Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

১৩ ফেব্ৰুৱাৰী, ২০১৯ত ষষ্ঠদশ লোকসভাৰ অন্তিম অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ


অধ্যক্ষা মহোদয়া,

মই সদনৰ সকলো সদস্যৰ হৈ আৰু মোৰ তৰফৰ পৰা এই ষষ্ঠদশ লোকসভাৰ সম্পূৰ্ণ কাৰ্যকালত অধ্যক্ষা হিচাপো যি ধৈৰ্য, সন্তুলন আৰু প্ৰতিটো ক্ষণত হাঁহিৰে আপুনি সদন পৰিচালিত কৰিলে, তাৰ বাবে আপুনি বহুত বহুত ধন্যবাদৰ পাত্ৰ৷
দেবী অহল্যাৰ জীৱন, তেওঁৰ শিক্ষাৰ প্ৰভাৱ আপোনাৰ মনত যথেষ্ট পৰিমাণে পৰিছে আৰু তাৰ পৰা লাভ কৰা শিক্ষা, আদৰ্শ ইয়াত চৰিতাৰ্থ কৰাৰ বাবে আপুনি প্ৰতিটো মুহূৰ্তত চেষ্টা কৰে আৰু সেই আদৰ্শৰে চলি কেতিয়াবা সোঁফালৰ আৰু কেতিয়াবা বাওঁফালৰ লোকসকলক সেই দগাপালাৰে জুখি কেতিয়া কঠোৰ সিদ্ধান্তও লৈছে, কিন্ত সেয়া মূল্যৰ আধাৰত লোৱা, আদৰ্শৰ আধাৰত লোৱা আৰু লোকসভাৰ উত্তম ধৰণে পৰিপাতি কৰি গঢ়িবলৈ সেইবোৰ সদায় উপযুক্ত হ’ব বুলি মোৰ দৃঢ় বিশ্বাস৷

আপুনি যি মহিলা সংগঠনৰ শুভাৰম্ভ কৰিছে, লোকসভালৈ নির্বাচিত নতুন সদস্যাসকলৰ বাবে যিদৰে প্ৰতিটো বক্তৃতাৰ পূৰ্বে বিষয় তথা তথ্য প্ৰদান কৰে তেওঁলোকক সমৃদ্ধ কৰি আপুনি এগৰাকী অভিভাৱক আৰু শিক্ষকৰ ভূমিকা পালন কৰিছে, সেয়া অতি প্ৰশংসনীয়।

অধ্যক্ষ মহোদয়া, ২০১৪ চনত মইও এগৰাকী নতুন সাংসদ হিচাপে লোকসভাত খোজ পেলাইছিলো। ইয়াৰ একোকে জনা নাছিলো৷ মই জানিছিলো যে মোৰ আগত ১৩গৰাকী প্ৰধানমন্ত্রী ইয়াত বহি তেওঁলোকৰ দায়িত্ব পালন কৰিছিল। কিন্তু মোৰ সন্মুখত যি নামফলক ৰখা হৈছে, তাত কেৱল তেওঁগৰাকী প্ৰধানমন্ত্রীৰ নাম লিখা আছে কিয়? এনেধৰণৰ ডাঙৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰি টেবুলৰ কোনটো বুটামে কিদৰে কাম কৰে ইত্যাদি সকলো খুঁটিনাটিৰ বিষয়ে মোক অৱগত কৰিছিল মোৰ অগ্ৰজ সাংসদসকলে৷

অর্থাৎ প্রায় প্ৰতিটো বিষয়ত মোৰ প্ৰশ্নৰ সমাধান দিয়াটো সহজ নাছিল৷ তেতিয়া প্রায় তেওঁ দশক পাছত দেশত এটা সংখ্যাগৰিষ্ঠ চৰকাৰ গঠিত হৈছে, যি স্বাধীনতাৰ পাছত প্ৰথম অ-কংগ্রেছী সংখ্যাগৰিষ্ঠ চৰকাৰ। ফলত ষষ্ঠদশ লোকসভাৰ ১৭খন অধিৱেশনৰ ভিতৰত ৮খন অধিৱেশনত ১০০ শতাংশতকৈও অধিক কাম হৈছে। যাৰবাবে আজি আমি ৮৫ শতাংশতকৈও অধিক লাভদায়ক সিদ্ধান্ত গ্ৰহণ কৰি এই লোকসভাৰ পৰা বিদায় লৈছো৷

সংসদীয় পৰিক্ৰমা মন্ত্রীৰ এটা নিজস্ব দায়িত্ব থাকে। বৰ্তমান টোমৰজীয়ে সেই দায়িত্ব পালন কৰিছে৷ ইয়াৰ পূৰ্বে ভেংকায়াজীয়ে অতি দক্ষতাৰে সেই দায়িত্ব পালন কৰিছিল৷ তেওঁ এতিয়া দেশৰ মহামান্য উপ-ৰাষ্ট্ৰপতি হিচাপে দক্ষতাৰে ৰাজ্যসভা পৰিচালনা কৰিছে। আমাৰ আন এগৰাকী সদা হাস্যমুখৰ বন্ধু অনন্ত কুমাৰজীৰ অভাৱ আমি সকলো সময়তে অনুভৱ কৰো৷ এওঁলোক সকলোৱে ষষ্ঠদশ লোকসভা পৰিচালনাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল৷

আন এটা কাৰণত এই ষষ্ঠদশ লোকসভাক লৈ গৌৰৱ কৰিব পাৰি, সেয়া হৈছে, স্বাধীনতাৰ পাছত এই লোকসভাতে সর্বাধিক মহিলা সাংসদ আছিল৷ ইয়াৰ ভিতৰত ৪৪গৰাকী মহিলা সাংসদ নবনির্বাচিত হৈ আহিছিল, সর্বাধিক মহিলা কেবিনেট মন্ত্রীও হৈছে৷ আৰু প্ৰথমবাৰলৈ দেশৰ প্ৰতিৰক্ষা আৰু বৈদেশিক পৰিক্ৰমা বিভাগ দুগৰাকী মহিলা মন্ত্রীয়ে চম্ভালিছে। এই সংসদৰ অধ্যক্ষও মহিলা, আমাৰ ৰেজিষ্টাৰ জেনেৰেল, চেক্রেটেৰী জেনেৰেল-এইসকলোক প্ৰত্যেকেই মহিলা। এওঁলোক সকলোকে বহুত বহুত অভিনন্দন জনাইছো৷

আপোনালোকে নাভাবিব যে মই এতিয়া চৰকাৰৰ সফলতা বর্ণনা কৰিবলৈ উঠিছো। কিন্তু এই লোকসভাই যোৱা পাঁচ বছৰত যি কাম কৰিছে, চৰকাৰী পক্ষ আৰু বিৰোধী সাংসদসকলো তাৰ অংশীদাৰ হোৱাৰ লগতে কৃতিত্বৰো দাবীদাৰ। আপোনালোক সকলোৰে সহায়-সহযোগিতাই আজি ভাৰতক বিশ্বৰ ষষ্ঠ অর্থনীতিৰ দেশত পৰিণত কৰিছে। আপোনালোকৰ নীতি প্ৰণয়নত থকা দক্ষতাৰ ফলত ভাৰতে অদূৰ ভৱিষ্যতে ৫ ট্রিলিয়ন ডলাৰ অর্থনীতিৰ দেশ হৈ উঠাৰ লক্ষ্যৰে দ্রুতগতিতে আগুৱাই গৈছে। এই সময়ছোৱাৰ ভিতৰতে ভাৰতে ডিজিটেল ৱর্ল্ডত উচ্চস্থান প্ৰতিষ্ঠাৰ ক্ষেত্রত গুৰুত্বপূর্ণ সাফল্য অর্জন কৰিছে।

দেশৰ জনসাধাৰণৰ আত্মবিশ্বাস বৃদ্ধি আৰু সংকটৰ বিৰুদ্ধ যুঁজাৰ সামর্থ্য বৃদ্ধি কৰাত আপোনালোকৰ নীতি প্ৰণয়ন প্ৰক্রিয়াই গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। আজি বিশ্বৰ সমস্ত প্ৰতিষ্ঠিত ৰেটিং সংস্থাই ভাৰতৰ উজ্জ্বল ভৱিষ্যৎ সন্দৰ্ভত উচ্চ আশা ব্যক্তি কৰিছে৷

শক্তি খণ্ডত আৰু শক্তি ৰাহি কৰাৰ ক্ষেত্রত ভাৰতৰ সফলতাই গোলকীয় উষ্ণতা প্ৰতিৰোধ কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে৷ এতিয়া বিশ্বৰ পেট্রোলিয়াম উৎপাদনকাৰী দেশসমূহৰ মহাজোঁটৰ যেনে ক্ষমতা, ভৱিষ্যতে বিকল্প শক্তি উৎপাদনকাৰী দেশসমূহৰ মহাজোঁটৰ ক্ষমতা তাতকৈও অধিক হ’ব বুলি মোৰ বিশ্বাস। ভাৰতে গোলকীয় উষ্ণতাৰ বিৰুদ্ধে তথা পৰিৱেশৰ নিৰাপত্তাৰ সপক্ষে বিশ্বৰ সৌৰশক্তিৰে সমৃদ্ধিশালী দেশসমূহৰ মহাজোঁট আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী গঠন কৰাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰাৰ লগতে ইয়াৰ নেতৃত্ব প্ৰদান কৰিছে৷ মোৰ মতে এয়াও ষষ্ঠদশ লোকসভাৰ কার্যকালৰে ফল।

এই সময়ছোৱাতে মহাকাশ গৱেষণাত ভাৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে পৰিগণিত হৈছে। একেবাৰে শতাধিক উপগ্ৰহ উৎক্ষেপণৰ সাফল্যই এখন সফল উৎক্ষেপক দেশ হিচাপে মহাকাশ গৱেষণাৰ গন্তব্যস্থান হৈ পৰিছে। ফলস্বৰূপে, মহাকাশ গৱেষণা এতিয়া অর্থনৈতিক গতিবিধিৰ এক কেন্দ্ৰ হৈ উঠিছে। ‘মেক ইন ইণ্ডিয়া’ আৰু নির্মাণ উদ্যোগৰ ক্ষেত্রত ভাৰত আজি আত্মনির্ভৰশীল হোৱাৰ লগতে দেশৰ উন্নয়নক দ্রুতগতিত আগুৱাই নিবলৈ সক্ষম হৈছে।

সমগ্ৰ বিশ্বত আজি ভাৰতৰ কথা মনোযোগেৰে শুনা পৰিলক্ষিত হয়। আপোনাোলোকে নাভাবিব যে কেৱল মোদী অথবা সুষমাজীৰ দক্ষতাৰ কাৰণে এই সফলতা অৰ্জন কৰিছে। ইয়াৰ মূল কাৰণ হ’ল –সংখ্যাগৰিষ্ঠ চৰকাৰ। বিশ্বৰ প্ৰত্যেক দেশেই সংখ্যাগৰিষ্ঠ চৰকাৰৰ বিশেষ দৃষ্টিৰে চায়৷ ২০১৪ চনৰ পূৰ্বে তিনিটা দশক ধৰি আমাৰ দেশত সংখ্যাগৰিষ্ঠ চৰকাৰ গঠিন নোহোৱাৰ বাবে দেশৰ বহুত ক্ষতি হ’ল। সেইবাবে আমাৰ সফলতাৰ কৃতিত্ব মোদী অথবা সুষমাজীৰ কৃতিত্ব নহয়, এয়া হৈছে ২০১৪ চনত ১২৫ কোটি ভাৰতীয়ই যি সংখ্যাগৰিষ্ঠ চৰকাৰ গঠনৰ সিদ্ধান্ত লৈছিল, তাৰ কৃতিত্ব৷

ইফালে, এই ষষ্ঠদশ লোকসভাৰ আমোলতে আমি বহু দেশৰ সৈতে কেইবাটাও গুৰুত্বপূর্ণ পাৰস্পৰিক সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছো৷ যেনে—বাংলাদেশৰ সৈতে ছিট মহ’ল সমস্যাৰ সমাধান। দেশ বিভাজনৰ পাছৰ পৰাই এই সমস্যা আছিল। ১৯৭১ চনত বাংলাদেশ গঠনৰ সময়ত সহায়ক দেশ হৈও এই সমস্যাৰ সমাধান হোৱা নাছিল৷ ইমান বছৰৰ পাছত ষষ্ঠদশ লোকসভাৰ সর্বসম্মতিক্ৰমে এই সমস্যাৰ সমাধান কৰি বিশ্ববাসীক এটি ইতিবাচক বার্তা দিয়া হৈছে। তাৰবাবে মই এই লোকসভাৰ সকলো সাংসদক কৃতজ্ঞতা জনাইছো৷

একেদৰে, ষষ্ঠদশ লোকসভাৰ সময়তে বিশ্বত ভাৰতৰ মানৱ অধিকাৰ আৰু মানবীয় প্ৰমূল্যবোধৰ ছবিখন আৰু অধিক উজ্জ্বল হৈছে। যুগ যুগ ধৰি ভাৰতীয়সকলে উপনিষদত বর্ণিত ‘বসুধৈৱ কুটুম্বকম্’ মন্ত্রৰ বিশ্বাস কৰি আহিছে। নেপালৰ ভূমিকম্প, মালদ্বীপত খোৱাপানীৰ সংকট, ফিজি আৰু শ্রীলংকাত প্ৰলয়ংকৰী ঘূর্ণি বতাহ আৰু বাংলাদেশত ম্যানমাৰৰ পৰা অহা ৰহিংগা শৰণার্থীৰ সমস্যা সমাধানত ভাৰতৰ ভূমিকাৰ উপৰি য়েমেনৰ ৰাজনৈতিক সংকটত আৱদ্ধ হৈ থকা ভাৰতীয়কে ধৰি কেইবা হাজাৰ বিদেশীক উদ্ধাৰ কৰি নিৰাপদে তেওঁলোকৰ স্বদেশলৈ পঠোৱাৰ ক্ষেত্রত লাভ কৰা সাফল্যই ষষ্ঠদশ লোকসভাৰ সফলতাকে প্ৰতিপন্ন কৰিছে৷

মানৱতাৰ ক্ষেত্রত এনেধৰণৰ উল্লেখযোগ্য ভূমিকাৰ লগতে ভাৰত যোগাসনক বিশ্বত জনপ্রিয় কৰাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। ভাৰতৰ আবেদনৰ প্ৰতি ৰাষ্ট্ৰসংঘই অতি কম সময়ৰ ভিতৰতে বিশ্বৰ অধিকাংশ দেশৰ সমর্থন লাভ কৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ঘোষণা কৰে৷ বিগত দুবছৰ ধৰি সমগ্ৰ বিশ্বত এই দিৱস পালন কৰা হৈছে৷ ৰাষ্ট্ৰসংঘত বাবাচাহেব আম্বেদকাৰ আৰু মহাত্মা গান্ধীৰ জয়ন্তী পালন কৰিবলৈ আৰম্ভ কৰিছে। বিশ্বৰ প্রায় সকলো দেশত এই বছৰ বাবাচাহেব আম্বেদকাৰৰ ১২৫তম জয়ন্তী আৰু মহাত্মা গান্ধীৰ ১৫০তম জয়ন্তী পালন কৰা হৈছে। ১৫০খন দেশৰ বিশিষ্ট গায়কসকলে মহাত্মা গান্ধীৰ জন্মদিনত তেওঁৰ প্রিয় ভজন ‘বৈষ্ণৱ জন কো তেনে ৰে কহিয়ে’ পৰিৱেশন কৰি তেওঁৰ প্ৰতি সামূহিক শ্ৰদ্ধাঞ্জলি জনাইছে। এইদৰে, সমগ্ৰ বিশ্বত এটি ‘ছফট পাৱাৰ’ক কিদৰে সঞ্চাৰিত কৰিব পৰা যায়, তাৰ এক উদাহৰণ আমি আজি অনুভৱ কৰিব পাৰিছো৷

এইবাৰৰ গণতন্ত্ৰ দিৱসতো আমাৰ অনুৰোধ অবিহনে দেশৰ সকলো ৰাজ্যই মহাত্মা গান্ধী বিষয়ক প্ৰতীপপট সজাই দিল্লীৰ ৰাজপথত শোভাযাত্রাত অংশগ্ৰহণ কৰিছিল। ষষ্ঠদশ লোকসভাৰ সময়তে আমি এই সভাকক্ষত সংবিধান দিৱস পালন কৰিছো, বাবাচাহেব আম্বেদকাৰৰ ১২৫তম জয়ন্তী উপলক্ষে তেওঁ লৈ বিশেষ আলোচনা কৰিছে, এই লোকসভাৰ সদস্য সকলে ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হ’বলৈ কি কি কৰণীয়, সেই বিষয়ে আলোচনা কৰিছে–এই সকলোবোৰেই মাননীয় অধ্যক্ষ মহোদয়াৰ সঞ্চালনাত সম্ভৱ হৈছে৷

ষষ্ঠদশ লোকসভাত মোট ২১৯খন বিধেয়ক উত্থাপন কৰা হয়, যাৰ ভিতৰত ২০৩খন গৃহীত হৈছে। এই লোকসভাৰ সদস্যসকলে অহা নির্বাচনী সভাসমূহৰ লগতে নির্বাচনৰ পাছতো কিবা লিখোতে গর্বেৰ উল্লেখ কৰিব যে তেওঁলোকেই ক’লা ধন আৰু দুর্নীতিৰ বিৰুদ্ধে অভূতপূর্ব কঠোৰ আইন প্ৰণয়ন কৰিছিল। ইয়াৰ সমান্তৰাভাৱে, দেউলীয়া কোম্পানি সংক্রান্ত আইবিচি আইন, বেনামী সম্পত্তি সম্পর্কীয় আইন, আর্থিক অপৰাধী আৰু দেশৰ পৰা পলাতক পূঁজি আত্মসাৎকাৰীসকলৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰিছিল। এই সকলো আইন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্রত ভাৰতৰ শক্তি বৃদ্ধি কৰিছে। সেইবাবে নতুন প্ৰজন্মই এই ষষ্ঠদশ লোকসভাক মনত ৰাখিব বুলি মোৰ বিশ্বাস৷ এই ষষ্ঠদশ লোকসভাই একক সামগ্ৰী আৰু সেৱা কৰ প্ৰণয়ন কৰিছে৷ ৰাতি ১২টালৈকে সংসদৰ উভয় সদনৰ যুটীয়া অধিৱেশন আহ্বান কৰি চৰকাৰী পক্ষক কোনোধৰণৰ কৃতিত্ব নিদিয়াকৈ দেশৰ প্রাক্তন বিত্তমন্ত্রী তথা তদানিন্তন ৰাষ্ট্ৰপতি শ্রী প্ৰণৱ মুখাৰ্জীৰ অনুমতিক্ৰমে এই বিধেয়ক গৃহীত কৰা হৈছে৷

ইফালে এই ষষ্ঠদশ লোকসভাই আধাৰ বিধেয়কক আইনী শক্তি প্ৰদান কৰিছে। এই আধাৰ বিশ্বত এক অতুলনীয় বায়’মেট্রিক পৰিচয়পত্ৰ হিচাপে উচ্চ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।

দেশ স্বাধীন হ’লেও আমাৰ কোনো এক সীমাবদ্ধতাৰ কাৰণে শত্রু-সম্পত্তি বিষয়ত কোনো চৰকাৰে সিদ্ধান্ত ল’ব পৰা নাছিল৷ এই ষষ্ঠদশ লোকসভাই অতি কঠোৰতাৰে সৈতে শত্রু-সম্পত্তি বিধেয়ক গৃহীত কৰি ১৯৪৭ চনৰ কেঁচা ঘাত মলম লগোৱাৰ কাম কৰিছে৷

ষষ্ঠদশ লোকসভাই সামাজিক ন্যায়ৰ লক্ষ্যৰে উচ্চ বৰ্গৰ দুখীয়া লোকসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিছে৷ এইক্ষেত্রত দেশৰ সংবিধানত সংৰক্ষিত কাৰো অধিকাৰ খৰ্ব নকৰাকৈ ১০ শতাংশ সংৰক্ষণ সুনিশ্চিত কৰিছে৷

তদুপৰি, অ’বিচি আয়োগ গঠন অথবা এছচি-এছটি আইন সম্পর্কে সর্বোচ্চ ন্যায়ালয়ৰ ভুল বুজাবুজি দূৰ কৰা, কর্মৰত গর্ভৱতী মহিলাৰ বাবে গর্ভধাৰণ আৰু প্ৰসৱকালীন ছুটিক ১২ সপ্তাহৰ পৰা বৃদ্ধি পাই ২৬ সপ্তাহ কৰাৰ ক্ষেত্রত সাফল্যও এই ষষ্ঠদশ লোকসভাৰ কৃতিত্ব বিশ্ববাসী মনত ৰাখিব৷ এই ষষ্ঠদশ লোকসভা ১ হাজাৰ ৪০০ গুৰুত্বহীন আৰু পৰস্পৰ বিৰোধী আইন বাতিল কৰি দেশৰ বিচাৰ প্ৰক্রিয়াক সৰল কৰাৰ ক্ষেত্রত সুন্দৰ সূচনা কৰিছে৷ এই ক্ষেত্রত যি কাম বাকী আছে, সেয়া কৰাৰ বাবে অন্যতম বিৰোধী নেতা শ্ৰদ্ধাৰ মুলায়ম সিঙে ইতিমধ্যে আশীর্বাদ জনাইছে৷ মই ইয়াক গুৰুত্বপূর্ণ সাফল্য বুলি ভাবিছো৷ স্বাধীনতাৰ পাছত ইমান বছৰে দেশে যি পৰ্যায়লৈ উন্নীত হ’ব লাগিছিল, এইদেশৰ সংসদে এতিয়ালৈকে সেইস্থানত উপনীত কৰিব পৰা নাই। অথচ, সাংসদ সদস্যসকলে নিজৰ দৰমহা বৃদ্ধিৰ কাম ভালদৰে কৰি গৈছে৷ এই কলংকৰ পৰা মুক্তিৰ পথ ষষ্ঠদশ লোকসভাই দেখুৱাইছে৷

এটা সমালোচনা আমি দীর্ঘ দিন ধৰি শুনি আহিছো যে সংসদৰ কেণ্টিনত সাংসদসকলে সস্তাত খানা খায়। কিন্তু বাহিৰত এই খানাৰ মূল্য অধিক। দেশৰ ডাঙৰ ডাঙৰ নেতাসকলেও এই কলংকৰ পৰা নিজক মুক্ত কৰিব পৰা নাই৷ এইবাৰ প্ৰথমবাৰলৈ দল মত নির্বিশেষে আলোচনাৰ মাধ্যমেৰে সাংসদসকলে মিলি এই কলংক মোচনৰ পথ মুকলি কৰিছো৷ এই প্ৰথম জিতেন্দ্ৰজীৰ নেতৃত্বত গঠিত কমিটিয়ে এই বিষয়টোক লৈ হিচাপ-নিকাশ কৰি সাংসদ কেণ্টিনৰ খানাৰ মূল্য পুনৰ নির্ধাৰণ কৰিছিল। কিন্ত মোৰ মতে পুনৰবাৰ সংখ্যাগৰিষ্ঠ চৰকাৰ আহিলে এই বিষয়ত আমি আৰু যুক্তিপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিম৷

ষষ্ঠদশ লোকসভাত বহুত তর্ক-বিতর্ক, আৰোপ-প্ৰত্যাৰোপ হৈছে৷ বহুতো আনকি এনেকে হ’লে ভূমিকম্প আহি যাব বুলিও কৈছে। কিন্তু গণতন্ত্রৰ শক্তি আৰু মর্যাদা এনেকুৱা যে সেই ধৰণৰ একো নহয়৷ আৰোপ-প্ৰত্যাৰোপৰ সময়ত চৰকাৰী পক্ষ আৰু বিৰোধী পক্ষৰ একাংশই এনে ধৰণৰ শব্দ প্ৰয়োগ কৰিছিল, যিটো কৰা অনুচিৎ৷ এই সভাকক্ষৰ নেতা হিচাপে মই সেিবাবে ‘মিক্ষামী দুখমঃ’ বুলি ক্ষমতা বিচাৰিছো……. ক্ষমা প্রার্থনাৰ বাবে জয় হিন্দ পৰিৱেশত ‘মিক্ষামী দুখমঃ’ এটি ডাঙৰ বার্তাবাহক…… শব্দবন্ধ.. মই এই ভাৱানাকে ব্যক্ত কৰি বিচাৰিছো৷

মল্লিকার্জুনজীৰ সৈতে মোৰ বহুত বিতর্ক হৈছে। আজি তেওঁৰ কন্ঠস্বৰ ঠিক থকা হ’লে আমি সকলো উপকৃত হ’লোহেতেন। কিন্তু কেতিয়াও মই তেওঁক বিৰোধিতা নকৰাকৈ থকা দেখি অবাক হৈ নিজৰ তথ্য বিস্তাৰিতভাবে পৰীক্ষা কৰাৰ প্ৰয়োজন বোধ কৰো৷ পুনৰ, মোৰ চিন্তাধাৰাক সদা জাগ্ৰত কৰি ৰখাৰ ক্ষেত্রত তেওঁৰ বক্তব্যৰ দ্বাৰা উপকৃত হৈছো৷ সেইবাবে মই খৰ্গে চাহাবৰ ওচৰত কৃতজ্ঞ। তেওঁ যি নিষ্ঠাৰে সাংসদ হিচাপে সম্পূর্ণ সময় কটালে, যিমান দিন ধৰি শ্ৰদ্ধাৰ আদৱানিজীয়ে নিষ্ঠাৰে সংসদত পূর্ণ সময় কটাইছিল-সেয়া আমাৰ সকলোৰে বাবে আদৰ্শৰ বিষয়। প্রায় ৫০ বছৰ ধৰি জনপ্রতিনিধি হিচাপে দায়িত্ব পালন কৰাটা কম কথা নহয়। তেওঁলোক যিধৰণে জনপ্ৰতিনিধিৰ দায়িত্ব পালন কৰিছিল, তাক সন্মান জনাই মই তেওঁলোকৰ অভিনন্দন জনাব বিচাৰিছো৷

প্ৰথমবাৰ যেতিয়া এই সভাকক্ষত খোজ দিছিলো, তেতিয়া জীৱনৰ বহুত কথাই জনা নাছিলো। ইয়াত আহি শিকিছো আলিংগন কৰা আৰু কান্ধ ধৰাৰ মাজৰ পার্থক্য কি? প্ৰথমবাৰলৈ বুজিব পাৰিছো যে সাংসদৰ চকু কিয় খঙত ৰঙা হয়? চকুৰ দুষ্ট খেলাও প্ৰথমবাৰলৈ এই সভাকক্ষতে দেখিছো, যাক লৈ বিদেশী সংবাদ মাধ্যমেও বহুত বিদ্রুপ কৰিছে৷ প্ৰতিগৰাকী সাংসদৰ দায়িত্ব সংসদৰ গৰিমা ৰক্ষা কৰা৷ মই সেই গৰিমা ৰক্ষাৰ বাবে আপ্রাণ চেষ্টা কৰিছি আহিছো৷

এই সভাকক্ষত আহি মই বহুত সাংসদৰ প্ৰতিভা সম্পর্কে জানিব পাৰিছো। এদিন যেতিয়া মই ভাষণ দিছিলো, তেতিয়া ৰাষ্ট্ৰপতি মহোদয়ৰ সম্পর্কে কোৱাৰ পাছ এনে অট্টহাস্য শুনিবলৈ পালো, যি সাধাৰণে বিনোদন জগতৰ উপযোগী। এই অট্টহাস্য ইউটিউবত প্ৰচাৰিত হ’লে সাংসদসকলে বহুত ডাঙৰ ডাঙৰ শিল্পীকো চেৰ পেলাবলৈ সক্ষম হ’ব৷

এই সভাকক্ষত আহি মই বহুত নতুন নতুন পোচাক দেখিছো৷ আমাৰ টিডিপি সাংসদ নাৰামলি শিৱপ্ৰসাদে অদ্ভূত ধৰণৰ পোচাক পিন্ধি আহে৷ বহুত ‘টেনচন’ তাতকৈ ‘এটেনচন’ দিবলৈ গৈ মুক্ত হৈ যায়। মোৰ দৰে নতুন এগৰাকী সাংসদে আপোনালোক সকলোৰে পৰা বহুত কিবাকিবি শিকিছো। আপোনালোক সকলোৰে নেতৃত্ব আৰু মাৰ্গদর্শনে মোৰ প্ৰধানমন্ত্রীত্বৰ প্ৰথম দায়িত্ব সুচাৰুভাবে পালন কৰাত সহায়ক হৈছে। সেইবাবে মই আপোনালোক সকলোৰে ওচৰত কৃতজ্ঞ। মই বিশেষভাবে কৃতজ্ঞতা জনাইছো শ্ৰদ্ধাৰ মুলায়ম সিংজীক, যাঁৰ স্নেহ মোৰ বাবে আশীর্বাদস্বৰূপ। মই তেওঁক বহুত বহুত আন্তৰিক শুভেচ্ছা জনাইছো৷

লোকসভাৰ সৈতে জড়িত সকলো কর্মচাৰীক মই অন্তৰৰ পৰা অভিনন্দন জনাইছো, যিসকলে সকলো সাংসদক চোৱা-চিতা কৰিছিল৷ দল-মত নির্বিশেষে সকলো সাংসদক শুভেচ্ছা জনাইছো, যিসকলে এক সুস্থ আৰু গণতান্ত্রিক পৰম্পৰা বজাই ৰাখি সুস্থ প্ৰতিযোগিতাৰ মাধ্যমেৰে নিজ নিজ দায়িত্ব পালন কৰিছে৷

আপোনালোক সকলোকে শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰিছো৷ পুনৰবাৰ শিৰনত কৰি এই সভাকক্ষৰ সকলো সাংসদক হৃদয়ৰ পৰা কৃতজ্ঞতা জনাইছো৷

ধন্যবাদ….

*****

অতুল তিৱাৰী/শ্বাহবাজ হছিবি/বাল্মীকী মাহাতো/নিৰ্মল শৰ্মা/মমতা/দিগন্ত