পি এম ইণ্ডিয়া

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেক্সাছৰ হিউষ্টনস্থিত এনআৰজি ষ্টেডিয়ামত আয়োজিত ‘হাউডী মোদী’ অনুষ্ঠানত ৫০হাজাৰৰো অধিক লোকক সম্বোধন কৰে৷ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীক সংগ দিয়ে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে৷
বৃহৎ জনসমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে হিউষ্টনত আজি নতুন ইতিহাস আৰু নতুন ৰসায়নৰ সৃষ্টি হ’ল৷ “ড’নাল্ড ট্ৰাম্প আৰু ছিনেটৰসকলে ভাৰতৰ প্ৰগতিৰ কথা কোৱাটো ১.৩ বিলিয়ন ভাৰতীয়ৰ বাবে এক সন্মান৷”— প্ৰধানমন্ত্ৰীয়ে কয়৷ তেওঁ উল্লেখ কৰে যে ষ্টেডিয়ামত উপস্থিত দৰ্শকৰ উৎসাহ-উদ্দীপনাই ভাৰত আৰু আমেৰিকাৰ মাজত বৰ্ধিত বুজাবুজিক প্ৰতিফলিত কৰে৷
“এই অনুষ্ঠানটোৰ নাম ৰখা হৈছে হাউডী মোদী৷ কিন্তু মোদী অকলে একো নহয়৷ মই মাথো ১৩০কোটি ভাৰতীয়ৰ আদেশ পালন কৰা এগৰাকী সাধাৰণ ব্যক্তি৷ গতিকে আপোনালোকে যেতিয়া মোক সোধে—হাউডী মোদী৷ মই ইয়াৰ উত্তৰত ক’ব বিচাৰিম যে—ভাৰতত সকলো ভালে আছে৷”—প্ৰধানমন্ত্ৰীয়ে কয়৷ ‘সকলো ভালে আছে’ বুলি বিভিন্ন ভাৰতীয় ভাষাত উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বৈচিত্ৰতাৰ মাজত এই ঐক্য-সংহতিয়ে আমাৰ গতিশীল গণতন্ত্ৰৰ শক্তি৷
“আজি ভাৰতবৰ্ষই এখন নতুন ভাৰত সৃষ্টিৰ সংকল্পৰে কঠোৰ পৰিশ্ৰমেৰে কাম কৰি আছে৷”—প্ৰধানমন্ত্ৰীয়ে কয়৷ তেওঁ কয় যে এখন নতুন আৰু উন্নত ভাৰত গঠনৰ বাবে যথেষ্ট পৰিমাণৰ প্ৰয়াস চলাই থকা হৈছে৷ “ভাৰতবৰ্ষই প্ৰত্যাহ্বানৰ পৰা ফালৰি কটা নাই, ইয়াক সঠিকভাৱে গ্ৰহণ কৰিছে৷ আমি সকলো সমস্যাৰ স্থায়ী সমাধান সৃষ্টি আৰু অসম্ভৱক সম্ভৱ কৰি তুলাৰ প্ৰয়াস চলাই আছো৷”—প্ৰধানমন্ত্ৰীয়ে কয়৷
যোৱা পাঁচ বছৰত এনডিএ চৰকাৰৰ সফলতাৰ খতিয়ান দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে কয়, “যোৱা ৫ বছৰত ১৩০ কোটি ভাৰতীয়ই এনে কিছু সুবিধা লাভ কৰিছে, যিবোৰ তেওঁলোকে কেতিয়াও কল্পনাই কৰা নাছিল৷ আমি ডাঙৰ লক্ষ্য লৈছো আৰু ডাঙৰ সাফল্য অৰ্জন কৰি আছো৷” তেওঁ লগতে চৰকাৰৰ পৰিৱৰ্তনকামী পদক্ষেপসমূহৰ কথা উল্লেখ কৰি কয় যে এনডিএ চৰকাৰে প্ৰতিটো পৰিয়ালক গেছ সংযোগৰ সুবিধা আগবঢ়াইছে, গ্ৰাম্য অনাময় ব্যৱস্থা উন্নত কৰিছে, গ্ৰাম্য পথ আন্তঃগাথনি সৃষ্টি কৰিছে, সকলোৰে বাবে বেংক একাউণ্ট মুকলি কৰিছে৷
‘সৰল জীৱনযাত্ৰা’ আৰু ‘ব্যৱসায়িক সূচলতা’ৰ দিশত চৰকাৰৰ দায়বদ্ধতাক প্ৰধানমন্ত্ৰীয়ে পুনৰ উল্লেখ কৰে৷ ‘সৰল জীৱনযাত্ৰা’ৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে জনসাধাৰণৰ জীৱন-ধাৰণৰ মান সৰল কৰিবলৈ আওপুৰণি আইন বিলুপ্ত, সেৱাসমূহৰ দ্ৰুত বিতৰণ, সূলভ মূল্যত ডাটা উপলব্ধ, দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱসথা, জিএছটি ৰূপায়ন আদিৰ দৰে প্ৰচেষ্টা হাতত লোৱা হৈছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰৰ দিনত প্ৰতিগৰাকী ভাৰতীয়ক উন্নয়নে স্পৰ্শ কৰিবলৈ সক্ষম হৈছে৷
অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই শক্তিশালী আৰু নিৰ্ণায়ক সিদ্ধান্ত লোৱাৰ বাবে ভাৰতৰ সংসদক সকলোকে থিয় হৈ সন্মান প্ৰদৰ্শন কৰিবলৈ উপস্থিত জনতাক আহ্বান জনায়৷ তেওঁ কয় যে ৩৭০ অনুচ্ছেদে জম্মু আৰু কাশ্মীৰ তথা লাডাখক উন্নয়ন আৰু প্ৰগতিৰ পৰা আতৰাই ৰাখিছিল৷ “এতিয়া জম্মু আৰু কাশ্মীৰ আৰু লাডাখৰ জনসাধাৰণে প্ৰতিগৰাকী ভাৰতীয়ৰ দৰে সম অধিকাৰ লাভ কৰিব৷”—প্ৰধানমন্ত্ৰীয়ে কয়৷
প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদক সমৰ্থন জনোৱাসকলৰ বিৰুদ্ধে কঠোৰ নিৰ্ণায়ক যুঁজ দিয়াৰ সময় সমাগত৷ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ স্থিৰ সংকল্পক তেওঁ প্ৰশংসা কৰে৷
প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু তেওঁৰ পৰিয়ালক ভাৰত ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনায়৷ “আমাৰ বন্ধুত্বই ভাৰত আৰু আমেৰিকাৰ গতিশীল ভৱিষ্যতক এক নতুন উচ্চতা দিব৷”—প্ৰধানমন্ত্ৰীয়ে কয়৷
‘হাউডী মোদী’ অনু্ষ্ঠানত ড’নাল্ড ট্ৰাম্পক আদৰণি জনাবলৈ পোৱাটো এক সন্মানৰ বিষয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে সকলোতে এক গভীৰ আৰু স্থায়ী প্ৰভাৱ ৰাখি থৈ যায়৷ ট্ৰাম্পৰ নেতৃত্ব দক্ষতাক তেওঁ প্ৰশংসা কৰে৷ প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ড’নাল্ড ট্ৰাম্পক সাক্ষাতৰ সময়ত তেওঁ সদায় এক বন্ধুত্ব, আন্তৰিকতা আৰু উদ্যম অনুভৱ কৰে৷
অনুষ্ঠানত ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত আৰু ভাৰতবাসীৰ বাবে ব্যতিক্ৰমী আৰু অসাধাৰণ কাম কৰি আছে৷ নিৰ্বাচনত অভুতপূৰ্ব বিজয়ৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জ্ঞাপন কৰে৷ ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ পৰ্যায়ত উপনীত হোৱা বুলিও ট্ৰাম্পে মন্তব্য আগবঢ়ায়৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকাশমূলক নীতিক প্ৰশংসা কৰি ট্ৰাম্পে কয়, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে প্ৰায় ৩০০মিলিয়ন লোকক দৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰিছে৷ এয়া সঁচাকৈয়ে অতুলনীয়৷’” তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিশ্বই এখন শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰতবৰ্ষ দেখিবলৈ পাইছে৷ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতীয় সমূদায়ক তেওঁলোকৰ অৱদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰি কয় যে প্ৰৱাসী ভাৰতীয়সকলৰ কল্যাণৰ বাবে তেওঁৰ প্ৰশাসন সংকল্পবদ্ধ৷
হিউষ্টনলৈ প্ৰধানমন্ত্ৰীক আদৰণি জনাই সংসদৰ নেতা ষ্টেনি হ’নাৰে কয় যে আধুনিক ভাৰতৰদ্বাৰা আমেৰিকা যুক্তৰাষ্ট্ৰ অনুপ্ৰাণিত৷ প্ৰধানমন্ত্ৰী মোদীয়ে দক্ষতাৰে নেতৃত্ব দি দেশখনক মহাকাশ ক্ষেত্ৰৰ লগতে দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত উৎকৃষ্ট নিৰ্দৰ্শন দাঙি ধৰিছে৷
ইয়াৰ পূৰ্বে, হিউষ্টনৰ মেয়ৰ ছিলভেষ্টৰ টাৰ্ণাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনাই ভাৰত-হিউষ্টনৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ স্বীকৃতিস্বৰূপে ‘কে’ টু হিউষ্টন’(হিউষ্টনৰ চাবি-কাঠি) উপহাৰ হিচাপে আগবঢ়ায়৷
******
VRRK/AK/MS
Here is the answer to #HowdyModi... pic.twitter.com/SXytI29JXv
— Narendra Modi (@narendramodi) September 23, 2019
India is aiming high and achieving higher. pic.twitter.com/lxMTwz3zMu
— Narendra Modi (@narendramodi) September 23, 2019
You all have set the stage for a glorious future as far as India-USA ties are concerned. I thank you all: PM @narendramodi tells the Indian community in Houston pic.twitter.com/megDbMAiHp
— PMO India (@PMOIndia) September 22, 2019
Many measures for welfare and many noteworthy farewells... pic.twitter.com/NDEwnL7eKs
— Narendra Modi (@narendramodi) September 23, 2019
An important farewell from the previous few weeks, one that set the stage for a better quality of life for the people of Jammu and Kashmir. pic.twitter.com/1BV3QECGb0
— Narendra Modi (@narendramodi) September 23, 2019
आज भारत का सबसे चर्चित शब्द है- विकास।
— Narendra Modi (@narendramodi) September 23, 2019
आज भारत का सबसे बड़ा मंत्र है- सबका साथ-सबका विकास।
आज भारत की सबसे बड़ी नीति है- जनभागीदारी।
आज भारत का सबसे प्रचलित नारा है- संकल्प से सिद्धि।
आज भारत का सबसे बड़ा संकल्प है- न्यू इंडिया। pic.twitter.com/hxbsykAiVk
Dear @POTUS @realDonaldTrump, your presence at #HowdyModi in Houston was a watershed moment in India-USA ties.
— Narendra Modi (@narendramodi) September 23, 2019
Since assuming office, you have been a steadfast friend of India and the Indian community.
Your presence indicates your respect towards India and the Indian diaspora. pic.twitter.com/iGHjT6Tp5a
Moments from Houston that will always remain a part of my memory.
— Narendra Modi (@narendramodi) September 23, 2019
I thank all those who came for the #HowdyModi programme.
The event was lively, showcasing the special features of Indian culture and accomplishments of the Indian diaspora. pic.twitter.com/2L4AhkVTSz
Sharing some more pictures from #HowdyModi in Houston. pic.twitter.com/KkrXAFbHxh
— Narendra Modi (@narendramodi) September 23, 2019
You all have set the stage for a glorious future as far as India-USA ties are concerned. I thank you all: PM @narendramodi tells the Indian community in Houston pic.twitter.com/megDbMAiHp
— PMO India (@PMOIndia) September 22, 2019
The Eternal Gandhi museum will be a prized cultural landmark in Houston. I have been associated with this effort for a while. It will surely make Gandhi Ji’s thoughts popular among the youth: PM @narendramodi in Houston pic.twitter.com/FsrU8vzVIs
— PMO India (@PMOIndia) September 22, 2019
PM @narendramodi has a request for the Indian diaspora. Know what it is... pic.twitter.com/RTPYLwjDaH
— PMO India (@PMOIndia) September 22, 2019