পি এম ইণ্ডিয়া
সমবায় আন্দোলনৰ লগত জড়িত দেশৰ বিভিন্ন ঠাইৰ পৰা আহি ইয়াত সমবেত হোৱা প্ৰতিনিধিবৰ্গ, আজি লক্ষ্মণৰাও ইনামদাৰ জীৰ জন্ম-শতবাৰ্ষিকী উদযাপন কৰাৰ লগতে আপোনালোকে সমবায় আন্দোলনৰ লগত জড়িত বিভিন্ন কাৰ্য কলাপ প্ৰত্যক্ষ কৰাৰ আৰু লগতে এই আন্দোলনৰ শক্তি তথা ইয়াৰ যোগেদি সাধাৰণ জনতাৰ সমস্যা সমাধানৰ পথসমূহৰ বিষয়ে আলোচনা কৰিব পাৰিব।
আমাৰ দেশত প্ৰতিটো যুগতে, প্ৰতিটো প্ৰান্ততে বহু মনিষীৰ জন্ম হৈছে যি সমাজলৈ মহান বৰঙণি আগবঢ়াই গৈছে।
বুৰঞ্জীত এনে এক যুগ নাই, যেতিয়া কোনো এজন সামজ হিতৈষী ব্যক্তিৰ জন্ম হোৱা নাই। উকীল চাহাৱ – লক্ষ্মণৰাও ইমানদাৰ তেনে এজন ব্যক্তি। টিভি, বাতৰি কাকতত তেওঁৰ কথা চৰ্চা হোৱা নাছিল, যদিও মানুহে নাজানিছিল, প্ৰথম সমবায় আন্দোলনৰ নীতি প্ৰতিষ্ঠাতা আছিল তেওঁ।এক ত্যাগৰ মূল্যবোধ লৈ তেওঁ কাম কৰি গৈছিল।দেশৰ প্ৰতি সেৱা আগবঢ়াইছিল।
আজি বহুতে হয়তো আচৰিত হ’ব যে নাম নুশুনা মানুহ এজনৰ জন্ম-শতবাৰ্ষিকী উদযাপন কৰা হৈছে।আপোনালোকে তেওঁৰ নাম নুশুনিব পাৰে কিন্তু সেয়াই তেওঁৰ চৰিত্ৰৰ বৈশিষ্ট্য।নিজকে নজহোৱাকৈ তেওঁ মনে মনে কাম কৰি গৈছিল। ভাৰতৰ দৰে এখন দেশৰ বাবে অতিকে প্ৰয়োজনীয় সমবায় সূত্ৰৰে তেওঁ বহু লোকক একেলগ কৰি কাম কৰাৰ সুবিধা কৰিছিল।
তেওঁ নিজৰ জীৱন মানুহৰ, দেশৰ উন্নয়নৰ হকে অৰ্পণ কৰিছিল।মোৰ সৌভাগ্য যে মই মোৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ সময় তেওঁৰ লগত কটোৱাৰ সুযোগ পাইছিলো।তেওঁৰ পৰামৰ্শমতে মোৰ যৌৱনৰ কেইবাবছৰো কটাইছিলো।সেয়ে তেওঁৰ জীৱন আজিও মোৰ বাবে প্ৰেৰণাৰ উৎস হৈ আছে।মই তেওঁৰ জীৱনৰ ওপৰত ২৫-৩০ বছৰৰ আগতে এখন গ্ৰন্থও লিখিছিলো।
যদিও মই তেওঁৰ লগত আছিলো, তেওঁৰ জীৱনটোক সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিলে মই আজিও আচৰিত হওঁ।বহু কথা তেওঁৰ মৃত্যুৰ পিছতহে জনা গ’ল।এক সৰল জীৱন যাপন কৰিও তেওঁ এক মহান উদাহৰণ দি গ’ল।
জন্ম-শতবাৰ্ষিকী উপলক্ষে বহু কাৰ্যসূচী ৰখা হৈছে। সমবায় আন্দোলনে ইযাৰ ফলত নতুন শক্তি লাভ কৰিব।আজি আমি সমবায় আন্দোলনৰ ক্ষেত্ৰত তেওঁৰ বৰঙণিৰ কথাও আলোচনা কৰিম।আপোনালোকে এই ক্ষেত্ৰত ভাৰতৰ বাহিৰতো কেনে পদক্ষেপ লৈ থকা হৈছে সেই সম্পৰ্কেও আলোচনা কৰিব।
আমি কিদৰে কৃষিক্ষেত্ৰক সমবায় আন্দোলনৰ জৰিয়তে আগবঢ়াই নিব পাৰো?কিদৰে ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰিব পাৰো?কৃষিক্ষেত্ৰৰ উন্নয়নৰ বাবে আমি বাহিৰৰ পৰা কেনেধৰণৰ ব্যৱস্থা আমদানি কৰিব পাৰো যিয়ে আমাক আধুনিক ভাৰত গঢ়াত সহায় কৰিব?চহৰসমূহৰ উন্নয়ন কৰি গাওঁসমূহক পিছপৰি থাকিবলৈ দিয়া সম্ভৱ নহয়।উন্নয়নৰ বাবে সমান সুযোগ সুবিধাৰ প্ৰয়োজন আছে।তাৰবাবে সকলোৱে একেলগ হৈ কাম কৰিব লাগিব।সময়ৰ লগে লগে উন্নয়নৰ ন ন পথৰ উদ্ভাৱন হৈছে।
সমবায় আন্দোলনৰ লগত জড়িত প্ৰতিজন ব্যক্তিয়ে এই কথাষাৰৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। এই কথা বুজি পালে সমবায়ৰ আন্তঃগাঁথনি উন্নত হ’ব।এয়া সংবিধানৰ অধীনৰ এক আইনী ব্যৱস্থা যি কিছুমান নিয়মৰ আধাৰত সৃষ্টি কৰা হৈছিল।
ভাৰতৰ দৰে এখন বিশাল দেশত ব্যৱস্থাৰ প্ৰয়োজন আছে। কিন্তু সমবায়ত তেনেদৰে কাম নহয়। ই এক উৎসাহ, এক ব্যৱস্থা নহয়। আৰু এই উৎসাহ অক্ষুন্ন ৰাখিবৰ বাবে মূল্যবোধৰ প্ৰয়োজন। ইমানদাৰ জীয়ে সেয়ে বাৰে বাৰে কৈ গৈছে মূল্যবোধৰ অবিহনে সমবায় সম্ভৱ নহয়।
আজি কেতিয়াবা অনুভৱ হয় যেন সমবায় ব্যৱস্থাৰ পৰা আগৰ সেই উৎসাহ লোপ পাইছে। আমি উকীল চাহাৱৰ কথা পুনৰ স্মৰণ কৰাৰ সময় আহি পৰিছে।সমবায় ব্যৱস্থাৰ আগৰ সেই উৎসাহ ঘূৰাই অনাৰ সময় আহি পৰিছে।সেই উৎসাহে সমবায় ব্যৱস্থাক শক্তিশালী কৰিব।ব্যৱস্থাত যদি কিবা কেৰোণ আছে, আমি তাক শুধৰাব লাগিব।
আমাৰ দেশত গাঁওসমূহেই সমবায় ব্যৱস্থাৰ ভিত্তি।কিন্তু একেই নিয়মৰ ভিত্তিত চহৰ অঞ্চলত সমবায় ব্যৱস্থা গঢ় লৈ উঠিলে আমি তাক বাধা দিব নোৱাৰো।এনে বহু ব্যৱস্থা চহৰ অঞ্চলত গা কৰি উঠিছে। কিন্তু এতিয়াও গাঁৱৰ সমবায় ব্যৱস্থাৰ এক নিজা চিনাকি আছে।
কৃষকসকলেও মানি লৈছে যে সমবায় ব্যৱস্থাৰ লগত জড়িতসকলে তেওঁলোকৰ উন্নয়নৰ বাবে কাম কৰি আছে।সেয়ে মানুহে আজিকালি এই বিষয়ত আলোচনা কৰিবলৈ লৈছে।মোৰ মনত এটা সৰু কথা খেলাইছে যিটো আজি মই আপোনালোকক ক’ব খুজিছো।আশাকৰো আপোনালোকে সেই বিষয়ে চিন্তা কৰিব।
ভাৰতীয় কৃষকৰ বহুত সমস্যা আছে, কৃষকে খুচুৰা দৰত সামগ্ৰী কিনে আৰু পাইকাৰী দৰত বিক্ৰী কৰে।এই ব্যৱস্থা ওলোটা কৰিব নোৱাৰিনে? তেওঁলোকে পাইকাৰী দৰত কিনি খুচুৰা দৰত সামগ্ৰী বিক্ৰী কৰাৰ ব্যৱস্থা কৰিব নোৱাৰিনে? কেনেও তেওঁলোকক তেতিয়া শোষণ কৰিব নোৱাৰিব। কোনো মধ্যভূগীয়ে সুবিধা ল’ব নোৱাৰিব। দুগ্ধক্ষেত্ৰত সেয়া ইতিমধ্যে সম্ভৱ হৈছে।আগতে দুগ্ধ উৎপাদনকাৰীয়ে মাত্ৰ ১০ ঘৰত গাখীৰ বেচিছিল, আজি সি সংগ্ৰহ কেন্দ্ৰলৈ যায়।
ইয়াৰপৰা দুগ্ধ উৎপাদনকাৰীসকল লাভান্বিত হৈছে।কম কষ্টত অধিক গ্ৰাহক তেওঁলোকে লাভ কৰিছে।আয় বৃদ্ধি পাইছে।সমবায় ব্যৱস্থাৰ তেওঁ অংশীদাৰ হৈছে।পৰম্পৰাগতভাৱে সমবায় ব্যৱস্থাই আন্দোলনৰ ৰূপ লৈছে।আগতেই পাঁচটা সমবায় ব্যৱস্থা আছিলেই, আমি আৰু এটা গঢ় দিব নোৱাৰোনে? সমবায় ব্যৱস্থাক আমি নতুন ৰূপত গঢ়িব পাৰো। কেৱল দুগ্ধৰ ক্ষেত্ৰতেই নহয়, বিভিন্ন ক্ষেত্ৰত আমি সমবায় আন্দোলন গঢ় দিব পাৰো।এই ক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰিৱেশ এটাৰ সৃষ্টি কৰিব পাৰো, যি অনাগত প্ৰজন্মক অধিক শক্তিশালী কৰি তুলিব।
আমি নতুন প্ৰজন্মক সমবায় আন্দোলনৰ প্ৰতি আগ্ৰহী কৰি তুলিব নোৱাৰোনে? তেওঁলোকৰ মাজত সমবায় আন্দোলনৰ উৎসাহ বিয়পাই দি গ্ৰাম্য দীৱনক অধিক উচ্ছল কৰি তোলাৰ চেষ্টা আমি কৰিব পাৰো। সমবায় আন্দোলনে সমগ্ৰ দেশৰ ভৱিষ্যত সলনি কৰিব পাৰে।
ই কোনো ৰপ্তানিকৃত চিন্তাধাৰা নহয়, ই আমাৰ দেশৰ মাটিৰদ্বাৰা সৃষ্ট, দেশৰ মাটিৰ লগত জীণ যাব পৰা এক চিন্তাধাৰা। ই ভাৰতত অতি সহজে বিকাশ লাভ কৰিব পৰা এক চিন্তাধাৰা।আমি আন সকলো ব্যৱস্থা আনৰপৰা ধাৰ কৰো, তাক গ্ৰহণ কৰো, বিদেশী চিন্তাধাৰাত আমাৰ বাবে বহু সীমাৱদ্ধতাও থাকে। কিন্তু সমবায় ব্যৱস্থা আমাৰ সম্পূৰ্ণ নিজৰ, আমি তাক লগে ভাগে আঁকোৱালি ল’ব লাগে।
উদাহৰণস্বৰূপে, আজি আমি নিমৰ প্ৰলেপ দিয়া ইউৰিয়া ব্যৱহাৰ কৰো।কৃষকসকল ইয়াৰদ্বাৰা লাভান্বিত হয়। কিন্তু তাৰবাবে নিমৰ তেল আমি কাৰখানাৰপৰা সংগ্ৰহ কৰিব লাগে।কিন্তু গাঁৱৰ মহিলাসকলে যদি সেই নিমৰ তেল প্ৰস্তুত কৰিব পাৰে, তেন্তে এক নতুন উদ্যোগৰ সৃষ্টিৰ সম্ভাৱনীয়তা তাত সম্পূৰ্ণই আছে।
দুগ্ধ উদ্যোগৰ লগত জড়িত মোৰ বন্ধুসকলক মই কৈ থাকো যে তেওঁলোকে কৃষকসকলক পশুপালনৰ বাবেও উৎসাহ যোগাওক।আমি মৌ পালনৰ ক্ষেত্ৰতো আন্দোলনৰ সূচনা কৰিব লাগে।সমবায় ব্যৱস্থাৰ যোগেদি এই মৌ পালন আৰম্ভ কৰিব পাৰি। মৌ পালন দুগ্ধ উদ্যোগৰ লগতে কৰিব পৰা এটা কাম।যিবিলাক সংগ্ৰহকাৰী গোটে গাখীৰ সংগ্ৰহ কৰে, একে কেইটা গোটেই মৌ সংগ্ৰহ কৰিও বিক্ৰীৰ ব্যৱস্থা কৰিব পাৰে। ৰসায়নিক মমৰ দাম যদি ১০০ টকা প্ৰতি কিলো হয়, তেন্তে মৌ বিচনীৰ পৰা তৈয়াৰী মমৰ দাম ৪০০-৫০০ টকা প্ৰতি কিলো হ’ব। তাৰ চাহিদাও অতি বেছি।তেনেদৰে ভাৰতত মছলাৰ ভাণ্ডাৰ পৰি আছে।এই সকলোবোৰৰ উৎপাদন আগবঢ়াই নিয়াৰ প্ৰয়োজন আছে আৰু সমবায় ব্যৱস্থাই এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে।
সমূদ্ৰতীৰত বাস কৰা আমাৰ ভাই-ভনীসকলে বতৰৰ কাৰণে বছৰটোৰ প্ৰায় পাঁচমাহ সকলো কাম সামৰি থ’ব লগাত পৰে। বৰষুণৰ বতৰত মাছলৈ যোৱাটো বিপদজনক।কিন্তু প্ৰচুৰ ঔষধি গুণ থকা সাগৰীয় গছ-বনৰ খেতি কৰাটো এতিয়াও আমাৰ দেশত জনপ্ৰিয় হৈ উঠা নাই। সাগৰীয় গছ-বনৰ খেতি কৰাটো সম্ভৱ নহ’লেও তাক সংগ্ৰহ কৰি প্ৰক্ৰিয়াকৰণ কৰি তাৰ যোগান দিয়াটো নিশ্চয় অসম্ভৱ নহ’ব। এই কথাবোৰ নতুনকৈ ভাৱি চাব পাৰি।ইয়াৰ পৰা এখন বিশাল বজাৰ সৃষ্টিৰ সম্ভাৱনা নোহোৱা নহয়।এনে সৰু সৰু কামেৰে আমাৰ অৰ্থনীতিলৈ ডাঙৰ পৰিৱৰ্তন আনিব পাৰি।
মই আজি ইয়াত উপস্থিত থকা সমবায় আন্দোলনৰ লগত জড়িত মোৰ বন্ধুসকলক তেওঁলোকৰ কাম কাজৰ বিষয়ে অধিক প্ৰকাশ তথা প্ৰচাৰ কৰিবলৈ আহ্বান জনাইছো যাতে গৰিষ্ঠ সংখ্যক লোকে এই বিষয়ে জানিবলৈ পায়।সাধাৰণ মানুহে তেওঁলোকৰ স্বাৰ্থ সুৰক্ষিত ৰাখি কিদৰে লাভান্বিত হ’ব পাৰে। উকীল চাহাৱে সমবায় আন্দোলনৰ লগত মূল্যবোধ জড়িত হৈ থকাৰ কথা কৈ গৈছে। সাধাৰণ মানুহৰ আশা-আকাংক্ষা, মূল্যবোধক সুৰক্ষিত ৰাখি তেওঁলোকক সঠিকভাৱে প্ৰগতিৰ পথেৰে আগুৱাই নিবলৈ সমবায় আন্দোলনৰ প্ৰয়োজন নিশ্চয় আছে।
সেই আশাৰে উকীল চাহাৱৰ পবিত্ৰ স্মৃতিৰে মই আপোনালোক সকলোলৈকে শুভকামনা জ্ঞাপন কৰিলো। ধন্যবাদ।
******
AKT/AK/KT/RSB/AK/PRK
Cooperative movements are not only about systems. There is a spirit that brings people together to do something good: PM @narendramodi
— PMO India (@PMOIndia) September 21, 2017
There are several sectors where the cooperative sector can help make a positive difference: PM @narendramodi
— PMO India (@PMOIndia) September 21, 2017
It is natural for the cooperative sector to grow and shine in India: PM @narendramodi
— PMO India (@PMOIndia) September 21, 2017