পি এম ইণ্ডিয়া
প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰোহিত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত হিন্দুস্তান ভেজেটেবল অইলচ কৰ্পোৰেশ্যন লিমিটেডৰ ভূমি সম্পত্তি আৱাস আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয় অথবা ইয়াৰ অনুমোদনপ্ৰাপ্ত সংস্থালৈ হস্তান্তৰ কৰাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়।
হিন্দুস্তান ভেজেটেবল অইলচ কৰ্পোৰেশ্যন লিমিটেডৰ ভূমি সম্পত্তি হস্তান্তৰ কৰাৰ বাবদ চৰকাৰৰ পৰা লোৱা ঋণ সূদসহ লিখিত কৰা হ’ব। হিন্দুস্তান ভেজেটেবল অইলচ কৰ্পোৰেশ্যন লিমিটেডে পাবলগীয়াখিনিৰ দায়িত্ব চৰকাৰে বহন কৰিব।
সাতখন চহৰত হিন্দুস্তান ভেজেটেবল অইলচ কৰ্পোৰেশ্যন লিমিটেডৰ বাবে অনুমোদিত ভূমি বহু বছৰ ধৰি অব্যৱহৃত হৈ আছে আৰু আৱাস আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়লৈ ইয়াৰ হস্তান্তৰ হ’লে ৰাজহুৱা স্বাৰ্থত সেই ভূমি ব্যৱহাৰ কৰিব পৰা যাব।
*****
AKT/VBA/SH/PRK