Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

১১ আৰু ১২ জানুৱাৰী ২০২০ তাৰিখে প্ৰধানমন্ত্ৰীৰ কলকাতাত চৰকাৰী ভ্ৰমণ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ আৰু ১২ জানুৱাৰী ২০২০ তাৰিখে কলকাতালৈ দুদিনীয়া ভ্ৰমণৰ উদ্দেশ্য ৰাওনা হ’ব৷
ৰাষ্ট্ৰলৈ বুলি ঐতিহাসিক ভৱন উচৰ্গা

১১ জানুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰলৈ বুলি চাৰিটা পুনৰ নিৰ্মিত ঐতিহাসিক ভৱন উচৰ্গা কৰিব৷ এই চাৰিটা ভৱন হ’ল অ’ল্ড কাৰেন্সী বিল্ডিং, বেনভেডেৰ হাউচ, মেটকাফ হাউচ আৰু ভিক্ট’ৰিয়া মেম’ৰিয়েল হ’ল৷ কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ে এই চাৰিটা ভৱন পুনৰ নিৰ্মাণ কৰি পূৰ্বৰ জ্যোতি অক্ষুণ্ণ ৰাখিছে৷

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনাত সাংস্কৃতিক মন্ত্ৰালয়ে বিভিন্ন মেট্ৰ’ চহৰসমূহৰ ঐতিহাসিক ভৱনসমূহ পুনৰ নিৰ্মাণ কৰিবলৈ ধৰিছে৷ কলকাতাৰ পৰা আৰম্ভ কৰি এই পদক্ষেপত দিল্লী, মুম্বাই, আহমেদাবাদ আৰু বাৰাণসী চহৰকো সামৰি লোৱা হৈছে৷

কলকাতা প’ৰ্ট ট্ৰাষ্টৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপন

প্ৰধানমন্ত্ৰীয়ে ১১ আৰু ১২ জানুৱাৰী ২০২০ তাৰিখে কলকাতা প’ৰ্ট ট্ৰাষ্টৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপন অনুষ্ঠানতো অংশগ্ৰহণ কৰিব৷ শ্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতা প’ৰ্ট ট্ৰাষ্টৰ অৱসৰপ্ৰাপ্ত তথা বিদ্যমান কৰ্মচাৰীসকলৰ পেঞ্চনৰ অসুবিধা দূৰ কৰিবলৈ ৫০১ কোটি টকাৰ এখন চেক প্ৰদান কৰিব৷ তাৰোপৰি প্ৰধানমন্ত্ৰীয়ে কলকাতা প’ৰ্ট ট্ৰাষ্টৰ শতবৰ্ষ গৰকা বৰ্ষীয়ান পেঞ্চনাৰ শ্ৰী নাগিনা ভগৎ আৰু শ্ৰী নৰেশ চন্দ্ৰ চক্ৰৱৰ্তীকো সম্বৰ্ধনা জনাব৷ (যথাক্ৰমে ১০৫ আৰু ১০০ বছৰ বয়স) অনুষ্ঠানটোত প্ৰধানমন্ত্ৰীয়ে প’ৰ্ট ট্ৰাষ্টৰ এক বিশেষ গীতো মুকলি কৰিব৷ শ্ৰী মোদীয়ে পুৰণি প’ৰ্ট জেটি স্থানত ডেৰশ বছৰীয়া জয়ন্তীৰ স্মাৰক ফলক এখন মুকলি কৰিব৷

প্ৰধানমন্ত্ৰীয়ে নেতাজী সুভাষ ড্ৰাই ডকত কোচিন কলকাতা শ্বিপ ৰিপেয়াৰ ইউনিটৰ উন্নীত জাহাজ পুনৰ নিৰ্মাণ সুবিধাও মুকলি কৰিব৷ শ্ৰী মোদীয়ে সামগ্ৰীসমূহৰ সুগম পৰিবহণৰ বাবে বন্দৰত ফুল ৰেক হেণ্ডলিং সুবিধাৰ উদঘাটন কৰাৰ লগতে উন্নীত ৰে’লৱে পৰিকাঠামো দেশবাসীলৈ বুলি উচৰ্গা কৰিব৷ প্ৰধানমন্ত্ৰীয়ে হালদিয়া বন্দৰ প্ৰাংগনত বাৰ্থ নং ৩ত মেচিন সঞ্চালিত সুবিধা আৰু এক প্ৰস্তাৱিত ৰিভাৰফ্ৰ’ণ্ট বিকাশ যোজনা মুকলি কৰিব৷ শ্ৰী মোদীয়ে সুন্দৰবনৰ ২০০গৰাকী আদিবাসী ছোৱালী শিক্ষাৰ্থীৰ বাবে প্ৰীতিলতা ছাত্ৰী আৱাস আৰু এক কৌশল বিকাশ কেন্দ্ৰ উদঘাটন কৰিব৷ এয়া হ’ল কলকাতা প’ৰ্ট ট্ৰাষ্ট আৰু পূৰ্বাঞ্চল কল্যাণ আশ্ৰম, গোছাবাৰ এক সংযুক্ত পৰিকল্পনা৷

VRRK/KP/MANN