Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

১৬ ফেব্ৰুৱাৰীত বাৰাণসী ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে


 প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ৰ ১৬ ফেব্ৰুৱাৰীত এদিনীয়া ভ্ৰমণসুচীৰে তেওঁৰ সংসদীয় সমষ্টি বাৰাণসী ভ্ৰমণ কৰিব৷

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে শ্ৰী জগতগুৰু বিশ্বআৰাধ্য গুৰুকুলৰ শতবৰ্ষ উদযাপন অনুষ্ঠানৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷ শ্ৰী মোদীয়ে লগতে ১৯টা ভাষালৈ অনুবাদ কৰা শ্ৰী সিদ্ধান্ত শিক্ষামনী গ্ৰন্থৰ সংস্কৰণো উন্মোচন কৰিব৷

গুৰুকুলৰ মুৰব্বী ড০ চন্দ্ৰশেখৰ শিৱাচাৰ্য মহাস্বামীয়ে জনোৱা মতে প্ৰধানমন্ত্ৰীয়ে গ্ৰন্থখনৰ এটা ম’বাইল এপো মুকলি কৰিব৷

ইয়াৰ পাছতে শ্ৰী নৰেন্দ্ৰ মোদীয়ে দীনদয়াল উপাধ্যায় স্মৃতি কেন্দ্ৰ দেশবাসীৰ নামত উচৰ্গা কৰিব৷ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ৬৩ ফুট উচ্চতাৰ পঞ্চ লোহা প্ৰতিমূৰ্তিও উন্মোচন কৰিব৷ এয়া নেতাগৰাকীৰ দেশৰ ভিতৰতে সৰ্ববৃহৎ প্ৰতিমূৰ্তি৷ বিগত এবছৰে এই প্ৰতিমূৰ্তিটো নিৰ্মাণৰ বাবে ২০০গৰাকী শিল্পীয়ে দিনে-ৰাতিয়ে কাম কৰিছে৷

স্মৃতি কেন্দ্ৰটোত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জীৱন আৰু সময় খোদিত কৰা আছে৷ যোৱা বছৰৰ পৰা ওড়িশাৰ প্ৰায় ৩০গৰাকী খনিকৰ আৰু শিল্পীয়ে এই প্ৰকল্পত কাম কৰিছে৷

ইয়াৰ পাছতে এক ৰাজহুৱা অনুষ্ঠানত প্ৰধানমন্ত্ৰী ৩০টাতকৈ অধিক প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা কৰিব৷ এইবোৰৰ ভিতৰত কাশী হিন্দু বিশ্ববিদ্যালয়(বিএইচইউ)ত ৪৩০খন বিচনাযুক্ত অতিবিশিষ্ট সেৱা চৰকাৰী চিকিৎসালয় আৰু এখন ৭৪খন বিচনাযুক্ত মানসিক চিকিৎসালয় উল্লেখযোগ্য৷ প্ৰধানমন্ত্ৰীয়ে লগতে ভিডিঅ’ কনফাৰেন্সযোগে আইআৰচিটিচিৰ মহাকাল এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব৷ এই ৰে’লে তিনি জ্যোতিৰ্লিংগ তীৰ্থস্থান ক্ৰমে-বাৰাণসী, উজ্জয়নী আৰু ওমকাৰেশ্বৰক সংযোগ কৰিব৷ এইখন দেশৰ ব্যক্তিগত প্ৰথমখন ৰাত্ৰি যাত্ৰাৰ ৰে’ল৷

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পণ্ডিত দীনদয়াল উপাধ্যায় হস্তকলা সংকুলত ‘কাশী এক ৰুপ অনেক’ শীৰ্ষক প্ৰদৰ্শনীও উদ্বোধন কৰিব৷ এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে আমেৰিকা, ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াকে ধৰি বিভিন্ন দেশৰ পৰা অহা ক্ৰেতা আৰু শিল্পীৰ সৈতে মত বিনিময় কৰিব৷ ‘কাশী এক ৰুপ অনেক’ শীৰ্ষক প্ৰদৰ্শনীত উত্তৰপ্ৰদেশৰ শতাধিক শিল্পীয়ে তেওঁলোকৰ উৎপাদিত সামগ্ৰী প্ৰদৰ্শন কৰিব৷ অনুষ্ঠানত শিল্পী আৰু শিপিনীসকলে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ উপযোগীকৈ তেওঁলোকৰ সামগ্ৰীসমূহ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত দক্ষতা বিকাশ কৰিব পাৰিব৷

******

VRRK/VJ/DB