Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

১২ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব কিষাণ মান ধন যোজনা সুৰক্ষিত হ’ব অন্নদাতাৰ জীৱন


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ ছেপ্তেম্বৰত ঝাৰখণ্ডৰ ৰাঁচীত মুকলি কৰিব কিষাণ মান ধন যোজনা৷

আঁচনিখনে ৫কোটি ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ জীৱন সুৰক্ষিত কৰিব৷ তেওঁলোকে এই আঁচনিৰ অধীনত ৬০বছৰ বয়সৰ পাছত মাহিলী ৩,০০০টকাকৈ লাভ কৰিব৷

পৰৱৰ্তী তিনি বছৰৰ বাবে আঁচনিখনৰ ব্যয় ১০,৭৭৪কোটি টকা ধাৰ্য কৰা হৈছে৷

১৮ৰ পৰা ৪০বছৰ বয়সৰ সকলো ক্ষুদ্ৰ আৰু উপান্ত কৃষকে আঁচনিখনৰ বাবে আবেদন কৰিব পাৰে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে ৪০০খন একলব্য মডেল আবাসিক স্কুলো উদ্বোধন কৰিব৷ এই স্কুলসমূহে জনজাতি অধ্যুষিত অঞ্চলত উন্নত মানৰ উচ্চ প্ৰাথমিক, ছেকেণ্ডাৰী আৰু ছিনিয়ৰ ছেকেণ্ডাৰী পৰ্যায়ৰ শিক্ষা আগবঢ়াব৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ড বিধানসভাৰ নতুন ভৱন মুকলি কৰাৰ লগতে ৰাঁচীত সচিবালয়ৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰিব৷

ভ্ৰমণকালত তেওঁ ছাহেবগঞ্জত মাল্টি-মডেল টাৰ্মিনেলো মুকলি কৰিব৷

*********

VRRK/KP/MS