Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

১৮ ডিচেম্বৰ ২০১৮ তাৰিখে প্ৰধানমন্ত্ৰীৰ মহাৰাষ্ট্ৰ ভ্ৰমণ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮ ডিচেম্বৰ ২০১৮ তাৰিখে মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব৷

তেওঁ মুম্বাইত ৰিপাব্লিক টিভিৰ দ্বাৰা আয়োজিত ‘ৰিপাব্লিক’ সন্মিলনত ভাষণ প্ৰদান কৰিব৷

ৰাজভৱনত অনুষ্ঠিত এক সন্মিলনত প্ৰধানমন্ত্ৰীয়ে বিখ্যাত কাৰ্টুনিষ্ট আৰ কে লক্ষ্মণৰ ওপৰত আধাৰিত ‘‘টাইমলেছ লক্ষ্মণ’’ শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰিব৷

প্ৰধানমন্ত্ৰীৰ এই ৰাজ্যিক ভ্ৰমণৰ সময়চোৱাত গৃহ আৰু নগৰ পৰিবহণ সম্পৰ্কীয় বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্প মুকলি কৰা হ’ব৷
কল্যাণ অনুষ্ঠিত হ’বলগীয়া এখন ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে দুটা গুৰুত্বপূৰ্ণ মেট্ৰ’ কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব৷ এই মেট্ৰ’ দুটা হ’ল থানে-ভিৱান্দি-কল্যাণ মেট্ৰ’ আৰু ডাহিছাৰ-মীৰা-ভায়াণ্ডাৰ মেট্ৰ’৷ এই কৰিডৰ দুটা সম্পূৰ্ণ হোৱাৰ পিছত জনসাধাৰণ পৰিবহণৰ ক্ষেত্ৰত উপকৃত হ’ব৷

তেওঁ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৯০,০০০টা ইডব্লিউচি আৰু এলআইজি গৃহ আঁচনি মুকলি কৰিব৷ প্ৰধানমন্ত্ৰীয়ে উপস্থিত জনতাক সম্বোধনো কৰিব৷

ইয়াৰ পিছত প্ৰধানমন্ত্ৰী পুণেলৈ ৰাওনা হ’ব৷ তাত তেওঁ পুণে মেট্ৰ’ পৰ্যায়-৩ৰ আধাৰশিলা স্থাপন কৰিব আৰু উপস্থিত জনতাক সম্বোধি ভাষণ প্ৰদান কৰিব৷

***

AKT/KP/VK/MANN