পি এম ইণ্ডিয়া

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ-প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰয়াত হেমভাটী নন্দন বহুগুনাৰ সোঁৱৰণত এটি স্মাৰক ডাক টিকট মুকলি কৰে৷
অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰয়াত বহুগুনাক গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি দায়বদ্ধ এগৰাকী নেতা আখ্যা দিয়ে৷ তেওঁ কয় যে মহাত্মা গান্ধী, আচাৰ্য ভিনোবা ভাৱে, আচাৰ্য নৰেন্দ্ৰ দেৱ, ৰাম মনোহৰ লোহিয়া আৰু চন্দ্ৰশেখৰ আজাদৰ দৰে নেতাৰদ্বাৰা বহুগুনা অনুপ্ৰাণিত হৈছিল৷
দেশৰ পাহাৰীয়া অঞ্চলৰ উন্নয়ন আৰু শিক্ষা খণ্ডত বহুগুনাৰ বৰঙণিকো প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাৰে সোঁৱৰণ কৰে৷
যোগাযোগ মন্ত্ৰালয়ৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী শ্ৰী মনোজ সিনহাৰ লগতে হেমভাটী নন্দন বহুগুনাৰ পৰিয়ালৰ সদস্যও অনুষ্ঠানত উপস্থিত আছিল৷
***
AKT/VJ/SK/MS
Released a commemorative postage stamp on Shri Hemvati Nandan Bahuguna.
— Narendra Modi (@narendramodi) April 25, 2018
Bahuguna Ji is a widely admired leader, who remained committed to democratic values. He worked extensively for the development of the hilly areas of India. pic.twitter.com/EC4yT0HkXb