পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাত্মা জ্যোতিৰাও ফুলেৰ জন্ম বাৰ্ষিকীত সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁক সমতা, ন্যায়, গুণগত শিক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা এগৰাকী দূৰদৰ্শী সমাজ সংস্কাৰক হিচাপে অভিহিত কৰে।
প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে মহাত্মা ফুলেই তেওঁৰ প্ৰচেষ্টাৰ জৰিয়তে শিক্ষা যাতে সবলীকৰণৰ এক শক্তিশালী আহিলা হিচাপে পৰিগণিত হয় সেই কথাৰ প্ৰতি লক্ষ্য ৰাখি মহিলা তথা সমাজৰ প্ৰান্তীয় স্তৰৰ লোকসকলৰ অধিকাৰৰ বাবে নিৰলস প্ৰচেষ্টা চলাইছিল। শ্ৰী মোদীয়ে উল্লেখ কৰে যে চলিত বৰ্ষত মহান সমাজ সংস্কাৰকগৰাকীৰ ২০০ বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ আৰম্ভণি কৰা হৈছে।
এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে মহাত্মা ফুলেই কেনেদৰে বহতৰে বাবে পথ প্ৰদৰ্শক হৈ ৰৈছে আৰু আজিৰ যুগত শিক্ষা, শিক্ষণ তথা সকলোৰে কল্যাণৰ বিষয়ত তেওঁ আৰোপ কৰা গুৰুত্ব কিদৰে প্ৰাসংগিক হৈ আছে, সেই বিষয়ত এটা প্ৰৱন্ধ লিখিছে। শ্ৰী মোদীয়ে লগতে প্ৰাৰ্থনা কৰে যে তেওঁৰ চিন্তাধাৰাই সমাজৰ প্ৰগতিৰ বাবে সকলোকে পথ প্ৰদৰ্শন কৰি যাওক।
এক্সত দিয়া ধাৰাবাহিক পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছে :
“সমতা, ন্যায় আৰু শিক্ষাৰ প্ৰতি নিজৰ জীৱন উৎসৰ্গা কৰা এগৰাকী দূৰদৰ্শী সমাজ সংস্কাৰক মহাত্মা জ্যোতিৰাও ফুলেৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো। তেওঁ মহিলা আৰু সমাজৰ প্ৰান্তীয় স্তৰৰ লোকসকলৰ অধিকাৰৰ সন্দৰ্ভতো অগ্ৰণী ভূমিকা পালন কৰিছিল। তেওঁৰ প্ৰচেষ্টাৰ বলতে শিক্ষা সবলীকৰণৰ এক শক্তিশালী আহিলাত পৰিণত হৈছে। এইবাৰ আমি তেওঁৰ ২০০ বছৰীয়া জন্ম জয়ন্তীৰ আৰম্ভণি অনুষ্ঠান উদযাপন কৰিছো।” তেওঁৰ চিন্তাধাৰাই সমাজৰ প্ৰগতিৰ বাবে সকলোকে পথ প্ৰদৰ্শন কৰি যাওক।”
“যি সময়ত আমি মহাত্মা ফুলেৰ ২০০ বছৰীয়া জন্ম জয়ন্তী উদযাপন কৰিছো, তেওঁ কেনেদৰে বহু লোকৰ বাবে পথ প্ৰদৰ্শক হিচাবে আৰু শিক্ষা, শিক্ষণ তথা সকলোৰে কল্যাণৰ বিষয়ত তেওঁ আৰোপ কৰা গুৰুত্ব কিদৰে প্ৰাসংগিক হৈ আছে সেই বিষয়ত প্ৰৱন্ধ লিখিছো”।
“মহাত্মা ফুলেৰ জন্ম বাৰ্ষিকীৰ দ্বিশতবাৰ্ষিকী বৰ্ষত প্ৰৱেশ কৰাৰ লগে লগে তেওঁ কেনেদৰে বহু লোকৰ বাবে পথ প্ৰদৰ্শক হৈ আহিছে আৰু শিক্ষা, অধ্যয়ন আৰু সকলোৰে কল্যাণৰ বিষয়ত তেওঁৰ গুৰুত্ব আজিৰ যুগতো কেনেদৰে প্ৰাসংগিক হৈ আছে সেই বিষয়ে মোৰ চিন্তাধাৰা প্ৰকাশ কৰিব বিচাৰিছো।”
মহান সমাজ সংস্কাৰক মহাত্মা ফুলেৰ ২০০ সংখ্যক জন্ম জয়ন্তী উদযাপনৰ কাৰ্যসূচী চলি আছে। তেওঁ সমগ্ৰ জীৱন শিক্ষা, জ্ঞান আৰু জনকল্যাণৰ বাবে উৎসৰ্গা কৰিছিল। আজিও তেওঁ কেনেকৈ কোটি কোটি দেশবাসীৰ বাবে প্ৰেৰণা হৈ আছে এই কথা মই এই লেখাটোত উল্লেখ কৰিছো।
On the birth anniversary of Mahatma Jyotirao Phule, paying tributes to a visionary social reformer who dedicated his life to the ideals of equality, justice and education. He was also a pioneer in championing the rights of women and the marginalised. Through his efforts,…
— Narendra Modi (@narendramodi) April 11, 2026
***
MJPS/PRK/DM
On the birth anniversary of Mahatma Jyotirao Phule, paying tributes to a visionary social reformer who dedicated his life to the ideals of equality, justice and education. He was also a pioneer in championing the rights of women and the marginalised. Through his efforts,…
— Narendra Modi (@narendramodi) April 11, 2026
महात्मा ज्योतिराव फुले यांच्या जयंतीदिनी, समता, न्याय आणि शिक्षण या मूल्यांसाठी आपले जीवन समर्पित करणाऱ्या या द्रष्ट्या समाजसुधारकाला अभिवादन करतो. महिला आणि उपेक्षितांच्या हक्कांचा लढा सुरु करणारेही तेच होते. त्यांच्या प्रयत्नांमुळे शिक्षण हे सक्षमीकरणाचे एक शक्तिशाली साधन बनले.…
— Narendra Modi (@narendramodi) April 11, 2026
As we begin the 200th birth anniversary celebrations of Mahatma Phule, penned a few thoughts on how he is a guiding light for several people and how his emphasis on education, learning and welfare of all are relevant in today’s age.https://t.co/Q7cY1mB8k3
— Narendra Modi (@narendramodi) April 11, 2026
आपण महात्मा फुले यांच्या जयंतीच्या द्विशताब्दी वर्षात पाऊल ठेवत असल्याच्या पार्श्वभूमीवर, ते कशा प्रकारे अनेक लोकांसाठी मार्गदर्शक दीपस्तंभ ठरले आहेत तसेच त्यांनी शिक्षण, अध्ययन आणि सर्वांच्या कल्याणावर दिलेला भर आजच्या युगातही कसा समर्पक आहे, याबद्दलचे काही विचार लेखणीतून उतरवले…
— Narendra Modi (@narendramodi) April 11, 2026
महान समाज सुधारक महात्मा फुले की 200वीं जयंती वर्ष के समारोहों का शुभारंभ हो रहा है। उन्होंने अपना पूरा जीवन शिक्षा, ज्ञान और जन कल्याण को समर्पित कर दिया। वे कैसे आज भी करोड़ों देशवासियों के लिए प्रेरणापुंज बने हुए हैं, इसी को लेकर मैंने इस आलेख में अपने विचार रखे हैं।…
— Narendra Modi (@narendramodi) April 11, 2026