোহৰ লাল ডাঙৰীয়াক অভিনন্দন জনাইছো যে তেওঁ পানীপথৰ যুদ্ধত যি ৰূপ কল্পনা কৰিছে, সেয়া কেইবা শতিকাৰ পূৰ্বে বৰ্তমানৰ ‘এক ভাৰত’ শ্রেষ্ঠ ভাৰত’ৰ কল্পনাৰ দৰে দেশৰ বিভিন্ন ৰাজ্যই কান্ধত কান্ধ মিলাই যুঁজ দিয়াৰ বাবেই সম্ভৱ হৈছে৷ যিসকলে, ইতিহাসৰ শিপাৰ পৰা ৰস বাহিৰ কৰি বিকশিত হয়, তেওঁলোকেই ইতিহাস গঢ়াৰ মাধ্যমেৰে নিজৰে মহীৰূহত পৰিণত হ’ব পাৰে৷ বহুতে ভাবে ভাৰতৰ ইতিহাস ১৯৪৭ৰ পৰা আৰম্ভ হৈছে আৰু এক পৰিয়ালৰ পৰাই আৰম্ভ হৈছে৷ তেওঁলোকে ইতিহাসৰ শিপা কাটি পেলোৱাৰ পাপ কৰিছে৷
মই অতিশয় আনন্দিত যে হাৰিয়ানাৰ ভূমিত আধুনিক প্ৰযুক্তিৰ মাধ্যমেৰে প্ৰকৃত ইতিহাসক তুলি ধৰি পৰৱর্তী প্ৰজন্মৰ সৈতে পৰিচয় কৰি দিয়া আৰু তেওঁলোকক প্ৰশিক্ষিত কৰি তোলাৰ পবিত্ৰ কাম আজি ইয়াৰ পৰা আৰম্ভ হৈছে৷ এই সকলো প্ৰকল্পৰ বাবে মই হাৰিয়ানাবাসীক বহুত বহুত শুভেচ্ছা জনাইছো৷
এই হাৰিয়ানাৰ কৃতি কন্যা চাওলাই দেখুৱাই দিছে যে ভাৰতৰ কন্যাৰ বাবে মহাকাশৰ উচ্চতাও যথেষ্ট নহয়! আজি বিশ্বৰ ক্রীড়া ক্ষেত্ৰত হাৰিয়ানাৰ কন্যাই দেশৰ বাবে সৰ্বাধিক সফলতা কঢ়িয়া আনিছে।
বন্ধুসকল, মই জানিছো যে আপোনালোকৰ মাজৰ বহুতেই কল্পনা চাওলা প্লেনেটৰিয়াম আৰু ইয়াৰ এখনি মহিলা থানা চাবলৈ গৈছে৷ তদুপৰি, পেলনীয়া সামগ্ৰীৰ পৰা সম্পদ সৃষ্টি প্ৰকল্পৰ নতুন প্ৰযুক্তিৰ ব্যৱহাৰ আৰু কৃষি সংক্রান্তীয় বহু নতুন প্ৰযুক্তিৰ অভিনৱ প্ৰয়োগক লৈ আপোনালোকক অৱগত কৰোৱা হৈছে। এই ধৰণৰ কর্মসূচি আগতে দিল্লিত হৈছিল৷ কিন্তু আমি দিল্লীৰ বাহিৰেও সমগ্ৰ দেশত এই ধৰণৰ কর্মসূচি আয়োজন কৰিছো৷ আজি ইয়াত এক নতুন ধৰণৰ প্ৰশিক্ষণ শিৱিৰো আৰম্ভ কৰা হ’ল৷
বন্ধুসকল, মই স্পষ্টকৈ কৈছো যে মহিলাসকলৰ সবলীকৰণ হ’লে সমাজো শক্তিশালী হ’ব৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আমি বিগত চাৰে চাৰি বছৰ ধৰি মহিলা সবলীকৰণৰ দিশত সকলো কাৰ্যসূচী প্ৰস্তুত কৰিছো৷ ‘বেটি বাঁচাও, বেটি পঢ়াও’ অভিযানৰ মাধ্যমেৰে হাৰিয়ানাৰ জনসংখ্যাত পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা কিছু পৰিমাণে বৃদ্ধি পাই ভাৰসাম্যৰ দিশে আগুৱাই গৈছে। উজ্জ্বলা যোজনাৰ জৰিয়তে অসংখ্য ভগ্নীক ৰন্ধন গেছ সংযোগ প্ৰদান কৰি তেওঁলোকক ধোঁৱাৰ পৰা মুক্তি দিয়া হৈছে। ধর্ষণৰ ক্ষেত্রত ফাঁচীৰ ৰায় সুনিশ্চিত কৰি আমাৰ চৰকাৰে জনমানসত এক বার্তা দিব বিচাৰিছে৷ প্ৰধানমন্ত্রী আবাস যোজনাৰ জৰিয়তে যি গৃহ প্ৰদান কৰা হৈছে, সেইবোৰ ঘৰ মহিলাৰ নামতে নথিভূক্ত কৰা হৈছে৷
বন্ধুসকল, আমাৰ চৰকাৰেই মহিলাসকলৰ ৰন্ধন গৃহৰ বাহিৰেও অন্যান্য কামত দক্ষতা প্ৰদর্শনৰ সুযোগ প্ৰদান কৰিছে। আমাৰ আমোলতে দেশে প্ৰথম মহিলা ফাইটাৰ পাইলট পাইছে৷ এতিয়া সেনাতো কন্যাসকলক নিয়োগ কৰা হৈছে। কর্মৰত মহিলাসকলৰ মাতৃত্বকালীন ছুটি ১২ সপ্তাহৰ পৰা বৃদ্ধি কৰি ২৬ সপ্তাহ কৰাত গর্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃৰ লগতে নৱজাত শিশুসকলৰ লালন-পালন আৰু পুষ্টিৰ ক্ষেত্রত বহুত ইতিবাচক পৰিৱর্তন আহিছে। ৰাষ্ট্রীয় পোষণ অভিযান আৰু প্ৰধানমন্ত্রী সুৰক্ষিত মাতৃত্ব অভিযানৰ মাধ্যমেৰে গর্ভৱতী, প্ৰসূতি মাতৃ আৰু শিশুসকলৰ মৃত্যুৰ হাৰ হ্রাস পাইছে৷
এইদৰেই প্ৰধানমন্ত্রী মুদ্রা যোজনাৰ মাধ্যমেৰে যি ১৫ কোটি মানুহক ঋণ প্ৰদান কৰা হৈছে, তাৰ ৭৫% প্রায় ১১কোটি ঋণ মহিলা ক্ষুদ্ৰ উদ্যোগীসকলৰ দিয়া হৈছে৷ দীনদয়াল অন্ত্যোদয়া যোজনাৰ অধীনত প্রায় ৬কোটি মহিলা আত্মসহায়ক গোটৰ সৈতে যুক্ত হৈছে৷ ইতিমধ্যে এই মহিলা আত্মসহায়ক গোটসমূহক ৭৫হাজাৰ কোটিতকৈও অধিক ঋণ প্ৰদান কৰা হৈছে৷ এই টকাৰ পৰিমাণ ২০১৪ পূৰ্বৰ ৫বছৰত ইয়াৰ বাবদ দিয়া ঋণৰ তুলনাত আঢ়ৈ গুণ বেছি৷
বন্ধুসকল, এইবাৰৰ বাজেটত অংগনৱাড়ী, আশাকর্মী আৰু ৰাষ্ট্রীয় পোষণ অভিযানৰ দৰে দুখীয়া শিশুসকলৰ পুষ্টি আৰু উন্নয়নৰ সৈতে জড়িত সকলো প্ৰকল্পক বিশেষ গুৰুত্ব দিয়া হৈছে৷
বন্ধুসকল, দেশৰ মা-ভনীসকলৰ গৰিমা আৰু সন্মানৰ কথাৰ প্ৰতি লক্ষ্য ৰাখি মই স্বচ্ছ ভাৰত অভিযানক ইমান গুৰুত্ব প্ৰদান কৰিছো৷ ২০১৪চনত আপোনালোকে মোক প্ৰধান সেৱকৰ দায়িত্ব দিয়াৰ পূৰ্বে ৩০কোটিতকৈ অধিক মাতৃ-ভগ্নীয়ে প্ৰাকৃতিক কাম-কাজ কৰাৰ বাবে ৰাতিৰ অন্ধকাৰৰ বাবে অপেক্ষা কৰিব লগা হৈছিল৷ বিদ্যালয়সমূহত শৌচাগাৰ নাছিল বুলিয়েই বহুত ছাত্রীয়ে বাধ্য হৈ স্কুল এৰিবলগীয়া হৈছিল৷ সৰুৰে পৰাই এই কৰুণ বাস্তৱে মোক কষ্ট দিছিল৷ সেইবাবে মই সুযোগ পায়েই লালকিল্লাৰ প্রাচীৰ পৰা প্ৰদান কৰা প্ৰথম ভাষণতে মাতৃ-ভগ্নীসকলৰ এই কষ্টৰ পৰা মুক্তি দিবলৈ সমগ্ৰ দেশৰ প্ৰত্যেক ঘৰতে শৌচাগাৰ নির্মাণ আৰু স্বচ্ছ ভাৰত অভিযানৰ আহ্বান কৰিছিল৷ সেই সময়ত এই লৈ মোক বহুতে বিদ্রূপ কৰিছিল৷
বন্ধুসকল, এই বিদ্রূপকাৰীসকলে দেশৰ মাতৃ-ভগ্নীসকলৰ এই ভয়ানক সমস্যা সম্পর্কে অৱগত নাছিল বুলিয়েই সম্ভৱতঃ ইমান সমালোচনা কৰিছে৷ কিন্তু মই সোণৰ চামুচ মুখত লৈ জন্মগ্ৰহণ কৰাসকলৰ বিদ্রূপক আওকান কৰি দৃঢ়সংকল্পৰে এই অভিযানক আগুৱাই নিছো৷ মই অতি আনন্দিত যে দেশৰ সাধাৰণ জনতা আমাৰ এই অভিযানত চামিল হৈছে আৰু স্বাধীনতাৰ পাছত ৭০ বছৰত দেশৰ পৰিচ্ছন্নতাৰ পৰিধি য’ত ৪০ শতাংশ আছিল, সেয়া এতিয়া ৯৮ শতাংশ হৈছেগৈ৷ চাৰে চাৰি বছৰত ১০ কোটিতকৈও অধিক শৌচালয় নির্মাণ কৰা হৈছে৷ দেশৰ ৬০০খন জিলাত ৫ লাখতকৈও বেছি গাঁৱে নিজকে মুকলি স্থানত মলত্যাগমুক্ত ঘোষণা কৰিছে৷
স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে মাতৃ-ভগ্নীসকলৰ এই অপমান আৰু যন্ত্ৰণাৰ পৰা মুক্তিৰ দিয়াৰ লগতে প্রায় ৪৫ লাখ লোকৰ কর্মসংস্থাপন হৈছে৷ এই অভিযানত আমাৰ দেশত ৰাজমিস্ত্রীসকলৰ সমান্তৰালভাৱে ৰাণী মিস্ত্রীসকলৰ দক্ষতা উন্নয়নৰ মাধ্যমেৰে প্ৰশিক্ষণ আৰু নিয়োগক অগ্রাধিকাৰ দিয়া হৈছে৷ এতিয়া তেওঁলোকে এই বছৰ ২ অক্টোবৰত বাপুজীৰ ১৫০তম জয়ন্তীৰ পূৰ্বে দেশক ১০০ শতাংশ মুকলি স্থানত মলত্যাগমুক্ত কৰিবলৈ সর্বাধিক শৌচালয় নির্মাণত সাফল্য আনিব বুলি মোৰ বিশ্বাস৷
বন্ধুসকল, গাঁৱে গাঁৱে যিবোৰ শৌচালয় নির্মিত হৈছে, সেইবোৰ যেন ব্যৱহাৰ হয়, সেয়া চোৱাটো আমাৰ কর্তব্য বুলি ভাবো৷ পঞ্চায়তৰ মুৰব্বী, পঞ্চায়ত সদস্য, আত্মসহায়ক গোট, অংগনৱাড়ী আৰু আশা কর্মীসকলে এই ক্ষেত্রত সজাগতা বৃদ্ধিৰ জৰিয়তে এই সাফল্যক কার্যকৰী কৰি তুলিব৷
ইয়াত পুৰস্কাৰ লাভ কৰাসকলৰ মাজত আছে–জম্মু আৰু কাশ্মীৰৰ অলীনা গাঁৱৰ নাছিমা বেগম, যি গাঁৱৰ প্ৰত্যেকৰ ঘৰে ঘৰে গৈ শৌচালয় নির্মাণৰ বাবে প্রেৰণা যোগাইছিল৷ সেই শৌচালয়বোৰে গাঁৱৰ পৰিৱেশক ইমান উন্নত কৰিছে যে সাধাৰণ মানুহে সুখী হৈ নাছিমা বেগমকে গাঁৱৰ প্ৰধান হিচাপে নির্বাচিত কৰে৷ একেদৰে মধ্যপ্ৰদেশৰ কন্যা শ্রীমতী নাৰাইও এনে সজাগতা অভিযান চলাই ছোনি জিলাৰ ২১খন গাঁৱক মুকলি স্থানত মলত্যাগমুক্ত বুলি ঘোষণা কৰিছে৷ আপোনালোকৰ মাজত প্ৰত্যেকেৰে এনেধৰণৰ সাফল্য গাথা আছে। সেইবাবে আপোনালোক সকলোকে মই অনুৰোধ জনাও যে পৰস্পৰক নিজৰ অভিজ্ঞতা সম্পর্কে জনাওক যে কেনেধৰণৰ সমস্যা আপোনালোকে কিদৰে সমাধান কৰিছে–যিটো শুনি অন্য ভগ্নীসকলেও তেওঁলোকৰ পৰৱর্তী কর্মপদ্ধতিত সংস্কাৰ কৰিব পাৰিব৷
বন্ধুসকল, পৰিচ্ছন্নতাৰ সৈতে স্বাস্থ্যৰ পোনপটীয়া সম্পর্ক আছে। সম্প্ৰতি বিশ্ব স্বাস্থ্য সংস্থাৰ এক ৰিপোর্টৰ পৰা জানিব পৰা গৈছে যে স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে ডায়েৰীয়াৰ দৰে বহুত মাৰাত্মক ৰোগৰ পৰা প্রায় ৩ লাখ লোকক ৰক্ষা কৰিব পৰা গৈছে৷ এটা জীৱন বাচিলেই জন্ম-জন্মান্তৰৰ পূর্ণ লাভ কৰা যায়৷ আপোনালোকে ৩ লাখ লোকৰ জীৱন ৰক্ষা কৰাৰ পুণ্য লাভ কৰিছে৷
বন্ধুসকল, আয়ুষ্মান ভাৰত আঁচনিৰ জৰিয়তে দেশৰ গ্রামাঞ্চলত ডেৰ লাখতকৈও অধিক স্বাস্থ্য কল্যাণ আৰু আৰোগ্য কেন্দ্ৰ নির্মাণ অভিযান আৰু দৰিদ্ৰ লোকসকলক বিনামূলীয়া চিকিৎসাৰ দ্বাৰা সমগ্ৰ দেশৰ দুখীয়া আৰু মধ্যবিত্তসকল উপকৃত হৈছে৷ অলপসময়ৰ পূৰ্বে আপোনালোকক কও যে হাৰিয়ানাত ঝজ্জৰত নেচনেল কেন্সাৰ ইনষ্টিটিউট, কুৰুক্ষেত্রত আয়ুষ বিশ্ববিদ্যালয়, কর্ণালত স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়, পঞ্চকুলাত নেচনেল ইনষ্টিটিউট অৱ আয়ুর্বেদে হাৰিয়ানাবাসীৰ জীৱনক সুগম কৰি তুলিব৷ ফৰিদাবাদত ইএছআইচু মেডিকেল কলেজ আৰু হাস্পতাল আমাৰ শ্ৰমিক ভাই-ভনীসকলৰ স্বাস্থ্য সুৰক্ষাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব৷
ত০বন্ধুসকল, কেন্দ্রীয় চৰকাৰে দেশত বিশাল হাস্পতাল নেটৱর্ক গঢ়ি তুলিছে৷ ইতিমধ্যে সমগ্ৰ দেশত ২১খন এইমছ হাস্পতাল উদ্বোধন হৈছে অথবা নির্মাণৰ কাম দ্রুতগতিত আগবাঢ়িছে৷ ইয়াৰ ভিতৰত ১৪খন এইম্চৰ কাম ২০১৪ চনত আমি লোৱাৰ পাছত আৰম্ভ হৈছে৷ মই অতিশয় আনন্দিত যে আজি হাৰিয়ানাৰ ৰিৱাড়িত আন এখন এইম্ছৰ আধাৰশিলা স্থাপন কৰা হ’ল৷ মোক জনোৱা হৈছে যে মলেঠী এলেকাত সচেতন ৰাইজে ইয়াৰ বাবে ভূমি দিছে সেইবাবে তেওঁলোক সকলোকে বহুত বহুত শুভেচ্ছা জনাইছো৷ যিমান ক্ষিপ্ৰতাৰে পাৰো আমি এই প্ৰকল্পৰ কাম সম্পন্ন কৰাৰ চেষ্টা কৰিম৷
বন্ধুসকল, ডাঙৰ জাঙৰ হাস্পতাল নির্মাণৰ সমান্তৰালভাৱে সমগ্ৰ দেশত প্ৰধানমন্ত্রী জনঔষধি কেদ্ৰসমূহত সস্তাত ঔষধ সৰবৰাহ কৰা হৈছে৷ আঠু আৰু হৃদযন্ত্রৰ শল্য চিকিৎসাৰ খৰচ বহুত হ্ৰাস হৈছে৷ বৃক্কৰ চিকিৎসাৰ বাবে হাস্পতালসমূহত বিনামূলীয়া ডায়েলিছিচৰ সুবিধা প্ৰদান কৰা হৈছে৷ দেশৰ প্রায় ৫০ কোটি পৰিয়ালে আয়ুষ্মান ভাৰত যোজনাৰ অধীনত বছৰত ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিব৷ এই প্ৰকল্প আৰম্ভ হোৱাৰ পাছত এতিয়াও ১৫০ দিন হোৱা নাই৷ কিন্তু ইতিমধ্যে সমগ্ৰ দেশত ১১ লাখতকৈও অধিক দুখীয়া লোকে এই প্ৰকল্পৰ দ্বাৰা উপকৃত হৈছে৷।
বন্ধুসকল, নাৰী শক্তিক লৈ যেতিয়া আলোচনা হয় তেতিয়া দেশৰ কৃষি ক্ষেত্রত মহিলাসকলৰ অৱদানৰ কথাকে কোৱা হয়৷ আমাৰ হাৰিয়ানা জয় জোৱান জয় কিষাণৰ ৰাজ্য৷ এই ৰাজ্যৰ কৃষি ক্ষেত্রত মহিলাসকলৰ অৱদান অনস্বীকার্য৷ এইবাৰৰ বাজেটত আমি ‘পিএম-কিষাণ যোজনা আৰম্ভ কৰিছো৷ ফলত ৫ একৰ বাব তাতকৈ কম ভূমি যিসকলৰ আছে, তেওঁলোকৰ বেংক একাউণ্টত কেন্দ্রীয় চৰকাৰে প্ৰতি বছৰ পোনপটীয়াভাৱে ৬ হাজাৰ টকা জমা কৰিব৷ এই ধন ২ হাজাৰ টকাকৈ তিনিটা কিস্তিত জমা হ’ব৷ ইয়াৰ প্ৰথম কিস্তিৰ টকা শীঘ্ৰে আপোনালোকৰ একাউণ্টত প্ৰদানৰ চেষ্টা কৰা হৈছে।
বন্ধুসকল, আপোনালোকৰ কেন্দ্রীয় চৰকাৰে গাঁও, দুখীয়া, কৃষক আৰু মধ্যবিত্তৰ জীৱন সৰল আৰু সুগম কৰাৰ বাবে দ্রুতগতিত কাম কৰি আহিছে। এই সাফল্যৰ আঁৰত আছে – চাৰে চাৰি বছৰৰ পূৰ্বে আপোনালোকৰ সুচিন্তিত সিদ্ধান্তৰ জৰিয়তে এখন সংখ্যাগৰিষ্ঠৰ চৰকাৰ গঠন। এই সংখ্যাগৰিষ্ঠতাৰ বাবেই আমি দেশত স্বচ্ছ শাসন ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্রত বহুত কঠিন আৰু গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিছো৷ দুখীয়ালোকসকলৰ অধিকাৰ লুন্ঠনকাৰী দালাল ব্যৱস্থা পৰা ৰক্ষা কৰি হৈছে৷ আজি দেশৰ প্ৰতিগৰাকী সৎ লোকে এই চৌকিদাৰক ভৰসা কৰিছে৷ কিন্তু যিসকলে ভ্ৰষ্ট তেওঁলোকে মোদীক লৈ অসুবিধানৰ সন্মুখীন হৈছে৷ আপোনালোকে হাৰিয়ানাতো দেখিছে বিভিন্ন তদন্ত আয়োগৰ তৎপৰতাত কিদৰে বহুলোক ব্যতিব্যস্ত হৈছে৷
বন্ধুসকল, বৰ্তমান দেশত যি মোদী বিৰোধী মহাজোটে মুৰ দাঙি উঠাৰ চেষ্টা কৰিছে, তেওঁলোকে এই তদন্ত এজেন্সিসমূহক ধমকি দিয়াৰ লগতে মোদীক গালি দিয়াৰ প্ৰতিযোগিতাত নামিছে. আপোনালোক নিশ্চিন্তে থাকক যে এই চৌকিদাৰে তেওঁলোকৰ ধমকি আৰু গালিলৈ ভয় কৰি থমকি নৰয় বাব শিৰনত নকৰে৷ দেশক দুর্নীতিৰ পৰা মুক্ত কৰাৰ অভিযান আৰু অধিক জোৰদাৰ হ’ব, আপোনালোকৰ আশীর্বাদ থাকিলে দেশত দ্রুত দুর্নীতি মুক্ত কৰা হ’ব৷ এই বছৰ আপোনালোকে হয়তো প্ৰয়াগৰাজত অর্ধকুম্ভলৈ গৈছিল৷ পৰহি শাহী স্নানৰ দিনলৈকে প্রায় ১৭ কোটি তীর্থযাত্রী এই কুম্ভত গৈ ত্রিবেণী সংগমত পুণ্য স্নান কৰিছে৷ অর্থাৎ, ইউৰোপৰ জনসংখ্যাৰ অধিকাংশৰ সমানৰ লোকে এই কেইদিনত প্ৰয়াগৰাজত স্নান কৰিছে৷ অথচ, প্ৰয়াগৰাজৰ অর্ধকুম্ভত স্বচ্ছতাই সকলোৰে দৃষ্টি কাঢ়িছে। আমেৰিকাৰ নিউয়র্ক টাইম্ছ বাতৰি কাকতত কুম্ভমেলাৰ স্বচ্ছতাৰ সম্পৰ্কে প্ৰশংসা কৰি নিবন্ধ ছপা হৈছে। এয়াই হ’ল পৰিৱর্তিত ভাৰতৰ দৃশ্য।
মই এইবাৰৰ কুম্ভমেলাক স্বচ্ছ কুম্ভৰ দৃষ্টান্ত হিচাপে গঢ়ি তোলাৰ বাবে যিসকল ভাই-ভনীয়ে দিন-ৰাতি কাম কৰিছে, তেওঁলোকক এই কুৰুক্ষেত্রৰ পবিত্ৰ ভূমিৰ পৰাই প্ৰণাম জনাইছো। যিসকল সাধু-মহাত্মাই স্বচ্ছতাৰ সপক্ষে আমাৰ ধর্মীয় ব্যাখ্যা আৰু প্ৰবচনৰ জৰিয়তে তেওঁলোকক প্রেৰণা যোগাই গৈছে, তেওঁলোকক প্ৰণাম জনাইছো।
ভাই-ভনীসকল, আপোনালোকে দেশৰ বিভিন্ন প্রান্তৰ পৰা আহিছে। আপোনালোকৰ আশীর্বাদ থাকিলে দেশে দ্রুতগতিত দুর্নীতি মুক্ত হ’ব, স্বচ্ছ হ’ব – এই আশাৰে মই মোৰ বক্তব্য সামৰিছো৷ পুনৰবাৰ স্বচ্ছ শক্তি পুৰস্কাৰ বিজয়ীসকলক মই বহুত বহুত শুভেচ্ছা জনাইছো।
বহুত বহুত ধন্যবাদ।
*****
AKT/ VJ/ MS/SBP/DB
नाइजीरिया का एक डेलीगेशन यहां मैं सामने देख सकता हूं।
— PMO India (@PMOIndia) February 12, 2019
I am told that you are here on a study tour since the past week to learn how the Swachh Bharat Mission achieved such dramatic success so quickly, and how it can be replicated in Nigeria. I sincerely wish you all success: PM
हरियाणा की धरती से हमने जो भी बड़े लक्ष्य तय किए, वो हासिल किए
— PMO India (@PMOIndia) February 12, 2019
वन रैंक, वन पेंशन का वादा यहीं से किया था और जो पूरा किया
बेटी बचाओ, बेटी पढ़ाओ की योजना यहीं से लॉन्च की थी और ये पूरे देश में जन आंदोलन के रूप में फैल गई
आयुष्मान भारत की पहली लाभार्थी भी हरियाणा की बिटिया है: PM
आज स्वास्थ्य और संस्कृति से जुड़ी परियोजनाओं का लोकार्पण और शिलान्यास किया गया है।
— PMO India (@PMOIndia) February 12, 2019
झज्जर का नेशनल कैंसर इंस्टीट्यूट,
कुरुक्षेत्र में आयुष यूनिवर्सिटी,
करनाल में हेल्थ साइंस यूनिवर्सिटी,
पंचकुला में नेशनल इंस्टीट्यूट ऑफ आयुर्वेद,
फरीदाबाद में ESIC मेडिकल कॉलेज और अस्पताल: PM
ये तमाम प्रोजेक्ट हरियाणावासियों के जीवन को स्वस्थ और सुगम बनाने वाले हैं।
— PMO India (@PMOIndia) February 12, 2019
साथ ही यहां के युवाओं को रोज़गार के नए अवसर भी इन प्रोजेक्ट्स के माध्यम से मिलने वाले हैं: PM
बेटी बचाओ बेटी पढ़ाओ से बच्चियों की जनसंख्या में सुधार आया है,
— PMO India (@PMOIndia) February 12, 2019
उज्जवला योजना से बहनों को धुएं से मुक्ति मिली है,
राष्ट्रीय पोषण अभियान और प्रधानमंत्री सुरक्षित मातृत्व अभियान से प्रसूता माताओं के जीवन पर आने वाला खतरा कम हुआ है: PM
बेटियों पर बलात्कार जैसे अत्याचार करने वालों को फांसी तक की सज़ा का प्रावधान भी हमारी सरकार ने किया है।
— PMO India (@PMOIndia) February 12, 2019
प्रधानमंत्री आवास योजना के तहत जो घर दिए जा रहे हैं, उसमें भी महिलाओं के नाम घर की रजिस्ट्री हो, इसे प्राथमिकता दी जा रही है: PM
बेटियों को किचन के दायरे से बाहर योगदान देने के लिए प्रोत्साहित किया जा रहा है।
— PMO India (@PMOIndia) February 12, 2019
देश में पहली बार बेटियां फाइटर पायलट बनी हैं।
महिलाओं को अपने नवजात शिशुओं के अच्छी तरह लालन-पालन के लिए पर्याप्त समय मिल सके, इसके लिए मैटरनिटी लीव को 12 सप्ताह से बढ़ाकर 26 सप्ताह किया गया है: PM
मुद्रा योजना में 15 करोड़ ऋणों में से लगभग 75% ऋण महिला उद्यमियों को मिले हैं।
— PMO India (@PMOIndia) February 12, 2019
‘दीन दयाल अंत्योदय योजना’ के तहत लगभग 6 करोड़ महिलाएं स्वयं सहायता समूहों से जुड़ी हुई हैं।
ऐसे सेल्फ हेल्प गुप्स को 75 हजार करोड़ रुपए से अधिक ऋण उपलब्ध कराया गया है: PM
आज़ादी के लगभग 70 वर्षों में स्वच्छता का जो दायरा करीब 40% था, वो आज 98% तक पहुंच चुका है।
— PMO India (@PMOIndia) February 12, 2019
साढ़े 4 वर्षों में 10 करोड़ से अधिक टॉयलेट्स बनाए जा चुके हैं।
600 जिलों के साढ़े 5 लाख गांवों ने खुद को खुले में शौच से मुक्त कर दिया है: PM
स्वास्थ्य चाहे गरीब का हो या फिर मध्यम वर्ग के परिवार का, सरकार व्यापक रूप से प्रयास कर रही है।
— PMO India (@PMOIndia) February 12, 2019
चाहे बड़े अस्पतालों का नेटवर्क हो, देशभर के गांवों में डेढ़ लाख वेलनेस सेंटर बनाने का अभियान हो या फिर गरीब को मुफ्त इलाज देने वाली आयुष्मान भारत, एक साथ अनेक काम हो रहे हैं: PM
केंद्र सरकार देश में बड़े अस्पतालों का नेटवर्क किस तेज़ी से बिछा रही है,
— PMO India (@PMOIndia) February 12, 2019
इसका अंदाज़ा इसी बात से लगाया जा सकता है कि आज 21 AIIMS देश में या तो काम कर रहे हैं या फिर निर्माण का कार्य चल रहा है।
इनमें से 14 एम्स पर काम 2014 के बाद शुरु हुआ है: PM
The Swachh Shakti- 2019 in Haryana’s Kurukshetra was a wonderful occasion to honour the outstanding people who are making the Swachh Bharat Movement stronger at the grassroots level.
— Narendra Modi (@narendramodi) February 12, 2019
In Kurukshetra, also inaugurated and laid foundation stones for various development works. pic.twitter.com/M8p9WXzISm
In Kurukshetra today, I had the opportunity to see glimpses of some of the toilets that have been painted.
— Narendra Modi (@narendramodi) February 12, 2019
I was impressed, both by the dexterity of the artists and the passion towards cleanliness.
Such awareness and efforts add valuable strength to the Swachh Bharat Mission. pic.twitter.com/BDLPxiZbjH