পি এম ইণ্ডিয়া

মাননীয় মহামহিম শ্ৰীযুত ছান-অ’-ছা
এক্সিলেন্সিছ
ইয়’ৰ মেজেষ্টি,
ভাৰত-আছিয়ান সন্মিলনৰ এই ফৰ্মেটত পুনৰ আপোনালোকক এনেদৰে লগ পাই নথৈ আনন্দিত হৈছো। মই থাইলেণ্ডক অনবদ্য ব্যৱস্থা, আৰু উষ্ম আতিথ্য প্ৰদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। অহাবছৰ ভিয়েটনামে আছিয়ান সন্মিলনৰ লগতে ইষ্ট-এছিয়া সন্মিলনৰো আয়োজন কৰাৰ দায়িত্ব লাভ কৰিছে, তাৰ বাবে তেওঁলোককো এই ছেগতে অভিনন্দন ও শুভেচ্ছা জনাইছো।
সুধীবৃন্দ,
মই ভাৰত আৰু আচিয়ানৰ মাজত ইণ্ডো-পেচিফিক আউটলুকৰ পাৰস্পৰিক সমন্বয়ক স্বাগতম জনাইছো। ভাৰতৰ Act East Policy আমাৰ Indo-Pacific vision ৰ এক অতি গুৰুত্বপূৰ্ণ অংশ। ASEAN আৰাম Act East Policy ৰ আধাৰ আৰু ই সদায়েই অক্ষুণ্ণ থাকিব। পূৰ্ণাঙ্গ, সংগঠিত আৰু আৰ্থিক ৰূপেৰে বিকাশশীল ASEAN এ ভাৰতৰ বুনিয়াদী ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত যোগাত্মক ভুমিকা পালন কৰে। আমি আৰু অধিক শক্তিশালী surface, maritime আৰু air-connectivity তথা digital-link ৰ মাধ্যমেৰে আমাৰ সহযোগিতা আৰু বৃদ্ধি কৰিবৰ বাবে প্ৰতিজ্ঞাবদ্ধ। Physical আৰু digital connectivity ৰ বাবে $1 billion ৰ line of credit উপযোগী বিবেচিত হ’ব। অধ্যয়ন, অনুসন্ধান, বাণিজ্য আৰু পৰ্যটনৰ বাবে ভাৰতলৈ জনসাধাৰণৰ আগমণ যথেষ্ট বৃদ্ধি কৰা হৈছে আমাৰ উদ্দেশ্য।
এই লক্ষ্যত উপনীত হ’বৰ বাবে ভাৰতে আছিয়ানৰ সৈতে পাৰস্পৰিক হিত সাধনৰ ক্ষেত্ৰসমূহত সহযোগিতা বৃদ্ধিৰ বাবে সদাপ্ৰস্তুত আছে। বিগত বৰ্ষত Commemorative Summit তথা Singapore ত Informal Summit ৰ সময়ছোৱাত গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তই আমাৰ মাজৰ ঘনিষ্ঠতা আৰু অধিক বৃদ্ধি কৰিছে। কৃষি, বিজ্ঞান, গৱেষমা, আইচিটি, আৰু অভিযান্ত্ৰিকতাৰ দৰে ক্ষেত্ৰসমূহত capacity building আৰু সহযোগিতা আৰু অধিক বৃদ্ধি কৰিবৰ বাবে আমি সাজু আছো। অলপতে অনুষ্ঠিত হৈ যোৱা ASEAN-India FTA ত গ্ৰহণ কৰা সিদ্ধান্তসমূহকো মই স্বাগতম জনাইছো, আদৰণি জনাইছো। ইয়াৰ দ্বাৰা আমাৰ অৰ্থনৈতিক সম্বন্ধ কেৱল শক্তিশালীয়েই নহ’ব, বৰঞ্চ আমাৰ বাণিজ্যিক কাৰ্যাৱলীও অধিক ভাৰসাম্যৰ মাজলৈ আহিব। সমূদ্ৰতীৰৰ সুৰক্ষা, নীল অৰ্থনীতি আৰু মানৱীয় সহায়তাৰ ক্ষেত্ৰসমূহতো আমাৰ বুজাবুজি শক্তিশালী কৰিবলৈ বিচাৰো আমি। মহামহিমৰ সিদ্ধান্তবোৰ শুনাৰ পিছত কিছু দিশৰ বিস্তাৰিত আলোচনা কৰিবলৈ বিচাৰিছো। মই পুনৰ এবাৰ থাইলেণ্ড, আৰু আপোনালোক সকলোকে আন্তৰিকতাৰে ধন্যবাদ জনাইছো।
*****
VRRK/SH/RD
Addressing the India-ASEAN Summit in Bangkok. Watch. #ASEAN2019 https://t.co/meyETAd067
— Narendra Modi (@narendramodi) November 3, 2019