Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

১২ মাৰ্চ, ২০১৮ত বাৰাণসীত অনুষ্ঠিত ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ

১২ মাৰ্চ, ২০১৮ত বাৰাণসীত অনুষ্ঠিত ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ

১২ মাৰ্চ, ২০১৮ত বাৰাণসীত অনুষ্ঠিত ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ

১২ মাৰ্চ, ২০১৮ত বাৰাণসীত অনুষ্ঠিত ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ


সভাত ব্যাপক হাৰত উপস্থিত থকা মা-ভগ্নী, ভাই আৰু নৱপ্ৰজন্মৰ বন্ধুসকল,

আজি বাৰাণসীত একাধিক উন্নয়নমুলক প্রকল্পৰ অধাৰশিলা তথা উদ্বোধন কৰিবলৈ পোৱাটো মোৰ বাবে সৌভাগ্যৰ বিষয়। কিন্তু মই আজি সৰ্বপ্ৰথমে বেনাৰসবাসীক বহুত ধন্যবাদ আৰু অভিনন্দন জনাব বিচাৰিছো। আজি বাৰাণসীয়ে মোক অবাক কৰি দিছে। বাৰাণসীৰ মানুহে যেনেকৈ ফ্রান্সৰ ৰাষ্ট্রপতিক আদৰ সম্ভাষণ জনালে, ফ্রান্সৰ প্রত্যেক ঘৰ লোকে নিশ্চই এইবাৰ বিচাৰ কৰিব যে বাৰাণসী ক’ত আছে?

আমি যদি জোৰেৰে গাড়ী নচলাও, তেতিয়াহ’লে এতিয়াও হয়তো পথৰ কাষত থিয় হৈ থকা অসংখ্য মানুহৰ অভিবাদন গ্ৰহণ কৰি কৰি তাতে থাকিলো হয়, ইমান লোকৰ ভিৰ। গংগাৰ সকলো ঘাট, প্রতিটো পথৰ প্রত্যেক ইঞ্চিত মানুহ দেখিবলৈ পাইছো– সচাই আজি এয়া অদ্ভুত দৃশ্য! বাৰাণসীৰ মানুহৰ প্ৰেম, আশীর্বাদ, এই মাটিত আপোনালোকে যিদৰে ভাৰত আৰু ফ্রান্সৰ মৈত্রীক প্রেমৰ বৰষুণত সিক্ত কৰিছে– তাৰ বাবে মই বেনাৰসবাসীক যিমান ধন্যবাদ জনালেও, সেয়া কম হ’ব।

আজি মোৰ বিন্ধ্যবাসিনীৰ চৰণত শৰণাপন্ন হোৱাৰ সুযোগ হ’ল। সমগ্ৰ বিশ্বত সৌৰশক্তিৰ উৎপাদন আৰু ব্যৱহাৰ বৃদ্ধিক লৈ অভিযান আৰুম্ভ কৰাৰ ক্ষেত্রত ভাৰতে বৃহৎ ভূমিকা পালন কৰিছে। ভাৰত আৰু ফ্রান্সে সন্মিলিতভাৱে সৌৰশক্তিক লৈ এক বৃহৎ কাম কৰিছে। বিশ্বৰ বহুত দেশৰ অতিথি কালি দিল্লীলৈ আহিছিল, সকলোৱে মিলি সূর্যদেবতাৰ সামর্থ্য স্বীকাৰ কৰি লৈ আগন্তুক দিনত উন্নয়নৰ ৰাজপথক সূর্য-শক্তিৰ ভিত্তিতে পৰিচালনাৰ লক্ষ্যৰে গুৰুত্বপূর্ণ সিদ্ধান্ত লৈছে। বৰ্তমান মির্জাপুৰত সৌৰশক্তিৰ পৰা বিদ্যুৎ উৎপাদনৰ এটি প্রকল্প উদ্বোধনৰ সৌভাগ্য মোৰ হৈছে! ই একপ্রকাৰ ভাৰতৰ জীৱনত বহুত ডাঙৰ পৰিৱর্তন-সাধনৰ অভিযান আৰু মই ইয়াক ইমানেই আগুৱাই নিব বিচাৰো, যাতে প্রত্যেক ঘৰ লোকৰ ছাদত ছ’লাৰ পেনেল লগোৱা থাকে আৰু ঘৰত ৰান্ধনি ঘৰতো গেছৰ পৰিৱৰ্তে–সৌৰ শক্তিৰে চালিত চৌকাত আহাৰ ৰন্ধা হয়– তেতিয়াহ’লে প্রতিটো পৰিয়ালৰ ধন ৰাহি হ’ব, পৰিৱেশৰো ক্ষতি নহয়। নির্মল ৰন্ধনশৈলী এটি বৃহৎ অভিযান।

ভাৰতত ২৫ কোটি পৰিয়াল আছে, বহুত ডাঙৰ বজাৰ আৰু নৱ প্রজন্মৰ প্ৰতি মোৰ অনুৰোধ, আইআইটিএন’ক অনুৰোধ জনাও যে আহক, নতুনত্ব উদ্ভাৱনৰ প্রতিযোগিতা আৰম্ভ কৰো, এনে ধৰণৰ প্রযুক্তি বিকাশ কৰো, যাতে আমাৰ মাতৃ-ভনীসকলৰ আৰু ৰান্ধনিশালৰ চৌকাৰ বাবে কাৰো ওপৰত নির্ভৰ কৰিব লগীয় নহয়। সূর্যদেৱতাৰ আশীর্বাদত অনায়াসে আহাৰ পকোৱা হয়, ইয়াৰ বাবে খৰচো কম হয়। ইয়াৰ জৰিয়তে দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালসমূহ উপকৃত হ’ব।

কেৱল ইমানেই নহয়, আজি কাশী আৰু পাটনাৰ মাজতো এটি দ্রুতগতিসম্পন্ন ৰে’লসেৱা উদ্বোধনৰ সৌভাগ্য মোৰ হৈছে। ইয়াৰ জৰিয়তে যাত্রীসকলৰৰ এটি দীর্ঘদিনীয়া দাবী বাস্তবায়িত হ’ল। এই ৰে’ল পুৱা ৬ বজাত কাশীৰ পৰা যাত্ৰা কৰি ১০.১০বজাত পাটনাত উপস্থিত হ’ব। পাটনাৰ পৰা আবেলি ৫বজাত ৰে’লে যাত্ৰা কৰি ৰাতি ৯.৯বজাত কাশীত উপস্থিত হ’ব। এই দ্রুতগতিসম্পন্ন কাশী-পাটনা জনশতাব্দী এক্সপ্রেছ আৰম্ভ কৰাৰ বাবে মই ৰে’ল মন্ত্রী শ্রী মনোজ সিনহাক ধন্যবাদ জনাইছো। তেওঁৰ নেতৃত্বত ৰে’লসেৱা কিমান অধিক জনমুখী কৰিব পৰা যায়, তাৰ প্ৰতি লক্ষ্য ৰাখি বহুমুখী কাম আৰম্ভ হৈছে। ফলস্বৰূপে আজি কাশী আৰু পাটনাবাসীৰ বহুত পুৰনা ইচ্ছা আজি বাস্তবায়িত হ’ল।

মই যেতিয়াই কাশীলৈ আহো এই চহৰক মোৰ এক প্ৰকাৰ দ্বিতীয় ঘৰ হিচাপে ধাৰণা হয়। আধ্যাত্মিক বিশ্বত কাশীৰ পৰিচয় যিমান হৰ হৰ মহাদেৱৰ সৈতে যুক্ত, কাশীৰ শিল্পগত পৰিচয় সিমানেই ডিএলডব্লিউৰ জৰিয়তে হয়। সেয়েহে কেন্দ্রীয় চৰকাৰে ডিএলডব্লিউৰ অত্যধিক উন্নয়ন, বিস্তাৰ আৰু আধুনিকীকৰণৰ জৰিয়তে যথাসম্ভৱ মানুহৰ কর্মসংস্থাপন কৰিব বিচাৰো। সেইবাবে বহুত নতুন নতুন প্রকল্প ডিএলডব্লিউৰ জৰিয়তেও বাস্তবায়িত কৰাৰ লক্ষ্যৰে আগুৱাইছে, অনাগত দিনত এই প্রকল্পসমূহে ইয়াৰ স্থানীয় লোকসকলৰ জীৱনত নতুন প্রাণশক্তি সঞ্চাৰৰ কাম কৰিব।

কেইদিনমান আগতে আমি হোলী উৎসৱ পালন কৰিলো। আৰু আজি কেন্দ্রীয় চৰকাৰে এই অঞ্চলত প্রায় ৮০০ কোটি টকাৰ উন্নয়নমুলক প্রকল্প উদ্বোধনৰ জৰিয়তে এই হোলীৰ ৰঙত নতুন ৰং, নতুন সুৰভি ভৰাই দিছে, নতুন উদ্দীপনা সঞ্চাৰ কৰিছে। আজি ইয়াত মোৰ অসংখ্য দৰিদ্র পৰিয়ালক চৰকাৰে প্রদান কৰা নতুন ঘৰৰ চাবি তুলি দিয়াৰ সুযোগ হৈছে। মই তেওঁলোকক সুধিছিলো– আগতে ক’ত আছিল? বহুতেই উত্তৰ দিছিল যে তেওঁলোকে কেঁচা ঘৰত আছিল, একাংশ কৈছে যে তেওঁলোকে বস্তিৰ জুপুৰীত আছিল, আকৌ আন একাংশ কৈছে যে তেওঁলোকৰ নির্দিষ্ট ঘৰ নাছিল, বিছনা জাপি লৈ য’তে সূযোগ পাইছিল, তাতেই টোপনি মাৰিছিল। মই তেওঁলোকক সুধিছিলো যে নিজৰ ধৰ পাই কেনে লাগিছে? ঘৰ গৈ চাইছেনে? পছন্দ হৈছে? কোনো ত্রুটি আছেনেকি? এতিয়া সন্তানক বিদ্যালয়ত পঢ়ুৱাব পঠাবনে?

তেওঁলোকে জবাব দিছিল, বহুতে লাজ কৰিছিল। মই অনুৰোধ কৰো যে থকাৰ বাবে ভাল ঘৰ পাইছে, এতিয়া সন্তানক পঢ়াব লাগিব।

মই অতি আনন্দিত যে যোগীজী মুখ্যমন্ত্রী হৈ ‘মিশন মোড’ত আবাস যোজনা কার্যকৰী কৰাৰ উদ্যোগ লৈছে। কেন্দ্রীয় চৰকাৰৰ এই প্রকল্প পূর্বৰ চৰকাৰৰ সময়ৰ পৰাই আছিল।

মই কাশীলৈ আহি কৈছিলো যে ৰাজ্য চৰকাৰে ইমানদিনে গৃহহীন লোকসকলৰ নামত আবেদন পঠোৱাৰ উদ্যোগ লোৱা নাছিল। কিন্তু যোগীজীয়ে মুখ্যমন্ত্রীৰ দায়িত্ব লৈয়েই গৃহহীন লোকসকলৰ তালিকা প্ৰস্তুত কৰি পঠালে। তালিকা পায়েই কেন্দ্রীয় চৰকাৰে প্রয়োজনীয় ধন পঠাবলৈ আৰম্ভ কৰি আৰু ৬ মাহৰ ভিতৰত ৫ হাজাৰতকৈও অধিক গৃহ নির্মাণ কৰি গৃহহীন পৰিয়ালক ঘৰ বনাই থকাৰ ব্যৱস্থা কৰে। আগন্তুক দিনত এনেকৈয়ে ৮ লাখ পৰিয়ালক ন্যূনতম আধুনিক সুযোগ-সুবিধাসম্পন্ন বাসস্থান গঢ়াৰ মই সপোন দেখিছো! মোৰ দৃঢ় বিশ্বাস, যোগীজীৰ সুযোগ্য নেতৃত্বত মোৰ এই সপোন নির্ধাৰিত সময়সীমাৰ ভিতৰতে বাস্তবায়িত হ’ব।

উন্নয়নৰ ক্ষেত্রত আন্তঃগাঁথনি নির্মাণ আৰু যোগাযোগ ব্যৱস্থাৰ গুৰুত্বপূর্ণ ভূমিকা আছে। ৰে’লপথ, ঘাইপথ ইত্যাদিৰ ব্যৱস্থা থকাটো অত্যন্ত জৰুৰী! আজি শিৱপুৰী আৰু ফুলবেৰিয়াৰ মাজত ফৰলেনযুক্ত ঘাইপথ নির্মাণৰ কাম আৰম্ভ কৰা হৈছে। মাজত দুটা ৰে’লৱেৰ ক্রচিঙৰ ওপৰত দুখন উৰণীয়া সেঁতু নির্মাণ কৰা হ’ব। বাৰাণসী বিভাগত ৰে’লষ্টেচনসমূহৰ আধুনিকীকৰণৰ কামো চলিছে!

আজি মোৰ ‘কচৰা মহোৎসৱ’ উদ্বোধনৰ সৌভাগ্য হৈছে। যিসকলে মোদীকে পছন্দ নকৰেন, তেওঁলোকে এই লৈও সমালোচনা কৰিব যে আৰু কিছু একো নাই, সেয়েহে মোদীয়ে এতিয়া ‘কচৰা মহোৎসৱ’ পালন কৰিছে! আমি স্বচ্ছতা অভিযানক আগুৱাই নিব বিচাৰো। আৱৰ্জনাৰ পৰা সম্পদ সৃষ্টি কৰিব বিচাৰো। আৱর্জনাক প্রক্রিয়াকৰণৰ জৰিয়তে উপযোগী বস্তুসমূহ সৃষ্টি কৰা সম্ভৱ। সেইবাবে গণআন্দোলন গঢ়ি তুলিব লাগিব। আজি যিসকল ইয়ালৈ আহিছে, তেওঁলোকক অনুৰোধ কৰিছো, ইয়াত যি ‘কচৰা মহোৎসৱ’ৰ প্রদর্শনী আৰম্ভ হৈছে– আপোনালোকে নিশ্চয় সেয়া ঘুৰি ঘুৰি চাব, যিটো পানীৰ বটল আমি পেলাই দিও, যি পুৰনা খবৰৰ কাগজ পেলাই দিও– সেইসমূহৰ পৰা কন কন শিশুসকলে কিমান সুন্দৰ সামগ্ৰী বনাইছে! ঘৰত সেইবোৰ ৰাখিলে অতিথিসকল অবাক হৈ পৰিব। প্রতিটো সামগ্ৰী কিমান সুন্দৰভাৱে ব্যৱহাৰ কৰিব পৰা যায়!

আজি মই ইয়াত ‘সাংস্কৃতিক দল দেখিছো, তেওঁলোকৰ গান-বাজানা অভূতপূৰ্ব–যিসকলে স্বচ্ছতা সন্দৰ্ভত সজাগতা বৃদ্ধিৰ গান গাইছে, কিন্তু তেওঁলোকৰ বাদ্যযন্ত্ৰবোৰ আছিল খালী টিনৰ ডাব্বা। অর্থাৎ ক্ষুদ্ৰাতি ক্ষুদ্ৰ আৱৰ্জনাও কিমান সুন্দৰভাৱে ব্যৱহাৰ কৰা যায়, ভাল কামত লগাব পৰা যায়, কিদৰে সম্ভৱ সেয়া মই আজি এই ‘কচৰা মহোৎসৱ’ত দেখিলো।

বাৰাণসীত স্বচ্ছতাক অগ্রাধিকাৰ দিব লাগিব। সমগ্ৰ পৃথিৱীৰ পর্যটকসকলক বাৰাণসীৰ প্রতি আকর্ষিত কৰিব লাগিব। শতিকা বছৰ ধৰি বাৰাণসীৰ সকলো আছে। পূর্ব-পূৰুষসকলে আমাৰ বাবে যি যশ-খ্যাতি আৰু ঐশ্বর্য ৰাখি গৈছে, যি ঐতিহ্য ৰাখি গৈছে, তাক লৈয়ে পর্যটন উদ্যোগৰ পৰা বাৰাণসীৰ অসংখ্য মানুহৰ কর্মসংস্থাপন আৰু বাণিজ্য সুনিশ্চিত হ’ব পাৰে, আমি কেৱল এটাই কাম কৰিব লাগিব–সেয়া হ’ল নিজৰ এই পবিত্র নগৰখনক পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰখা!

এই অভিযানক সক্রিয় কৰি ৰখাৰ বাবে আজিৰ পৰা ১৭-২০ বছৰ পাছতো যি আন্তঃগাঁথনিৰ প্রয়োজন হ’ব, তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে লেতেৰা পানী প্রক্রিয়াকৰণৰ জৰিয়তে বিশুদ্ধ পানী উৎপাদনৰ বাবে প্রায় ৬০০ কোটি টকা ব্যয়েৰে এটি ‘ট্রিটমেন্ট প্লাণ্ট’ স্থাপন কৰা হৈছে। ইয়াৰ ফলত পৰৱৰ্তী সময়ত বাৰাণসীৰ মানুহে কিমান লাভবান হ’ব, সেয়া আপোনালোকে কল্পনা কৰিব নোৱাৰে।

কাশী ৰাজপথ আৰু গলিসমূহত বৈদ্যুতিক তাঁৰ, টেলিফোন আৰু কেবল টিভিৰ তাঁৰে চহৰৰ সৌন্দর্য বিনষ্ট কৰিছে, ইয়াৰ পৰা চহৰখনক মুক্ত কৰাৰ বাবে আমি অভিযান আৰম্ভ কৰিছো। সমগ্ৰ দেশত মাটিৰ তলেৰে দিয়ে তাঁৰ সংস্থাপনৰ এই মহাপ্রকল্পৰ সূচনা মই বাৰাণসী পৰা আৰম্ভ কৰিছিলো। সেই কাম দ্রুতগতিত অগ্ৰসৰ হৈছে।

একেদৰে বৰ্তমান যোগীজীয়ে যি ‘বিনিয়োগকাৰী সন্মিলন’ৰ আয়োজন কৰিছিল, তাতো মই ঘোষণা কৰিছিলো এটি প্ৰতিৰক্ষা সামগ্ৰী প্ৰস্তুতকৰণ কৰিডৰ’ৰ কথা। কৰিডৰ গঢ়ি তুলিবলৈ প্রায় ২০ হাজাৰ কোটি টকা খৰচ হ’ব আৰু প্রায় আঢ়ৈ লাখ লোকৰ কর্মসংস্থাপন হ’ব। এই কাম আৰম্ভ হৈ গৈছে। এইকামত যোগীজীৰ নেতৃত্বত উত্তৰপ্রদেশ চৰকাৰেও কেন্দ্রীয় চৰকাৰেক সহায় কৰিছে।

মই যোগীজীক ইয়াৰ বাবে অভিনন্দন জনাব বিচাৰো যে তেওঁ কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ দিশত বিশেষ নজৰ দিছে। আগতে উত্তৰ প্রদেশত এমএছপি ঘোষিত হৈছিল আৰু সমস্ত উৎপাদিত ধান ক্ৰয় কৰা নহৈছিল। মই আনন্দিত যে যোগীজীৰ প্রচেষ্টাত উত্তৰ প্রদেশত পূৰ্বৰ তুলনাত ধান ক্ৰয় পৰিমাণ চাৰি গুণ বৃদ্ধি পাইছে। কৃষকসকলে তেওঁলোকৰ উৎপাদিত ফচলৰ ন্যায্য মূল্য লাভ কৰিছে।

কুঁহিয়াৰৰ উৎপাদন আৰু কৃষকসকলৰ ৰোজগাৰ ৪০ শতাংশলৈকে বৃদ্ধি পাইছে। এইদৰে কেন্দ্রীয় চৰকাৰৰ নানা প্রকল্পৰ দ্বাৰা ৰাজ্যবাসী লাভবান হৈছে। তদুপৰি, আন একাধিক প্রকল্পৰ আধাৰশিলা আৰু উদ্বোধন কৰাৰো আজি মোৰ সৌভাগ্য হৈছে।

আমি সকলোৱে মিলি কাশ্মীৰৰ উন্নয়নক নতুন শিখৰত উপনীত কৰিব লাগিব। ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰে কেইবাটাও প্রকল্প অনুসৰি কাশী তথা পূর্ব উত্তৰ প্রদেশত কাম কৰিছে। আগন্তুক দিনত আমি যি গুৰুত্বপূর্ণ প্রকল্পৰ কাম কৰিম, ‘আয়ুষ্মান ভাৰত’ৰ জৰিয়তে বীমা কোম্পানীসমূহৰ সৈতে মিলি দৰিদ্রলোকসকলৰ বাবে বীমাৰ ব্যৱস্থা কৰিম। এগৰাকী দুখীয়া লোক অসুস্থ হ’লে, গোটই পৰিয়ালে অসুস্থ হৈ পৰে। আর্থিক স্থিতি বেয়া হৈ পৰে। পৰিয়ালৰ সকলো সপোন আৰু পৰিকল্পনা ছাৰখান হৈ যায়। সেইবাবে দুখীয়া মানুহ অসুস্থ হ’লেও হাস্পাতাললৈ যোৱাৰ সাহস গোটাব নোৱাৰে। ইমান খৰচ কেনৈকে চম্ভালিব, তেওঁলোকে হয়তো বন্ধক দিয়ে টকা ল’বলৈ একো নাথাকে।

ভাই-ভনীসকল, মই এই কথা মানি ল’ব পৰা নাই। সেইবাবে আমি এনে প্রকল্প গঢ়ি তুলিছো, যাৰ জৰিয়তে দেশৰ ১০ কোটি দৰিদ্র পৰিয়াল অর্থাৎ প্রায় ৫০ কোটি নাগৰিক লাভবান হ’ব। সেই ১০ কোটি পৰিয়ালৰ কোনো এজন অসুস্থ হ’লে, জটিল ৰোগ হ’লে বছৰি ৫ লাখ টকালৈকে হাস্পাতালৰ খৰচ কেন্দ্রীয় চৰকাৰ তথা বীমা কোম্পানীসমূহে কৰিব। ফলস্বৰূপে যিসকল দুখীয়ালোকে আগতে হাস্পাতাল যাবলৈ ভয় কৰিছিল, তেওঁলোকে এতিয়া সৰু অসুখ হ’লেও হাস্পাতাললৈ যাব বিচাৰিব। কাৰণ, তেওঁলোকে জানে যে এতিয়া চিকিৎসাৰ ব্যয়ৰ বোজা মোদী চৰকাৰে গ্রহণ কৰিব! অন্ততঃ দৈনিক আহাৰ যোগান কৰিব পৰাকৈ সুস্থ থাকিব পাৰিব! সেইবাবে অসুস্থতাক আৰু প্রশ্রয় দিলে নহ’ব! যিবোৰ বেচৰকাৰী কোম্পানীয়ে ইমানদিন সৰু সৰু চহৰত উন্নত মানৰ হাস্পাতাল খুলিছিল, ভাবিছিল যে ৰোগী নাহে, আহিলেও টকা দিব নোৱাৰিব! কিন্তু আজি টকা পোৱা বিষয়টো নিশ্চিত হোৱাত তেওঁলোকে সৰু সৰু চহৰসমূহতো আধুনিক স্বাস্থ্য সেৱাৰ সুবিধা আগবঢ়াব। এইদৰে দেশত স্বাস্থ্য সেৱাৰ শক্তিশালী সুৰক্ষাজাল গঢ় লৈ উঠিব। তেওঁলোকে সাধাৰণ লোকক আৰোগ্যৰ দৃষ্টিকোণৰ পৰা সেৱা আগবঢ়াবলৈ প্রস্তুত থাকিব। স্বাস্থ্য সেৱাত নতুন নতুন কর্মসংস্থাপন সৃষ্টি হ’ব। দেশৰ লোকসকলক ৰোগমুক্ত কৰাৰ ক্ষেত্রত আমিও গুৰুত্বপূর্ণ কাম কৰিব পাৰিম।

আমাৰ দেশত অপুষ্টি এটা ডাঙৰ সমস্যা। সেয়েহে আমি ‘পুষ্টি অভিযান’ আৰম্ভ কৰিছো। ইয়াৰ জৰিয়তে দেশৰ দৰিদ্র শিশুসকলৰ অপুষ্টিৰ সমস্যা দূৰ কৰিবলৈ তেওঁলোকৰ নিয়মিত ওজন, উচ্চতা আৰু স্বাস্থ্য পৰীক্ষাৰ জৰিয়তে প্রয়োজনীয় পুষ্টিবর্ধক ঔষধ আৰু আহাৰৰ ব্যৱস্থা কৰা হৈছে। মাতৃসকলৰ প্রশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। পৰৱৰ্তী বছৰসমূহত এই প্রকল্পৰ বাবদ প্রায় ৯ হাজাৰ কোটি টকা খৰচ কৰা হ’ব। আমি এই প্রকল্পৰ নাম দিছো ‘প্রধানমন্ত্রী পুষ্টি অভিযান যোজনা’ বা পিএমপিএম। আগন্তুক দিনত এই পিএমপিএমে দৰিদ্রতম পৰিয়াল আৰু মধ্যবিত্ত পৰিয়ালৰ ১২-১৪-১৬ বছৰ বয়সীয়া কন্যাসকলৰ পুষ্টি বৃদ্ধিত অগ্রাধিকাৰ প্ৰদান কৰি সকলো শিশুৰ পুষ্টি সুনিশ্চিত কৰাৰ লক্ষ্যৰে কাম কৰিব। ১২-১৪-১৬বছৰ বয়সীয়া কন্যাসকল অপুষ্টিৰ চিকাৰ হ’লে, বয়স অনুপাতে শৰীৰৰ বিকাশ নহ’ব! কেইটামান বছৰৰ পাছতে তেওঁলোক গর্ভৱতী হ’লে, সন্তান জন্ম দিয়াৰ সময়ত তেওঁলোকৰ মৃত্যু হ’ব পাৰে, সদ্যোজাত শিশুৰ মৃত্যু হ’ব পাৰে। কোনোমতে যদি সদ্যোজাত শিশুটি আৰু তাৰ মা বাচিও যায়, সেই শিশুটি বিকলাংগ বা ইমানেই দুর্বল হৈ পৰে যে মা’কে গোটেই জীৱন তাকে প্ৰতিপালন কৰি থাকিব লাগে। এই সকলো দুৰ্যোগৰ পৰা মুক্তি প্রদানৰ বাবে আমি প্রধানমন্ত্রী পুষ্টি অভিযান যোজনা আৰম্ভ কৰাৰ দিশে অগ্ৰসৰ হৈছো।

মোৰ প্রিয় কাশীবাসী, উন্নয়নৰ এই সকলো প্রকল্পৰ জৰিয়তে কাশীৰ জনগণ উপকৃত হ’ব। গংগাৰ সৈতে জড়িত আমাৰ সকলো প্রকল্প তীব্র গতিতে আগুৱাইছে, আগন্তুক দিনত আপোনালোকে সেইবোৰৰ জৰিয়তে ও লাভৱান হ’ব।

মই পুনৰবাৰ এই একাধিক প্রকল্পৰ কাম দ্ৰতগতিত আগুৱাই নিয়াৰ বাবে যোগীজীৰ চৰকাৰক আন্তৰিক শুভেচ্ছা জনাইছো। আজি আপোনালেকে যি অভূতপূৰ্ব আদৰ-সম্ভাষণ দেখুৱালে কৰিলে, তাৰ বাবে পুনৰবাৰ কৃতজ্ঞতা জনোৱাৰ লগতে আপোনালোক সকলোকে প্রণাম জনাইছো।

বহুত বহুত ধন্যবাদ।

***

অতুল তিৱাৰী/শ্বাহবাজ হছিবি/বাল্মিকী মাহাতো/নিৰ্মল শৰ্মা/দিগন্ত বৈৰাগী