পি এম ইণ্ডিয়া
প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মেদীৰ পৌৰোহিত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ১.০৭.২০১৭ তাৰিখৰপৰা কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ১ শতাংশ অতিৰিক্ত মাৰগীয় ভাট্টা আৰু পেন্সনাৰ সকললৈ মাৰগীয় সাহাৰ্য প্ৰদানৰ বাবে অনুমোদন জনোৱা হয়।
মূল্যবৃদ্ধিৰ লগত সঙ্গতি ৰাখি ইতিমধ্য পাই অহা ৪ শতাংশ মাৰগীয় ভাট্টা/পেন্সনৰ ওপৰত অতিৰিক্তভাৱে ১ শতাংশ মাৰগীয় ভাট্টা/সাহাৰ্য দিয়াৰ ব্যৱস্থা কৰা হৈছে। সপ্তম দৰমহা আয়োগৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি এই বৃদ্ধি কৰা হৈছে।
মাৰগীয় ভাট্টা আৰু মাৰগীয় পেন্সন মিলাই বছৰত মুঠ ৩০৬৮.২৬ কোটি টকা ৰাজকোষত জমা আছিল আৰু ২০১৭-১৮ বিত্তীয় বৰ্ষত (৮ মাহৰ বাবে জুলাই-২০১৭ ৰ পৰা ফেব্ৰুৱাৰী-২০১৮ লৈ) ২০৪৫.৫০ কোটি টকা আছে।ইয়াৰপৰা ৪৯.২৬ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু ৬১.১৭ লাখ পেন্সনাৰ উপকৃত হ’ব।
******
AKT/VBA/SH/PRK